অৰ্থনীতি বিজ্ঞানঃ প্ৰথম অধ্যায়ঃ

মুদ্ৰা আৰু বেংক ব্যৱস্থা

    👉MCQ Online Exam
    👉Text Book PDF
    👉Short Question Answer
    👉All Question Paper 2010-2020
    👉MCQs Answer
    👉Paid Answer   (Buy Now)

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) বিনিময় প্ৰথা কি?

উত্তৰঃ- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা।


২) মুদ্ৰা কি?

উত্তৰঃ- বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে সম্পদ।


৩) মুদ্ৰাৰ এটা মূখ্য় কাৰ্য উল্লেখ কৰা।

উত্তৰঃ- মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়।


৪) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ- চেক মুদ্ৰা।


৫) প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি?

উত্তৰঃ- পূৰ্বতে ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল।এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি) বা পৰিবৰ্তনীয় কাগজী মুদ্ৰা বোলা হয়।


৬) বেংক কি?

উত্তৰঃ- বেংক এটা অৰ্থনৈতিক প্ৰতিষ্ঠান। যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়ৰ পৰা সঞ্চয় সংগ্ৰহ কৰে সংগৃহীত সঞ্চয় ঋণ লওঁতা সকললৈ আগবঢ়ায়।


৭) ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?

উত্তৰঃ- ১৯৩৫ চনত।


৮) চলিত আমানত কি?

উত্তৰঃ- এক সঞ্চয় ব্যৱস্থা। য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে।

 
চমু উত্তৰৰ প্ৰশ্নঃ

১) সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?

উত্তৰঃ- অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয়।উদাহৰণস্বৰূপে ‘ক’ আৰু ‘খ’ দুজন ব্যক্তি। ‘ক’ এ আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে; ‘খ’ এ ধান উৎপাদন কৰে আৰু আলু বিচাৰিছে। এই ক্ষেত্ৰত ‘ক’ আৰু ‘খ’ ৰ মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে।যদি অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহ'ব।উদাহৰণস্বৰূপে ‘খ’ দাইল বিচাৰিছে তেতিয়া ‘ক’ ৰ লগত তেওঁৰ বিনিময় নহ'ব।


২) মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?

উত্তৰঃ- মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। সেয়ে মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিব পাৰি।


৩) মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?

উত্তৰঃ- মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে সাধাৰণ গ্ৰহণযোগ্যতা। বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে। ই সকলোৰে মাজত পৰিচিত আৰু সকলোৱে তাৰ ব্যৱহাৰ জানে।


৪) মুদ্ৰাৰ তাৰল্য গুণ কি?

উত্তৰঃ-যিকোনো মুদ্ৰা সম-মূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়, ইয়ে মুদ্ৰাৰ তাৰল্য গুণ।


৫) "মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী" 一 ব্য়াখ্যা কৰা।

উত্তৰঃ- আমাৰ চাৰিওফালে দুই প্ৰকাৰৰ সামগ্ৰী উপলব্ধ হৈ থাকে। এবিধ মুক্ত আৰু আনবিধ আৰ্থিক সামগ্ৰী। মুক্ত সামগ্ৰীবোৰ হৈছে ৰ’দৰ পোহৰ, পানী, বতাহ। যিবোৰৰ বাবে আমি কোনো মূল্য পৰিশোধ কৰিব নালাগে। আনহাতে, আৰ্থিক সামগ্ৰীসমূহৰ মূল্য আছে। যিবোৰ বজাৰত বেচা-কিনা হয়। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। সেয়ে মুদ্ৰাক সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী  বোলে।


৬) সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?

উত্তৰঃ- সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল ―

        যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰা হৈছে সসীম বিহিত মুদ্ৰা। এই মুদ্ৰা নাথাকিলে লেনদেনত অসুবিধা হয়। যেনে - কোনো এজন ব্যক্তিয়ে এডৰা ভূমি ক্ৰয় কৰিছে। ভূমিডৰাৰ মূল্য ১০ লাখ টকা। ভূমি ক্ৰয় কৰোঁতাজনে ১০ লাখ টকা কম মূল্যৰ মুদ্ৰা ৰূপত আদায় দিলে, বিক্ৰী কৰোঁতাজনৰ অসুবিধা হব। গতিকে কম মূল্যৰ কাগজী বা ধাতুৰ মুদ্ৰা এই ক্ষেত্ৰত সীমিত বা সসীম বিহিত মুদ্ৰা হ'ব। 

        আনহাতে, অধিক মূল্যৰ মুদ্ৰা হ'ব  অসীম বিহিত মুদ্ৰা। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি।


৭) আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?

উত্তৰঃ- আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে 一

Ø বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুত দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে।
Ø গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা।


৮) অনা-বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ?

উত্তৰঃ-

বেংক প্ৰতিষ্ঠান

অনা-বেংক প্ৰতিষ্ঠান

চেকৰ ব্যৱহাৰ হয় 

চেকৰ ব্যৱহাৰ নহয় 

বীমা আঁচনি থাকে 

বীমা আঁচনি নাথাকে 

সঞ্চয়ৰ নিৰাপত্তা থাকে 

সঞ্চয়ৰ নিৰাপত্তা নাথাকে 

 

দীঘল উত্তৰৰ প্ৰশ্নঃ

১) বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্য়াখ্যা কৰা।

উত্তৰঃ- বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা তলত উল্লেখ কৰা হ'ল 一

(ক) সংগতিহীন অভাৱঃ- অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয়ǀ উদাহৰণস্বৰূপে ‘ক’ আৰু ‘খ’ দুজন ব্যক্তি। ‘ক’ ই আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে; ‘খ’ ই ধান উৎপাদন কৰে আৰু আলু বিচাৰিছে। এই ক্ষেত্ৰত ‘ক’ আৰু ‘খ’ ৰ মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে।যদি অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহ'ব।উদাহৰণস্বৰূপে ‘খ’ দাইল বিচাৰিছে তেতিয়া ‘ক’ ৰ লগত তেওঁৰ বিনিময় নহ'ব।

(খ) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱঃ- বিনিময় প্ৰথাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। যেনে – ১ টা আমৰ সমান ৩ টা বগৰী। কিন্তু আমৰ এই বিনিময় হাৰ কেৱল এটাই যে এটাই হ'ব তাৰো নিশ্চয়তা নাথাকে। বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ থাকিব লাগিব। বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলোবোৰ বিনিময়ৰ হাৰ মনত ৰাখিব লাগিব। সেইয়া অসম্ভৱ কথা।

(গ) বিভাজনীয়তাৰ অভাৱঃ- কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে।যেনে - এজন মানুহৰ এজনী ছাগলী আছে আৰু তেওঁক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। তেনে অৱস্থাত ছাগলীজনী সৰু সৰু অংশত ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহয়।

(ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱঃ- বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লগা হৈছিল। সামগ্ৰীবোৰ বেছি দিন সাঁচি ৰাখিব নোৱাৰি, নষ্ট হৈ যায়।


২) মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্য়াখ্য়া কৰা।

উত্তৰঃ- মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য হৈছে 一


১) মুদ্ৰাৰ সাধাৰণ গ্ৰহণ যোগ্যতা থাকিব লাগে নহ'লে ই বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে।

২) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। আন সকলো সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্ৰী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।

৩) মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছি দিন নিটিকে।

৪) মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলিব লাগিব।


৩) মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা।

 উত্তৰঃ- মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে 一


(ক) বিনিময়ৰ মাধ্যমঃ- বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। ধান উৎপাদন কৰা ব্যক্তি এজনে বজাৰত ধান বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে।

(খ) সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকঠীঃ- মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী। কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।

(গ) স্থগিত দেনা-পাওনাৰ মানদণ্ডঃ- কিছুমান সামগ্ৰী বেচা-কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয়। ঋণৰ ক্ষেত্ৰত ঋণ লওঁতাই ঋণ পৰিশোধ কৰোঁতে সময় লয়। এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালিন নহয়, প্ৰক্ৰিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনাৰ মান মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।

(ঘ) মূল্যৰ ভাণ্ডাৰঃ- মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ, মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিব পাৰি।


৪) চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।

উত্তৰঃ- চেক এখন মুদ্ৰা হ'ব নোৱাৰে। ই এটা আদেশ হে। চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। উদাহৰণস্বৰূপে, ব্যক্তি এজনে দোকানৰ পৰা এবস্তা চাউল কিনিছে। এতিয়া মূল্য বা দাম পৰিশোধ কৰাৰ ক্ষেত্ৰত তেওঁ যদি দোকানীজনলৈ মূল্যটো লিখি এখন চেক দোকানীজনলৈ আগবঢ়ায় দিয়ে তেন্তে সেই চেকখন দোকানীজনে গ্ৰহণ নকৰিবও পাৰে।চেকখনক সাধাৰণতে নিকট মুদ্ৰা অৰ্থাৎ, ধনাদেশ বুলিব পাৰি। সেইখন বেংকত দিয়াৰ পিছতহে ধন হাতলৈ আহে।


৫) মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্য়াখ্যা কৰা।

উত্তৰঃ- মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে 一

(ক) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে সমস্যাৰ সৃষ্টি হয়। মূদ্ৰাৰ মূল্য অৱিৰতভাৱে কমি গ'লে মানুহৰ অসুবিধা হয়। কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ, অধিক ব্যয় কৰিবলগীয়া হয়।

(খ) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হ'ব পাৰে। ইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাব পাৰে।

(গ) মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে। মুদ্ৰাক লৈ সমাজত দুৰ্নীতি, অনিয়ম, অবিচাৰৰ সৃষ্টি হ'ব পাৰে।

(ঘ) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ। ব্যক্তি বা প্ৰতিষ্ঠানে লুকাই চোৰকৈ অনিয়মত টকা-পইচা বা ধন-সম্পত্তি জমা কৰাই ক’লা মুদ্ৰা।



৬) কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা।

উত্তৰঃ- কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য হ’ল 一

 (i) কাগজী মুদ্ৰা ছপা কৰাঃ- কেন্দ্ৰীয় বেংকৰ বাদে আন কোনো বেংকৰ কাগজী মুদ্ৰা ছপা কৰাৰ কতৃত্ব নাই। কেন্দ্ৰীয় বেংকে দেশৰ প্ৰয়োজন অনুসৰি কাগজী মুদ্ৰা ছপা কৰে।

 
(ii) আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰাঃ- কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে। এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণ দান ক্ষমতাৰ ওপৰত আমানত বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে।কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে।

 
(iii) বেংক সমূহৰ বেংকঃ- কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ হিচাপ-নিকাচসমূহ পৰীক্ষা কৰে। কেন্দ্ৰীয় বেংক অন্য বেংকবোৰৰ বাবে বিপদৰ বন্ধু। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল।

 (iv) চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতাঃ- বাজেটত ঘাটিয়ে দেখা দিলে তাক দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহাৰ্য্য় লয়। কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহাৰ্য্য় আগবঢ়ায়। ই চৰকাৰৰ পৰামৰ্শদাতাও। চৰকাৰৰ আয়, নীতি, ৰাজহ নীতি, বাণিজ্য নীতিৰ বিষয়ে কেন্দ্ৰীয় বেংকে পৰামৰ্শ আগবঢ়ায়।চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয়-ব্যয়ৰ হিচাপ ৰাখে।


৭) বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা। 

উত্তৰঃ- (ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। এই সঞ্চয় তিনি প্ৰকাৰৰ।

(i) চলিত আমানত, (ii) স্থিৰ আমানত, (iii) সঞ্চয় আমানত।

   চলিত আমানত হ'ল এনে এক সঞ্চয় ব্যৱস্থা, য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। 

   স্থিৰ আমানত হ'ল এনে এক সঞ্চয় ব্যৱস্থা, য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় উলিয়াই আনিবলৈ হ'লে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিব। সঞ্চয় আমানত হ'ল এনে এক সঞ্চয় ব্যৱস্থা, য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে সঞ্চয়ৰ এটা অংশ নিজৰ ইচ্ছানুযায়ী উলিয়াই আনিব পাৰে আৰু আনটো অংশ উলিয়াবলৈ হ'লে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিব।

   (খ) বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ ঠেলাচালক, ৰিক্সাচালক আদিকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে এই বেংকৰ পৰা ঋণ লাভ কৰে।



৮) তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্য়াখ্যা কৰা।

(ক) আই ডি বি আই

(খ) আঞ্চলিক গ্ৰাম্য বেংক

(গ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামেন্নয়ন বেংক

(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক

উত্তৰঃ- (ক) আই ডি বি আইঃ- আই ডি বি আই বা ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহাৰ্য্য় আগবঢ়ায়।

(ii) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকটোৱে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহাৰ্য্য় আগবঢ়ায়।বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগ সমূহলৈ ঋণ আগবঢ়ায়। যেনে 一 বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহাৰ্য্য় আগবঢ়ায়।এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহাৰ্য্য় আগবঢ়ায়।

(iii) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ উদ্যোগসমূহলৈ ৰেহাই সুদৰ হাত ঋণ আগবঢ়ায়।

(iv) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।

(খ) আঞ্চলিক গ্ৰাম্য বেংকঃ- আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে ―

(i) বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে।

(ii) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা।

 
(গ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামেন্নয়ন বেংকঃ- ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামেন্নয়ন বেংক বা নাবাৰ্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হৈছে ㅡ

(i) গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড।

(ii) ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ বাবে নাবাৰ্ডে ব্যৱস্থা লয়।

(iii) সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সম্বন্বয় ৰক্ষা কৰে।



(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকঃ- ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যসমূহ হৈছে 一

(i) ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।

(ii) ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা দিয়া।

(iii) অৰ্ধ নগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধ নগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিঃগমন ৰোধ কৰা।

(iv) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংক সমূহলৈ অৰ্থ-সাহাৰ্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ সাহাৰ্য আগবঢ়োৱা।


Additional and Questions Bank Q. Answer


১.মুদ্ৰাৰ দুটা কুফল হৈছে ?

উত্তৰঃ-মুদ্ৰাৰ দুটা কুফল হৈছে:

1. মুদ্ৰাৰ মূল্য হ্ৰাস (মুদ্রাস্ফীতি)

2. চুৰি আৰু নকলৰ সমস্যাবলী


২.পণ্য বিনিময় প্রথা কি? পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ-পণ্য বিনিময় প্রথা হৈছে এক ব্যৱস্থা য'ত লোকৰ মাজত পণ্যৰ বিনিময় কৰা হয়, অৰ্থাৎ, এটা বস্তুৰ বাবে অন্য এটা বস্তু প্ৰদান কৰা হয়।

পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা হৈছে:

দৰশ্যৰ অভাৱ: পণ্যৰ মূল্যৰ ওপৰত সমঝতা কৰা কঠিন।
দৰদাতাৰ অভাৱ: যেতিয়া আপোনাৰ পৰা যি বস্তু বিচাৰিছে, সেই বস্তুৰ কোনো দৰদাতা নাথাকিব পাৰে।

৩. আঞ্চলিক গ্রাম্য বেংকৰ দুটা মূল কাৰ্য লিখা।[HSLC'17]


উত্তৰঃ-আঞ্চলিক গ্রাম্য বেংকৰ দুটা মূল কাৰ্য হ'ল:

কৃষকৰ বাবে ঋণ প্ৰদান: কৃষকৰ উৎপাদন খৰচ পূৰণৰ বাবে ঋণ আগবঢ়োৱা।
আর্থিক সহায়: গ্ৰাম্য উন্নয়ন আৰু কৃষি সম্পর্কিত প্ৰকল্পসমূহৰ বাবে আর্থিক সহায় প্ৰদান কৰা।


৪. বিনিময় প্রথাৰ দুটা অসুবিধা লিখা। [HSLC '17]

উত্তৰঃ-বিনিময় প্ৰথাৰ দুটা অসুবিধা হ'ল:

সম্পত্তিৰ মূল্য নিৰ্ধাৰণৰ অসুবিধা: পৃথক পৃথক বস্তুৰ মূল্যৰ তুলনা কৰা কঠিন হয়।
সঞ্চয়ৰ অভাৱ: বিনিময় প্ৰথাত মুদ্ৰা নাই, সেয়ে সঞ্চয় কৰাটো সম্ভৱ নহয়।



৫.মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা।


উত্তৰঃ-মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা হ'ল:

মুদ্ৰাৰ মূল্য হ্ৰাস: মুদ্ৰাৰ মূল্যসমূহ সময়ৰ সৈতে হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত লোকসান হ'ব পাৰে।
মুদ্ৰা জালিয়াতি: মুদ্ৰাৰ জালিয়াতি বা নকল মুদ্ৰা ব্যৱহাৰৰ ঘটনাবোৰ অতিক্ৰম কৰিব পৰা কঠিন হয়, যাৰ ফলত অৰ্থব্যবস্থাত অস্থিতিশীলতা সৃষ্টি হয়।


৬.কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবার্ড) সম্পাদন কৰা দুটা মূল কাৰ্য লিখা।

উত্তৰঃ- কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবার্ড) সম্পাদন কৰা দুটা মূল কাৰ্য হ'ল:

কৃষি আৰু গ্ৰাম্য উন্নয়ন প্ৰকল্পৰ অৰ্থায়ন: নাবার্ড কৃষি আৰু গ্ৰাম্য উন্নয়ন সন্দৰ্ভত বিভিন্ন প্ৰকল্পৰ বাবে ঋণ আৰু অৰ্থায়ন যোগান দিয়ে।

গ্ৰাম্য উন্নয়ন কাৰ্যসূচী আৰু উদ্ভাৱনী উদ্যোগৰ সমৰ্থন: নাবার্ড গ্ৰাম্য অঞ্চলে উদ্ভাৱনী উদ্যোগসমূহ আৰু উন্নয়নকাৰী কাৰ্যসূচীসমূহৰ প্ৰবৃদ্ধি আৰু বাস্তৱায়ন কৰাত সহায় কৰে।



. বিনিময় প্রথাৰ অসুবিধাসমূহ কি কি? [HSLC '18]


উত্তৰঃবিনিময় প্রথাৰ অসুবিধাসমূহ হ'ল:

দ্বিপদী দামৰ সমস্যাঃ পণ্যসমূহৰ পৰস্পৰ বিনিময়ৰ সময়ত দামৰ পৰিমাণ ঠিক কৰা কঠিন, কাৰণ প্ৰতিটি সামগ্ৰীৰ নিজৰ মূল্য নিৰ্ধাৰণ কৰা আৱশ্যক হয়।

পণ্যৰ দুটাত মিলন সাপেক্ষতাঃ বিনিময়ৰ বাবে একেই সময়তে দুটা পক্ষৰ বাবে প্ৰয়োজনীয় পণ্যৰ সমান্তৰাল উপস্থিতি নিশ্চয়তা থাকে, যাক "ডবল কোইনডেঞ্জ" বুলি কোৱা হয়।

সামগ্ৰীৰ নিৰ্দিষ্টতা আৰু খণ্ডিততাৰ সমস্যা: পণ্যসমূহৰ ধৰণ আৰু পৰিমাণৰ মাজত ভিন্নতা থাকিব পাৰে, যাৰ বাবে বিনিময় কঠিন হৈ পড়ে।

দীর্ঘকালীন চুক্তিৰ অভাৱ: বিনিময় প্ৰথাত দীৰ্ঘকালীন বাণিজ্যিক সম্পর্ক স্থাপন কৰাৰ সুযোগ কম থাকে।

মুদ্ৰা আৰু বিনিময়ৰ অভাৱ: মুদ্ৰা নথকাৰ কাৰণে বিনিময়ৰ ব্যৱস্থা অসুবিধাজনক হৈ পৰে।


৮.ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা।।[HSLC'19]


উত্তৰঃ ভাৰতীয় ৰিজার্ভ বেংকৰ (RBI) প্ৰধান কাৰ্যসমূহ হ'ল:

মুদ্ৰানীতি নিৰ্ধাৰণ: RBI ভাৰতৰ মুদ্ৰা বিতৰণ আৰু মুদ্ৰা সংৰক্ষণৰ বাবে নীতি নিৰ্ধাৰণ কৰে, যাৰ মাধ্যমে দেশৰ আৰ্থিক স্থিতিশীলতা ৰক্ষা কৰা হয়।

বেংকিং ব্যৱস্থাৰ নিয়ন্ত্রণ: RBI দেশে থকা বেংকৰ কাৰ্য আৰু সঞ্চালন নিয়ন্ত্ৰণ কৰে, যাতে বেংকসমূহৰ স্বচ্ছতা আৰু সুৰক্ষা নিশ্চিত হয়।

বিপৰ্যয়ৰ প্ৰতিবিধান: RBI দেশৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ বিপৰ্যয়ৰ সময়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে।

বিদেশী মুদ্ৰা আৰু চাহিদা: RBI বিদেশী বিনিয়োগ আৰু মুদ্ৰা সঞ্চয়ৰ বাবে নিয়মাৱলী স্থাপন কৰে, যাতে বিদেশী মুদ্ৰাৰ সঠিক ব্যৱস্থাপনা হয়।

মুদ্ৰা উত্পাদন আৰু বিতৰণ: RBI নতুন মুদ্ৰা উৎপাদন আৰু বিতৰণৰ কাৰ্য কৰে, যাৰ মাধ্যমে ভাৰতৰ মুদ্ৰা ব্যৱস্থাপনা নিশ্চিত হয়।







Spelling checked by 一 Sri Mampi Kakati 


Check by - Mukesh Borah