Class 4 Assamese  
  অংকুৰণ  
  চতুৰ্থ শ্ৰেণীৰ অংকুৰণ কিতাপ খনৰ প্ৰশ্ন আৰু উত্তৰ  

পাঠ - ৬

 দীঘল ঠেঙীয়া 




উত্তৰ লিখা।

(ক) যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল ?
উত্তৰঃ-  এই কথাষাৰ গৰু চুৰে ভাবিছিল।


(খ) এইটো বৰ কাটন গৰু,ইয়াকে নিব লাগিল’ —এইদৰে কোনে ভাবিছিল?
উত্তৰঃ- এইবুলি গৰু চুৰে ভাবিছিল।


(গ) ‘এ প্রভু, দীঘল - ঠেঙীয়াই নেপায় যেন। এই কথাষাৰ কোনে কৈছিল? 
উত্তৰঃ- এই কথাষাৰ বুঢ়ীয়ে  কৈছিল।


(ঘ) “ আমাকো পেঁপা - কঢ়াই পালে। —কোনে, কেতিয়া কৈছিল? 
উত্তৰঃ- এই কথাষাৰ বাঘবোৰে  ভাবিছিল। যেতিয়া সিঁহত আটাইবোৰ মাটিত ঠলঠলকৈ বাগৰি পৰিছিল।


‘ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নােৱাৰিম ।'প্রকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা।
উত্তৰঃ- প্ৰকৃততে গৰু চুৰে বাঘৰ পিঠিত উঠিবলৈ বিচাৰিছিল।


বাঘটোৱে  চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভাবিছিল। দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল? 
উত্তৰঃ-  (ক) দীঘল -ঠেঙীয়া 
               (খ) পেপাঁ-কঢ়া 
               (গ) ঘাৰ-মোকোটা


 
উত্তৰ দিয়া। 

(ক) বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল?
উত্তৰঃ-  বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি বৰষুণক বুজাইছিল।


(খ) বাঘবােৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ- বাঘবােৰে  ইটোৰ পিঠিত আনটো উঠি চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল।


(গ) চোৰটোৱে অৱশেষত কেনেকৈ বাঘবােৰৰ হাতৰ পৰা ৰক্ষা পালে?
উত্তৰঃ- চোৰটোৱে অৱশেষত এটা বুদ্ধি পাঙিলে । চোৰে একেবাৰে তলত থকা নেগুৰখঁৰা বাঘটোক গলগলীয়া মাতেৰে মাত লগালে , খঁৰা,  চাবি, চাবি, চাবি। খঁৰা বাঘে ভাবিলে, আকৌ পেঁপা কঢ়াই আনবোৰক এৰি মোকহে ধৰে নেকি?  ইয়াকে ভাবি সি সুৰ্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰাৰ বাবে তাৰ পিঠিত উঠি থকা আটাইবোৰ বাঘ ঠল ঠলকৈ মাটিত পৰিলে। সিহঁতেও আমাকো পেঁপা-কঢ়াই পালে বুলি ভাবি বৰকৈ ভয় খাই তৰা-নৰা ছিঙি ল'ৰি হাবিলৈ পলাই গ'ল।  এইদৰে চোৰটোৱে বাঘবোৰৰ পৰা ৰক্ষা পালে।


(ঘ) চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত ল'লে?
উত্তৰঃ- চোৰটোৱে ঘৰলৈ আহি আৰু চোৰ নকৰো বুলি শপত ললে ।


তলৰ শব্দসমূহৰ লগত অর্থৰ মিল থকা শব্দ বাকচৰ পৰা লৈ খালী ঘৰত লিখো আহা

উত্তৰঃ-
চাং - বাহঁৰ বিছনা।

চেঙা - তজবজীয়া 

ততমত -  চেতনা 
       
ৰাঁ - নেজখৰাঁ 

অসহনীয়  - সহিবনোৱাৰা 

গভীৰ - বহুতললৈ, বিস্তৃত 

কাটন  - চোকা 

গলধন - ডিঙিৰ পাছফালে।



যুক্তাক্ষৰ গঠন কৰা।

জ্ৰ     জ +ৰ = জ্ৰ 

ন্ধ      ন   + ধ = ন্ধ 

শ্চ     শ   + চ = শ্চ 

ণ্ড      ণ    +  ড = ণ্ড  ।   



বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

দীঘল - চুটি 

আন্ধাৰ - পোহৰ 

পুৰণি   - নতুন 

অসহায় - সহায় 

বলী  - দুৰ্বল 

ৰাতি - দিন 

গভীৰ  - অগভীৰ 


বাক্য় ৰচনা কৰা।


(ক) চেঙা (গাত হাত দিবলৈ নিদিয়া অস্থিৰ তজবজীয়া জন্তু)- হৰি কাইৰ গৰুটো বৰ চেঙা গৰু।

(খ) চেঙা (তপত, যেনে-চেঙা তেল)- কেঁচুৱাটোৰ চৰ্দি লাগিছে, তাক অলপ চেঙা তেল দি মালিচ কৰি দিয়া।

(গ) চেঙা (এবিধ মাছ)- চেঙা মাছটো পুৰি খাবলৈ বুলি থৈ দিছো।

(ঘ) চেঙালুটি (চেঙা মাছৰ দৰে কৰা লুটিয়া-লুটি, বেদনাত কৰা ধৰফৰ)- ৰীতাৰ ভৰিখন কটা যোৱাত তাই চেঙালুটি মাৰিছে।

(ঙ) চেঙা-হিলৈ (আহোম ৰজাৰ দিনৰ এবিধ বন্দুক- আহোমৰ সেনাসকল চেঙা-হিলৈ মৰাত পাকৈত আছিল।