Class 4 Assamese
অংকুৰণ
চতুৰ্থ শ্ৰেণীৰ অংকুৰণ কিতাপ খনৰ প্ৰশ্ন আৰু উত্তৰ


পাঠ -৭
 ৰাতিপুৱা 



পদ্যটো আবৃত্তি কৰোঁ আহা উত্তৰ দিয়া। 


(ক) পদ্যটোত সােণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?
উত্তৰঃ- পদ্যটোত সােণফেৰিক টুপনিৰ পৰা উঠিবলৈ কোৱা হৈছে।

(খ) ৰীণা , মীনা , বীণা সকলােৱে শুই উঠি কি কৰিছে ?
উত্তৰঃ- ৰীণা , মীনা , বীণা সকলােৱে শুই উঠি  কিতাপ পঢ়িছে ।

(গ) পুৱাৰ বেলি ওলােৱা দিশটো কি ?
উত্তৰঃ- পুৱাৰ বেলি ওলােৱা দিশটো  হল - পূৱ।

(ঘ) পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?
উত্তৰঃ- পুৱাৰ লগে লগে ডালে ডালে  চৰায়ে গীত গায়।

(ঙ) ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে ? 
উত্তৰঃ- ফুলে ফুলে উৰি মৌমাখিয়ে মৌ পাণ কৰে।

(চ) কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? 
উত্তৰঃ-  কবিয়ে মন থিৰ কৰি পঢ়িবলৈ কৈছে ।

পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়?
উত্তৰঃ- 
               ক) পূব আকাশত ৰঙা বেলি উলায়।

               খ) গছে গছে  চৰাই  গান গায়।

               গ) মৌমাখিবোৰে ফুলে ফুলে মৌ পান কৰে। 

               ঘ) পুথি মেলি লই সকলোৱে নিজৰ নিজৰ কিতাপ পঢ়ে।

               ঙ) গছে গছে ফুল ফুলে।

বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোফাঁলৰ শব্দৰ লগত মিলাই লিখা।

শব্দ                             অৰ্থ 

গিৰিসাই          -        বেগাই , শীঘ্ৰে  , গিৰিসকৰে  

ঘপৰাই            -        ততালিকে , বেগেতে , ঘপককৰে।

এতেপৰ           -        ইমান সময় , অত পৰে   

উলাহত            -        আনন্দত  

কিছুপৰ         -           অলপ সময়

ছেও ধৰি       -           গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি।


পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা।

উত্তৰঃ- একবচন   -     বেলি  , আকাশ , সোণফেৰি   

             বহুবচন     -     মৌমাখিবিলাক , কতনো ফুল , সকলোৱে।


উদাহৰণ পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা।

ক) প্ৰতিটো ডালতে - ডালে ডালে  -  ডালে ডালে চৰাইবোৰে গান গাই আছে।

খ) প্ৰতিটো দিনতে - দিনে দিনে  - দিনে - দিনে পৰিস্থিতি সলনি গৈ আছে।

গ) প্ৰতিটো ঘৰতে  - ঘৰে ঘৰে   - ৰাতিপুৱা সকলোৱে নিজৰ নিজৰ ঘৰে ঘৰে পঢ়ে।

ঘ) প্ৰতিটো পাততে - পাতে পাতে - পোকটো পাতে পাতে বগাই আছে।

ঙ) প্ৰতিটো মাহতে - মাহে মাহে -  মাহে মাহে চাৰে আমাৰ পৰীক্ষা লয়।

চ) প্ৰতিটো বছৰতে  - বছৰে বছৰে - বছৰে বছৰে আমাৰ গাৱঁখনৰ উন্নতি হৈছে।


ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা।

উত্তৰঃ- ক) কিতাপ - পত্ৰ 

              খ) কাম -বন 

              গ) হিচাপ - নিকাচ 

              ঘ) বজাৰ -সমাৰ 

             ঙ) ঘৰ   -   দুৱাৰ 


তলৰ  শব্দবোৰ তেনেদৰে লিখোঁ আহা  -

উত্তৰঃ- মউ - মৌ 
     
              গই   -  গৈ 

              মুখলই  - মুখলৈ 

              সউ    - সৌ 

              ঢউ     -   ঢৌ 

             কেনেকই - কেনেকৈ।


বাক্য ৰচনা কৰা।

উত্তৰঃ- পুথিঃ- নাম- ঘৰত সন্ধিয়া সদাই পুথি পঢ়ে।
       
              মন থিৰঃ- আমি সদাই মন থিৰ কৰি পঢ়িৱ লাগে।

              ৰঙা বেলিঃ- ৰাতিপুৱা সদাই ৰঙা বেলি দেখা যায়।


পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিওৱা
উত্তৰঃ এলাহ, ৰঙা, গোন্ধ, বলিয়া, তুমি, 

নোহোৱা অৰ্থ প্ৰকাশ কৰা বাক্য়বোৰ হোৱা অৰ্থত সজাই লিখা।

(ক) চৰাই বোৰে বিধে বিধে গান নাগায়।
উত্তৰঃ চৰাই বোৰে বিধে বিধে গান গায়।

(খ) ল'ৰা -ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নকৰে।
উত্তৰঃ  ল'ৰা- ছোৱালিয়ে মন থিৰকৈ নিজৰ পাঠ কৰে।

(গ) ফুলে ফুলে মৌ-মখিয়ে মৌ পান নকৰে।
উত্তৰঃ ফুলে ফুলে মৌ-মখিয়ে মৌ পান  কৰে।



Last Update By Dipawali Bora (05.05.2022)

Post Id: DABP001100