পাঠ - ৫
    পানী    



উত্তৰ দিয়াঃ

নৈ-বিল , জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে ?
উত্তৰঃ নৈ-বিল , জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী বায়ুৰ লগত, জীৱৰ দেহত আৰু মাটিৰ তলত থাকে।


উত্তৰ দিয়াঃ

ক) আমি পানী ক'ত ক'ত পাওঁ।
উত্তৰঃ- আমি পানী নৈ - বিল , জান- জুৰি, নলী - নাদ , কুঁৱা , পুখুৰী আদিৰ পৰা পাওঁ।

খ) পানীৰ বিভিন্ন ৰূপসমূহ লিখা।
উত্তৰঃ- জুলীয়া , গোটা আৰু গেছীয়।

গ) পানী উতলিলে কেনে শব্দ হয়।
উত্তৰঃ- বক্ - বক্ শব্দ হয়।

ঘ) পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়।
উত্তৰঃ- কুলু -কুলুকৈ শব্দ হয়।

'মই য'তেই থাকো তাৰেই আকাৰ লওঁ।' --- পাঠটোত পানীয়ে কি কি আকাৰ লোৱা কথা কৈছে ?
উত্তৰঃ পাঠটোত পানীয়ে প্ৰকাণ্ড আৰু ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লয় বুলি কৈছে। কেতিয়াবা আকৌ ক্ষুদ্ৰ ছিদ্ৰৰ সুৰুঙাৰ আকৃতি লয়। জাৰত গোট মাৰে , তাপ পালে ভাপ হয়।


তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰা।

শব্দ                       অৰ্থ 

আকাৰ        -         গঢ় 

সূক্ষ্ম           -         অতি সৰু

ছিদ্ৰ            -          বিন্ধা 

অবিৰাম      -         নেৰা - নেপেৰা 

সুৰুঙা        -          জলঙা 

ধৰা            -          পৃথিৱী 



উত্তৰ দিয়া।

ক) পানী ভাপ হৈ ক'লৈ যায় ।
উত্তৰঃ- পানী ভাপ হৈ আকাশলৈ যায় ।

খ) পানী বৰষুণ হৈ কলৈ নামি আহে ।
উত্তৰঃ- পানী বৰষুণ হৈ  ধৰালৈ নামি আহে।


যুক্তাক্ষৰ গঠন কৰা।

ক্ষ + ম = ক্ষ্ম  - সুক্ষ্ম, যক্ষ্মা

ঙ   + গ  = ঙ্গ  - গঙ্গা, তৰঙ্গ



বাক্য ৰচনা কৰা।


অবিৰাম -  এই কেইদিন আমাৰ গাঁৱত অবিৰাম বৰষুণ হৈ আছে।

জান - জুৰি  - বৰষুণ হলে জান - জুৰিসমূহ পানীৰে ভৰি উঠে।

কুলু -কুলু - পাহাৰৰ পৰা পানী বাগৰি আহিলে  কুলু -কুলু  শব্দ হয়।

সুৰুঙা - বৰষুণৰ বাবে ৰাম হতৰ ঘৰত সুৰুঙা দি পানী সুমাই আহিল।

ছিদ্ৰ - খৰাহিটোত থকা ছিদ্ৰবোৰেৰে পানী নিগৰি গৈছে।


কাষৰ ডুলিৰ পৰা শব্দ আনি মিলাই লিখা।

ক) দুৱাৰ /খিৰিকি বতাহত বন্ধ হ'লে  - মেৰ্ মেৰ্।

খ) বতাহত বাহে বাহে ঘঁহনি খালে - কেৰ্ কেৰ্ 

গ) বেল বাজিলে - টং টং 

ঘ) পানী উতলিলে - বক্ বক্ 

ঙ) জেঠীয়ে মাতিলে - টিক্ টিক্।


'ভাপ হৈ আকাশলৈ উঁৰো, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূঁৰো।
উত্তৰঃ পানী নৈ, বিল, জান-জুৰি আদি সকলোতে পোৱা যায়। সূৰ্যৰ তাপত পানী ভাপ হৈ আকাশলৈ উৰি যায়। ভাপ খিনি আকাশত গৈ মেঘৰ সৃষ্টি হয় আৰু তাৰ পিছত বৰষুণ আকাৰে পুনৰ ধৰালে ঘূৰি আহে।

* কি কি কামত পানীৰ প্ৰয়োজন হয় তাৰ এখন তালিকা কৰা।
উত্তৰঃ ১) পানী আমি খাঁও।
            ২) পানী খাদ্য় বনোৱা কামত ব্য়ৱহাৰ হয়।
            ৩) কাপোৰ ধোৱা কামত ব্য়ৱহাৰ হয়।
            ৪) গছ-গছনি আদিকো পানী লাগে।
            ৫)গা- ধোৱা কামত ব্য়ৱহাৰ হয়।


*কেতিয়াবা যদি পানী নোহোৱা হয় নাইবা পৃথিৱীখন পানীৰে বুৰাই থয়, তেতিয়া কি কি সমস্য়া হ'ব পাৰে তলত দিয়া তালিকাত নথিভুক্ত কৰা।

যদি পানী নোহোৱা হয়
১) খাবলৈ পানী নোহোৱা হ'ব।
২) গছ -গছনি শুকাই যাব।
৩) পানীত থকা জীৱ বোৰ পানীৰ অভাৱত মৰি যাব।
৪) পৃথিৱী খন ধূলিৰে আৱৰি ধৰিব।
৫) মৰুভূমিৰ সূষ্টি হব।


যদি পৃথিৱীখন পানীৰে বুৰাই থয়

১) গছ-গছনি বোৰ মৰি যাব।
২) খাদ্য়ৰ অভাব হব।
৩) খেতি-বাতি নষ্ট হব।
৪) জীৱ-জন্তু বোৰ মৃত্য়ুৰ মূখত পৰিব।
৫) জলচৰ প্ৰাণীবাৰে সকলোতে বিচৰণ কৰিব পাৰিব।
 



Last Update By Dipawali Bora (05.05.2022)

Post Id: DABP001097