পাঠ - ৯
অসমৰ কাহঁ শিল্প
👉Text Book PDF
👉YouTube Video (New)
👉MCQ Online Exam (New)
👉MCQs Answer
কোৱা আৰু লিখা।
(ক) অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল?
উত্তৰঃ- অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল।
(খ) অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক’ত?
উত্তৰঃ- অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত আছিল।
(গ) সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত?
উত্তৰঃ- সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত।
(ঘ) পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়?
উত্তৰঃ- পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক বানকাঁহী বুলি কয়।
(ঘ) হাতী - খুজীয়া বাটি কি?
উত্তৰঃ- হাতী- খুজীয়া বাটি হৈছে এটা ডাঙৰ আৰু বহল বাটি য'ত জলপান খায়।
(ঙ) কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়?
উত্তৰঃ- তাম আৰু ৰাং মিহলাই কাঁহ তৈয়াৰ কৰা হয়।
(চ) কাঁহেৰে গঢ়া কেইবিধমান বাচন - বৰ্তনৰ নাম লিখা।
উত্তৰঃ- কাঁহেৰে গঢ়া কেইবিধমান বাচন - বৰ্তনৰ নাম হ'ল - বানকাঁহী, বানবাটি ,বানচামুচ , বানবটা আদি।
(ছ) কঁহাৰশাল মানে কি?
উত্তৰঃ- যত কাহঁৰ বস্তু গঢ় দিয়া হয় তাক কঁহাৰশাল বোলে।
(জ) কঁহাৰশালত ব্যৱহাৰ হােৱা সঁজুলি কেইবিধমানৰ নাম লিখা।
উত্তৰঃ- কঁহাৰশালত ব্যৱহাৰ হােৱা সঁজুলি কেইবিধমানৰ নাম হল - নিয়াৰি , চেপেনা , হাতুৰী , কুন্দা ,মহী , ভাতী আদি।
তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুৱা ।
উত্তৰঃ- কিন্তু - ন্তু = ন + ত + উ
সুন্দৰ - ন্দ = ন + দ
বস্তু - স্তু = স + ত + উ
শিল্প - ল্প = ল + প
স্থায়ী - স্থ = স + থ
আম্লান - ম্ল = ম + ল
সূত্ৰ - ত্ৰ = ত + ৰ
সন্ধিয়া - ন্ধ = ন + ধ
আঞ্জা - ঞ্জ = ঞ + জ
ধ্ৱনি - ধ্ৱ = ধ + ব
বাঁওফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে । বিচাৰি উলিয়াই কাঁড় চিনেৰে মিলােৱা ।
কাঁহৰ বাচন গঢ়া স্থান - কঁহাৰশাল
লােৰ সঁজুলি গঢ়া স্থান - কমাৰশাল
কাপােৰ বােৱা যতন - তাঁতশাল
ঢেঁকী ৰখা ঘৰ - ঢেঁকী - শাল
সদায় জুই ধৰা ঠাই - জুইশাল (জুহাল)
সৰিয়হ পেৰা যতন - তেলী - শাল
বাক্য় ৰচনা কৰাঃ
খা- খবৰঃ তই চোন মোক খা-খবৰ লোৱাই নাই।
খা-খবৰ কৰঃ ৰামৰ দেউতাক ঢুকাইছে, এটা খা-খবৰ কৰ।
খা-খবৰ লঃ পৰীক্ষা কেতিয়া হ'ব, খা-খবৰ ল।
খা-খবৰ ৰাখঃ ঘৰত পাচলি নাই, খা-খবৰ ৰাখিছনে নাই।
হাত-মুখ ঃ আহাৰ খোৱাৰ আগত হাত-মুখ ধুব লাগে।
হাত-মুখ ধোঃ হাত মুখ ধুই আহি গোসাঁই ঘৰত সোমাম।
টকা-পইচাঃ দুখীয়াৰ টকা-পইচা নাথাকিলেও মৰম চেনেহ থাকে।
ধন-সোণঃ ধন-সোণ সা-সম্পত্তি একেবাৰে ক্ষণস্থায়ী।
কাষৰ বাকচৰ পৰা ক্ৰিয়া পদ আনি তলৰ বাক্যকেইটা পূৰ কৰা
উত্তৰঃ-
মই ভাত খাওঁ।
ৰীণা সদায় স্কুললৈ যায়।
আমটো মিঠা নহয়।
মইনাই ভালকৈ নাচে।
ৰহিমৰ দাদাক ডিব্ৰগড়ত থাকে।
আমাৰ এখন খেলপথাৰ আছে।
তলৰ বাক্য় কেইটাৰ ক্ৰিয়া পদত আঁচ টানা
*অম্লান আৰু অনন্য়া পেহীয়কৰ ঘৰলৈ আহিছে।
*ফৰিংখুটা জোনাকত আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে।
*অম্লান আৰু অনন্য়া পেহাকৰ লগত আগ চোতালত বহিল।
*এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে।
*অম্লানহঁতক পেহাকে কঁহাৰশললৈ লৈ গ'ল।
Answered by - Hiru Moni Bora
Last Update by Dipawali Bora (05.05.2022)
Post Id: DABP001105