বৰদৈচিলা
উত্তৰ দিয়া ।
(ক)
• বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে ?
উত্তৰঃ- বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্ৱামীয়ে ৰচনা কৰিছিল।
• চ'তৰ বিহুত হিল - দল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে?
উত্তৰঃ- চ'তৰ বিহুত হিল - দল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ ঢাপলি মেলিছে।
• বৰদৈচিলাৰ লগৰীয়া কোন?
উত্তৰঃ- বৰদৈচিলাৰ লগৰীয়া যত বা-মাৰলি।
• মাকে বৰদৈচিলাক কি দিব?
উত্তৰঃ- মাকে বৰদৈচিলাক মাধৈ ফুল দিব।
পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?
উত্তৰঃ- পদ্যটোৰ শেষত বৰদৈচিলাক লাহে - ধীৰে যাবলৈ কাবৌ কৰিছে।
(খ)
• বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয় ?
উত্তৰঃ- বৰদৈচিলা আহিলে আমাৰ সকলোৰে ঘৰ - দুৱাৰ , হিল - দল, গছ - গছনি আদি ভাঙে আৰু উৰুৱাই নিয়ে । যাৰফলত বহুত ক্ষতি হয়।
• বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে?
উত্তৰঃ- বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে চোতালত বৰপীৰা কাকৈ - ফণি আদি থোৱাৰ কথা কৈছে।
শব্দৰ লগত অর্থ মিলােৱো -
উত্তৰঃ- বৰদৈচিলা - ব'হাগ বিহুৰ আগে - পাছে হােৱা ডাঙৰ ধুমুহা
ঢাপলি - চেঁকুৰি যােৱা কার্য
কাঁকৈ - চুলিৰ জট ভঙা দীঘলীয়া ফণি
ৰাজবাট - ৰাজ - আলি , অহা - যােৱা কৰা ৰাস্তা
লৰ - বেগাই যােৱা কার্য
কেৰু - কাণত পিন্ধা এবিধ অলংকাৰ
পীৰা - খুৰা থকা কাঠৰ আসন
বৰদৈচিলাক মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা।
উত্তৰঃ-
মাকে - মাধৈ ফুল।
বাপেকে - খাৰু
ককায়েকে - কাপোৰ কানি।
ভায়েকে - কেৰু।
কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা।
উত্তৰঃ- (ক) চুলি আঁচুৰিবলৈ কাকৈঁ ব্যৱহাৰ কৰা হয়।
(খ) বহাগ বিহুৰ আগে - পাছে বৰদৈচিলা আহে।
(গ) কেৰু এবিধ কাণত পিন্ধা অলংকাৰ।
(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে।
(ঙ) জহকালি শীতল পাটীত শুলে গা - মন জুৰ পৰে।
*মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি । কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে ?
উত্তৰঃ কবিয়ে বৰদৈচিলাক কাকৈ-ফণিৰে মূৰ আঁচুৰি যাবলৈ কৈছে।
বিপৰীতাৰ্থক শব্দ লিখা।
উত্তৰঃ-
(ক) বেগাই - লেহেম
(খ) উষ্ণ - শীতল
(গ) উঠিবলৈ - বহিবলৈ
(ঘ) ইয়াত - তাত
তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।
উত্তৰঃ-
বৰদৈচিলা - বহাগ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়।
হিল - দল ভাঙি - বৰদৈচিলাই মাকৰ ঘৰলৈ যাওতে হিল - দল ভাঙি নিয়ে।
শীতল পাটি - গৰম দিনত শীতল পাটিত শুই ভাল লাগে।
ঢাপলি মেলা - ৰহিমে ৰামৰ ঘৰলৈ যাবৰ বাবে ঢাপলি মেলিছে।
মূৰৰ চুলি মেলাই - বৰদৈচিলাক কবিয়ে মাকৰ ঘৰলৈ যাওঁতে মূৰৰ চুলি মেলাই যাবলৈ কৈছে ।
তলৰ দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা।
পুংলিংগ স্ত্ৰীলিংগ
বাপেক - মাক
ককায়েক - বায়েক
ভায়েক - ভনীয়েক
পেহাক - পেহীয়েক
শহুৰেক - শাহুৱেক
স্ত্ৰীলিংগ পুংলিংগ
মাকে - বাপেকে
বায়েকে - ককায়েকে
ভনীয়েকে - ভায়েকে
পেহীয়েকে - পেহাকে
শাহুৱেকে - শহুৰেকে
*বৰদৈচিলা বাপেকে খাৰু ভায়েকে কেৰু দিছে । ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা-গাঁঠৰি আছে লিখা।
উত্তৰঃ অসমৰ বহুতো গহনা-গাঁঠৰি আছে তাৰ ভিতৰত হ'ল- জোনবিৰি, থুৰিয়া, দুগদুগি, ঢোলবিৰি ইত্য়াদি।
Last Update by Dipawali Bora (05.05.2022)
Post Id: DABP001116