পাঠ - ৪
বীৰাংগনা মূলাগাভৰু
👉Download Book PDF
👉Chapter 8 YouTube Video (New)
👉Chapter 8 Online Exam (New)
👉Chapter 8 MCQs Answer
(ক)
• মূলাগাভৰু কোন আছিল ?
উত্তৰঃ- ফ্ৰাচেংমাং বৰগোঁহাইৰ পত্নি আছিল।
• তেওঁৰ স্বামীৰ নাম কি ?
উত্তৰঃ- ফ্ৰাচেংমুং বৰগোঁহাই আছিল।
• স্বামীৰ মৃত্যুত বিচলিত নহৈ তেওঁ কি প্রতিজ্ঞা কৰিছিল ?
উত্তৰঃ- পতিহন্তা শত্ৰুৰ বিৰুদ্ধে যুজঁ দিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞা লৈছিল।
• কাৰ অস্ত্রাঘাতত মূলাগাভৰুৰ মৃত্যু হৈছিল ?
উত্তৰঃ- তুৰ্বকৰ অস্ত্রাঘাতত মূলাগাভৰুৰ মৃত্যু হৈছিল।
(খ)
• তুর্বক কোন আছিল ?
উত্তৰঃ- তুর্বক আছিল মুছলমান সকলৰ প্ৰধান সেনাপতি।
• তেওঁ অসমলৈ কিয় আহিছিল ?
উত্তৰঃ- অসম আক্ৰমণ কৰিবলৈ আহিছিল ।
• যুদ্ধক্ষেত্ৰত কি দেখি তুর্কবাহিনী বিস্মিত হৈছিল?
উত্তৰঃ- মূলাগাভৰুৰ সাহস আৰু বীৰত্ৱ দেখি।
• কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল ?
উত্তৰঃ- কলিয়াবৰৰ ৰণত তুৰ্বক আহোমসেনাৰ হাতত পৰাস্ত হৈছিল।
(গ)
• কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ- আহোমসকল আৰু মুছলমানসকলৰ মাজত ৰণ হৈছিল।
• কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় ?
উত্তৰঃ- কপিলী - গঙ্গা ৰণ নামেৰে জনা যায়।
(ঘ)
• কৱচ - কাপােৰ কি ?
উত্তৰঃ- ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি, পাজিঁ কাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা কাপোৰক কৱচ-কাপোৰ বোলে।
• ইয়াক কেনেকৈ তৈয়াৰ কৰা হয় ?
উত্তৰঃ- কপাহ নেওঠি , পাজিঁ কাটি , সূতা কাটি তৈয়াৰ কৰা হয়।
• মূলাগাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল?
উত্তৰঃ- ৰাতিটোৰ ভিতৰতে কৱচ-কাপোৰ বৈ দিব নোৱাৰাৰ বাবে তেওঁৰ স্বামীয়ে মৃত্যুবৰণ কৰা বুলি ভাবিছিল।
(ঙ)
• কোনজন আহােম ৰজাৰ দিনত তুর্বকে অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ- আহোম ৰজা স্ৱৰ্গদেউ চুহুংমুং বা স্ৱৰ্গ নাৰায়ণৰ ৰাজত্ৱ কালত তুর্বকে অসম আক্ৰমণ কৰিছিল ।
• সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায়?
উত্তৰঃ- স্ৱৰ্গ নাৰায়ণ নামেৰে জনা যায়।
• তুর্বকৰ হাতত আঠজন প্রধান যােদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল ?
উত্তৰঃ- ফ্ৰাচেংমুং বৰগোঁহাইক প্ৰধান যােদ্ধা পাতি ৰণলৈ পঠিয়াইছিল।
• পাঠটোত মূলাগাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে ?
উত্তৰঃ- ঋান্সী ৰাণী লক্ষ্মীবাই , চুলতানা ৰেজিয়াৰ নাম আছে ।
কোনে কেতিয়া আৰু কিয় কৈছিল কোৱা।
(ক) মই আৰু পলম কৰিব নোৱাৰোঁ। ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে। কৱচ - কাপোৰ নোহোৱাকৈয়ে মই তুৰ্বকক ঘটুৱাব পাৰিম।
উত্তৰঃ এই কথাষাৰ ফ্ৰাচেংমুং বৰগোহাঁয়ে পত্নী মূলাগাভৰুক কৈছিল।
স্বৰ্গদেউৰ আদেশ মানি যুঁজলৈ যাব সাজু হৈ ফ্ৰাচেংমুং বৰগোহাঁয়ে পত্নী মূলাগাভৰুক কৱচ-কপোৰ বিছাৰিলে ।মূলাগাভৰুৱে বিশেষ লেঠাত কৱচ-কাপোৰ বৈ দিব নোৱাৰিলে ।সেইবাবে তেওঁক ৰণলৈ যাবলৈ বাধা দিলে। তোতিয়া বৰগোহাঁয়ে উক্ত কথাষাৰ মূলাগাভৰুক কৈছিল।
(খ) ৰাতিটোৰ ভিতৰতে কৱচ-কাপােৰ বৈ-কাটি দিব নােৱৰাৰ বাবেহে মােৰ বঙহৰদেউৰ এনে দশা হ’ল।
উত্তৰঃ এই কথাষাৰ মূলাগাভৰুৱে কৈছিল।
তুৰ্বকৰ লগত প্ৰাণটাকি যুঁজিও বৰগোহাঁই জিকিব নোৱাৰিলে ।অৱশেষত তেওঁ মৃত্য়ুক আকোঁৱালি ল'লে । বৰগোঁহাই মৃত্য়ুৰ বাতৰি গড়গাঁও পালেগৈ ।মূলাগাভৰু শোকত ভাগি পৰিল ।তেতিয়া তেওঁ উক্ত কথাষাৰ ভাবিছিল।
এতিয়া তলৰ শব্দকেইটিৰ সমাৰ্থক শব্দ লিখোঁ আহা -
উত্তৰঃ-
বঙহৰদেউ - স্বামী
পত্নী - অৰ্ধাঙ্গিনী
ৰণ - যুদ্ধ
শোক - দুখ
নদী - নৈ
বাক্য ৰচনা কৰা।
উত্তৰঃ-
থৈয়া - নথৈয়া - মহাভাৰতৰ ৰণ থৈয়া - নথৈয়া হৈছিল।
প্ৰাণটাকি - আমি কিবা কাম কৰিলে সেইকামতো প্ৰাণটাকি কৰিব লাগে।
দৃঢ়প্ৰতিজ্ঞা - আমি কিবা কাম বাৰে - বাৰে কৰি থাকিলে সেই কাম নোৱাৰিলে দৃঢ়প্ৰতিজ্ঞা লৈ কাম কৰিব লাগে।
মহীয়ান - মূলাগাভৰু নিচিনা মহীয়ান নাৰী শ্ৰদ্ধাৰে সোৱঁৰিব লাগে।
তুমুল - ভূমিকম্প আহিলে তুমুল বিতৰ্কৰ সৃষ্টি হয়।
চিৰস্মৰণীয় - মূলাগাভৰুৱে নিজৰ স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি মৰিও অমৰ হৈ সকলোৰে বাবে চিৰস্মৰণীয় হৈ থাকিল।
ভেটা - ভেটি - মূলাগাভৰু আৰু তুৰ্বকৰ মাজত ভেটা - ভেটি হোৱাত দুয়োৰে মাজত তুমুল যুদ্ধ হয়।
Answered by - Hiru Moni Bora
Last Update by Dipawali Bora (05.05.2022)
Post Id: DABP001170
1 Comments