Chapter 14 -

নদী -দ্বীপে ৰিঙিয়ায়

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(ক) "ছাব, ইমান ডাঙৰ সেইটো কি চৰাই?"-কথাষাৰ কোনে সুধিছিল?
(ক) ৰাচিংজাই 
(খ) চাংপিয়ে 
(গ) মিবলঙে 
(ঘ) উর্মিয়ে

উত্তৰ: (খ) চাংপিয়ে

(খ) পানীৰ লহৰত ৰঙীন মুকুতা-মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল?
(ক) ব্রহ্মপুত্র নৈখন বিশাল হোৱাৰ বাবে 
(খ) ফেৰীখন নৈৰ পাৰে পাৰে গৈ থকাৰ বাবে 
(গ) অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে 
(ঘ) কহুঁৱা ফুলবোৰ বতাহত হালি-জালি থকাৰ বাবে

উত্তৰ: (গ) অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰ: অস্তগামী বেলিৰ পোহৰে পানীত পৰাৰ ফলত পানীৰ ঢৌৱে ৰঙীন জিলিকনি সৃষ্টি কৰে। পাঠত স্পষ্টকৈ উল্লেখ আছে যে, বেলি অস্ত গৈ আছিল আৰু সেই সময়ত পানীত ৰঙীন পোহৰ পৰিছিল। সেইবাবে উত্তৰ  (গ) সঠিক।

৩। 'নদী-দ্বীপে বিডিয়ায়' পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ আগত বর্ণনা কৰা।
উত্তৰ: পাঠ অনুসৰি, যোৰহাটৰ বিদ্যালয় এখনৰ ছাত্র-ছাত্ৰীবোৰ শিক্ষক উর্মী দেৱীৰ নেতৃত্বত মাজুলীলৈ শিক্ষা ভ্ৰমণত যায়। যাত্ৰাৰ সময়ত তেওঁলোকে ব্ৰহ্মপুত্ৰ নৈ, নদীৰ প্ৰাকৃতিক সৌন্দৰ্য্য, মাজুলীৰ সংস্কৃতি, নাট-ভাওনা, মুখা-শিল্প, বিশ্ববিদ্যালয়, আৰু মাজুলীৰ প্ৰাকৃতিক সমস্যা আদি দেখি অভিভূত হয়।

৪। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা-

অপৰূপ: অতি মনোহৰ বা অদ্ভুতভাৱে শোভাময়

পৰিভ্ৰমী: ভ্ৰমণ কৰা (বহিৰাগত)

দলিচা: বগা ধুনীয়া কাপোৰেৰে সাজি দিয়া সজ্জা

থৌকিবাথৌ: হঠাৎ কিবা এটা দেখা বা অনুভৱ হোৱাৰ অভিব্যক্তি

অভিভূত: গভীৰভাৱে প্ৰভাৱিত হোৱা

হুমুনিয়াহ: দুঃখ বা আবেগৰ বাবে দিয়া গভীৰ নিশ্বাস

৫। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা-
(ক) ছাত্র-ছাত্রীসকল মাজুলী ভ্রমণলৈ কাৰ নেতৃত্বত গৈছিল? 

উত্তৰ:  ছাত্র-ছাত্রীসকল মাজুলী ভ্রমণলৈ উর্মী দেৱীৰ নেতৃত্বত গৈছিল।

(খ) মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰপৰা যাত্রা কৰিছিল?
উত্তৰ: মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰ পৰা যাত্রা কৰিছিল।

(গ) ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰপৰা ৰিণিকি ৰিণিকি কিহৰ সুৰ ভাঁহি আহিছিল 
উত্তৰ: ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰপৰা ৰিণিকি ৰিণিকি মোৰাং বাজনাৰ সুৰ ভাঁহি আহিছিল।

(ঘ) মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল?
উত্তৰ: মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য তেওঁলোকে কমলাবাৰী ঘাটেৰে যাওঁতে দেখা পাইছিল।

(ঙ) মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি? 
উত্তৰ: মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম মাজুলী সংস্কৃতি বিশ্ববিদ্যালয়।

৬। কোনে, কেতিয়া আৰু কিয় কৈছিল লিখা-
(ক) উক্তিকাৰ: উর্মী দেৱী
কেতিয়া: মাজুলী ভ্ৰমণৰ সময়ত ফেৰীৰে যাবলৈ যাওঁতে
কিয়: মাজুলী অঞ্চলৰ প্ৰাকৃতিক চৰাই সম্পদৰ বিষয়ে ছাত্র-ছাত্রীক অৱগত কৰাবলৈ

(খ) উক্তিকাৰ: গাইড জনে
কেতিয়া: ছাত্ৰ-ছাত্ৰীসকলক মুখা-কলা সম্পৰ্কে বুজাই থাকোঁতে
কিয়: মাজুলীৰ মুখা-শিল্প আৰু নাট-ভাওনাৰ বাস্তৱতা ব্যাখ্যা কৰিবলৈ

৭। বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰ: মাজুলীখন ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত এগৰাকী নদী-দ্বীপ। এই দ্বীপখন বছৰি বানপানীৰ জোখত ডুব যায়। তদুপৰি নদীৰ ধাৰা সলনি হোৱাৰ ফলত গৰাখহনীয়া (ভূমি ক্ষয়) এক গুৰুত্বপূর্ণ সমস্যা। ফলস্বৰূপে বহু অংশ নদীত বিলীন হৈছে আৰু দ্বীপখনৰ আকাৰ সৰু হৈ আহিছে। এই পৰিস্থিতিয়ে কৃষি, বাসস্থান, জীৱিকা আদি ক্ষেত্ৰত ব্যাপক সমস্যা সৃষ্টি কৰিছে।

৯। বাক্য ৰচনা কৰা -

হাঁহি-স্ফূর্তি: শিশুবোৰে পাৰ্কত হাঁহি-স্ফূর্তিত দিনটো অতিবাহিত কৰিলে।

হালি-জালি: বতাহটো হালি-জালি কপৌ ফুলৰ সুৱাস লৈ আহিছিল।

ৰিণিকি-বিণিকি: পুৱাৰ বতাহত ৰিণিকি-বিণিকি শব্দে পাতা নচৰাই আছিল।

গাই-দামুৰি: গাই-দামুৰিৰে পথাৰত হালগাঁথনি চলি আছিল।

নাট-ভাওনা: মাজুলীৰ নাট-ভাওনাই অসমৰ সংস্কৃতিৰ এক অপৰিহাৰ্য অংশ।



OLD
পাঠ ১৪
স্কাউট আৰু গাইড
    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video 
    👉MCQs Answer

২। উত্তৰ লিখা।

(ক) দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল?

উত্তৰঃ দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল।

(খ) চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল?

উত্তৰঃ চৰকাৰী বাহিনীয়ে বানপিড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুৰ আদি বিতৰণ কৰিছিল।

(গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল কোন?

উত্তৰঃ চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল স্কাউট আৰু গাইডৰ সদস্য আছিল।

(ঘ) যুৱক-যুৱতী সকলে কি পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল?

উত্তৰঃ যুৱক-যুৱতী সকলে নীলা ৰঙৰ পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল

(ঙ) দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে?

উত্তৰঃ কাৰণ তেওঁ ষষ্ঠম মান শ্ৰেণীত পঢ়োতে স্কাউট আৰু গাইডৰ সদস্য আছিল।


৪। পাঠটোৰ কঠিন শব্দবোৰৰ অৰ্থ জানি লোৱা।

থাউনি - পানীত তল নোযোৱাকৈ ভৰিৰে পোৱা তলৰ মাটি ।
নাজল - নাথল - অৱস্থা - আলাই আথানি ।
বিপদসংকুল - বিপদেৰে ভৰা ।
আনুগত্য - বাধ্য হৈ থকা অৱস্থা ।
জনহিকতৰ - জনসাধাৰণৰ বাবে মংগলজনক ।
স্বাৱলম্বী - আপোনাক আপোনি প্ৰতিপাল কৰা ।
হস্ত - শিল্প - কুটীৰ শিল্প 
হুৱা - দুৱা - বিপদ আদিত কৰা চিঞৰ বাখৰ ।
জনপ্ৰিয় - জনসাধাৰণে ভাল পোৱা ।
উচ্ছৃংখল - নিয়ম নমনা ।
সংকল্প - প্ৰতিজ্ঞা ।


৬। খালী ঠাই পূৰ কৰা।

উত্তৰঃ
(ক) স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল।

(খ) জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ আনুগত্য থকা উচিত।

(গ) সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে।

(ঘ) পৰোপকাৰ  গুণে মানুহক মহান কৰে।


৭। ১০ টা গুণবাছক বিশেষ্য লিখা।

উত্তৰঃ লক্ষ্য, একতা, সংকল্প, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য   বন্ধুত্ব, ভাল, বেয়া।


৮। বিপৰীত শব্দ লিখা ।

উত্তৰঃ 
ন্যায় - অন্যায়। 
সৎচৰিত্ৰ - চৰিত্ৰহীনা, অসৎচৰিত্ৰ।
সাধু - অসাধু।
বিশ্বাস - অবিশ্বাস।





Answered by Hiru Moni Bora

Check By Mukesh Borah

Last Update By Dipawali Bora 



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------


Post Id: DABP001065