Chapter 13 -

সাপ আৰু ভেকুলী-ৰজা

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(ক) ফেটাসাপডাল ক'ত শুই আছিল?
(ক) পুখুৰীত
(খ) পাহাৰৰ সিপাৰত 
(গ) গছত 
(ঘ) শিলৰ খোৰোঙত

উত্তৰ: (ঘ) শিলৰ খোৰোঙত

(খ) ভেকুলী-বজাই ফেটাসাপক পুখুৰীলৈ কিয় লৈ গৈছিল?
(ক) পুখুৰীৰ ভেকুলী খাবলৈ 
(খ) নীতি-নিয়ম বান্ধি দিবলৈ 
(গ) সমস্যা সমাধান কৰিবলৈ 
(ঘ) মিলা-প্রীতিৰে বাস কৰিবলৈ

উত্তৰ: (গ) সমস্যা সমাধান কৰিবলৈ

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা?
ভেকুলী-বজাই ফেটাসাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ ভেকুলীবোৰে তেওঁৰ কথা নুশুনিলে আৰু সিহঁতে ৰজাক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ চিন্তা কৰিছিল। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটাসাপক লগ লৈ গৈছিল। সেয়ে 

(গ) সমস্যা সমাধান কৰিবলৈ উত্তৰটো শুদ্ধ।

৩। তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা-
         শব্দ                      অৰ্থ
      উল্লাস                 আনন্দ, উলাহ
   মতানৈক্য                মতৰ পাৰ্থক্য
     গোমা                        গোমোঠা, বিবর্ণ
     যুঁজাৰু                যি যুঁজ কৰে
       ভংগ                             ভগা

৪। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।
(ক) ভেকুলী-বজা ক'ত বাস কৰিছিল?
উত্তৰ: ভেকুলী-বজা এটি পুখুৰীত বাস কৰিছিল।

(খ) ভেকুলী-ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্রহী কৰি তুলিছিল?
উত্তৰ: ভেকুলী-ৰজাই গাঁওবুঢ়া, টেকেলা আদি পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল।

(গ) ফেটীসাপডালৰ কিয় খং উঠিছিল?
উত্তৰ: ফেটীসাপডালৰ খং উঠিছিল কাৰণ ভেকুলী-বজাই শিলৰ ওপৰত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিল।

(ঘ) ভেকুলী-ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল?
উত্তৰ: ভেকুলী-ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখন পাৰ হ'লেই আছিল।

(ঙ) ফেটাসাপডালক ভেকুলী-ৰজাই ক'লৈ লৈ গৈছিল?
উত্তৰ: ভেকুলী-ৰজাই ফেটাসাপক পুখুৰীলৈ লৈ গৈছিল।

(চ) সাপে ভেকুলী-বজাক কি চর্ত বান্ধি দিছিল?
উত্তৰ: সাপে চর্ত বান্ধি দিছিল যে, তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) ভেকুলী-বজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল?
উত্তৰ: ভেকুলী-বজাই নিজে প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিলে। কিন্তু বসন্ত আহিলত ভেকুলীবোৰে ৰজাৰ কথা নুশুনি গীত গাই নাচিলে, যাৰ ফলত মতানৈক্য হল।

(খ) ভেকুলী-ৰজাই কিছু নীতি-নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল?
উত্তৰ: ভেকুলী-ৰজাই ভাবিছিল যে মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ’ব, সেয়ে আগতকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি ভাবিছিল।

(গ) ভেকুলী-বজা কিয় বিপাঙত পৰিছিল?
উত্তৰ: সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী-বজাক খাবলৈ ওলাল, যাৰ বাবে বজা বিপাঙত পৰিল।

৬। কোনে, কাক আৰু কিয় কৈছিল লিখা।
(ক) "বিহু আহিলে প্রথমে ময়েই গীত গাম আৰু নাচিম।"
উত্তৰ: ভেকুলী-বজাই সভাত সকলো প্রজাক কৈছিল, যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পিছত।

(খ) "এয়া ঋতু বা উৎসৱৰহে গীত। তেওঁলোকে গাইছে গাওক। আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই?"
উত্তৰ: ডা-ডাঙৰীয়াসকলে এই কথা ভেকুলী-বজাক কৈছিল, যাতে তেওঁ প্ৰজাক ক্ষমা কৰে।

(গ) "মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা।"
উত্তৰ: ফেটাসাপে এই কথা ভেকুলী-ৰজাক কৈছিল, যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে।

(ঘ) “মই নাজানো, তুমিহে মোক মাতি আনিছিলা।”
উত্তৰ: ফেটাসাপে এই কথা ভেকুলী-বজাক কৈছিল, যেতিয়া বজা ক'লে যে পুখুৰীত আন ভেকুলী নাই।




OLD
পাঠ ১৩ 

আৱিস্কাৰৰ কাহিনী 
    উত্তৰ: MCQ Online Exam
    উত্তৰ: Text Book PDF
    উত্তৰ: Click Here YouTube Video
    উত্তৰ: MCQs Answer


১। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা।

উত্তৰঃ
পৰিৱহণ - এঠাইৰ পৰা আন ঠাইলৈ নিয়া প্ৰক্ৰিয়া।
অধ্যৱসায় - কঠোৰ পৰিশ্ৰম।
অসাধ্য - সাধ্য নথকা।
অহৰহ - নিতৌ।
প্ৰয়োগিক - ব্যৱহাৰিক।
নেৰানেপেৰা - একটা কথাতে লাগি থকা।
যুগান্তকাৰী - পুৰণি কালৰ পৰা।
কৃতিত্ব - কাৰ্যদক্ষতা।
নিয়ন্ত্ৰণ - নিজকে চম্ভালিব পৰা।
সুচল - সুগম।
গুৰুত্ব - শ্ৰেষ্ঠতা।
অতুলনীয় - যাৰ তুলনা নাই।
অদম্য় - যাক দমন কৰিব নোৱাৰি।
দৃষ্টিগোচৰ - দৃষ্টি পৰা।
দৃঢ়তা - কঠিনতা
সান্নিধ্য় - ওচৰত থকা।
কৰ্মস্পৃহা - ৰাসৰ প্ৰতি ধাউতি বা আসক্তি।
উপলব্ধি - অনুমান।
প্ৰশিক্ষণ - কাৰিকৰী শিক্ষা।
গৱেষণা - পৰ্যবেক্ষণ কৰা।
ঘাত-প্ৰতিঘাত - দুখ-কষ্ট।


২। উত্তৰ লিখা।

(ক) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম হ'ল ভেকুৱাম ব্ৰেক।

(খ) গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত  কাম কৰিছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল।

(গ) গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন বৃটিছ চাহাবৰ চকুত পৰিছিল।

(ঘ) বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল?

উত্তৰঃ বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰা ''ৱাৰ্ণ এণ্ড কোম্পানিত'' নিযুক্তি দিছিল।

(ঙ) গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰে'লৰ কাৰিকৰী প্ৰতিষ্ঠান ''ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল।

(চ) লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল?

উত্তৰঃ লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল।

(ছ) আই.আৰ.এছৰ. পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন?

উত্তৰঃ আই.আৰ.এছৰ. পদমৰ্যাদা লাভ কৰা প্ৰথমজন ভাৰতীয় হৈছে- গুৰুপ্ৰসাদ দাস।

(জ) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে কি বুলি নামাকৰণ কৰিছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে ''জি পি ব্ৰেক'' নামাকৰণ কৰিছিল।


৩। চমুকৈ লিখা।

(ক) গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে চাকৰিসূত্ৰে লণ্ডনলৈ গৈছিল।

(খ) তেওঁক অসমৰ সু-সন্তান বুলি কিয় কোৱা হৈছে? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল ?

উত্তৰঃ ''ভেকুৱাম ব্ৰেকৰ জৰিয়তে ৱাৰ্ণ এণ্ড কোম্পানী প্ৰখ্য়াত হৈ উঠে। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে কোম্পানীত ভেকুৱাম ব্ৰেকক জি.পি. ব্ৰেক বুলি নামাকৰণ কৰে। বৃটিছ চৰকাৰে তেওঁক আই.আৰ.এছ পদমৰ্যাদা দিয়ে। উল্লেখযোগ্য় যে আই.আৰ.এছ পদমৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসে প্ৰথম ভাৰতীয়। গতিকে ইমানবোৰ সন্মান লাভ কৰা তথা কৃতিত্বৰে কাম কৰা গুৰুপ্ৰসাদ দাস হৈছে অসমৰ সু-সন্তান।

৪। ভাব বহলাই লিখা।

(ক) অভাৱেই আৱিষ্কাৰৰ মূল।

উত্তৰঃ অভাৱেই আৱিস্কাৰৰ মূল- মানুহৰ অভাৱ সীমাহীন। এই অভাৱৰ বাবে মানুহে নানান কৰ্ম কৰিবলগীয়া হয়। কথাতে কয় যে- মানুহ কৰ্মৰ দ্বাৰা মহান হয়। অভাৱ পূৰণ কৰোতে মানুহৰ হাতত টকা-পইচা নাথাকিলে মানুহে নানান কথা ভাৱে এনেদৰে ভাৱি থাকোতে মানুহে অভাৱ পূৰণৰ বাবে কিছুমান নতুন যন্ত্ৰপাতি আৱিস্কাৰ কৰে। ইয়াকেই অভাৱেই আৱিস্কাৰৰ মূল বুলি কোৱা হয়। 

(খ) একান্ত অধ্য়ৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ।

উত্তৰঃ গুৰুপ্ৰসাদ দাসে প্ৰথমতে সাধাৰণ গেৰেজ এটাত কাম কৰিছিল যদিও তেওঁ অতি পৰিশ্ৰমী আৰু নতুন কথা জনা বা নতুন কাম এটা কৰাৰ একান্ত আগ্ৰহ তথা সাধনা আছিল। সেইবাবে তেওঁৰ এই অদম্য় হেঁপাহ আৰু সাধনা তথা ডাঙৰ ডাঙৰ মানুহ সান্নিধ্য়লৈ অহাৰ বাবে পিছলৈ গেৰেজত কাম কৰিয়েই প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গেৰেজত কাম কৰি থাকোতেই তেওঁৰ পৰিশ্ৰমী গুণৰ প্ৰতি আপ্লুত হৈ এজন ইংৰাজ চাহাবে ''ৱাৰ্ণ এণ্ড কোম্পানীত'' যোগদানৰ সুযোগ দিয়ে। এই সুযোগ পোৱাৰ পিছত গুৰুপ্ৰসাদ দাসৰ উৎসাহ দুগুণ বৃদ্ধি পালে। আৰু তেওঁ অতি পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে শেষলৈ ''ভেকুৱাম ব্ৰেক'' আৱিষ্কাৰ কৰে। সাধনা অবিহনে কোনো মানুহে উন্নতি কৰিব নোৱাৰে।

৫। এটা শব্দত প্ৰকাশ কৰা।

উত্তৰঃ
(ক) যিজনে কোনো বস্তু বা তথ্য আৱিস্কাৰ কৰে- আৱিস্কাৰক, উদ্ভাৱক।
(খ) গোটেই জীৱন জুৰি- আজীৱন।
(গ) যিয়ে গুণীৰ গুণ বুজিব পাৰে- জ্ঞানী।
(ঘ) পুৱাই স্মৰণ কৰাৰ যোগ্য- প্ৰাতঃস্মৰণীয়।




Answered by Hiru Moni Bora

Check By Mukesh Borah

Last Update by Dipawali Bora (05.05.2022)