পাঠ ১৫
মহো-হো গীত
২। পাঠত দিয়া মহো - হো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা ।
উত্তৰঃ হৌ - লউ, মহমহওঁতে - ঘহাওঁতে, পৰিল - মৰিল, মালা - ভালা, নুণ - দুণ, যাওঁতে - পাওঁতে, পাটে - ঘাটে, চাকা - টাকা।
৪। উত্তৰ লিখা।
(ক) মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে কি লৈছে?
উত্তৰঃ মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে টাঙোন লৈছে।
(খ) হিদাল গছত গা ঘহাওঁতে কি হ'ল?
উত্তৰঃ হিডাল গছত গা ঘহাওঁতে হিদেলি পৰিল আৰু সকলোবোৰ মহ মৰিল।
(গ) মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে?
উত্তৰঃ মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কড়ি দিছে।
(ঘ) 'টাকা' আৰু 'সিকি' মানে কি?
উত্তৰঃ টাকা আৰু সিকি মানে হ'ল- টাকা মানে টকা আৰু সিকি মানে হ'ল পঁচিশ পইচাৰ মুদ্ৰা।
(ঙ) মহো - হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি?
উত্তৰঃ মহো - হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম হ'ল বুঢ়াদিয়াৰ।
৫। তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা।
উত্তৰঃ
পদ - বিভক্তি
মাকোক - ক্ৰিয়া বিভক্তি
টেপৰত - নাম বিভক্তি
ৰূপাৰ - ক্ৰিয়া বিভক্তি
সিৰালে - ক্ৰিয়া বিভক্তি
সোণাৰ - ক্ৰিয়া বিভক্তি
বুঢ়াদিয়াৰ - ক্ৰিয়া বিভক্তি
ঘাটে - নাম বিভক্তি
৬। মহো - হো গীতটোত থকা ৫ টা বিশেষ্য পদ লিখা।
উত্তৰঃ ঘৰত, হিদাল, গাছত, সোণাৰ, ৰূপাৰ, মহ।
৭। বাক্য ৰচনা কৰা।
উত্তৰঃ
চকচকীয়াঃ মহো - হো গীতটোত বাহৰ পাত চকচকীয়া বুলি কৈছে।
চিকমিকীয়াঃ বিয়াৰ দিনা সকলোৱে চিকমিকিয়া কাপোৰ পিন্ধি বিয়া খাবলৈ গ'ল।
সিকিঃ ৰামৰ হাতত চাৰিটা সিকি আছে।
সীৰলুঃ নাঙলৰ সীৰলুৰ দৰে নাওঁখনে পানী কাটি-কাটি আগুৱাই গ'ল।
টাঙোনঃ পুলিচকেইজনে চোৰকেইটাক মাৰিবলৈ হাতে-হাতে টাঙোন লৈছে।
৮। পাঠত দিয়া মহো - হো গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰৰ ৰূপবোৰ লিখা।
উত্তৰঃ
টকান - টাঙোন।
গাছত - গছত।
দিলাক - দিলে।
মাকোক - মাকক।
মাইৰবা - মাৰিবলৈ।
নুণ - নিমখ।
দেইখ্বা - দেখিবলৈ।
কইৰলু - কৰালোঁ।
*ওজনি অসমত ভেকুলীৰ বিয়াত গোৱা দুফাকিমান বিয়ানাম লিখা।
উত্তৰঃ
চোৱা পানী খহুলী ভেকুলীৰ
চোৱা পানী বিয়াখন পাতিছে
চোৱা পানী ৰাইজে বেৰি বেৰি চায় ৰাম ৰাম।।
........................................................................
চোৱা পানী বায়ু দেৱক
চোৱা পানী মেঘে নমুৱালে
চোৱা পানী সাতদিন বৰষুণ দি ৰাম ৰাম।।
................................................................
চোৱা পানী খহুলী ভেকুলী
চোৱা পানী চকুৰে সুন্দৰী
চোৱা পানী কিবাহেই পালে ৰাম ৰাম।।
Check By- Mukesh borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP001066