Chapter 2 - 

শহা আৰু সিংহ

১. তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা:
(ক) জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল?

উত্তৰ: (খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে ✔️

(খ) মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাঁপ দিছিল?

উত্তৰ: (ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভৱাৰ বাবে ✔️

২. তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তর (সংক্ষিপ্ত):
(১) মন্দমতিয়ে প্রতিদিনে অৰণ্যৰ বহু জন্তু বিনা কাৰণেই বধ কৰিছিল। ইয়াৰ ফলত অৰণ্যৰ জীৱ-জন্তুৰ সংখ্যা কমি যাব বুলি সিহঁত ভয় কৰিছিল।

(২) কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতিয়ে ভাবিছিল যে ই কোনো দ্বিতীয় সিংহ। তেখেত সেই সিংহক ধৰা বাবে জাঁপ মাৰিছিল।

৩. 'শহা আৰু সিংহ' সাধুটো কোৱা।
উত্তর: এই সাধুটোৰ মূল বক্তব্য হ'ল—“বলতকৈ বুদ্ধি সদায় শ্রেষ্ঠ।” এক সৰু শহাই বুদ্ধিৰ সহায়ত বলবান সিংহৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুক ৰক্ষা কৰিছিল।

৪. তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাওঁ আহা:

      শব্দ                                    অৰ্থ
    ক্ষুধা                         ভোক
   নিবাৰণ                        বাধা কৰা, গুচোৱা কাৰ্য
    শব্দ                        শব্দ
  প্ৰতিবিম্ব              ছাঁ, পানীত দেখা মানুহ বা বস্তুৰ ছবি
  হাজিৰ              উপস্থিত
  বন্ধক              অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য
  কেশৰ              সিংহৰ ডিঙিৰ দীঘল নোম
  নিস্তাৰ              ৰক্ষা, উদ্ধাৰ

৫. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে-মধে বধ কৰিছিল?
উত্তর: মন্দমতি নামৰ সিংহটোৱে জধে-মধে বধ কৰিছিল।

(খ) শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল?
উত্তর: দৰাচলতে মাত্ৰ এটা শহা আহিছিল।

(গ) কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল?
উত্তর: কুঁৱাৰ পানীত নিজৰ ছাঁটো দেখিয়েই তাক আন সিংহ বুলি ভাবি, মন্দমতিয়ে খঙতে কুঁৱাটোত জাঁপ মাৰিছিল।

৬. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা।

(ক) অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল?
উত্তর: সিহঁতে সিদ্ধান্ত লৈছিল যে প্রতিদিনে পালক্ৰমে এটা জন্তু সিংহটোৰ ওচৰলৈ পঠিয়াব যাতে সিংহ চাৰিওফালে মাৰি নাৱধায়।
লাভ: এইদৰে কৰিলে সিংহৰ ক্ষুধাও নিবাৰণ হ’ব আৰু সিহঁত ধ্বংসৰ পৰা ৰক্ষা পাব।

(খ) কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল?
উত্তর: শহাটোৱে ভাবিলে, সিংহক নিজ ছাঁটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি লাফ দি পানীত পৰে।

(গ) সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কি কথা কৈছিল?
উত্তর: সি ক'লে যে বাটতে আন এটা সিংহ দেখা পাইছিল আৰু সেই সিংহ কৈছিল সি এই বনখনৰ ৰজা। ইফালে সি চাৰিটা শহা ধৰি ৰাখিছে আৰু মাত্ৰ সি (এই শহা) আহিছে মন্দমতিক মাতিবলৈ।

(ঘ) কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে?
উত্তর: নহয়, কুঁৱাত আন কোনো সিংহ নাছিল।
কিয় জাঁপ মাৰিছিল: মন্দমতিয়ে নিজৰ ছাঁকেই আন সিংহ বুলি ভৱি খঙেৰে কুঁৱাটোত জাঁপ মাৰিছিল।



OLD
পাঠ ২
বুধিয়ক বীৰবল

    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video 
    👉MCQs Answer

৩। কোৱা আৰু লিখাঃ

(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?

উত্তৰঃ অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল।

(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল?

উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে - ''বীৰবল, তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, ফেঁচা দুটাই কি কথা পাতি আছে।''

(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?

উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কলে "জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে।

(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল?

উত্তৰঃ পশু-পক্ষী নোহোৱা তেনে অৰণ্য চল্লিশখন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল।

(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল?

উত্তৰঃ ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল।

(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল?

উত্তৰঃ কাৰণ পশু-পক্ষী নোহোৱা তেনে অৰণ্য পঁচিশখনমানহে আছিল আৰু এই দুই মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু-পক্ষী চিকাৰ কৰি নিঃশেষ কৰি দিব তেতিয়া তেনেকোৱা অৰণ্য পঞ্চাশখনতকৈও অধিক দিব পাৰিব, সেই কাৰণে দুমাহৰ সময় বিচাৰিছিল।

(ছ) অৰণ্যত চিকাৰ কৰি থকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল?

উত্তৰঃ এই কথাষাৰ চৰাই দুটাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাই মাত বুজি পাই বুলি কৈ ৰাজাক কৈছিল।

(জ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে?

উত্তৰঃ বীৰবলে কোৱা কথাখিনি হাড়ে-হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব।

(ঝ) আকবৰে শেষত বীৰবলক কি কথা কৈছিল?

উত্তৰঃ আকবৰে শেষত বীৰবলক কলে- "আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল।"


৫। দলত আলোচনা কৰি উত্তৰ লিখা।

(ক) আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল, তেনেহ'লে কিয় বুজাৰ ভাও জুৰিছিল?

উত্তৰঃ প্ৰকৃততে বীৰবলে পশু-পক্ষীৰ মাত বুজি নাপাই। দৰাচলতে বীৰবলে দেখিছিল যে, ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু-পক্ষী নিঃশেষ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালী লৈ ৰূপান্তৰ হব, সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ এই কৌশলটো প্ৰয়োগ কৰিছিল।


(খ) উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে?

উত্তৰঃ উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য় সাধন কৰিব পাৰিলে।


৬। কোনে, কাক, কিয় কৈছিল?

(ক) '' কি কাৰণে সি বাৰু বুকু ডাঠি ক'ব পাৰিছে?''

উত্তৰঃ যেতিয়া চৰাইকেইটাই পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু দুমাহমান অপেক্ষা কৰিলে পঞ্চাছ খনতকৈও অধিক পশু-পক্ষী নোহোৱা ৰাজ্য় দিব পাৰিব বুলি কৈছে। তেতিয়া সম্ৰাট আকবৰে উক্ত কথাষাৰ বীৰবলক কৈছিল।

(খ) ''আমাৰ আজিৰ অৰণ্য় ভ্ৰমণ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্য়তে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ।''

উত্তৰঃ  ওপৰৰ কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল। কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱৱাৰ ভাওঁ জুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনীটো ইমানৰসালকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৰে বুজি পালে। তেওঁ গমি পিতি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্য়ত পশু পক্ষী নাথাকিব। সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল।


১১। বাক্য় ৰচনা কৰা।

কথা-চহকীঃ মানিক এজন বৰ কথা-চহকী মানুহ।

কথা চোবাঃ নিৰলাই ঘৰৰ কামবন নকৰি ঘৰে ঘৰে কথা চোবা ফুৰে।

কথা শুনঃ ডাঙৰৰ কথা শুনিলাগে।

কথা ৰাখঃ ধিৰাজে মাক-দেউতাকৰ কথা ৰাখিবৰ বাবেহে সাংবাদিকতাৰ কাম হাতত লৈছে।




Answered by Hiru Moni Bora

Last Update by Dipawali Bora (04.05.2022)

Check By- Mukesh Borah 

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------


Post Id: DABP001054