Chapter 3 -
পুথি অধ্যয়ন
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
১. বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি?
উত্তৰ: (খ) পুথি অধ্যয়ন
২. সংসাৰত উদ্গতি কৰিবলৈ কি লাগে?
উত্তৰ: (ঘ) মনৰ একাগ্রতা
২। শব্দজালৰ পৰা সঠিক শব্দ চিনাক্ত কৰি লিখা:
১. ভোগ – সুখ বা দুখ পোৱা কাৰ্য
২. উদ্গতি – উন্নত অৱস্থা
৩. পুৰুষাৰ্থ – যত্ন
৪. সঞ্চয় – সাঁচি ৰখা কাৰ্য
৫. বিজুলী – বিদ্যুৎ
৬. মাণিক – এবিধ বহুমূলীয়া মণি বা বাখৰ
৭. আগ্ৰহ – কোনো বিষয়ত আগ্ৰহেৰে লগা
৮. একাগ্ৰতা – আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা
৯. অনুক্ৰম – ক্রমান্বয়
১০. প্ৰণালী – প্রক্রিয়া, বিধি
৩। প্ৰশ্নোত্তৰ (লিখিত উত্তৰসহ):
(ক) দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি?
উত্তৰ: দূৰৈৰ মাণিক সদৃশ জ্ঞানসমূহ আমি পুথি পঢ়াৰ দ্বাৰা হাততে পাব পাৰোঁ। আন দেশৰ পণ্ডিতসকলৰ মূল্যবান উপদেশ আৰু বিদ্যা পুথিৰ মাজেৰে ঘৰত বহিয়েই লাভ কৰিব পাৰি।
(খ) পুথি এখনৰ আচল ভাব কেনেদৰে উদ্ধাৰ কৰিব পাৰি?
উত্তৰ: পুথি এখন মনপূৰ্বক আৰু মনপুতি পঢ়িলে, তাৰ আচল ভাব বুজিব পাৰি। ওপৰে ওপৰে চেলেংপেতেংকৈ পঢ়িলে আচল অৰ্থ ধৰা নপৰে।
(গ) পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে?
উত্তৰ: লেখকে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে।
(ঘ) পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি?
উত্তৰ: তেওঁলোকৰ ৰচিত পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি অতি সহজে লাভ কৰিব পাৰোঁ।
৪। বাক্যশাৰী বহলাই লিখা:
(ক) “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।”
উত্তৰ: যেমানে কোনোবাই বহু পৰিশ্ৰম কৰি ধন থুপাই ৰাখে আৰু আনজনে সেই ধনৰ পৰা সুবিধা লয়, তেনেদৰে পুথিত লিখকজনে পঢ়োতাৰ বাবে বিদ্যা থুপাই ৰাখে। আমি পুথি পঢ়ি সেই থুপাই থোৱা বিদ্যা সহজে লাভ কৰিব পাৰোঁ। সেয়ে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে।
(খ) “বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা।”
উত্তৰ: যেমানে ধন আৰ্জন কৰিবলৈ মূলধন লাগে, তেনেদৰে বিদ্যা আৰ্জন কৰিবলৈ মূল বিদ্যা লাগে। যাৰ মূলধন বেছি, সি বেছি ধন উপাৰ্জন কৰিব পাৰে; তেনেদৰে যাৰ মূল বিদ্যা বেছি, সি অধিক বিদ্যা লাভ কৰিব পাৰে।
(গ) “সৎসংগৰপৰা মানুহৰ সৎ স্বভাৱ জন্মে।”
উত্তৰ: মানুহে যিসকলৰ লগত সদায় উঠা-বহা কৰে, তেনে মানুহৰ স্বভাৱ-চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায়। ভাল সংগত থাকিলে মানুহ ভাল হয়, বেয়া সংগত থাকিলে বেয়া হয়। সেইদৰে ভাল পুথি পঢ়িলে ভাল চিন্তা-চৰিত্ৰৰ বিকাশ ঘটে, যি এক প্ৰকাৰ সৎসংগত হোৱা সদৃশ।
৫৫। “ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়।” – কথাষাৰ বহলাই লিখা:
উত্তৰ: পুথি পাঠ মানুহৰ মন-মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যিয়েই পুথি লেখে, তাৰ চিন্তা-চেতনা, স্বভাৱ-চৰিত্ৰ পুথিত প্ৰকাশ পায়। সেই পুথি পঢ়োঁতাই যেনে চিন্তা-ভাবনা পঢ়ে, সেয়েই তেওঁৰ মনত গঢ়ি উঠে। সেয়ে যদি কেউজন ভাল পুথি পঢ়ে, তেন্তে সি ভাল চিন্তা-চৰিত্ৰৰ সংগতত থাকে আৰু ভাল গুণেৰে ভৰা হয়। কিন্তু যদি বেয়া পুথি পঢ়ে, তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰেৰে ভৰি পৰে। সেয়েহে পুথি বাচনি কৰি পঢ়াটো অতি জৰুৰী।
OLD
পাঠ ৩
অসমীয়া ভাষাৰ বিকাশৰ কথা
২। উত্তৰ দিয়া
(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল?
উত্তৰঃ নয়নাহঁতে খুড়াকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিব ইচ্ছা কৰিছিল?
(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি?
উত্তৰঃ হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল- প্ৰহ্লাদ চৰিত্ৰ।
(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি?
উত্তৰঃ যিবোৰ সাহিত্য় লিখিত নহয়, বৰং মানুহৰ মুখে মুখে প্ৰচলিত তেনে সাহিত্য়ক অলিখিত বা মৌখিক সাহিত্য় বোলা হয়।
(ঘ) ভাষাৰ দুটা উপাদানৰ নাম লিখা।
উত্তৰঃ ভাষাৰ দুটা উপাদানৰ নাম হৈছে- শব্দ আৰু বাক্য।
(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে?
উত্তৰঃ অসমীয়া ভাষাটোৱে দশম শতিকাৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে।
(চ) অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল?
উত্তৰঃ অসমীয়া শব্দটোৰ ব্য়ৱহাৰ ইংৰাজৰ আমোলত বেছিকৈ হৈছিল।
৩। শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা-
ত্ৰয়োদশ, স্থানীয়, নিগাজি, স্বকীয়, আমোল, আৱাসভূমি, উপাদান, অলিখিত, অনুকৃতি
উত্তৰঃ
ত্ৰয়োদশ - তেৰ সংখ্য়ক
স্থানীয় - স্থায়ী
নিগাজি - চিৰস্থায়ী
স্বকীয় - নিজা
আমোল - কোনো অধিপতিয়ে শাসন কৰা কাল
আৱাসভূমি - বাসভূমি
উপাদান - উপকৰণ
অলিখিত - লিপিবদ্ধ নোহোৱা
অনুকৃতি - অনুকৰণ
৪। অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা।
উত্তৰঃ ভাষা পৰিবৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিবৰ্তিত হৈ আহি আছে। সপ্তম শতিকা মানলৈ পূব আৰু উত্তৰ-পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল। তাৰ আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্য়ত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজি আৱাসভূমি। সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাবৰ আদান-প্ৰদান হৈছিল। ফলত ইটো সিটো ভাষাৰ উপাদান স্বাভাৱিকভাৱে মিলিত হৈছিল। তেনেকৈ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান সোমাই পৰিছিল।
৬। তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া-
সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত, বিকশিত
উত্তৰঃ
সুন্দৰ - সৌন্দৰ্য
প্ৰচলিত - প্ৰচলন
স্থানীয় - স্থান
ৰচিত - ৰচনা
পৰিবৰ্তিত - পৰিবৰ্তন
বিকশিত - বিকাশ
৮। তলৰ শব্দবোৰৰ একোটিকৈ সমাথক শব্দ লিখা
ধূনীয়া - সুন্দৰ
প্ৰাচীন - পুৰণি
পুথি - কিতাপ
নিগাজি - স্থায়ী
পূবতে - আগতে
সামৰণি - শেষ
১০। বাক্য ৰচনা কৰা
মিচিকিয়াইঃ গীতাই কল্পনাৰ কথা শুনি মিচিকিয়াই হাঁহিলে।
চেনেহীঃ চিৰ চেনেহী মোৰ ভাষাৰ জননী।
পুৰণিঃ প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি।
ধন্যবাদঃ হিনাই তাইক স্কুলত থৈ অহাৰ বাবে ককায়েক ৰাহুলত ধন্য়বাদ ক'লে।
সাহিত্যঃ লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য় ৰচনাৰ বাবে সাহিত্য়ৰথী উপাধি লাভ কৰিছিল।
যুগে যুগেঃ যুগে যুগে ভাষাৰ পৰিবৰ্তন ঘটি আহিছে।
Answered by Hiru Moni Bora
Last Update By Dipawali Bora (04.05.2022)
Check by - Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP001055