Chapter 6 - 

বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ 

১। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—
প্রশ্ন: সর্পই দংশন কৰিলে কি কৰা উচিত?
(ক) চাফ-চিকুণকৈ থকা উচিত
(খ) ৰাশিফল চোৱা উচিত
(গ) বেজৰ ওচৰলৈ যোৱা উচিত
(ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত

উত্তৰ: (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি লিখা—
উত্তৰ: (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত উত্তৰটো বাছি ল'লো, কাৰণ পাঠখনত কোৱা হৈছে যে, আজিও বহুতে সাপ দংশন কৰিলে বেজৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰে, কিন্তু ই এক অবৈজ্ঞানিক মনোভাৱ। বাস্তৱত, সাপে দংশন কৰিলে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ লৈ যোৱা উচিত যাতে যথাযথ চিকিৎসা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়। এইটো হৈছে বৈজ্ঞানিক মানসিকতাৰ প্ৰমাণ।

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা?
উত্তৰঃ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয়– কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি, পৰীক্ষা-নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা-ভাবনা কৰা।

(খ) আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ থকাৰ কাৰণ কি?
উত্তৰঃ আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ আছে কাৰণ–

  1. মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ,

  2. পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা,

  3. যুক্তিবাদী চিন্তাৰ অভাব, আৰু

  4. অজ্ঞতা আৰু ভয়।

(গ) ভাল দিন-বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে?
উত্তৰঃ ভাল দিন-বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন-বাৰৰ ওপৰত নহয়। সেই বাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত।

(ঘ) ছাত্র-ছাত্রীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ–

  1. ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব,

  2. সমস্যা সমাধানত সহায় কৰিব,

  3. সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব,

  4. বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াব।

(ঙ) অতীতত আমাৰ সমাজত অসুখ-বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল?
উত্তৰঃ অতীতত কোনো ব্যক্তিৰ অসুখ-বিসুখ হ’লে তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহ’ই ওঝা, গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল। এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল।

৪। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) বাহিৰত ফুৰি-চাকি অহা কাপোৰ-কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে?
উত্তৰঃ এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হলেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে। বাহিৰৰ কাপোৰত ধূলি-বালি, ব্যেক্টেৰিয়া বা ৰোগজীবাণু থাকে, যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্রব্য দুষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে।

(খ) বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে?
উত্তৰঃ শিক্ষিত হোৱাটো সহায়ক হলেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে। এজন মানুহে –

  1. যুক্তি-প্ৰমাণৰ ভিত্তিত চিন্তা-ভাবনা কৰিলে,

  2. অন্ধবিশ্বাস এৰিলে,

  3. পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে,
    তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে।

(গ) সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে?
উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ অগ্ৰগতিৰ বাধা। এইবোৰ–

  1. যুক্তিবাদী চিন্তাৰ বিকাশ আতৰাই,

  2. মানুহক অজ্ঞ আৰু ভয়ত ৰাখে,

  3. অগ্ৰগতিত বাধা দিয়ে।
    সেয়ে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী।

তলত ‘ক’ অংশৰ শব্দবোৰক ‘খ’ অংশৰ অৰ্থৰ সৈতে মিলোৱা হ’লঃ

                              ক অংশ                                   খ অংশ
                              অনুসংশিত                                  পূৰ্ববাৰৰ চলি অহা নীতি
                               স্বাস্থ্যসমত                                   স্বাস্থ্যকৰ
                               যুক্তিনিষ্ঠ                                   তীক্ষ্ণ বুদ্ধি, তত্ত্ব-জ্ঞান
                                বিবৰ্ণ                                   পালে টান
                                বিকস                                   এটাই সলনি আন এটা
                                পক্বপুষ্ট                                   যুক্তি থকা
                                প্ৰযুক্তি                                   কৌশলী


OLD

পাঠ ৬  
 মিত্ৰামিত্ৰ 

    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video 
    👉MCQs Answer

২। উত্তৰ দিয়া-

(ক) যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি?

উত্তৰঃ যজ্ঞদত্তই উদ্বাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল।

(খ) সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল?

উত্তৰঃ সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল।

(গ) বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল?

উত্তৰঃ বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল।

(ঘ) মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে?

উত্তৰঃ মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে।

(ঙ) কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল?

উত্তৰঃ পত্নীৰ ককৰ্থনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল।


৫। কোনে কাক কৈছিল লিখা-

(ক) ''দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম''

উত্তৰঃ উক্ত কথাষাৰ মহাৰাজে মন্ত্ৰীক কৈছিল।

(খ) ''এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপোনাৰ''

উত্তৰঃ ওপৰৰ কথাখিনি বাঘটোৱে ব্ৰাহ্মণজনক  কৈছিল।

(গ) ''আপুনি চিন্তা নকৰিব । ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম''

উত্তৰঃ উক্ত কথাষাৰ গাঁতৰ পৰা উদ্ধাৰ হোৱা বাঘে ব্ৰাহ্মণৰ আগত কৈছিল।

৬। তলৰ শব্দবিলাকৰ সন্ধি ভঙা আৰু কি সন্ধি লিখা-
     
মিত্ৰামিত্ৰ - মিত্ৰ + অমিত্ৰ

স্বণালঙ্কাৰ - স্বৰ্ণ + অলংকাৰ

শুদ্ধাশুদ্ধি - শুদ্ধ + অশুদ্ধি

পুৰস্কাৰ - পুৰঃ + কাৰ

উদ্ধাৰ - উদ+ধাৰ

জগন্নাথ - জগৎ+নাথ


৭। শব্দবোৰৰ স্বৰসন্ধি আৰু বিসৰ্গসন্ধি কৰি তালিকাভুক্ত কৰা

উদগতি (উ + গতি)
জনৈক (জন + এক)
প্ৰত্যুত্তৰ (প্ৰতি + উত্তৰ)
দেৱেশ্বৰ (দেৱ + ঈশ্বৰ)
দুৰ্নীতি (দুঃ + নীতি)
প্ৰত্যেক (প্ৰতি + এক)
সংস্কৃত (সম + কৃত)
গঙ্গোমি (গঙ্গা + ঊৰ্মি)
লোকচাৰ (লোক + আচাৰ)
নিস্বাথ (নিঃ + স্বাথ)
উল্লাস (উ + লাস)
তপোবন (তপঃ + বন)

উত্তৰঃ 

স্বৰসন্ধি

ব্যঞ্জন সন্ধি

বিসৰ্গ সন্ধি

জনৈক

গঙ্গোৰ্মি

প্ৰত্যুত্তৰ

লোকাচাৰ

দেৱেশ্বৰ

প্ৰত্যেক

উদগতি

সংস্কৃত

উল্লাস

দুৰ্নীতি

নিস্বাৰ্থ

তপোবন






Answered by Hiru Moni Bora

Last Update by Dipawali Bora (05.05.2022)

Check By Mukesh Borah

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------







Post Id: DABP001058