Chapter 7 -
তপনৰ কথা
১. তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(ক) ধুবুৰীৰপৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল?
উত্তৰঃ তপনৰ মাহীয়েকৰ পুতেক
(খ) তপনে ঋতুরাজক ভদ্র আচৰণৰ কথা কিয় কৈছিল?
উত্তৰঃ মনে বিচৰা বস্তুটো পাবৰ বাবে
২. তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰঃ তপনে ঋতুরাজক ভদ্র আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে চাইছিল ডাঙৰ কে’কটুকুৰাটো খাবলৈ। সেয়েহে সি “ভদ্ৰ মানুহ” হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল’বলৈ উদ্বুদ্ধ কৰিছিল যাতে সি নিজে ডাঙৰ টুকুৰাটো খাই পাৰে। সেয়েহে উত্তৰ
(গ) শুদ্ধ।
৩. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা-
(ক) তপনৰ মাহীয়েকৰ ঘৰ ক’ত আছিল?
উত্তৰঃ ধুবুৰীত।
(খ) তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি?
উত্তৰঃ ঋতুরাজ।
(গ) ভদ্র মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল?
উত্তৰঃ যোচেফ ছাৰে।
(ঘ) ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু?
উত্তৰঃ দুমাহ সৰু।
(ঙ) ‘তপনৰ কথা’ পাঠটিৰ লেখক কোন?
উত্তৰঃ ড° ভবেন্দ্র নাথ শইকীয়া।
৪. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা-
(ক) তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়?
উত্তৰঃ ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল, কাৰণ সি নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল।
(খ) তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয়, কিয় হয় আৰু যদি নহয়, কিয় নহয়?
উত্তৰঃ হয়, মই একমত। কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে, তেনেহ’লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্রতা প্ৰকাশ পায়।
(গ) তপনে কে’কৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলেনে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।
সপক্ষে যুক্তি: সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধূর্ততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিকেই চিনাই।
বিপক্ষে যুক্তি: সি আনক ভদ্রতা শিকাই নিজে ভদ্রতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিলে, যি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয়।
(ঘ) ঋতুৰাজে যদি সৰু কে’কটুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন, তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন?
উত্তৰঃ তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন, অথবা তপন আৰু ঋতুৰাজৰ মাজত এটা সামান্য মন-কষা হোৱাটোও সম্ভৱ আছিল।
৫. কোনে, কাক আৰু কিয় কৈছিল লিখা-
(ক) "ইয়াতে দুটুকুৰা কে’ক আছে। অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। ডাঙৰ টুকুৰা ঋতুক দিবি।”
তপনৰ মাকে তপনক কৈছিল।
কাৰণ: সি ঋতুৰাজক বেছি মৰম কৰিছিল।
(খ) “তই সঁচাকৈয়ে বৰ ভদ্ৰ ল’ৰা। তোৰ নিচিনা ল’ৰাক আমাৰ যোচেফ ছাৰে বৰ ভাল পাব।”
তপনে ঋতুৰাজক কৈছিল।
কাৰণ: তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্রশংসা কৰিছিল।
৬. ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে-
ভাল লগা কাৰণ বেয়া লগা কাৰণ
কথাপাতি কৰিব পৰা যায় মাকে ঋতুৰাজক বেছি মৰম কৰে
ফুৰিবলৈ যায় গাখীৰ কম হলে তপনে নাপায়
লুডু আৰু কেৰম খেলিবলৈ সঙ্গী থাকে মাছ বিলাবৰ সময়ত বেয়া অংশ পায়
OLD
পাঠ ৭
ৰসৰাজ লক্ষীনাথ বেজবৰুৱা
১। উত্তৰ দিয়া-
(ক) লক্ষীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল?
উত্তৰঃ বেজবৰুৱাদেৱৰ প্ৰায়বোৰ কথায়ে ৰসেৰে উপচি থকা বাবে তেওঁক 'ৰসৰাজ' উপাধি দিয়া হৈছিল।
(খ) তেখেতৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ মোৰ জীৱন সোৱৰণ।
(গ) লক্ষীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল?
উত্তৰঃ বৰবৌৱে।
(ঘ) চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই কত সুমুৱাই দিছিল?
উত্তৰঃ ভগা পেৰা এটাৰ ভিতৰত সুমোৱাই দিছিল।
(ঙ) শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল?
উত্তৰঃ পোষ্ট মাষ্টৰ বাবু।
(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথি নাম লিখা।
উত্তৰঃ পাচনি আৰু লিতিকাই।
২। চমু উত্তৰ দিয়া।
(ক) অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষীনাখ বেজবৰুৱাই কি কৰিছিল?
উত্তৰঃ অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। এই চ'ৰাই পিছলৈ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ ভা উ সা সভা)' ৰূপে পৰিগণিত হয়।
(খ) লক্ষ্মীনাথ বেজবৱৰুৱাক কিয় 'সাহিত্যৰথী' উপাধিৰে সন্মানিত কৰা হৈছিল?
উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী ওপাধিৰে সন্মানিত কৰা হৈছিল।
(গ) 'অ' মোৰ আপোনাৰ দেশ গীতটিক কি সংগীত বোলে?
উত্তৰঃ জাতীয় সংগীত।
৩।পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ 'মোৰ জীৱন সোৱৰণ' ৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা।
উত্তৰঃ এবাৰ বৰবৌৱে মোক অতি সংগোপনে তেওঁৰ চিঠি লিখি মোৰ হতুৱাই চলিব পৰা কৰি মোৰ হতুৱাই অতি গুপুতভাবে ডাকত দিয়াইছিল। বুদ্ধিৰ ঢেঁকী-ঠুৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালোঁ জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই মই ডাকঘৰ পালোঁগৈ, কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলো। ওচৰতে এটা মানুহ আছিল সি ক'লে সেইখন এইপিনে ইয়াতহে দিব লাগে। মোৰ ভূল বুজিব পাৰি মুখ শুকাই গ'ল। সেই ভগা পেৰাটোৰ যি সুৰুঙাই দি চিঠিখন সুমুৱাইছিলো তাত আৰু হাতখন নুসুমাই।
মই মোৰ বিপদৰ কথা পোষ্ট-মাষ্টৰ বাবুক ক'লত তেওঁ মোৰ মুখৰ ফালে অলপমান চাই থাকি দয়াপৰৱৰ্শ হৈ উঠি আহি বাকচটোৰ ভগাডোখৰ আৰু ভাগি বহলাই লৈ চিঠিখন উলিয়াই আনি মোৰ হাতত দি ক'ত দিব লাগে দেখুৱাই দিলত মই তাতে দি নিশ্চিত মনেৰে ঘৰলৈ উভতি আহিলো।
৪। কোনে কাক কি প্ৰসঙ্গত কৈছিল পাঠৰ আধাৰত লিখা। ''সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিয়?''
উত্তৰঃ এদিনাখন বৰবৌৱে তেওঁৰ প্ৰথমখন চিঠি ডাকত দিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাতত দিওঁতেই ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলে। তেতিয়া পোষ্ট মাষ্টৰজনে উক্ত কথাশাৰী বেজবৰুৱাদেৱক কৈছিল।
৫। পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা।
উত্তৰঃ
সংগোপনে - অতি গোপনে।
দয়াপৰৱশ - দয়াবান।
যৎপৰোনাস্তি - যিমান পাৰি সিমান।
হাস্য়ব্য়ংগাত্মক - ধেমেলীয়া।
বহুমুখী - বিভিন্ন দিশ।
তত্ত্বগধুৰ - অৰ্থবহুল।
পৰিগণিত - চিহ্নিত।
নিশ্চিত - থিৰাং।
সুৰুঙা - ছিদ্ৰ।
ভিৰাই লৰ মাৰ - বেগতে।
১০। বাক্য পৰিৱৰ্তন কৰা।
(ক) যিজন লোক চোৰ স্বভাৱৰ, তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়। (সৰল বাক্য়লৈ নিয়া)
উত্তৰঃ চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায়।
(খ) ৰমেনে মাকৰ কথা শুনি গাঁৱতে খেতি-বাতি কৰি থাকিবলৈ ল'লে। (যৌগিক বাক্য়লৈ নিয়া)
উত্তৰঃ মাকৰ কথামতেহে ৰমেনে গাঁৱত থাকি খেতি-বাতি কৰিবলৈ ধৰিলে।
(গ) আমি আজি নগৰলৈ যাম।
উত্তৰঃ আমি আজি নগৰলৈ যামনে?
(ঘ) তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত।
উত্তৰঃ ৰাতিপুৱা সোনকালে উঠিবা।
১১। উপযুক্ত যোজক অব্য়য়েৰে খালী ঠাই পূৰ কৰা।
উত্তৰঃ
(ক) মই উদ্য়ানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম। (কিন্তু/আৰু)
(খ) ৰাম স্কুললৈ লগ'ল, কিন্তু ৰহিম গ'ল। (যদি/আৰু/কিন্তু)
(গ) আমি ফল-মূল কিনি খাম নাইবা ৰেষ্টুৰাঁত বহি চাহ, মিঠাই খাম। (কিন্তু/নাইবা/যদি)
১২। তলত দিয়া শব্দবোৰ পঢ়া আৰু তাৰ পৰা শব্দ আনি তলৰ বাক্য়বোৰ সম্পূৰ্ণ কৰা।
যদি, তেহে, কাৰণে, কিন্তু, অথচ, নাইবা, বাবে, কিয়নো, দেখি, অথবা, সৈতে, আৰু
উত্তৰঃ
(ক) শ্ৰীৰামৰ সৈতে সীতাও বনলৈ গৈছিল।
(খ) মাকে জীয়েকৰ কাৰণে কিতাপ কিনিছে।
(গ) তুমি যদি সময়মতে আহা তেহে মই যাম।
(ঘ) মোৰ বাবে তুমি চিন্তা নকৰিবা।
(ঙ) প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈছে।
(চ) তেওঁ আৰু তুমি গুৱাহাটীলৈ যাবা।
(ছ) তোমাক কিন্তু সিহঁতে বৰ ভাল পালে।
১৩। বাক্য় ৰচনা কৰা।
উত্তৰঃ
ভিৰাইঃ চোৰটোৱে পুলিচ অহা দেখি ভিৰাই লৰ মাৰিলে।
জেঙাঃ ৰমেনৰ পাচলিৰ বাৰীৰ পৰা অমিতা চোৰ কৰি ধিৰাজে জেঙা লগালে।
সুৰুঙাঃ পানী ক্ষুদ্ৰ সুৰুঙাৰ মাজেদিও সৰকি যায়।
বহুমুখীঃ বহুমুখী প্ৰতিভাৰ অধিকাৰী হৈয়ো ৰাকেশে চাকৰিৰ অভাৱত হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে।
দয়াপৰৱশঃ খোজনিয়াৰজন ভোকত থকা দেখি মানুহজনে দয়াপৰৱশ হৈ বিস্কুত আনি খাবলৈ দিলে।
Answered by Hiru Moni Bora
Last Update by Dipawali Bora (05.05.2022)
Check By Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP001059