পাঠ -১৩  
 প্ৰাকৃতিক দুৰ্যোগ 



১। উত্তৰ দিয়া ।

ক)  অসমত প্রলয়ংকৰী ভূমিকম্প হােৱা চন দুটা কি কি ? 

উত্তৰঃ ১৮৯৭ আৰু ১৯৫০ চনত অসমত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল  ।

খ ) ১৮৯৭ চনত অসমত হােৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল ?

উত্তৰঃ ১৮৯৭ চনত  অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল হ'ল - খাছীয়া জয়ন্তীয়া পাহাৰ  । 
গ ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?

উত্তৰঃ ২০০১ চনৰ ২৬ জানুৱাৰীত  ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিল ।

ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ?

উত্তৰঃ ১৯৫০ চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল  ।

২। তলৰ প্ৰশ্নকেইটা আলােচনা কৰি উত্তৰ লিখা ।
 
( ক ) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল ?

উত্তৰঃ   ১৮৯৭ চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ'ল  ।

( খ ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত  অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পতেই  গছ- গছনিৰে ভৰ পূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল  ।

( গ ) ছুনামি ’ কি ? 

উত্তৰঃ সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীত ওপৰত সৃষ্টি হোৱা প্ৰৱল ঢৌক ছুনামি বুলি কোৱা হয় ।  

( ঘ ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাৱ পেলাইছিল ?

উত্তৰঃ ভাৰতবৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামিৰ  সৃষ্টি কৰিছিল।



 খ -ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ ) 



৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা

 পাহাৰ      বনভােজ       চানডুবি  বিল        আতংক       ভূমিকম্প


উত্তৰঃ 
পাহাৰ  =  পাহাৰ  এখনে ঠাই এখনৰ সৌন্দৰ্য বঢ়ায়।
       
বনভোজ =  কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব ।    

চানডুবি বিল = চানডুবি বিল এসময়ত পাহাৰ আছিল ।

আনন্দ   = ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে ।

আতংক = ক'ৰণা মহামাৰীৰ  ফলত গোটেই বিশ্ৱত আতংকৰ সৃষ্টি হৈছে  ।

ভূমিকম্প = ভূমিকম্পই মানুহৰ অতি ক্ষতি-সাধন কৰে।

৪) উদাহৰণৰ দৰে শব্দগঠন কৰা আৰু অৰ্থ যানি লোৱা ।

ক) সাৱধান - সাৱধানতা ।
     
      বিচ্ছন্ন  - বিচ্ছিন্নতা।
 
      বিভিন্ন - বিভিন্নতা ।

      বিশাল - বিশালতা ।

      প্ৰসাৰ - প্ৰসাৰতা ।

৫৷ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবােৰ বিচাৰি উলিয়াই লিখা ।

ফৰিদা - হেৰা মনু , তুমি কেনেকৈ যাবা  ।

মনু - বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ।

ফৰিদা- পিছে মই এতিয়া নাযাওঁ দিয়া  ।

মনু - বাৰু  হ'ব দিয়া  ।

ফৰিদা - উঃ , আজি যে কি গৰম ! মনু , মােক ঠাণ্ডা পানী এগিলাচ দিবা নে ?

মনু - হয়, দিছোঁ ৰ’বা । 

ফৰিদা -   তুমি কাৰ লগত বজাৰলৈ যাবা ?

মনু -  মই আৰু শেৱালি একেলগে যাম । 



Spelling Check By- Rajashri Bora 

Post Id: DABP001012



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------