পাঠ - ১৪
গছে যদি খোজ কাঢ়ে
👉Text Book PDF
👉YouTube Video (New)
👉MCQ Online Exam (New)
👉MCQs Answer
(১) পদ্যটোত আমাৰ দৰে গছেও কি কি কৰাৰ কথা কল্পনা কৰা হৈছে?
উত্তৰঃ পদ্যটোত আমাৰ দৰে গছেও কথা কোৱা, ফল আনি ঘৰে ঘৰে দিয়া, আমাৰ লগত যোৱাৰ কথা কল্পনা কৰা হৈছে।
২) গছে যদি খােজ কাঢ়ে তােমাৰ কেনে লাগিব?
উত্তৰঃ গছে যদি খােজ কাঢ়ে মোৰ ভাল লাগিব।
৩ ) আমাৰ মৰম - চেনেহবােৰ গছে কিহত বান্ধি নিব?
উত্তৰঃ পাতত বান্ধি নিব।
৪) হাবি এৰি গছ কাৰ লগত যাব বুলি ভবা হৈছে?
উত্তৰঃ আমাৰ লগত যাব বুলি কৈছে।
৫) আমাৰ লগৰীয়া কোন হ’ব বুলি কোৱা হৈছে?
উত্তৰঃ গছ ।
(খ)
(১) সৰু-ডাঙৰ গছবােৰ শাৰী পাতি গলে কি হ’ব?
উত্তৰঃ দুয়ো কাষে লৰা - বুঢ়াই ৰ লাগি চাব।
(২) হাবি এৰি গছ গুচি গ'লে কাৰ কি অসুবিধা হ’ব?
উত্তৰঃ হাবি এৰি গছ গুচি গ'লে সকলোৰে অসুবিধা হ'ব। হাবিত থকা বন্য় প্ৰাণী বোৰ থাকিবলৈ ঠাই নোহোৱা হ'ব।
(৩) গছ তােমাৰ ঘৰলৈ আহিলে তুমি কি কৰিবা?
উত্তৰঃ গছ আমাৰ ঘৰলৈ আহিলে গছৰ লগত বন্ধু পাতি লম।
শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰঃ
শব্দ - অৰ্থ
মজা - ভাল
বিলাই - আলৈ - আথনি
ৰ লাগি - ৰৈ ৰৈ চোৱা
লগৰীয়া - লগৰ বোৰ
তলৰ খালী ঠাইবোৰ পূৰ কৰা।
ক) গছে যদি আমাৰ দৰে
পাৰে কথা কব,
গছে যদি খোজ কাঢ়ে
কেনে মজা হ'ব।
খ) সৰু - ডাঙৰ গছে মিলি
শাৰী পাতি যাব
দুয়ো কাষে ল' ৰা বুঢ়াই
ৰ লাগি চাব।
গ) কেনে মজা হ'ব যে ভাই
গছবোৰো আমাৰ দেখোন
লগৰীয়া হ'ব।
যুক্তাক্ষৰ গঠন কৰা।
ষ + ট + ৰ - ষ্ট্ৰ
ন + ত + ৰ - ন্ত্ৰ
ন + ত + উ - ন্তু
স + ত + ৰ - স্ত্ৰ
বাক্য ৰচনা কৰা।
উত্তৰঃ মজা - আম খায় মজা লাগে।
মৰম - চেনেহ - ডাঙৰে সদায় সৰুক মৰম - চেনেহ কৰিব লাগে।
বিলাই - বানপানীয়ে গোটেই অঞ্চলটোৰ খেতি মাৰি মানুহবোৰৰ বিলাই নাইকিয়া কৰিলে ।
লগৰীয়া - সদায় ভাল সঙ্গৰ লগৰীয়া হ'ব লাগে ।
দলত আলোচনা কৰি লিখা।
ক) গছে আমাক কি কি দিয়ে?
উত্তৰঃ গছে আমাক নানান ফল - মূল দিয়ে।
খ) গছৰ পৰা আমি কি কি কৰিব পাৰো।
উত্তৰঃ গছৰ পৰা আমি নানান বস্তু তৈয়াৰ কৰিব পাৰো, গছৰ দ্বাৰা গৰু গাড়ী তৈয়াৰ কৰিব পাৰো।
গ) গছ নাথাকিলে আমাৰ কি হব।
উত্তৰঃ গছ না থাকিলে আমাৰ নানান অপকাৰ হ'ব। উশাহ-নিশাহ লোৱাত কষ্ট হ'ব।
ঘ) গছ নাথাকিলে পশু -পক্ষীৰ কি হব?
উত্তৰঃ পশু-পক্ষীবোৰে মানুহৰ ঘৰত থকা নানান বস্তু বোৰ খাব। অৱশেষত শস্যবোৰ নাইকিয়া হ'ব।
Last Update By Dipawali Bora (06.05.2022)
Post Id: DABP001143