পাঠ - ১৩
 জন্ম- দিনৰ আয়োজন 


তলৰ প্রশ্নবােৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল?
উত্তৰঃ পাচলি কাটি আছিল।

(খ) সীমান্তৰ জন্ম-দিনটো কি বাৰত হ'ব? 
উত্তৰঃ সোমবাৰে হ'ব।

(গ) মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে?
উত্তৰঃ নামঘৰত শৰাই এখন দিব বুলি ভাবিছিল।

(ঘ) সীমান্তই জন্মদিনত কাক কাক নিমন্ত্রণ কৰিম বুলি ভাবিছে?
উত্তৰঃ ৰুনজুন, মিতা, ভুলী, চিৰঞ্জীৱ, মকবুল হতক মাতিম বুলি ভাবিছিল।

(ঙ) স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে ?
উত্তৰঃ গছ পুলি ৰুবলৈ কৈছিল।


তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুলিংগ বুজোৱা শব্দৰ কাষত লিখা।
উত্তৰঃ    
উদাহৰণ -  মামা - মামী 

                   দেউতা - মা 
      
                   বন্ধু - বান্ধৱী 

                   শিক্ষক - শিক্ষয়িত্ৰী 

                   ভাইটি - ভন্টি  

                    ভিনিহি - বাই  



বাক্য ৰচনা কৰা।

জন্ম - দিনঃ সোমবাৰে ৰহিমৰ জন্ম - দিন খাবলৈ তাৰ বন্ধু সকল গৈছিল।

উপহাৰঃ  ৰামৰ জন্ম - দিন খাবলৈ ৰাণীয়ে তাৰ বাবে এটা উপহাৰ কিনিছে।

নামঘৰঃ সন্ধিয়া নামঘৰত দবা কোবোৱা হয়।

জলপানঃ চাউলৰ পৰা জলপান বনোৱা হয়।

পৰিপাটিঃ  সদায় নিজৰ পঢ়া টেবুলখন পৰিপাটি কৰি ৰাখিব লাগে।


এটা শব্দত প্ৰকাশ কৰা।

জন্ম হোৱা দিনটো - জন্মবাৰ  

বন্ধু - বান্ধবৰ সৈতে - সবান্ধৱ 

নাম গোৱা ঘৰ - নামঘৰ 

(ক) ইংৰাজী শব্দ                    অসমীয়া শব্দ

        টেবুল                    -                    মেজ

        স্কুল                      -                    বিদ্য়লয়

        ৰুম                    -                    কোঠা


অসমীয়া আৰু ইংৰাজী শব্দ মিলাই লিখা।

জপনা    -    গে'ট
অট্টালিকা    -    বিল্ডিং
পিয়লা    -    কাপ
চিৰিয়াখানা    -    জু
কৰমৰ্দন    -    হেণ্ডচেক
দুৰদৰ্শন    -    টি.ভি
বোলছবি    -    চিনেমা
কাৰ্যবাহী অভিযন্তা    -    একজিকিউটিভ ইঞ্জিনিয়াৰ
উপপ্ৰতি সমাহৰ্তা    -    এছ ডি চি
পৰিকলন যন্ত্ৰ    -    কম্পিউটাৰ


'ক' অংশৰ সামগ্ৰীসমূহ 'খ'অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখাঃ

মূঢ়া    -    বহাৰ বাবে

চালনী    -    চালিবৰ বাবে

খালৈ    -    মাছ ভৰাবলৈ

ডুলি    -     ধান, মাহ আদি থোৱাৰ বাবে

চেপা    -    মাছ ধৰিবলৈ

খৰাহি    -    পাচলি আদি থোৱাৰ বাবে




Last Update by Dipawali Bora (06.05.2022)


Post Id: DABP001150