Kokrajar কোকৰাঝাৰ 

Join Our Facebook Group

Join Our Telegram Group


কোকৰাঝাৰ জিলাঃ কোকৰাঝাৰ জিলা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰৱেশদ্বাৰ স্বৰূপ। কোকৰাঝাৰ জিলাত ২০০৩ চনত গঠিত হোৱা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ মূল কাৰ্য্যালয় অন্তৰ্গত।


কোকৰাঝাৰল জিলাৰ নামৰ উৎপত্তিঃ খুংখ্ৰা নামৰ উদ্ভিদ এবিধ ইয়াত অধিকক প্ৰজনন হৈছিল কাৰণে অঞ্চলটোৰ নাম খুংখ্ৰাঝাৰ বাব কোকৰাঝাৰ হোৱা বুলি কিছু লোকে কয়। কিছুমানে আকৌ ইয়াত খাংখ্ৰাই অৰ্থাৎ কেঁকোৰা অধিক পোৱা গৈছিল বাবে খাংখ্ৰাইৰ পৰা কোকৰা আকৌ কোকৰাৰ পৰা কোকৰাঝাৰ নামৰ উৎপত্তি হোৱা বুলি কয়।


কোকৰাঝাৰ জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰে ভূটান ৰাষ্ট্ৰ, পূবে বঙাইগাওঁ আৰু চিৰাং জিলা, দক্ষিণে ধুবুৰী জিলা আৰু পশ্চিমে ধুবুৰী জিলা আৰু পশ্চিমবংগ ৰাজ্য অন্তৰ্গত।


কোকৰাঝাৰ জিলাৰ সদৰ ঠাইঃ কোকৰাঝাৰ জিলাৰ সদৰ ঠাই হৈছে কোকৰাঝাৰ।



কোকৰাঝাৰ জিলাৰ মহকুমা ঃ কোকৰাঝাৰ , গোসাইগাঁও আৰু পৰ্বতঝৰা ।


কোকৰাঝাৰ জিলাৰ মাটিকালিঃ কোকৰাঝাৰ জিলাৰ মাটিকালি হৈছে ৩, ১২৯ বৰ্গ কিল'মিটাৰ।


কোকৰাঝাৰ জিলাৰ জনসংখ্যাঃ  ৮,৮৬,৯৯৯ জন।


কোকৰাঝাৰ জিলাৰ প্ৰধান উপনৈঃ গৌৰাং, চম্পাৱতী, সৰলভাঙা, গদাধৰ, সোণকোষ আদি।


কোকৰাঝাৰ জিলাৰ পাহাৰঃ ভুমেশ্বৰ, চোলপাৰা পাহাৰ।


কোকৰাধাৰ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰেল'পথ আৰু স্থলপথৰ ব্য়ৱস্থা আছে।


কোকৰাঝাৰ জিলাৰ ৰাষ্ট্ৰীয় পথঃ এই জিলাৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই পথে চালাকাটি, ছিদালি, গৰুভাসা, ছেৰফাংগুৰি, কচুগাওঁ, শ্ৰীৰামপুৰ আদি বিভিন্ন ঠাইত সংযোগ কৰিছে।


কোকৰাঝাৰ জিলাৰ ৰে'ল ষ্টেছনঃ  কোকৰাঝাৰ জিলাৰ ৰে'ল ষ্টেছনসমূহ হৈছে- কোকৰাঝাৰ, চৌতাৰা, শ্ৰীৰামপুৰ, বাসুগাওঁ ফকিৰাগ্ৰাম।


কোকৰাঝাৰ জিলাৰ প্ৰধান ঠাইসমূহৰ বিৱৰণঃ (ক) কোকৰঝাৰঃ এই জিলাৰ সদৰ ঠাই। ইয়াৰ পৰা কাঠ ৰপ্তা কৰি পঠিওৱা হয়। জিলাখনৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়, দুখন অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি অন্যান্য উচ্চ শিক্ষাৰ অনুষ্ঠান এই জিলাত অন্তৰ্গত। বড়োলেণ্ড স্বায়ত্ত জিলা পৰিষদৰ সচিবালয় এই জিলাতেই অৱস্থিত।

(খ) চালাকাটিঃ এই ঠাইতে তাপ বিদ্যুৎ উৎপাদন কেন্দ্ৰ অন্তৰ্গত। ৰে'ল ষ্টেছনো এই ঠাইতে অৱস্থিত।

(গ) শ্ৰীৰামপুৰঃ এই ঠাই হৈছে অসম-পশ্চিমবংগৰ সীমাত থকা অ়্ঞ্চল। পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ পথত থকা প্ৰথম তলাচী চকীটো ইয়াতে আছে। এইকাৰণে এই অঞ্চল বিখ্যাত।

(ঘ) গোসাঁইগাওঁঃ মহকুৰা সদৰ ঠাই। ইয়াৰ পৰাই কাঠ ৰপ্তানি কৰি পঠিওৱা হয়।


কোকৰাঝাৰ জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ 


১) বগৰীবাৰী

২) ভৌৰাগুৰি 

৩) বিলাসীপাৰা 

৪) চাপাৰ 

৫) ধুবুৰী 

৬) ডোটোমা 

৭) গোলোকগঞ্জ 

৮) গোসাঁইগাওঁ 

৯) কোকৰাঝাৰ