Lesson 3
- কালিৰাম মেধি
অতি চমু প্ৰশ্ন (মূল্যাংক -১)
১ । কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব' ।
২। 'ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ 'ডিভাইন কমেডি’ ডাণ্টেৰ ৰচনা ৷
৩ । নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ বীৰ আছিল।
৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ 'টনাটনি’ কৰে ?
উত্তৰঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ 'টনাটনি’ কৰে ৷
৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে৷
চমু প্ৰশ্ন (মূল্যাংক -২/৩)
১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?
উত্তৰঃ সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷
২ । ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷
উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী নহয়৷কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে ৷
৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে ৷
৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ শুদ্ধোধন বুদ্ধৰ বাপেক হোৱা বাবে মানুহে জানে ৷
৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। "ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল" -কথাষাৰ বুজাই লিখা৷
উত্তৰঃ ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে ৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা ৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত৷ধন থাকিলে বন্ধু লগত থাকে,সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক ৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে ৷ সেয়েহে কোৱা হৈছে,"ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল"৷
২। 'গৌৰৱ' প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ৷ এই গুণবিলাকে মানুহক অমৰ কৰে৷ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয় ৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে ৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী ৷
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- "বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷
বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে ৷ উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে ৷
বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ৷বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে ৷বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়,ভক্তি আকৰ্ষণ কৰিব পাৰে ৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয় ৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয় ৷ আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল৷নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে ৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই৷আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল কিন্তু গৌতম বুদ্ধৰ হোৱা নাই ৷ সেয়েহে কোৱা হৈছে, "বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷
৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে?বুজাই লিখা৷
উত্তৰঃ জন্ম,ধন আৰু মান সৌভাগ্যৰপৰা আহে৷জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয় ৷ ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে তেন্তে সেই ধন কি কামৰ ? টকা থাকে মানে বাহিৰৰ পৰা মান-সভ্ৰম নিজেই আহি লগ ধৰে ৷ সংসাৰত আহি যদি সৎ কৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয় এই কু-সংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে ৷
৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা৷-
"ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷"
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷
ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷
শৰীৰৰ এটা প্ৰধান অংশ হ’ল ৰূপ ৷ ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে ৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল ৷ ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য ৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ডাণ্টেৰ 'ডিভাইন কমেডি' ৰূপৰ পৰাই ওলাইছে ৷ হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল ৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়,মানুহো তেনেকৈ ৰূপত মুগ্ধ হয় ৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় ৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল ৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে ৷
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ ঃ
১। কালিৰাম মেধি কিমান চনত জন্ম হয়?
উত্তৰঃ কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয় ৷
২। 'মহাপুৰুষ শংকৰদেৱৰ বাণী' কাৰ ৰচনা?
উত্তৰঃ 'মহাপুৰুষ শংকৰদেৱৰ বাণী' কালিৰাম মেধিৰ ৰচনা ৷
৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল ৷
৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা৷
উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম- 'অংকাৱলী’, 'প্ৰহ্লাদ চৰিত’, 'মহাপুৰুষ শংকৰদেৱৰ বাণী’ ৷
৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল?
উত্তৰঃ কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ হৈছিল ৷
৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা৷
উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম- 'ইলিয়াড' আৰু 'ওডিছি' ।
Answer by: Sangeeta Das (MA in Assamese)
Colours by: Jyotish Kakati (11-05-2022)
Check by : Mukesh Borah (4 june 2024)