Lesson 4 

কিতাপৰ কথা- প্ৰফুল্ল দত্ত গোস্বামী


 অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১) 

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?

উত্তৰ: ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ ৷


২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?

উত্তৰ: গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে ৷


৩। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল ?

উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে," কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব ৷ "


৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে ৷


৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে ?

উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে  চীনদেশত  প্ৰচলিত যোজনা -

কিতাপ মেলা মানেই লাভ ৷

বিদ্বান লোকে চোৰাং কাম নকৰে ৷

আলবানিয়াত প্ৰচলিত যোজনা- 

যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা ৷


(খ) চমু প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩ )

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?

উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল৷


২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা ৷

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক মন্তব্য কৰিছিল, হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়৷ সভ্য আৰু সুখী হ’ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে৷ অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈও চেষ্টা নকৰা৷ বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল৷


৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷

উত্তৰঃ গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ৷ একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে৷ সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে৷ভীৰুতা আৰু কু-সংস্কাৰ আঁতৰ কৰে৷ এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে৷


৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা ৷

উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল৷


৫। ''... কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে । ''- কথাষাৰ ব্যাখ্যা কৰা । 

উত্তৰ ঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই৷সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, "কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে৷"


 দীঘল প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫) 

১। "অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায় ৷" পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ সাধাৰণতে চহা লোকসকলৰ বুজ-বিবেচনা অলপ কম৷ কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্ৰহী৷ তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰপৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্ৰয়োগ কৰে৷ জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন, সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে; তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে৷ সেয়েহে অনাখৰী চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায়৷


২। “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

উত্তৰঃ আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে৷ বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায়৷ পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায়৷সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাচে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে৷ ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়,পঢ়িবৰ দৰকাৰো নহয়৷ এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে এইদৰে দিহা  দিছিল, “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷”


৩। "হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই;" - কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা৷

উত্তৰঃ পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল৷ সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল৷ বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল৷ দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল - "হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা৷ তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা৷..."


৪। "কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় ৷" পাঠটোৰ সহায়ত বুজাই লিখা ৷

উত্তৰঃ যিমানেই বিদ্যাৰ অনুশীলন হয়,সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে৷ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে৷ স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে; ইউৰোপত ৰুছো৷মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে৷ একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে৷সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয়৷


৫। "আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷ এতিয়া কিতাপেই গুৰু ৷" কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল৷ সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ বৰ্তমান জগত ছপাখানা, কিতাপ-আলোচনীৰ জগত৷কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ৷ কিতাপ লাজে জ্ঞানৰ কাৰণে৷ জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিৱদ্ধ কৰি থৈ গৈছে৷ কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি৷ যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে৷ ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে৷ বৰ্তমান সময়ত কিতাপেই গুৰু৷ সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে৷


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰত ঃ 

১। প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম ১৯১৪ চনত হৈছিল৷


২। 'কেঁচা পাতৰ কঁপনি' কাৰ উপন্যাস?

উত্তৰঃ 'কেঁচা পাতৰ কঁপনি' প্ৰফুল্ল দত্ত গোস্বামীৰ উপন্যাস৷


৩। প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- 'এই যুগৰ সাহিত্য', 'সাহিত্য আৰু জীৱন', 'অসমীয়া জন সাহিত্য', 'ইউৰোপৰ মনীষা', 'মোৰ ৰাচিয়া ভ্ৰমণ', 'মাণিক চন্দ্ৰ বৰুৱা', 'নিতে নৱৰূপ তাৰ', 'বুৰঞ্জী আৰু সংস্কৃতি'৷


৪। প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম - 'শেষ ক’ত, 'কেঁচা পাতৰ কঁপনি'৷ 


৫। প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম 'মনৰ পক্ষী উভতি উৰে',৷


৬। প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু ১৯৯৪ চনত হৈছিল৷


৭। ".....কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে৷" - কথাষাৰ ব্যাখ্যা কৰা৷

উত্তৰঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই ৷ সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, "কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে ৷"


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




'



Answer by: Sangeeta Das (MA in Assamese)

Colors by: Jyotish Kakati (11-05-2022)


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------