Chapter:2  


 NEW UPDATE-2022 


দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি  


Edit This Post


প্ৰশ্নাৱলীঃ-

১। ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰকৃতি নিৰ্ণয় কৰা। তলত দিয়া কোনবোৰ বাক্য অশুদ্ধঃ

(ক) সমাজবাদ হ'ল প্ৰধান আদৰ্শ।

(খ) উৎপাদনৰ ওপৰত ৰাষ্ট্ৰীয়কৰণ/ নিয়ন্ত্ৰণ ।

(গ) জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰিছিল।

(ঘ) ৰাষ্ট্ৰই সকলো ধৰণৰ অৰ্থনীতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ  কৰিছিল।

উত্তৰ:- (গ) জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰিছিল ।


২। সময়ানুক্ৰমিকভাৱে সজোৱাঃ

(ক) ৰাছিয়াৰ আফগানিস্তান আক্ৰমণ  (খ) বাৰ্লিন ওৱালৰ পতন  (গ) ছোভিয়েট ইউনিয়নৰ ভাঙোন  (ঘ) ৰাছিয়াৰ প্ৰস্তাৱ।

উত্তৰ:-   (ঘ)  ৰাছিয়াৰ প্ৰস্তাৱ  (১৯১৭) , (ক) ৰাছিয়াৰ আফগানিস্তান আক্ৰমণ(১৯৭৯) , (খ) বাৰ্লিন ওৱালৰ পতন(১৯৮৯),  (গ) ছোভিয়েট ইউনিয়নৰ ভাঙোন (১৯৯১)


৩।  তলত দিয়াবোৰৰ  কোনটো ছোভিয়েট ৰাছিয়াৰ ভাঙোন ফল নহয়ঃ

(ক) আমেৰিকা আৰু ৰাছিয়াৰ  মাজত আদৰ্শৰ যুদ্ধৰ সমাপ্তি।

(খ) CIS (চি. আই.এচ) ৰ জন্ম।

(গ) বিশ্বত ক্ষমতাৰ ভাৰসাম্যৰ পৰিৱৰ্তন ।

(ঘ) মধ্য- পূৱত সংকট।

উত্তৰ:- (ঘ) মধ্য-পূৱত সংকট ।


৪। তলত দিয়াবোৰ মিলোৱাঃ

(ক) মিখাইল গৰ্বাচেভ                   (১) ছোভিয়েট ৰাছিয়াৰ কৃতকাৰ্যতা

(খ) শ্বক্ থেৰাপি                             (২)সামৰিক চুক্তি

(গ) ৰাছিয়া                                      (৩) সংস্কাৰ সাধন

(ঘ) বৰিচ য়েল্টচিন                        (৪) অৰ্থনৈতিক নমুনা (মডেল)

(ঙ) ৱাৰ্শ্ব'                                          (৫) ৰাছিয়াৰ ৰাষ্ট্ৰপতি  

উত্তৰ:-     (ক) মিখাইল গৰ্বাচেভ = (৩) সংস্কাৰ সাধন

                   (খ) শ্বক্ থেৰাপি= (৪) অৰ্থনৈতিক নমুনা(মডেল)

                   (গ) ৰাছিয়া= (১) ছোভিয়েট ৰাছিয়াৰ কৃতকাৰ্যতা

                   (ঘ) বৰিচ য়েল্টচিন= (৫) ৰাছিয়াৰ ৰাষ্ট্ৰপতি

                   (ঙ) ৱাৰ্শ্ব'= (২) সামৰিক চুক্তি


৫। খালী ঠাই পূৰ কৰাঃ

(ক) বাৰ্লিন দেৱাল-----------চনত ভংগ হৈছিল ।

(খ) ছোভিয়েট ৰাছিয়াৰ দ্বাৰা ---------- সামৰিক মৈত্ৰীবন্ধন আৰম্ভ কৰা হৈছিল ।

(গ) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্য়বস্থাত---------- দলে অধিপত্য় বিস্তাৰ কৰিছিল ।

(ঘ) ১৯৮৫ চনৰ --------- ছভিয়েট ৰাছিয়াত সংস্কাৰৰ সূচনা কৰিছিল ।

(ঙ) ----------- পতনে শীতল যুদ্ধৰ অৱসানৰ ইংগিত দিয়ে ।

(চ) ছোভিয়েটৰ ৰাজনৈতিক ব্য়ৱস্থা --------- আৰ্দশৰ ওপৰত প্ৰতিষ্ঠিত ।

(ছ) ছোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা  সমাজবাদী   আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ।

(জ)  ছোভিয়েট ৰাছিয়াৰ দ্বাৰা  ৱাৰ্শ্ব' সামৰিক মৈত্ৰীবন্ধন আৰম্ভ কৰা হৈছিল। 

(ঝ) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্হাত কমিউনিষ্ট বা সাম্যবাদী দলে আধিপত্য বিস্তাৰ কৰিছিল ।

(ঞ) ১৯৮৫ চনৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত সংস্কাৰৰ সূচনা কৰিছিল ।

(ট) ছোভিয়েট সংঘৰ পতনে শীতল যুদ্ধৰ অৱসানৰ ইংগিত দিয়ে।


৬।  তিনিটা বৈশিষ্ট্য উল্লেখ কৰা যি ছোভিয়েট অৰ্থনীতি আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰে।

উত্তৰ:-  ছোভিয়েট অৰ্থনীতি আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰা তিনিটা বৈশিষ্ট্য হ'ল-

(ক) ছোভিয়েট অৰ্থনীতি সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত;

(খ) সমাজবাদী ছোভিয়েট অৰ্থনীতি ব্যৱস্থাৰ মূল লক্ষ্য হ'ল আৰ্থ-সমাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা;

(গ) সমাজবাদী ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন

আৰু এই ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰে আৰু অৱসান ঘটাই।

     উক্ত বৈশিষ্ট্যসমূহে ছোভিয়েট অৰ্থনীতিক পুঁজিবাদী আমেৰিকাৰ পৰা পৃথক কৰে।


৭। কোনবিলাক কাৰণে গৰ্বাচেভক ছোভিয়েট ৰাছিয়াত সংস্কাৰ কৰিবলৈ বাধ্য কৰাইছিল?

উত্তৰ:- ১৯৮৫ চনত ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভে ছোভিয়েট সংঘৰ প্ৰতিষ্ঠিত ব্যৱস্থাই সৃষ্টি কৰা সমস্যাসমূহৰ সমাধানাৰ্থে এই ব্যৱস্হাৰ সংস্কাৰ সাধনৰ বাবে পদক্ষেপ হাতত লয়। তেওঁ ছোভিয়েট ৰাছিয়াত এই সংস্কাৰ কৰিবলৈ বাধ্য হোৱাৰ কাৰণসমূহ হ'ল-

(ক) কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লিউনিড ব্ৰেজনেভৰ শাসনকালত গঢ়ি উঠা স্হবিৰতাৰ ;

(খ) ছোভিয়েট কমিউনিষ্ট পাৰ্টিত সৃষ্টি হোৱা মতান্ধতা ;

(গ) এচাম নেতাৰ স্বৈৰতন্ত্ৰী কাৰ্য-কলাপ তথা ছোভিয়েট শাসনব্যৱস্হাত গঢ়ি উঠা দুৰ্নীতি তথা নিচাগ্ৰস্ততা ;

(ঘ) সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা আৰু দুৰ্বল উদ্যোগসমূহ আদি ।


৮।  ভাৰতৰ নিচিনা ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবোৰ কি?

উত্তৰ:-  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবোৰ হ'ল-

(ক) শীতল যুদ্ধৰ সংঘাতৰ অৱসান;

(খ) একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰ্বিভাৱ;

(গ) ছোভিয়েট সংঘ ভাঙোনৰ ফলশ্ৰুতিত বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ আৰ্বিভাৱ;

(ঘ) বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা।


৯।  Shock Therapy কি? সাম্যবাদৰ পৰা পুঁজিবাদলৈ ৰূপান্তৰ হোৱা ই আটাইতকৈ ভাল উপায় নেকি?

উত্তৰ:- পূব ইউৰোপ আৰু ছোভিয়েট সংঘত সাম্যবাদী/সমাজবাদী শাসনৰ পতনৰ পাছত এই দেশসমূহ ভীষণ কষ্ট আৰু দুৰ্দশাৰ মাজেৰে গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থাৰ দিশত ধাৱমান হয় । ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পুঁজিবাদৰ দিশত হোৱা এই পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পৰিৱৰ্তন বা উত্তৰণৰ এই আৰ্হিটোকে Shock Therapy বা আঘাত নিৰাময় নামেৰে জনা যায় । এই আৰ্হিৰ অধিনত সকলো দেশেই সমাজবাদী ৰাষ্ট্ৰব্যৱস্থা ত্যাগ কৰি পুঁজিবাদী অৰ্থব্যৱস্হাৰ দিশত গতি কৰিছিল । বিৱৰ্তন বা উত্তৰণৰ এই গোটেই প্ৰক্ৰিয়াটোক “আঘাত নিৰাময়” বুলি কোৱাৰ মূল কাৰণ এয়ে যে সমাজবাদী শিবিৰৰ পতন দীৰ্ঘকালীন পৰিকল্পনাৰ ফল নাছিল।ই অত্যন্ত তাৎক্ষণিক ধৰণৰ আছিল। ইমান দ্ৰুততাৰে আৰু কম সময়ৰ ভিতৰতে ছোভিয়েট সংঘ ব্যৱস্থা অথবা পূব ইউৰোপৰ সমাজবাদী ব্যৱস্থা ভাঙি পৰিল যে সেই দেশসমূহৰ জনসাধাৰণৰ বাবে বৃহৎ অনিশ্চিয়তা, সংকট আৰু নিৰাপত্তাহীন পৰিৱেশৰ উদ্ভৱ হয়। এনে এক ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিয়ে এই দেশসমূহৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সমাজবাদী অৰ্থনীতিৰ সংস্কাৰ সাধন কৰি পুঁজিবাদী অৰ্থব্যৱস্হা প্ৰৱৰ্তন কৰাৰ হকে পৰামৰ্শ আগবঢ়াইছিল আৰু তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকে সূচনা কৰা সংস্কাৰে এই দেশসমূহৰ জনসাধাৰণে সমুখীন হোৱা সংকট আৰু অনিশ্চিয়তাক দূৰ কৰিব পাৰিব আৰু আৰু সেয়েহে এই সংস্কাৰ কাৰ্যসূচীসমূহক “আঘাত নিৰাময়” ব্যৱস্থা নামেৰে নামাকৰণ কৰা হয় ।

       সাম্যবাদৰ পৰা পুঁজিবাদলৈ ৰূপান্তৰ হোৱা ই আটাইতকৈ ভাল উপায়। কাৰণ ইয়াৰ দ্বাৰা সমাজবাদী ব্যৱস্থা দ্ৰুতগতিত সম্পূৰ্ণৰূপে ভাঙি পৰিছিল আৰু সকলো দেশে একে লগে এই ব্যৱস্থা ত্যাগ কৰি পুঁজিবাদী ব্যৱস্থা গ্ৰহণ কৰিছিল । ফলত চলিত অনিশ্চিয়তা,সংকট আৰু নিৰাপত্তাহীনতাৰ পৰা মুক্ত হৈ পৰিছিল । এই পৰিৱৰ্তনে ৰাষ্ট্ৰ নিয়ন্ত্ৰিত অৰ্থনৈতিক কাঠামো ভাঙি পেলাই ৰাজহুৱা সম্পদৰ ব্যক্তিগতকৰণ কৰিছিল আৰু সম্পত্তিৰ ব্যক্তিগত মালিকানাস্বত্বক স্বীকৃতি দিছিল।


ৰচনাধৰ্মী প্ৰশ্নঃ 

১। ছোভিয়েট ব্যৱস্হাৰ চৰকাৰ আৰু অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ:- ছোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল-

(ক) ছোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতি সমাজবাদী আদৰ্শ বা ব্যৱস্হাৰ ওপৰত প্ৰতিষ্ঠিত। আৰু এই সমাজবাদী ব্যৱস্থাৰ মূল লক্ষ্য হ'ল আৰ্থ-সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰা;

(খ) ছোভিয়েট চৰকাৰ ব্যৱস্হাই আৰু অৰ্থনীতি ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰিছিল;

(গ) ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতি আৰু ভূমি তথা উৎপাদনশীল সকলো সম্পদৰ ওপৰত চৰকাৰ বা ৰাষ্ট্ৰৰ নিজৰ নিয়ন্ত্ৰণ আছিল। গোটেই অৰ্থনীতি ৰাষ্ট্ৰই পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰিছিল;

(ঘ) ছোভিয়েট ৰাছিয়াৰ চৰকাৰ বা ৰাষ্ট্ৰ ব্যৱস্হাত ৰাষ্ট্ৰ পৰিচালনাৰ বাবে এটাই মাত্ৰ ৰাজনৈতিক দল আছিল  আৰু সেয়া হ'ল কমিউনিষ্ট বা সাম্যবাদী দল। এই ব্যৱস্থাত কোনো বিৰোধী ৰাজনৈতিক দলৰ অস্তিত্ব নাছিল ।এই দলে সমগ্ৰ ৰাষ্ট্ৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিছিল;

(ঙ) ছোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতি ব্যৱস্থাই এক স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ লগতে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সম্পদ আৰু সেৱা নিজাকৈ প্ৰস্তত কৰাৰ ওপৰত গুৰুত্ব দিছিল।

        উক্ত ধৰণেৰে ছোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতিৰ বহুতো বৈশিষ্ট্য দেখা যায়।


২। ছোভিয়েট ইউনিয়নৰ ধ্বংসৰ পিছত নতুন বিশ্বৰ উদ্ভাৱন মূল্যায়ন কৰা।

উত্তৰ:- ১৯৯১ চনৰ সমাজবাদী ছোভিয়েট ইউনিয়ন আৰু পূব ইউৰোপৰ সমাজবাদী দেশসমূহৰ পতনে আন্তৰ্জাতিক ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাই আৰু সমগ্ৰ বিশ্বৰে দৃশ্যপট সলনি কৰি দিয়ে । আচলতে এই পতনে বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিৰ চৰিত্ৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিয়ে । ছোভিয়েট সংঘৰ ভাঙোন আৰু শীতল যুদ্ধৰ অৱসানে তৃতীয় বিশ্বই আন্তৰ্জাতিক ৰাজনীতিত পালন কৰি অহা ভূমিকা আৰু কৰি অহা দাবীসমূহৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। আচলতে ই আন্তৰ্জাতিক ৰাজনীতিত তৃতীয় বিশ্বৰ ভূমিকাক দুৰ্বল কৰি তোলে। ছোভিয়েট সংঘৰ ভাঙোনে দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থা আৰু দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ অৱসান ঘটায় আৰু ইয়াৰ অংশ ৱাৰ্শ্ব' চুক্তিও ১৯৯১ চনত ভংগ কৰা হয়। ফলত বিংশ শতিকাৰ সাতটা দশকৰো অধিককাল ধৰি চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ পৰা আন্তৰ্জাতিক ৰাজনীতি মুক্ত হয়। তদুপৰি ই আন্তৰ্জাতিক স্তৰত চলা অস্ত্ৰীকৰণৰ প্ৰতিযোগিতাৰো অৱসান ঘটায় । ছোভিয়েট সংঘৰ ভাঙোনে আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষমতাৰ সমীকৰণো বদলাই দিয়ে । ছোভিয়েট সংঘৰ পতনৰ পাছত আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষমতাৰ সমীকৰণে দুটা ভিন্ন ৰূপ গ্ৰহণ কৰাৰ সম্ভাৱনাই দেখা দিছিল । তাৰে প্ৰথমটো হ'ল ছোভিয়েট সংঘৰ ভাঙোনৰ পাছত একক মহাশক্তি হিচাপে ৰৈ যোৱা মাৰ্কিন যুক্তৰাষ্ট্ৰই গোটেই বিশ্বত নিজা আধিপত্য প্ৰতিষ্ঠা কৰা আৰু আনটো হ'ল বিভিন্ন দেশে বিভিন্ন অঞ্চলত নিজা নিজা শিবিৰ নিৰ্মাণ কৰি আন্তৰ্জাতিক ৰাজনীতি বহুমেৰুসম্পন্ন কৰি তোলা। বাস্তৱ ক্ষেত্ৰত অৱশ্যে আমি বহু মেৰুত বিভক্ত এখন পৃথিৱীৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰই এককভাৱে সমগ্ৰ বিশ্বতে এক ধৰণৰ আধিপত্য চলোৱাহে পৰিলক্ষিত হয়। নিজৰ সামৰিক আৰু আৰ্থিক সাহায্যৰ ভিত্তিত ই পুঁজিবাদ আৰু বজাৰ অৰ্থনীতিক পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।অৰ্থনৈতিক ক্ষেত্ৰত বিশ্ববেংক অথবা আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰে প্ৰতিষ্ঠানে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰসমূহৰ উদ্যোগত বিশ্বজুৰি অৰ্থনীতিৰ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ নীতি বলৱৎ কৰিছে । ইয়াৰ উদ্যোগতে “বজাৰ অৰ্থনীতিৰ কোনো বিকল্প নাই” বা “উদাৰ গণতন্ত্ৰই” সাৰ্বজনীন ৰাজনৈতিক মতাদৰ্শ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ।

      ছোভিয়েট সংঘৰ পতনৰ লগে লগে পৃথিৱীত বহুকেইখন স্বাধীন ৰাষ্ট্ৰয়ো জন্ম লাভ কৰে। ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত হৈ থাকোতেই বহুবোৰ গণৰাজ্যত জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ দাবীৰ আৰ্বিভাৱ ঘটে । ছোভিয়েট সংঘৰ সংকট ঘনীভূত হোৱাৰ লগে লগে এনে দাবী আৰু অধিক তীব্ৰ হৈ উঠিল আৰু অৱশেষত ছোভিয়েট সংঘ ১৫ খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈ পৰিল। তাৰে কিছুমানে ইউৰোপীয় সংঘ ব্যৱস্থা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সামৰিক শিবিৰ উত্তৰ আটলান্টিক চুক্তি সংগঠন (NATO)ত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় এছীয় দেশসমূহে ইউৰোপ, মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা চীনৰ সৈতে সম্পৰ্ক স্হাপনৰ পোষকতা কৰিলে। অৰ্থাৎ ছোভিয়েট সংঘৰ ভাঙোনে আন্তৰ্জাতিক ৰাজনীতিত নতুন নতুন শক্তি আৰু ক্ষমতাৰ সমীকৰণ গঢ়ি তুলিলে। 

       কিন্ত ছোভিয়েট সংঘৰ পতন হৈ বিশ্ব ৰাজনীতিত ধনাত্মক পৰিৱৰ্তন আহিল যদিও ইয়াৰ কিছু ঋনাত্মক প্ৰভাৱো বিশ্ব ৰাজনীতিত পৰিল। দ্বিতীয় বিশ্বযুদ্ধৰ উত্তৰকালত ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হোৱা তৃতীয় বিশ্বৰ দেশসমূহৰ বাবে ছোভিয়েট সংঘৰ উপস্থিতিয়ে এক বিশেষ সুবিধা প্ৰদান কৰিছিল । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱা এক শক্তি ৰূপে ছোভিয়েট সংঘৰ উপস্থিতিৰ সুযোগ গ্ৰহণ কৰি তৃতীয় বিশ্বৰ দেশসমূহে গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তোলে আৰু তৃতীয় বিশ্বৰ দেশমূহৰ ওপৰত চলা ঐতিহাসিক শোষণকে ধৰি বহুবোৰ প্ৰশ্ন আন্তৰ্জাতিক ৰাজনীতিত সজোৰে দাঙি ধৰে। লগতে চলিত বৈষম্য যেনে বিশ্ব বাণিজ্য ব্যৱস্থাত চলিত বৈষম্য দূৰীকৰণৰ বাবে এক নৱ্য আন্তৰ্জাতিক অৰ্থব্যৱস্হা গঢ়ি তোলাৰ হকেও দাবী দাঙি ধৰে। ছোভিয়েট সংঘৰ পতনৰ পাছত ,বিশেষকৈ বিশ্বৰ একক মহাশক্তিৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰ্বিভাৱ হোৱাৰ পাছত নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হাৰ ধাৰণাটোৱেই অ-প্ৰাসংগিক হৈ পৰে আৰু তাৰ পৰিৱৰ্তে পশ্চিমীয়া নিয়ন্ত্ৰণত চলা বিশ্বায়ন প্ৰক্ৰিয়াইহে তৃতীয় বিশ্বৰ দেশসমূহক গ্ৰাস কৰি পেলাইছে। সেয়ে ছোভিয়েট সংঘৰ অৱস্তিতিয়ে বহু প্ৰকাৰেৰে আন্তৰ্জাতিক ৰাজনীতিত ৰাষ্ট্ৰসমূহক সহায়ো কৰিছিল।


৩। শীতল যুদ্ধৰ কালছোৱাত ভাৰত আৰু ৰাছিয়াই বিশেষ সম্পৰ্ক উপভোগ কৰিছিল আৰু ইয়াতে ভাৰতক ৰাছিয়া গোষ্ঠীৰ এটা অংশ বুলি সমালোচনা কৰা হৈছিল, তুমি একমত নে? দুটা যুক্তিৰে তোমাৰ সমৰ্থন প্ৰতিপন্ন কৰা।

উত্তৰ:- পূৰ্বৰ পৰাই ভাৰত আৰু ৰাছিয়াৰ মাজত এক বন্ধুত্বপূৰ্ণ আৰু মধুৰ সম্পৰ্ক বৰ্তি আহিছে। শীতল যুদ্ধৰ কালতো ছোভিয়েট সংঘৰ লগত ভাৰতৰ সম্পৰ্ক ঘনিষ্ঠ আৰু মধুৰ আছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দি কোনো পক্ষৰ লগতে চামিল নহৈ নিৰপেক্ষতা অৱলম্বন কৰাৰ পিছতো ভাৰতে ছোভিয়েট সংঘৰ লগত ১৯৭১ চনত মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল। দুই পক্ষৰ মধুৰ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰ আধাৰ হ'ল আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশে পোষণ কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভালাভ। অৰ্থাৎ দয়োখন দেশৰ মধুৰ সম্পৰ্কৰ মূল আধাৰ হ'ল পাৰস্পৰিক লাভালাভ।

        শীতল যুদ্ধৰ কালছোৱাত ভাৰত আৰু ৰাছিয়াই উপভোগ কৰা এনে বিশেষ সম্পৰ্কৰ বাবে কিছু সমালোচকে ভাৰতক ৰাছিয়া গোষ্ঠীৰ এটা অংশ বুলি সমালোচনা কৰিছিল। কিন্ত মই এই কথাত একমত প্ৰকাশ নকৰো।ইয়াৰ ভিত্ত আৰু সমৰ্থনত মই দুটা যুক্তি দাঙি ধৰিব খুজিছোঁ-

(ক) কোনো দেশৰ লগত আন এখন দেশৰ এটা ভাল সম্পৰ্ক থাকিলেই যে প্ৰথম দেশখন দ্বিতীয় খনৰ লগত চামিল হৈ যাব তেনে নহয়। ভাৰতৰো পূৰ্বৰ পৰাই আৰু শীতল যুদ্ধৰ সময়তো ৰাছিয়াৰ লগত এটা ভাল সম্পৰ্ক আছিল আৰু ইখন দেশে সিখনক পাৰস্পৰিক সহায় আৰু আদান-প্ৰদান কৰিছিল।কিন্ত ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনক নেতৃত্ব দি দুই শক্তিগোষ্ঠীৰে মিত্ৰজোঁটত চামিল হোৱা নাছিল আৰু দুই পক্ষৰ লগতে সমদূৰত্ব আৰু সমবন্ধুত্বপূৰ্ণ সম্পক বজাই ৰাখিছিল। ৰাছিয়াৰ লগত মধুৰ সম্পৰ্ক বুলি যে সেই পক্ষত চামিল হৈছিল এনে নহয়।

(খ) যদিও ছোভিয়েট ৰাছিয়াৰ লগত ভাৰতৰ এক মধুৰ সম্পৰ্ক আছিল তথাপি ছোভিয়েট ৰাছিয়াৰ সমাজবাদী আদৰ্শ আৰু ব্যৱস্থাক সমৰ্থন কৰা নাছিল য'ত ব্যক্তি স্বাধীনতাক দমন কৰা হৈছিল। ভাৰতে গণতান্ত্ৰিকতাত বিশ্বাস কৰে য'ত ব্যক্তি স্বাধীনতা সৰ্বোচ্চ। আৰু শীতল যুদ্ধৰ সময়ত ভাৰতে পুঁজিবাদী আৰু সমাজবাদী আদৰ্শক সমৰ্থন নকৰি গণতান্ত্ৰিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল।

     সেয়ে ভাৰত ৰাছিয়া গোষ্ঠীৰ কেতিয়াও অংশ নাছিল।কিন্ত ৰাছিয়াৰ লগত ভাৰতৰ পূৰ্বৰে পৰা এক বন্ধুত্বপূৰ্ণ আৰু মধুৰ সম্পৰ্ক আছিল আৰু এতিয়াও সেই সম্পৰ্ক বৰ্তি আছে।পৰস্পৰে পৰস্পৰক বিভিন্ন ধৰণেৰে সহায় সহযোগ কৰি আহিছে।


৪। শীতল যুদ্ধৰ সময়ত তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ লগত ভাৰতৰ সম্পৰ্ক পৰীক্ষা কৰা।

উত্তৰ:- শীতল যুদ্ধৰ সময়ত তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ লগত ভাৰতৰ সম্পৰ্ক অতি ঘনিষ্ঠ আৰু মধুৰ আছিল । ভাৰতে ছোভিয়েট সংঘৰ লগত ১৯৭১ চনত মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল ।শীতল যুদ্ধৰ সময়ত ৰাছিয়াৰ লগত বৰ্তি থকা মধুৰ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰ আধাৰ হ'ল আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশে পোষণ কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান-প্ৰদানৰ  জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভালাভ । দ্বি-পাক্ষিক ক্ষেত্ৰতো দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভাৱান্বিত হোৱাকৈ ঘনিষ্ঠভাৱে সহযোগ কৰি আহিছে ।শীতল যুদ্ধৰ অৱসান ঘটাৰ পাছতো পূৰ্বৰ ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত আৰু বৰ্তমানৰ স্বাধীন গণৰাজ্যসমূহৰ লগত, বিশেষকৈ ৰাছিয়াৰ লগত ভাৰতৰ সু-সম্পৰ্ক বৰ্তি আছে। 

         আন্তজাৰ্তিক ক্ষেত্ৰত দুয়োখন দেশেই কেতবোৰ মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ হকে যৌথভাৱে কাম কৰি আহিছে । সেইবোৰৰ ভিতৰত অন্যতম হ'লঃ আন্তৰ্জাতিক ৰাজনীতিত বহু শক্তিৰ সহঅৱস্হান; সামূহিক নিৰাপত্তা; প্ৰসাৰিত আঞ্চলিকতাবাদ; আলোচনাৰ মাধ্যমেৰে আন্তৰ্জাতিক সংঘাতৰ সমাধান; সকলো দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্মান আদি।তাৰোপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠান গণতান্ত্ৰিকীকৰণৰ জৰিয়তে তাক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত দুয়োখন দেশে গুৰুত্ব প্ৰদান কৰি আহিছে।শীতল যুদ্ধৰ কালত ছোভিয়েট সংঘৰ লগত গঢ়ি তোলা মৈত্ৰীৰ সম্পৰ্ক ভাৰতে ছোভিয়েট সংঘৰ পতনৰ পাছত গঢ়ি উঠা স্বাধীন গণৰাজ্যসমূহৰ লগত বিশেষকৈ ৰাছিয়াৰ লগত বৰ্তাই ৰাখিছে। দুই শক্তিৰ মাজৰ শীতল যুদ্ধৰ সময়ত উমৈহতীয়া আদৰ্শ আৰু পাৰস্পৰিক লাভৰ বাবে এই সম্পৰ্ক গঢ়ি তুলিছিল আৰু বৰ্তমানো এই সম্পৰ্ক বৰ্তি আছে।


৫। ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকৃতি বৰ্ণনা কৰা।

উত্তৰ:- পূৰ্বৰ পৰাই ভাৰত আৰু ৰাছিয়াৰ মাজত এক মধুৰ সম্পৰ্ক চলি আহিছে। শীতল যুদ্ধৰ কালতো ছোভিয়েট সংঘৰ লগত ভাৰতৰ সম্পৰ্ক ঘনিষ্ঠ আৰু মধুৰ আছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দিয়াৰ পাছতো ভাৰতে ছোভিয়েট সংঘৰ লগত ১৯৭১ চনত মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল । শীতল যুদ্ধৰ অন্ত হোৱাৰ পাছতো পূৰ্বৰ ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত আৰু বৰ্তমানৰ স্বাধীন গণৰাজ্যসমূহৰ লগত,বিশেষকৈ ৰাছিয়াৰ লগত ভাৰতৰ সু-সম্পৰ্ক বৰ্তি আছে। ৰাছিয়াৰ লগত বৰ্তি থকা মধুৰ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰ আধাৰ হ'ল আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশে পোষণ কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভালাভ। গতিকে দুয়োখন দেশে নিজৰ পাৰস্পৰিক লভালাভৰ ভিত্তিত এই সম্পৰ্ক গঢ়ি তুলিছিল।

       আন্তৰ্জাতিক ক্ষেত্ৰত দয়োখন দেশেই কিছুমান মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ বাবে যৌথভাৱে কাম কৰি আহিছে ।তাৰ ভিতৰত অন্যতম হ'ল- আন্তৰ্জাতিক ৰাজনীতিত বহু শক্তিৰ সহঅৱস্হান; সামূহিক নিৰাপত্তা; প্ৰসাৰিত আঞ্চলিকতাবাদ; আলোচনাৰ মাধ্যমেৰে আন্তৰ্জাতিক সংঘাতৰ সমাধান; সকলো দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্মান আদি।

     দ্বি-পাক্ষিক ক্ষেত্ৰতো দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভৱান্বিত হোৱাকৈ ঘনিষ্ঠভাৱে সহযোগ কৰি আহিছে। ২০০১ চনত দুয়োখন দেশৰ মাজত ভাৰত-ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয় আৰু ইয়াৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হয়। ৰাছিয়াই ভাৰতক বহু ক্ষেত্ৰত বহু ধৰণেৰে সহায় সহযোগ কৰি আহিছে। ৰাছিয়াই কাশ্মীৰৰ প্ৰশ্নত ভাৰতৰ স্হিতি সমৰ্থন কৰি আহিছে আৰু ভাৰতক চীনৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰি আহিছে ।আন্তৰ্জাতিক সন্ত্ৰাসবাদ সম্পৰ্কতো দুয়োখন দেশে তথ্যৰ আদান-প্ৰদান কৰি আহিছে ।শক্তিৰ পৰা অস্ত্ৰৰ যোগানলৈকে এই ক্ষেত্ৰবোৰতো ভাৰত ৰাছিয়াৰ পৰা লাভৱান্বিত হৈছে।তদুপৰি সামৰিক ক্ষেত্ৰত ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক বৰ গভীৰ। ৰাছিয়াৰ অস্ত্ৰৰ ক্ষেত্ৰত ভাৰত হ'ল দ্বিতীয়খন বৃহৎ বজাৰ। তদুপৰি তৈল সংকটৰ মুহূৰ্তবোৰত আৰু পাৰমাণৱিক ক্ষেত্ৰতো ভাৰতে ৰাছিয়াৰ পৰা সহায় লাভ কৰিছে আৰু উপকৃত হৈছে।

    গতিকে দেখা গ'ল যে ৰাছিয়া আৰু ভাৰতৰ মাজত যি মধুৰ আৰু গভীৰ বন্ধুত্বপূৰ্ণ গঢ়ি উঠিছিল তাৰ আধাৰ হ'ল পাৰস্পৰিক লাভালাভ আৰু স্বাৰ্থসিদ্ধি।যিহেতু দুইখন দেশে পৰস্পৰৰ বাবে বিভিন্ন ধৰণেৰে অতি লাভৱান। সেই বাবে পূৰ্বতে গঢ়ি উঠা এই মধুৰ সম্পৰ্ক বৰ্তমানৰলৈকে বৰ্তি আছে।


৬। ৰাছিয়াৰ ব্যৱস্থাৰ প্ৰকৃতি আসোঁৱাহসমূহ আলোচনা কৰা।

উত্তৰ:- ৰাছিয়াৰ সমতাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত সমাজবাদী ব্যৱস্থাৰ বহু ধনাত্মক গুণ থকাৰ সমসাময়িকভাৱে এই ব্যৱস্হাৰ বহুতো আসোঁৱাহ বা দুৰ্বলতাও আছে। তলত সেই সমূহৰ বিষয়ে আলোচনা আগবঢ়োৱা হ'ল-

(ক)ৰাছিয়াৰ সমাজবাদী ব্যৱস্থা জনগণৰ বাবে সমতা আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত  কৰা হৈছিল যদিও প্ৰকৃতাৰ্থত ইয়াত নাগৰিকে সমতা আৰু ন্যায় উপভোগ কৰিব পৰা নাছিল;

(খ) ছোভিয়েট সমাজব্যৱস্হাৰ প্ৰৱক্তাসকলে সমাজবাদী ব্যৱস্থাক পুঁজিবাদী ব্যৱস্থাতকৈ গুণগতভাৱে উন্নত মানৰ বুলি ব্যক্ত কৰে যদিও বাস্তৱ ক্ষেত্ৰত পুঁজিবাদী ব্যৱস্থাই সৃষ্টি কৰা সুযোগ- সুবিধাৰ তুলনাত ছোভিয়েট সমাজবাদী ব্যৱস্থাই জনগণৰ বাবে সৃষ্টি কৰা সুযোগ-সুবিধা কম আছিল;

(গ)ৰাছিয়াৰ সমাজবাদী চৰকাৰ বা ৰাষ্ট্ৰ ব্যৱস্থাত মাত্ৰ এটা ৰাজনৈতিক দলৰ উপস্হিতি আছিল সেয়া হ'ল কমিউনিষ্ট বা সাম্যবাদী দল। গোটেই ৰাষ্ট্ৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াটো আছিল এই দলৰ হাতত।এই ব্যৱস্থাত কোনো বিৰোধী ৰাজনৈতিক দলৰ অস্তিত্ব নাছিল। সেয়ে এক দলৰ একচিতীয়া আৰু একনায়কত্ববাদ চলিছিল আৰু তাক বাধা দিবলৈ কোনো নাছিল;

(ঘ) ৰাছিয়াৰ সমাজবাদী ব্যৱস্থাত ব্যক্তিৰ মত প্ৰকাশৰ স্বাধীনতা নাছিল আৰু এনে পৰিস্থিতিত  সাধাৰণ জনতাৰ জীৱন দুৰ্বিসহ হৈ উঠে;

(ঙ) ছোভিয়েট সংঘ ব্যৱস্থাৰ পোন্ধৰখন গণৰাজ্যৰ ভিতৰত ৰাছিয়া আটাইতকৈ শক্তিশালী। সেয়েহে সংঘৰ সকলো কাৰ্য-কলাপ আৰু সিদ্ধান্ত  গ্ৰহণৰ ক্ষেত্ৰত ৰাছিয়াই সম্পূৰ্ণ কতৃত্ব চলাইছিল।ফলত অন্য গণৰাজ্যসমূহ অৱহেলিত হৈছিল আৰু অৱদমিত হৈছিল;

(চ) ৰাছিয়াৰ সমাজবাদী ব্যৱস্থাত জন গণৰ স্বাধীনতাক সন্মান কৰা নাছিল।

        এনেদৰে ৰাছিয়াৰ ব্যৱস্থাত বহুতো আসোঁৱাহ দেখা যায়।


৭। শীতল যুদ্ধৰ পিছত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ওপৰত এটা টোকা লিখা ।

উত্তৰ:- ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দুয়োখন ৰাষ্ট্ৰই বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী গণতন্ত্ৰ। শীতল যুদ্ধৰ সময়ত সমগ্ৰ বিশ্ব দুটা ভাগত বিভক্ত হৈ পৰে-- ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী শিবিৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী শিবিৰ। দুই শিবিৰৰ বহুতো ৰাষ্ট্ৰক একত্ৰিত কৰি নিজা নিজা সামৰিক মিত্ৰজোঁট গঠন কৰি লয়। কিন্ত ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দি তীব্ৰভাৱে ইয়াৰ বিৰোধিতা কৰে আৰু কোনো এটা মিত্ৰজোঁটোতে চামিল নহয় । সেই সময়ত ভাৰত আৰু আমেৰিকা দুয়োৰ চিন্তাধাৰা আৰু আদৰ্শ বিপৰীত আছিল । আমেৰিকাই  SEATO আৰু CENTO মিত্ৰজোঁট গঠন কৰি বিশ্বত আধিপত্য স্হাপনৰ সংঘাতত নামি পৰে আৰু ভাৰতে ইয়াৰ বিপৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনত দৃঢ়তাৰে থিয় দিয়ে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰতো আমেৰিকাই বিপৰীত স্হিতি লৈছিল।অৰ্থাৎ শীতল যুদ্ধৰ সময়ছোৱাত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক উন্নত নাছিল।

      কিন্ত শীতল যুদ্ধৰ পিছত দুই ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ আৰু উন্নত সম্পৰ্ক গঢ়ি উঠে। ৰাষ্ট্ৰপতি জৰ্জ বোছ আৰু ওবামাৰ শাসন কালত দুই ৰাষ্ট্ৰৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠে। দুই দেশে পৰস্পৰৰ মাজত আদান প্ৰদান গঢ়ি তোলে। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি দুয়োৱে পৰস্পৰৰ দেশ ভ্ৰমণ কৰে আৰু বহু সংখ্যক চুক্তি স্বাক্ষৰ কৰে। ২০১৫ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰপতি ওবামাই ভাৰত ভ্ৰমণ কৰে আৰু গণৰাজ্য দিৱসৰ পেৰেডৰ মুখ্য অতিথিৰ পদ অলংকৃত কৰে। এই ভ্ৰমণতে দুই ৰাষ্ট্ৰই একত্ৰিত হৈ পাৰমাণৱিক চুক্তি বা সম্পৰ্ক গঢ়ি তুলিবলৈ পৰস্পৰৰ মাজত চলি অহা পাৰমাণৱিক ক্ষেত্ৰৰ সমস্যা আৰু ত্ৰুটিবোৰ দূৰ কৰে আৰু সম্পৰ্ক গঢ়ি তোলে। তাৰোপৰি ২০১৬ চনত নিৰাপত্তা চুক্তিয়ে স্বীকৃতি পায় যি ২০১৮ চনত আইনলৈ ৰূপান্তৰিত হয় ,যি চুক্তি মতে ভাৰতে চুক্তিৰ অংশীদাৰ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কিছুমান সুযোগ সুবিধা বা লাভালাভ উপভোগ কৰিব পাৰিব। ২০১৭ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী লগ হয় আৰু এই সাক্ষাৎতত দুই পক্ষই পৰস্পৰ ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সম্পৰ্ক, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ একমত আৰু অৰ্থনৈতিক সম্পৰ্ক বা মিত্ৰতাক শক্তিশালী কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে আৰু আলোচনা কৰে। ২০১৮ চনত নতুন দিল্লীত আমৰিকাৰ ৰাষ্ট্ৰ সচিব মাইক পম্পেঅ' আৰু প্ৰতিৰক্ষা সচিব জিম্ মেটিচে ভাৰতৰ বৈদেশিক মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে। এই  COMCASA নামৰ চুক্তিখনে ভাৰতক আমেৰিকা প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ব্যৱহিত উন্নত প্ৰযুক্তি বিদ্যাগত সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি প্ৰৱেশকক স্বীকৃতি প্ৰদান কৰে দুই ৰাষ্ট্ৰৰ সন্যৰ মাজত উপযুক্ত সময়ত তথ্য আদান -প্ৰদান কৰিব পৰাকো স্বীকৃতি প্ৰদান কৰে।

    উক্ত ধৰণেৰে শীতল যুদ্ধৰ পিছত আমেৰিকা আৰু ভাৰতৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠে আৰু বৰ্তমানো দুই ৰাষ্ট্ৰৰ মাজত এটা ভাল সম্পৰ্ক বৰ্তি আছে।


৮।  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ চমুকৈ বৰ্ণনা কৰা। [H.S. 2012, 2018]

উত্তৰ:- ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ তলত আলোচনা কৰা হ'ল-

  ছোভিয়েট ইউনিয়নৰ পতনে আন্তৰ্জাতিক ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলায়। এই পতনে আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি কৰা ফলশ্ৰুতি সমূহ হ'ল-

(ক) ছোভিয়েট সংঘৰ পতনে দুই শক্তিৰ মাজত চলি থকা শীতল যুদ্ধৰ সংঘাতৰ অৱসান ঘটায়। শীতল যুদ্ধৰ অংশ হিচাপে ছোভিয়েট সংঘই গঠন কৰা ৱাৰ্শ্ব' চুক্তিও ১৯৯১ চনত ভংগ হয়। ফলত বিংশ শতিকাৰ সাতটা দশকৰো অধিককাল ধৰি চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ পৰা আন্তৰ্জাতিক ৰাজনীতি মুক্ত হয়;

(খ) ছোভিয়েট সংঘৰ পতনৰ পাছত আন্তৰ্জাতিক ৰাজনীতিত একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰ্বিভাৱ ঘটে আৰু ই গোটেই বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে;

(গ) ছোভিয়েট সঃঘৰ ভাঙোনৰ ফলশ্ৰুতিত পৃথিৱীত বহু সংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ আৰ্বিভাৱ হয়। ছোভিয়েট সংঘ ১৫ খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈ পৰে। তাৰে কিছুমানে ইউৰোপীয় সংঘ ব্যৱস্থা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সামৰিক শিবিৰ উত্তৰ আটলান্টিক চুক্তি সংগঠন (NATO) ত অংশগ্ৰহণ কৰে;

(ঙ) ছোভিয়েট সঃঘৰ পতনৰ পিছত বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা হয়;

(চ) ছোভিয়েট সংঘৰ ভাঙোনে আন্তৰ্জাতিক স্তৰত চলা অস্ত্ৰীকৰণ প্ৰতিযোগিতাৰো অৱসান ঘটায় আদি।


৯। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিলে ? বিশদভাবে আলোচনা কৰা । [2017, 2019]

উত্তৰ:-


১০।  ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটা চমু টোকা লিখা।

উত্তৰ:-  ছোভিয়েট সংঘৰ পতনৰ লগে লগে বিশ্বত ছোভিয়েট সংঘৰ পৰা বহু কেইখন ৰাষ্ট্ৰই জন্ম লাভ কৰে। ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত হৈ থাকোতেই বহুবোৰ গণৰাজ্যত জাতীয়তাবাদী চেতনা গঢ়ি উঠিছিল আৰু স্বাধীনতাৰ দাবীও অনুৰণিত হৈছিল। ছোভিয়েট সংঘৰ সংকট ঘনীভূত হোৱাৰ লগে লগে এনে দাবী আৰু অধিক তীব্ৰ হৈ উঠিল আৰু অৱশেষত ছোভিয়েট সংঘৰ ১৫ খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈ পৰিল। তাৰে কিছুমানে ইউৰোপীয় সংঘ ব্যৱস্থা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সামৰিক শিবিৰ উত্তৰ আটলান্টিক চুক্তি সংগঠনত অংশগ্ৰহণ কৰে। লগে লগে ছোভিয়েট সংঘৰ ক্ষমতা এই গণৰাজ্য সমূহে হস্তগত কৰে। পৰিৱৰ্তিত পৰিস্থিতিত পূৰ্বৰ ছোভিয়েট সংঘৰ আটাইতকৈ শক্তিশালী গণৰাজ্য ৰাছিয়াক ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিয়া হয় আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো ৰাছিয়াই স্বায়ী সদস্যপদ গ্ৰহণ কৰে। ছোভিয়েট সংঘৰ পাৰমাণৱিক ক্ষমতাও ৰাছিয়াৰ হাতত ন্যস্ত হয়। তদুপৰি আন্তৰ্জাতিক ক্ষেত্ৰত ছোভিয়েট সংঘই স্বাক্ষৰ কৰা চুক্তিকে আদি কৰি অন্য সকলোবোৰ দায়িত্ব ৰাছিয়াৰ ওপৰত ন্যস্ত হয়। ফলত অন্য ৰাষ্ট্ৰসমূহে এই ব্যৱস্থাত কম গুৰুত্ব পায়।

      ছোভিয়েট সংঘৰ ভাঙোনে আন্তৰ্জাতিক ৰাজনীতিত নতুন নতুন শক্তি আৰু ক্ষমতাৰ সমীকৰণ গঢ়ি তুলিলে।


চমুটোকাঃ

১। ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য লিখা।

উত্তৰ:- ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য হ'ল-

(ক) ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত;

(খ) ছোভিয়েট সংঘৰ গোটেই অৰ্থনৈতিক ব্যৱস্থা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন আছিল। সমগ্ৰ অৰ্থনীতি ৰাষ্ট্ৰই পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰিছিল;

(গ) ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ মালিকানাস্বত্বৰ অধিকাৰ নাছিল;

(ঘ) ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাত ভূমি তথা উৎপাদনশীল সকলো সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আছিল।

     এনেদৰে ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়।


২। ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা সম্পৰ্ক চমুকৈ লিখা।

উত্তৰ:- পূৰ্বৰ পৰাই ভাৰত আৰু ৰাছিয়াৰ মাজত এটা বন্ধুত্বপূৰ্ণ আৰু মধুৰ সম্পৰ্ক চলি আহিছে। শীতল যুদ্ধৰ সময়তো ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলন গুৰি ধৰি নিৰপেক্ষতা অৱলম্বন কৰিছিল যদিও ৰাছিয়াৰ লগত ভাৰতৰ তেতিয়াও এক ঘনিষ্ঠ আৰু মধুৰ সম্পৰ্ক আছিল। ১৯৭১ চনত ভাৰতে ছোভিয়েট সংঘৰ লগত মৈত্ৰী চুক্তি স্বাক্ষৰ কৰিছিল। শীতল যুদ্ধৰ অৱসান ঘটাৰ পাছতো পূ্ৰ্বৰ ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত আৰু বৰ্তমানৰ স্বাধীন গণৰাজ্যসমূহৰ লগত, বিশেষকৈ ৰাছিয়াৰ লগত ভাৰতৰ সু-সম্পৰ্ক বৰ্তি আছে।ৰাছিয়াৰ লগত বৰ্তি থকা মধুৰ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰ আধাৰ হ'ল আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশে পোষণ কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভালাভ।

        আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশেই কেতবোৰ মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ বাবে যৌথভাৱে কাম কৰি আহিছে। তাৰ ভিতৰত অন্যতম হ'ল- আন্তৰ্জাতিক ৰাজনীতিত বহু শক্তিৰ সহঅৱস্হান,সামূহিক নিৰাপত্তা,প্ৰসাৰিত আঞ্চলিকতাবাদ, আলোচনাৰ মাধ্যমেৰে আন্তৰ্জাতিক সংঘাতৰ সমাধান,সকলোৰ দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্মান আদি। তাৰোপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ গণতান্ত্ৰিকীকৰণৰ জৰিয়তে তাক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত দুয়োখন দেশে গুৰুত্ব প্ৰদান কৰি আহিছে।

       দ্বি-পাক্ষিক ক্ষেত্ৰতো দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভৱান্বিত হোৱাকৈ ঘনিষ্ঠভাৱে সহযোগ কৰি আহিছে। ২০০১ চনত দুয়োখন দেশৰ মাজত ভাৰত-ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয় আৰু এই চুক্তিৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হয়। কাশ্মীৰৰ প্ৰশ্নত ৰাছিয়াই ভাৰতৰ স্হিতি সমৰ্থন কৰি আহিছে আৰু তাৰোপৰি চীনৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰাতো ই ভাৰতক সহায় কৰি আহিছে। আন্তৰ্জাতিক সন্ত্ৰাসবাদ সম্পৰ্কত দুয়োখন দেশে তথ্যৰ আদান-প্ৰদান কৰি আহিছে। শক্তিৰ যোগানৰ পৰা অস্ত্ৰৰ যোগানলৈকে এই ক্ষেত্ৰবোৰতো ভাৰত ৰাছিয়াৰ পৰা লাভৱান্বিত হৈছে। সামৰিক ক্ষেত্ৰতো ভাৰতৰ লগত ৰাছিয়াৰ গভীৰ সম্পৰ্ক আছে। ৰাছিয়াৰ অস্ত্ৰৰ ক্ষেত্ৰত ভাৰত হ'ল দ্বিতীয়খন বৃহৎ বজাৰ । তৈল সংকটৰ মুহূৰ্তবোৰতো ভাৰতক ৰাছিয়াই বিভিন্ন ধৰণে সহায় কৰি আহিছে। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো ভাৰত ৰাছিয়াৰ দ্বাৰা উপকৃত হৈ আহিছে আৰু সহায় সহযোগ লাভ কৰি আহিছে।

    পূৰ্বতে ৰাছিয়া আৰু ভাৰতৰ মাজত গঢ়ি উঠা এই মধুৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক এতিয়াও বৰ্তি আছে।


৩। ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ উন্নয়নৰ কাৰণে গৰ্বাচেভে কি ব্যৱস্থা গ্ৰহণ কৰিছিল?

উত্তৰ:- ১৯৮৫ চনৰ ১১ মাৰ্চ তাৰিখে ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হোৱা মিখাইল গৰ্বাচেভে ছোভিয়েট সংঘই সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান বিচাৰিছিল। তেওঁ ছোভিয়েট সংঘৰ আন্তৰ্জাতিক নীতি আৰু আভ্যন্তৰীণ সংস্কাৰ উভয় ক্ষেত্ৰতেই বৈপ্লৱিক পদক্ষেপ হাতত লয়। তেওঁ আভ্যন্তৰীণ ব্যৱস্থাটোৰ সংস্কাৰৰ বাবে সূচনা কৰা দুটা গুৰুত্বপূৰ্ণ নীতি হ'ল ক্ৰমে গ্লাচনোষ্ট আৰু পেৰেষ্ট্ৰোইকা । “গ্লাচনোষ্ট” ৰ অসমীয়া অৰ্থ হ'ল ব্যাপক স্বচ্ছতা।এই নীতিৰ জৰিয়তে গৰ্বাচেভে ছোভিয়েট সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল।  আনহাতে পেৰেষ্ট্ৰোইকাৰ অৰ্থ হ'ল পুনৰ নিৰ্মাণ যাৰ জৰিয়তে ব্যৱস্থাটোক অধিকভাৱে শৃংখলাবদ্ধ আৰু কৰ্মতৎপৰ কৰি তুলিব পৰা যায়। তাৰোপৰি গৰ্বাচেভৰ সংস্কাৰে মানৱ অধিকাৰক সন্মান জনোৱা আৰু সমালোচক তথা প্ৰতিদ্বন্দ্বীসকলক মুক্ত কৰি দিয়া তথা মত প্ৰকাশৰ অধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব দিছিল যি পূৰ্বত নাছিল। গৰ্বাচেভে আনকি স্হানীয় পৰ্যায়ত বহু প্ৰতিদ্বন্দ্বী থকা নিৰ্বাচন ব্যৱস্থাৰো সূচনা কৰে। তেওঁ প্ৰকৃতত স্হৱিৰতা, দুৰ্নীতি তথা দক্ষতাহীনতাই পংগু কৰি পেলোৱা প্ৰতিষ্ঠিত ছোভিয়েট ব্যৱস্থাটোৰ শুভ-পৰিণতিসম্পন্ন ধ্বংস বিচাৰিছিল।  গৰ্বাচেভে ছোভিয়েট সংঘৰ প্ৰশাসনীয় ব্যৱস্থাত গঢ়ি উঠা দুৰ্নীতি ৰোধ কৰাৰ লগতে অৰ্থনীতিক টনকিয়াল কৰিব খুজিছিল। পেৰেষ্ট্ৰোইকা যাৰ অৰ্থ হ'ল “পুনৰ নিৰ্মাণ”,এই নীতিৰ জৰিয়তে তেওঁ ছোভিয়েট সংঘৰ অৰ্থনীতিৰ পুনৰ নিৰ্মাণৰ কাৰণে পদক্ষেপ হাতত লৈছিল। ১৯৮৫ চনত গৰ্বাচেভে লেনিনগ্ৰেডত ছোভিয়েট ৰাছিয়াৰ মন্থৰ অৰ্থনৈতিক ব্যৱস্হা আৰু জীৱন ধাৰণৰ নূন্যতম মানদণ্ডৰ কথা কয় আৰু ইয়াৰ উন্নতি সাধনৰ কথা কয়। গৰ্বাচেভে ছোভিয়েট সংঘৰ অৰ্থনৈতিক ব্যৱস্থাৰ সংস্কাৰৰ বাবে বহুতো প্ৰাথমিক সংস্কাৰ ব্যৱস্হা হাতত লয় যাক পিছত পেৰেষ্ট্ৰোইকা বুলি জনা যায়। ১৯৮৭ জুন মাহত কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত ছোভিয়েট সংঘৰ অৰ্থনৈতিক ব্যৱস্থাৰ সংস্কাৰৰ বাবে মূল নীতি সমূহ গ্ৰহণ কৰে। তাৰোপৰি তেওঁ পেৰেষ্ট্ৰোইকা নীতিৰ ভেটিত ছোভিয়েট সংঘৰ বৈদেশিক অৰ্থনীতি খণ্ডৰ সংস্কাৰৰ ক্ষেত্ৰতো গুৰুত্ব দিছিল। তেওঁৰ আঁচনিৰে তেওঁ বহু সংখ্যক বৈদেশিক অভিযান চলোৱা বৈদেশিক বাণিজ্য মন্ত্ৰ্যালয়ৰ সংস্কাৰ সাধন কৰি বৈদেশিক বাণিজ্যৰ এই অধিকাৰ উদ্যোগ আৰু কৃষিৰ লগত জৰিত বিভাগ সমূহৰ হাততো দায়িত্ব অৰ্পন কৰা। তদুপৰি স্হানীয় সংগঠন বিলাকৰ হাততো এই দায়িত্ব কিছু অৰ্পন কৰা।

                এনেদৰে তেওঁ ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল।


৪।  Shock Therapy ৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:-  Shock Therapy ৰ চাৰিটা বৈশিষ্ট্য হ'ল-

(ক)  Shock Therapy বা আঘাত নিৰাময় হ'ল ৰাছিয়া, কেন্দ্ৰীয়এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পুঁজিবাদৰ দিশত হোৱা এক পৰিৱৰ্তন প্ৰক্ৰিয়া;

(খ) এই পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল;

(গ) বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ উদ্যোগত চলা এই Shock Therapy ৰ গতি আৰু গভীৰতা সকলো দেশতে সমান বা একে নাছিল;

(ঘ) এই আৰ্হি বা প্ৰক্ৰিয়া ছোভিয়েট সংঘৰ পতনৰ পিছত ইয়াৰ জনগণৰ বাবে আহি পৰা প্ৰচণ্ড অনিশ্চয়তা,সংকট আৰু নিৰাপত্তাহীনতাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে,দূৰ কৰিবৰ বাবে গ্ৰহণ কৰা হৈছিল।


চমুটোকাঃ

১।ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা ।

উত্তৰ:- 


 ২। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল?

উত্তৰ:- ছোভিয়েট ইউনিয়নৰ ভংগ হোৱাৰ অন্তৰালৰ মূল কাৰণ হ'ল ছোভিয়েট সমাজব্যৱস্হাৰ বুকুত দীৰ্ঘকাল ধৰি বৰ্তি থকা বিৰোধ বা অন্তৰ্দ্বন্দ্ব আৰু ১৯৮৫ চনত মিখাইল গৰ্বাচেভে সূচনা কৰা গ্লাচনোষ্ট আৰু পেৰেষ্ট্ৰোইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ।


৩। গৰ্বাচেভৰ নতুন অৰ্থনৈতিক কৌশলৰ মূল ধাৰণাৰ ভিত্তি কি?

উত্তৰ:- গৰ্বাচেভৰ নতুন অৰ্থনৈতিক কৌশলৰ মূল ধাৰণাৰ ভিত্তি হ'ল স্হৱিৰতা, দুৰ্নীতি তথা দক্ষতাহীনতাই পংগু কৰি পেলোৱা প্ৰতিষ্ঠিত ছোভিয়েট ব্যৱস্থা আৰু ইয়াৰ দুৰ্বল আৰু দুৰ্নীতিগ্ৰস্ত অৰ্থনীতিৰ সংস্কাৰ সাধন কৰি অৰ্থনীতিক টনকিয়াল কৰি তোলা ।


৪।  Glasnost ৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰ:-  Glasnost বা গ্লাচনোষ্টৰ অৰ্থ হ'ল ব্যাপক স্বচ্ছতা। যি নীতিৰ জৰিয়তে গৰ্বাচেভে ছোভিয়েট সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বচ্ছতা সৃষ্টি কৰিব খুজিছিল।


৫। ছোভিয়েট ইউনিয়নৰ পতনৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰ:- ছোভিয়েট ইউনিয়নৰ পতনৰ তিনিটা কাৰণ হ'ল-

(ক) ১৯৬০ ৰ দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্হবিৰতা;

(খ) প্ৰশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুৰ্নীতি আৰু ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা স্বৈৰতন্ত্ৰীয় প্ৰৱণতা;

(গ) ব্যক্তিস্বাধীনতাৰ ওপৰত ছোভিয়েট সংঘই চলোৱা অৱদমন।


৬। মধ্য এছিয়াৰ দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- মধ্য এছিয়াৰ দুখন ৰাষ্ট্ৰৰ নাম হ'ল- টাজিকিস্তান আৰু উজবেকিস্তান।


৭। দুখন বলকান ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- দুখন বলকান ৰাষ্ট্ৰৰ নাম হ'ল- ব'ছনিয়া আৰু আলবানিয়া।


৮। দ্বিতীয় বিশ্ব কি?

উত্তৰ:- দ্বিতীয় যুদ্ধৰ পিছত ছোভিয়েট সংঘৰ সৈন্যবাহিনীয়ে ফেচিষ্ট্ শক্তিৰ পৰা মুক্ত কৰা পূব ইউৰোপৰ দেশসমূহেও ছোভিয়েট সমাজবাদী ব্যৱস্থা গ্ৰহণ কৰে। ছোভিয়েট সংঘৰ মতাদৰ্শ গ্ৰহণ কৰা এই দেশসমূহকে দ্বিতীয় বিশ্ব বুলি জনা যায়।


৯।  সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্হাৰ অৰ্থ কি?

উত্তৰ:- সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ হ'ল প্ৰতিষ্ঠিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সমাজবাদী অৰ্থনীতিৰ সংস্কাৰ সাধন কৰি পুঁজিবাদী অৰ্থব্যৱস্হাৰ প্ৰৱৰ্তন কৰা।


১০। লেনিন কোন আছিল?

উত্তৰ:- লেনিন আছিল বলশ্বেভিক কমিউনিষ্ট পাৰ্টিৰ জন্মদাতা আৰু মাৰ্ক্সবাদৰ প্ৰথম সফল ৰূপায়ণ কৰোঁতা। তেওঁ আছিল অক্টোবৰ বিপ্লৱৰ জৰিয়তে প্ৰতিষ্ঠা হোৱা বিশ্বৰ প্ৰথম সমাজবাদী আৰ্থ-ৰাজনৈতিক ব্যৱস্হা ছোভিয়েট সমাজবাদী গণৰাজ্য সংঘৰ প্ৰথম নেতা।


১১।  ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ:- ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ'ল-

(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত;

(খ) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাত এটাই মাত্ৰ ৰাজনৈতিক দলৰ উপস্হিতি আছে আৰু সেয়া হ'ল কমিউনিষ্ট পাৰ্টি বা সাম্যবাদী দল।


১২। ভাৰতৰ পৰিকল্পনা আৰু ৰাছিয়াৰ পৰিকল্পনাৰ মাজত দুটা পাৰ্থক্য লিখা।

উত্তৰ:- ভাৰতৰ পৰিকল্পনা আৰু ৰাছিয়াৰ পৰিকল্পনাৰ মাজৰ দুটা পাৰ্থক্য হ'ল-

(ক) ৰাছিয়াৰ মূল পৰিকল্পনা আৰু লক্ষ্য আছিল বিশ্বত সাম্যবাদী আদৰ্শৰ প্ৰসাৰ,প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰা।

          অন্যহাতে ভাৰতৰ মূল পৰিকল্পনা আৰু লক্ষ্য আছিল বিশ্বত গণতান্ত্ৰিক আদৰ্শ আৰু ভাৱ ধাৰাৰ প্ৰচাৰ,প্ৰসাৰ আৰু প্ৰতিষ্ঠা কৰা।

(খ) ৰাছিয়াৰ মূল উদ্দেশ্য আৰু পৰিকল্পনা আছিল পুঁজিবাদী আমেৰিকাৰ ব্যৱস্থাৰ সৈতে প্ৰতিদ্বন্দ্বীতা কৰা  আৰু এই ব্যৱস্থাৰ পতন ঘটোৱা আৰু বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰা।

       কিন্ত ভাৰতৰ উদ্দেশ্য আছিল গোষ্ঠীনিৰপেক্ষতা অৱলম্বন কৰা আৰু কোনো শক্তিৰ লগতে চামিল নহৈ সকলোৰে লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা।


১৩। নিকিটা খ্ৰুছেভ কোন আছিল?

উত্তৰ:- নিকিটা খ্ৰুছেভ ছোভিয়েট সংঘৰ ৰাজনৈতিক নেতা আছিল।


১৪। ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।

উত্তৰ:- ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম হ'ল- গ্লাচনোষ্ট আৰু পেৰেষ্ট্ৰোইকা।


১৫। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ এটা ফলাফল লিখা।

উত্তৰ:- ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ এটা ফলাফল হ'ল- শীতল যুদ্ধৰ সংঘাতৰ অৱসান।


বস্তুনিষ্ঠ  প্ৰশ্নঃ

১। কোন চনত  বাৰ্লিন দেৱাল ভংগ হৈছিল ?

উত্তৰ:-


2। ৰাছিয়াত সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:- ৰাছিয়াত সমাজবাদী আন্দোলন ১৯১৭ চনত আৰম্ভ হৈছিল।


৩। কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হৈছিল?

উত্তৰ:- ১৯৯১ চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হৈছিল।


৪। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়?

উত্তৰ:-  ছোভিয়েট সংঘ বা ছোভিয়েট ৰাছিয়াৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়।


৫। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে?

উত্তৰ:- সমাজবাদী ছোভিয়েট সংঘ বা ছোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে।


৬। ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে?

উত্তৰ:- ছোভিয়েট সংঘত ১৫ গণৰাজ্য আছে।


৭। কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?

উত্তৰ:-  মিখাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল।


৮। কি আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত?

উত্তৰ:- সমাজবাদী আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত।


৯। কোনখন ৰাষ্ট্ৰৰ পতনক 'দ্বিতীয় বিশ্ব'ৰ পতন হিচাপে জনা যায় ?

উত্তৰ:-


১০। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা ।

উত্তৰ :-


শুদ্ধ নে অশুদ্ধ লিখাঃ

১।  কোন চনত গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল?

(ক) ১৯৮৯ চনত   (খ) ১৯৯০ চনত   (গ) ১৯৮৭ চনত   (ঘ) ১৯৮৫ চনত।

উত্তৰ:- (ঘ) ১৯৮৫ চনত।


২।  ছোভিয়েট যুক্তৰাষ্ট্ৰৰ কোনখন গণৰাজ্যই প্ৰথম স্বাধীনতা ঘোষণা কৰিছিল?

(ক) লিথুয়ানিয়াই  (খ) লাটভিয়াই   (গ) ডেগেস্তানে   (ঘ) ইউক্ৰেন।

উত্তৰ:- (ক) লিথুয়ানিয়াই।


বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ লিংকটো ক্লিক কৰক


Answer by Nikita Chetia (MA in Political Science) 

Colour by Jyotish kakati (04-05-2022)