অধ্যায় ৩
বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য
প্ৰশ্নাৱলীঃ
১। আধিপত্য সম্পৰ্কে তলত দিয়া বাক্যবোৰৰ কোনবোৰ অশুদ্ধ ?
(ক) কথাষাৰে ইয়াকে বুজাই যে এখন ৰাষ্ট্ৰক নেতৃত্ব বা আধিপত্যৰ লগত জড়িত বুজায় ।
(খ) প্ৰাচীন গ্ৰীচৰ এথেন্সৰ আধিপত্য বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
(গ) আধিপত্য দিব পৰা অৱস্থাত থকা দেশখনৰ অ-প্ৰতিহত সামৰিক ক্ষমতা আছে।
(ঘ) আধিপত্য দৃঢ়। এবাৰৰ আধিপত্য সদায় আধিপত্য।
উত্তৰ:- (ঘ)আধিপত্য দৃঢ়। এবাৰৰ আধিপত্য সদায় আধিপত্য।
২। সমসাময়িক বিশ্ব ব্যৱস্থাত তলত দিয়া কোনবোৰ বাক্য অশুদ্ধ ?
(ক) ৰাষ্ট্ৰবিলাকৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ কাৰণে বিশ্ব চৰকাৰ এখন নাই।
(খ) বিশ্ব ঘটনা প্ৰৱাহত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰধান খেলুৱৈ।
(গ) ৰাষ্ট্ৰবিলাকে ইখনে সিখনৰ বিৰুদ্ধে বল প্ৰয়োগ কৰে।
(ঘ) যিবিলাক ৰাষ্ট্ৰই আন্তৰ্জাতিক আইনক উলংঘা কৰে ৰাষ্ট্ৰসংঘই সেইবোৰক কঠোৰ শাস্তি দিয়ে।
উত্তৰ:- (গ) ৰাষ্ট্ৰবিলাকে ইখনে সিখনৰ বিৰুদ্ধে বল প্ৰয়োগ কৰে।
(ঘ) যিবিলাক ৰাষ্ট্ৰই আন্তৰ্জাতিক আইনক উলংঘা কৰে ৰাষ্ট্ৰসংঘই সেইবোৰক কঠোৰ শাস্তি দিয়ে।
৩। ইৰাকী স্বাধীনতা হৰণৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ?
(ক) ইৰাক আক্ৰমণৰ কাৰণে আমেৰিকাৰ নেতৃত্বত গঠিত সংযুক্ত মৰ্চাত ৪০ খনৰো অধিক ৰাষ্ট্ৰই যোগদান কৰিছিল।
(খ) ইৰাক আক্ৰমণৰ কাৰণ দৰ্শোৱা হৈছিল বহু মানুহ একেলগে মৰা অস্ত্ৰ নিৰ্মাণ কৰাৰ বাবে।
(গ) এই কাৰ্য কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ অনুমোদনসাপেক্ষে।
(ঘ) ইৰাকী সেনাৰ পৰা আমেৰিকাৰ নেতৃত্বত থকা সংযুক্ত মৰ্চাই কোনো বিশেষ বাধা পোৱা নাছিল।
উত্তৰঃ (গ) এই কাৰ্য কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ অনুমোদনসাপেক্ষে।
(ঘ) ইৰাকী সেনাৰ পৰা আমেৰিকাৰ নেতৃত্বত থকা সংযুক্ত মৰ্চাই কোনো বিশেষ বাধা পোৱা নাছিল।
৪। এই অধ্যায়ত উল্লেখ কৰা তিনি প্ৰকাৰৰ নেতৃত্বৰ এটাকৈ উদাহৰণ দিয়া। অধ্যায়ত উল্লেখ থকা উদাহৰণ নিদিবা।
উত্তৰঃ উক্ত অধ্যায়ত উল্লেখিত তিনি প্ৰকাৰৰ নেতৃত্ব হ'ল-
(ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য, (খ) গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য, (গ) নৰম ক্ষমতা হিচাপে আধিপত্য।
উক্ত প্ৰকাৰ সমূহৰ একোটা উদাহৰণ হ'ল- (ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য:- ৰাছিয়া; (খ) গাঁথনিতগত ক্ষমতা হিচাপে আধিপত্য:- চীন; (গ) নৰম ক্ষমতা হিচাপে আধিপত্য:- ফ্ৰান্স ।
৫। আমেৰিকাৰ নেতৃত্বত থকা বাধাসমূহ আজি কি কি? ভৱিষ্যতে ইয়াৰ কোনটোৱে বেছি গুৰুত্ব লাভ কৰিব?
উত্তৰঃ আমেৰিকাৰ নেতৃত্বত থকা বৰ্তমানৰ বাধাসমূহ হ'ল-
(ক) মাৰ্কিন ৰাষ্ট্ৰ ব্যৱস্থাৰ আনুষ্ঠানিক আৰু সাংবিধানিক গাঁথনি:- আমেৰিকাই সংবিধান ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ৰাষ্ট্ৰপতিয়ে লব খোজা যিকোনো পদক্ষেপৰ বেলিকা মাৰ্কিন সংসদে বাধা আৰোপ কৰিব পাৰে । মাৰ্কিন ৰাষ্ট্ৰপতিয়ে বিচাৰিলেই সামৰিক অভিযান চলাব নোৱাৰে। অৰ্থাৎ মাৰ্কিন কাৰ্যপালিকাৰ ওপৰত এক গাঁথনিগত বাধা আৰোপ আছে;
(খ) মাৰ্কিন মুক্ত সমাজ ব্যৱস্থা:- দেখাত আমেৰিকাৰ জনসাধাৰণে চৰকাৰক বা ৰাষ্ট্ৰপতিক বিনা প্ৰশ্ন সমৰ্থন কেৰে। কিন্ত সেয়া একেবাৰেই শুদ্ধ নহয়। মাৰ্কিন ৰাজনৈতিক সংস্কৃতিত চৰকাৰৰ প্ৰতি এক সমালোচনাত্মক দৃষ্টিভংগী বিৰাজমান। অৰ্থাৎ জনসাধাৰণে চৰকাৰৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে আৰু সেয়েহে চৰকাৰে বিচাৰিলেই য'তে-ত'তে নিজৰ আধিপত্য প্ৰয়োগ কৰিব নোৱাৰে।
(গ) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন আটলান্টিক চুক্তি সংগঠন:- তৃতীয় আৰু গুৰুত্বপূৰ্ণ দিশটো হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰই নেতৃত্ব দিয়া উত্তৰ আটলান্টিক চুক্তি সংগঠন, চমুকৈ NATO । এই সংগঠন মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য বৰ্তাই ৰখাৰ স্বাৰ্থতে জীয়াই ৰাখিছে। কিন্ত সমান্তৰালভাৱে এই সংগঠনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ একপক্ষীয় সামৰিক ক্ষমতাকো কম-বেছি পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ সুযোগ পাইছে।
ইয়াৰ ভিতৰত দ্বিতীটো বাধাই ভৱিষ্যতে বেছি গুৰুত্ব লাভ কৰিব। কাৰণ আমেৰিকাৰ জনগণে পূৰ্বৰে পৰা চৰকাৰৰ অনুচিত,বেআইনী কাৰ্য-কলাপক সমালোচনা কৰি আহিছে আৰু বাধা আৰোপ কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব যাৰ বাবে চৰকাৰে ইচ্ছা হ'লেই যিকোনো কাৰ্য কৰিব নোৱাৰে যিকোনো অভিযান চলাব নোৱাৰে।
৬। যদি বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰবোৰে আমেৰিকাৰ নেতৃত্বক বাধা দিব নোৱাৰে তেন্তে ক্ষুদ্ৰ আৰু দুৰ্বল ৰাষ্ট্ৰবোৰে বাধা দিব পাৰিব বুলি আশা কৰিব নোৱাৰি। ওপৰৰ কথাষাৰ পৰীক্ষা কৰা আৰু তোমাৰ মন্তব্য দিয়া।
উত্তৰঃ যদি বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰবোৰে আমেৰিকাৰ নেতৃত্বক বাধা দিব নোৱাৰে তেন্তে ক্ষুদ্ৰ আৰু দুৰ্বল ৰাষ্ট্ৰবোৰে বাধা দিব পাৰিব বুলি আশা কৰিব নোৱাৰি। এই কথাষাৰ একপক্ষে শুদ্ধ বা সত্য। কাৰণ আমেৰিকাৰ নেতৃত্ব আৰু প্ৰভাৱ গোটেই বিশ্ব জুৰি সকলো ক্ষেত্ৰতে যেনে অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আদিত বিয়পি আছে।শীতল যুদ্ধৰ অন্ত আৰু সমাজবাদী ছোভিয়েট সংঘৰ পতনৰ পিছৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈ আছে। ই আৰ্থিক,সাংস্কৃতিক,সামাজিক,সামৰিক সকলো দিশৰ পৰাই অত্যন্ত শক্তিশালী ৰাষ্ট্ৰ। অন্য ৰাষ্ট্ৰসমূহ যদিও আগুৱাই গৈছে তথাপি আমেৰিকাৰ সৈতে কোনেও বৰ্তমানৰ লৈকে সম পৰ্যায়ৰ হ'ব পৰা নাই বা আমেৰিকাৰ আধিপত্যক দমন কৰিব পৰা নাই। বিশ্বত বৰ্তমান কোনো এটা শক্তিয়েই এককভাৱে আমেৰিকাৰ সামৰিক শক্তিৰ সমান নহয়। আমেৰিকা শক্তিশালী পাৰমাণৱিক শক্তিৰো অধিকাৰী ।আমৰিকাৰ সৈতে সংযুক্ত সামৰিক বাহিনীও (NATO) সমকক্ষ নহয়। আনকি বৃহৎ ৰাষ্ট্ৰ চীন দেশ, ভাৰত আৰু ৰাছিয়াৰো আমেৰিকাৰ আধিপত্য প্ৰতিৰোধ কৰিব পৰা সম্ভাব্য ক্ষমতা নাই ।তেনে স্হলত সৰু সৰু ৰাষ্ট্ৰসমূহে যে আমেৰিকাক প্ৰতিদ্বন্দ্বিতা কৰি ইয়াৰ আধিপত্য বা নেতৃত্বক যে বাধা দিব পাৰিব সেয়া প্ৰায় অসম্ভৱ। এই সৰু ৰাষ্ট্ৰসমূহ আৰ্থিক, সামাজিক, সামৰিক আদি সকলো দিশৰ পৰাই দুৰ্বল।
বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰতো আমেৰিকাৰ যি প্ৰতিপত্তি আৰু আধিপত্য সেয়া অপ্ৰতিদ্বন্দ্বনীয়। আমেৰিকাই বিশ্বত মুক্ত অৰ্থনীতিৰ সূচনা কৰিলে, বিশ্বত সকলোৰে সমূহীয়া সম্পদ ইন্টাৰনেট ব্যৱস্থাৰো শুভাৰম্ভ কৰিলে। তদুপৰি আমেৰিকাৰ আধিপত্য আদৰ্শগত আৰু সাংস্কৃতিক দিশতো গোটেই বিশ্বযুৰি এনেকৈ শিপাই আছে যে তাক উভালি পেলোৱাটো টান ।মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বৰ দেশসমূহৰ মাজত এক ধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে। বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত। মাৰ্কিন যুক্তৰাষ্ট্ৰ উন্নয়নৰ আৰ্হি,জীৱন ধাৰণ প্ৰণালী, সংস্কৃতি, খাদ্যাভ্যাস আজি বিশ্বত সকলোৱে অনুকৰণ কৰে। আমেৰিকাৰ সমান আন কোনো দেশে বিশ্বত ইমান প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।কোনো দেশে ইয়াক কোনো দিশৰ পৰা দমন কৰিব পৰা নাই। তেনে ক্ষেত্ৰত ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহে ইয়াৰ আধিপত্যক কেতিয়াও বাধা দিব নোৱাৰে। সেয়ে সৰু সৰু ৰাষ্ট্ৰবোৰে আমেৰিকাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাতকৈ নিজৰ লাভ আৰু নিৰাপত্তাৰ বাবে আমেৰিকাৰ সৈতে বন্ধুত্বহে কৰে।
আৰ্হি প্ৰশ্নাৱলী
ৰচনাধৰ্মী প্ৰশ্নঃ
১। অৰ্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশদভাৱে আলোচনা কৰা ।
উত্তৰঃ
২। আমেৰিকাৰ আধিপত্য প্ৰাধান্যৰ তিনিটা বেলেগ বেলেগ ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ আমেৰিকাৰ আধিপত্য সকলো দিশৰ পৰাই গোটেই বিশ্ব জুৰি ব্যাপ্ত। আমেৰিকাৰ আধিপত্যৰ প্ৰাধান্যৰ ব্যাখ্যা তলত আগবঢ়োৱা হ'ল-
(ক) সামৰিক শক্তিৰ আধিপত্যঃ বিশ্ব ব্যাপী আমেৰিকাৰ আধিপত্যৰ প্ৰাধান্যৰ এক মূল কাৰণ হ'ল আমেৰিকাৰ অপ্ৰতিদ্বন্দ্বনীয় আৰু অপৰিসীম সামৰিক শক্তি। আজি আমেৰিকাই চলাই থকা প্ৰতিপত্তিৰ মূলতে আছে অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণত অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে, ধ্বংসলীলা চলাব পাৰে। এই ক্ষমতাৰ বলেৰে ই শত্ৰু শিবিৰক সন্ত্ৰস্ত কৰি ৰাখে আৰু নিজৰ সামৰিক বাহিনীক পৰ্যাপ্তভাৱে সুৰক্ষিত কৰি ৰাখে। আমেৰিকাৰ সামৰিক শক্তি ইমান ভয়াবহ আৰু সামৰ্থ্যবান যে বৰ্তমান বিশ্বৰ কোনো শক্তিয়ে ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে। সেয়ে সামৰিক ক্ষেত্ৰত আমেৰিকাৰ আধিপত্যৰ প্ৰাধান্য যথেষ্ট আছে।
(খ) অৰ্থনৈতিক শক্তিৰ আধিপত্যঃ বিশ্বত আমেৰিকাৰ অৰ্থনৈতিক প্ৰতিপত্তিৰ যি আধিপত্য সেয়া অদ্বিতীয়। বিশ্বত মুক্ত অৰ্থনীতিৰ ব্যৱস্হাৰ বাটকতীয়া বা পথ প্ৰসস্তক হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ । বিশ্বত সকলোৰে সমূহীয়া সম্পদ ইন্টাৰনেটৰ উদ্ভাৱক হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। আজি সকলোৰে বাবে উপলব্ধ হৈ উঠা ইন্টাৰনেট ব্যৱস্থা মাৰ্কিন যুক্তৰাষ্ট্ৰই ১৯৫০ চনতে সূচনা কৰা সামৰিক গৱেষণাৰ ফলশ্ৰুতি। বৰ্তমান সময়তো ইন্টাৰনেটে নিৰ্ভৰ কৰি অহা বিশ্বজোৰা চেটেলাইট নেটৱৰ্কৰ বহুলাংশ নিয়ন্ত্ৰণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰে। বিশ্ব অৰ্থনীতি তথা প্ৰযুক্তিৰ সকলোবোৰ ক্ষেত্ৰতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপস্থিতি বিদ্যমান। বিশ্ব অৰ্থনীতিত ২৮ শতাংশৰ অংশীদাৰীত্ব আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ। বিশ্ব বাণিজ্যৰ ১৫ শতাংশ নিয়ন্ত্ৰণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই। বিশ্ব অৰ্থনীতিৰ সকলোবিলাক ক্ষেত্ৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী বা ফাৰ্মসমূহে প্ৰথম তিনিটা স্হানৰ কোনো এটা নহয় এটা স্হান দখল কৰি ৰাখিছে। বৰ্তমান বিশ্বৰ অৰ্থনীতিৰ আধাৰ নিৰ্মাণ কৰা ব্ৰেটন উদছ্ ব্যৱস্থাৰ জন্মদাতা হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰ। তাৰোপৰি বৰ্তমান বিশ্ব অৰ্থনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বাণিজ্য সংস্হাও মাৰ্কিন আধিপত্যৰেই সৃষ্ট। মাৰ্কিনযুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ সৈতে বৰ্তমানলৈকে কোনো ৰাষ্ট্ৰই ফেৰ মাৰিব পৰা নাই। সেয়ে অৰ্থনৈতিক ক্ষেত্ৰতো আমেৰিকাৰ প্ৰাধান্য যথেষ্ট।
(গ) আদৰ্শগত আৰু সাংস্কৃতিক আধিপত্যঃ আমেৰিকাৰ আধিপত্য কেৱল যে সামৰিক আৰু আৰু অৰ্থনৈতিক ক্ষেত্ৰত আছে এনে নহয়। আমেৰিকাৰ আধিপত্যৰ প্ৰাধান্য আদৰ্শগত আৰু সাংস্কৃতিক দিশটোতো যথেষ্ট আছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বৰ দেশসমূহৰ মাজত এক ধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে । বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত। অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰ হ'ল সাংস্কৃতিকভাৱেও আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। গোটেই বিশ্বজুৰি আমেৰিকাৰ সংস্কৃতি আৰু আদৰ্শ শিপাই আছে।
উল্লেখিত ধৰণেৰে আমেৰিকাৰ আধিপত্যৰ প্ৰাধান্য সকলো ক্ষেত্ৰতে বৃহৎ পৰিমাণে আছে যাৰ বাবে সকলো ৰাষ্ট্ৰই ইয়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখে আৰু সমীহ কৰি চলে।
৩। বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্যৰ কাৰণবিলাক পৰীক্ষা কৰা।
উত্তৰঃ শীতল যুদ্ধৰ পিছৰ পৰাই আমেৰিকাই বিশ্বত সকলো দিশৰ পৰাই সম্পন্ন অদ্বিতীয় আৰু একক শক্তি হিচাপে বৰ্তি আছে । বিশ্ব ৰাজনীতিত আমেৰিকাৰ এই আধিপত্যৰ অন্তৰালৰ কাৰণ সমূহ হ'ল-
(ক) বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্যৰ এটা মূল কাৰণ হ'ল আমেৰিকাৰ অপৰিসীম সামৰিক ক্ষমতা যাৰ সৈতে বিশ্বৰ কোনো শক্তিয়ে ফেৰ মাৰিব নোৱাৰে;
(খ) আমেৰিকাৰ আধিপত্যৰ অন্তৰালৰ অন্য এটা কাৰণ হ'ল আমেৰিকাৰ অদম্য শক্তিশালী অৰ্থনীতি যাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে বিয়পি আছে;
(গ) বিশ্বত আমেৰিকাৰ আধিপত্যৰ অন্য এটা প্ৰধান কাৰণ হ'ল আমেৰিকাৰ প্ৰভাৱশালী আৰু সুদূৰ প্ৰসাৰি আদৰ্শ আৰু সংস্কৃতি যি বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি আছে আৰু সিপাই আছে। আমেৰিকাই সাংস্কৃতিকভাৱে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। আজি বিশ্বৰ সকলো ৰাষ্ট্ৰৰ লোকে আজি আমেৰিকাৰ জীৱন ধাৰণ প্ৰণালী, খাদ্যাভ্যাস,সংস্কৃতি, সাজ কাপোৰ আদিৰ অনুকৰণ কৰে;
(ঘ) তদুপৰি আমেৰিকা শক্তিশালী পাৰমাণৱিক শক্তিৰ গৰাকী।ইয়ো আমেৰিকাৰ বিশ্ব ৰাজনীতিত আধিপত্যৰ অন্য এটা কাৰণ যাৰ বাবে অন্য ৰাষ্ট্ৰসমূহে ইয়াক সমীহ কৰি চলে;
(ঙ) তাৰোপৰি অন্য এটা কাৰণ হ'ল আমেৰিকাৰ বিদ্যায়তনিক ক্ষেত্ৰ। বৰ্তমান সময়ত বিশ্ব অৰ্থনীতিৰ বাবে আটাইতকৈ উপযোগী বুলি ভবা ডিগ্ৰী হ'ল ব্যৱসায়িক প্ৰশাসনৰ স্নাতকোত্তৰ ডিগ্ৰী (MBA) আৰু এই ধাৰণাটো মাৰ্কিন বিশ্ববিদ্যালয়ৰ। বৰ্তমান বিশ্বৰ সকলো ৰাষ্ট্ৰৰ বিদ্যায়তনিক দিশত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিন্তাই সাংঘাটিক ধৰণে প্ৰভাৱান্বিত কৰি আহিছে আৰু সকলোৱে এই ডিগ্ৰীক সন্মানীয় ডিগ্ৰী বুলি গ্ৰহণ কৰে।
উক্ত ধৰণেৰে বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্ৰতিষ্ঠিত আধিপত্যৰ অন্তৰালত বহুতো গুৰুত্বপূৰ্ণ কাৰণ অন্তনিৰ্হিত হৈ আছে।
৪। আমেৰিকাৰ লগত ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্ক মূল্যায়ন কৰা।
উত্তৰঃ শীতল যুদ্ধৰ সময়ৰ লৈকে ভাৰতৰ লগত আমেৰিকাৰ বিশেষ এটা ভাল সম্পৰ্ক নাছিল। সেই সময়ত ছোভিয়েট সংঘৰ লগতহে ভাৰতৰ সম্পৰ্ক মধুৰ আছিল। ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ সৈতে নিজকে একত্ৰিত কৰিব বিচাৰিছিল। এই ক্ষেত্ৰতে ভাৰত আৰু আমেৰিকা একত্ৰিত হৈ পৰিছিল আৰু দুই ৰাষ্ট্ৰৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠিছিল। সাম্প্ৰতিক কালত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক স্হাপনত সহায় কৰিছে। এই দুটা কাৰক হ'ল- কাৰিকৰী যাত্ৰা আৰু প্ৰবাসী ভাৰতীয়ৰ ভূমিকা । আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান উল্লেখযোগ্য কথা হ'ল-
(ক) ভাৰতে ৰপ্তানি কৰা চফ্টওৱেৰৰ শতকৰা ৬৫ ভাগ আমৰিকাই ক্ৰয় কৰে;
(খ) ব'য়িঙৰ কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা ৩৫ ভাগ ভাৰতৰ বংশোদ্ভৱ;
(গ) চিলকন উপত্যকাত ৩,০০,০০০ ভাৰতীয়ই কাম কৰে;
(ঘ) শতকৰা ১৫ ভাগ সকলো উচ্চ প্ৰযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।
শীতল যুদ্ধৰ লৈকে ভাৰতৰ আমেৰিকাৰ সৈতে সম্পৰ্ক উন্নত নাছিল । পূবৰ্তে যদিও দুই ৰাষ্ট্ৰৰ মাজত বৰ বিশেষ এটা ভাল সম্পৰ্ক নাছিল কিন্ত বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্কৰ পৰিৱৰ্তন ঘটিছে ।সকলো অনিশ্চয়তা আৰু সংঘাত আঁতৰি এটা অতি ভাল সম্পৰ্ক গঢ়ি উঠিছে আৰু বৰ্তি আছে। দুয়ো ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক দেশৰ ভ্ৰমণ আৰু আদান-প্ৰদান গঢ়ি উঠিছে আৰু বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব আৰু ওবামাৰ শাসন কালৰ পৰাই দুই ৰাষ্ট্ৰৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কাৰ্যকালৰ লৈকে এই সম্পৰ্ক বৰ্তি আছে। দুয়ো দেশৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পৰস্পৰ দেশ ভ্ৰমণ কৰিছে আৰু বিভিন্ন চুক্তি স্বাক্ষৰ কৰিছে। ২০১৫ চনত ৰাষ্ট্ৰপতি ওবামাই ভাৰত ভ্ৰমণ কৰে আৰু ভাৰতৰ গণৰাজ্য দিৱসৰ পেৰেডৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰে। আৰু এই ভ্ৰমণতে দুই ৰাষ্ট্ৰই একত্ৰিত হৈ দুই ৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক চুক্তিৰ পথ প্ৰসস্ত কৰাৰ ক্ষেতত আগবাঢ়িবলৈ পূৰ্বৰ এই ক্ষেত্ৰৰ লগত জড়িত সকলো সমস্যা আৰু বাধা দূৰ কৰে।
২০১৬ চনত ভাৰত আৰু আমেৰিকাৰ মাজত ২০১৫ চনৰ নিৰাপত্তা চুক্তিৰ নৱীকৰণ কৰি ইয়াৰ সময়সীমা ১০ বছৰলৈ বৃদ্ধি কৰাৰ চুক্তি স্বাক্ষৰিত কৰা হয়। এই চুক্তিয়ে ভাৰতক আমেৰিকাৰ পৰা এই চুক্তিৰ অংশীদাৰ ৰূপে কিছু সুবিধা আৰু সহায় উপভোগ কৰাৰ স্বীকৃতি দিয়ে যি পাছত ২০১৮ চনত আইন হিচাপে স্বীকৃতি লাভ কৰে। ২০১৭ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰে আৰু দুয়োৱে দুয়ো ৰাষ্ট্ৰৰ মাজৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহায় সহযোগিতা আৰু বন্ধুত্ব, অৰ্থনৈতিক সম্পৰ্কক সবল কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে আৰু আলোচনা কৰে। বৰ্তমান এনেদৰে দুয়ো ৰাষ্ট্ৰৰ মাজত পাৰস্পৰ এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছে আৰু বৰ্তি আছে। এই সম্পৰ্কৰ পৰিৱৰ্তনৰ মূলতে হ'ল পৰস্পৰৰ স্বাৰ্থসিদ্ধি,লাভালাভ আৰু নিৰাপত্তা। কাৰণ ভাৰতো এতিয়া উন্নতিৰ পথত অগ্ৰসৰ হৈছে আৰু দুয়ো ৰাষ্ট্ৰই দুয়োৰে বাবে লাভৱান হৈ পৰিছে।
৫। ভাৰত-আমেৰিকাৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ পূৰ্বতে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক বৰ উন্নত নাছিল। শীতল যুদ্ধৰ কালৰ লৈকে দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক ভাল নাছিল। শীতল যুদ্ধৰ কালছোৱাত ভাৰতৰ ছোভিয়েট সংঘৰ লগতহে এটা ভাল সম্পৰ্ক আছিল। সেই তসময়ত ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দি দুই শক্তি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ পৰা দূৰত্বহে বজাই ৰাখিছিল।
কিন্ত ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব খুজিছিল। ভাৰতৰ এই নীতি আৰু অৰ্থনৈতিক উন্নয়নত আমেৰিকাৰ লগতে বিশ্বৰ বহু দেশ অংশীদাৰ হ'বলৈ আগুৱাই আহিল আৰু এনেদৰে ভাৰত আৰু আমেৰিকাৰ মাজত এক সম্পৰ্কৰ সূত্ৰপাত হয়। সাম্প্ৰতিক কালত দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক স্হাপনৰ ক্ষেত্ৰত দুটা কাৰকে সহায় কৰিছে। সেয়া হ'ল কাৰিকৰী যাত্ৰা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা। ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক গঢ়ি উঠাৰ ক্ষেত্ৰত উল্লেখযোগ্য কথা সমূহ হ'ল-
(ক) ভাৰতে ৰপ্তানি কৰা চফ্টৱেৰৰ শতকৰা ৬৫ ভাগ আমেৰিকাই ক্ৰয় কৰে;
(খ) ব'য়িঙত কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা ৩৫ ভাগ ভাৰতৰ বংশোদ্ভৱ;
(গ) চিলকন উপত্যকাত ৩,০০,০০০ ভাৰতীয়ই কাম কৰে;
(ঘ) শতকৰা ১৫ ভাগ সকলো উচ্চ প্ৰযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।
এনেদৰে শীতল যুদ্ধৰ পিছত ভাৰত আৰু আমেৰিকাৰ মাজত এক ভাল সম্পৰ্ক গঢ়ি উঠে আৰু এই সম্পৰ্ক বৰ্তমান এক মধুৰ সম্পৰ্কৰূপে বৰ্তি আছে। বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক ভ্ৰমণ আৰু আদান প্ৰদান গঢ়ি উঠিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব আৰু ওবামাৰ শাসন কালৰ পৰাই এই সম্পৰ্ক আৰু আদান-প্ৰদানৰ সূচনা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পৰস্পৰ দেশ ভ্ৰমণ কৰিছে আৰু পৰস্পৰ দেশৰ ৰাজনৈতিক ব্যৱস্থা,প্ৰযুক্তি বিদ্যা,উন্নয়ন আদি ক্ষেত্ৰৰ বুজ লৈছে। ২০১৫ চনত ৰাষ্ট্ৰপতি ওবামাই ভাৰত ভ্ৰমণ কৰে আৰু এই ভ্ৰমণতে দুই দেশে পৰস্পৰ মাজত সামৰিক ক্ষেত্ৰত থকা সকলো সংঘাত আৰু প্ৰতিবন্ধকতা দূৰ কৰি সামৰিক আৰু পাৰমাণৱিক সম্পৰ্ক গঢ়িবলৈ চুক্তিবদ্ধ হয়। ২০১৬ চনত দুই ৰাষ্ট্ৰৰ মাজত নিৰাপত্তা চুক্তি সাক্ষৰ হয় যিয়ে চুক্তিৰ অংশীদাৰ ৰূপে ভাৰতক আমেৰিকাৰ পৰা নিৰাপত্তা আৰু প্ৰতিৰক্ষা জনিত সুযোগ সুবিধা আৰু সহায় সহযোগীতা উপভোগ কৰিব পাৰিব।আৰু এই চুক্তিয়ে পিছত ২০১৮ চনত আইন হিচাপে স্বীকৃতি লাভ কৰে। ২০১৭ চনত ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎ কৰে আৰু দুই দেশৰ মাজৰ নিৰাপত্তাৰ দিশতো আৰু অৰ্থনৈতিক সম্পৰ্ক সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়ে। এনেদৰে বৰ্তমান আমেৰিকা আৰু ভাৰতৰ মাজত পাৰস্পৰিক লাভালাভ আৰু স্বাৰ্থ সিদ্ধিৰ ওপৰত ভিত্তি কৰি এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছে। আমেৰিকাইয়ো ভাৰতৰ পৰা বহু দিশত লাভাৱান্বিত হৈ আছে আৰু ভৰতেও আমেৰিকাৰ পৰা বহু দিশত লাভালাভ উপভোগ কৰি আছে বিশেষকৈ নিৰাপত্তা আৰু প্ৰযুক্তিবিদ্যাৰ দিশত।
৬। ভাৰত আৰু আমেৰিকাৰ মাজত থকা দুটা মতৰ মিল আৰু দুটা অমিল আলোচনা কৰা।
উত্তৰঃ ভাৰত আৰু আমেৰিকাৰ মাজত এটা ভাল সম্পৰ্ক থাকিলেও কিন্ত দুই ৰাষ্ট্ৰৰ মাজত মতামত আৰু আদৰ্শ- চিন্তাধাৰাৰ যথেষ্ট অমিল আৰু মিলো আছে। তলত সেইবোৰ আলোচনা কৰা হ'ল-
আমেৰিকা আৰু ভাৰতৰ মাজৰ মিলা মতামত সমূহ হ'ল-
(ক) ভাৰত আৰু আমেৰিকা দুয়োখন ৰাষ্ট্ৰই বিশ্বৰ আটাইতকৈ বৃহৎ আৰু শক্তিশালী গণতন্ত্ৰ। দুয়োখন ৰাষ্ট্ৰই গণতান্ত্ৰিক শাসন ব্যৱস্থা আৰু নীতি-আদৰ্শত বিশ্বাস কৰে আৰু ইয়াৰ পোষকতা কৰে;
(খ) দুয়োখন ৰাষ্ট্ৰই মুক্ত বিশ্ব অৰ্থনীতিক সমৰ্থন কৰে আৰু এই ব্যৱস্থাৰ লগত জড়িত হৈ আছে।
আৰু নিমিলা বা অমিল মতামত সমূহ হ'ল-
(ক) আমেৰিকাই চীনৰ মাজত এটা ভাল সম্পৰ্ক আছে। কিন্ত চীন হ'ল ভাৰতৰ প্ৰধান শত্ৰু সেয়ে ভাৰতে চীনৰ সৈতে কোনো সম্পৰ্ক ৰখা নাই আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহ আৰু আমেৰিকাৰো চীনৰ সৈতে থকা ভাল সম্পৰ্কক সমৰ্থন নকৰে;
(খ) ঠিক কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰতো আমেৰিকাই পাকিস্তানক সমৰ্থন আৰু সামৰিকভাৱে সহায় কৰিছে।এই কথাও ভাৰতে সমৰ্থন নকৰে । ঠিক তেনেদৰে আমেৰিকাৰ শত্ৰুৰাষ্ট্ৰ ৰাছিয়াৰ যি এটা মধুৰ সম্পৰ্ক আছে সেয়া আমেৰিকাই সহ্য নকৰে এই ক্ষেত্ৰত ভাৰতৰ সৈতে একমত নহয়।
উক্ত ধৰণেৰে ভাৰত আৰু আমেৰিকাৰ মাজত বহুতো ক্ষেত্ৰত মতামতৰ মিল আৰু অমিল পৰিলক্ষিত হয়।
৭। আমেৰিকাৰ আধিপত্যৰ পৰা অব্যাহতি পোৱাৰ বিভিন্ন উপায়সমূহ কি কি?
উত্তৰঃ আমেৰিকাৰ আধিপত্য অৰ্থনৈতিক,সামাজিক, সাংস্কৃতিক,শিক্ষা আদি সকলো দিশৰ পৰাই সমগ্ৰ বিশ্ব জুৰি ব্যাপ্ত হৈ আছে। বৰ্তমানলৈকে বিশ্বত এনে ৰাষ্ট্ৰ নাই যি শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আৰু ইয়াৰ আধিপত্যৰ অন্ত কৰিব পাৰিব। আমেৰিকা বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে বৰ্তি আছে যাক কোনেও পৰাভূত কৰিব নোৱাৰে। কিন্ত তথাপি ইয়াক পৰাস্ত কৰাটো একেবাৰে অসম্ভৱো নহয়। এনে কিছুমান উপায় আছে যাৰ দ্বাৰা আমি আমেৰিকাৰ আধিপত্যক ধ্বংস কৰি ইয়াৰ পৰা অব্যাহতি পাব পাৰিম। তলত সেই উপায় সমূহ উল্লেখ কৰা হ'ল-
(ক) এচাম লোকৰ মতে আমেৰিকাৰ নেতৃত্ব বা আধিপত্যৰ লগত ফেৰ মৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ আধিপত্যক হ্ৰাস কৰাৰ ক্ষেত্ৰত বে-চৰকাৰী সন্থাসমূহ হৈছে এক উত্তম উপায়। আমেৰিকাৰ আধিপত্যৰ লগত ফেৰ মৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বে-চৰকাৰী সন্থাসমূহ আগুৱাই আহিব লাগিব সামাজিক জাগৰণ আৰু জনমতৰ জৰিয়তে।এই সন্থাবোৰ উদ্ভৱ হ'ব পাৰে কিছুসংখ্যক প্ৰচাৰ মাধ্যম, বুদ্ধিজীৱী, শিল্পী, লিখকৰ জৰিয়তে।এই বিভিন্ন সন্থাবোৰে একত্ৰিত হৈ দেশৰ সীমা অতিক্ৰম কৰি আমেৰিকাকো সামৰি সংগঠিত হৈ আমেৰিকাৰ আধিপত্যৰ নীতিক সমালোচনা আৰু বাধা দিব লাগিব।
(খ) বৰ্তমান বিশ্বখন এখন গাওঁলৈ ৰূপান্তৰিত হৈছে আৰু প্ৰতিখন ৰাষ্ট্ৰ ওচৰ-চুবুৰীয়া সদৃশ। আৰু এই গাওঁৰ একক শক্তি আমেৰিকাক গাওঁবুঢ়া বুলি আমি ধৰি ল'ব পাৰো। গতিকে এখন গাওঁৰ মুখিয়াল গাওঁবুঢ়াই যদি অনৈতিক আৰু অন্যায় কাম কৰে তেখেতক সমগ্ৰ চুবুৰীয়াই বাধা দিয়ে। ঠিক বিশ্ব গাওঁত মুখিয়াল স্বৰূপ আমেৰিকাৰ অনৈতিক কাৰ্য আৰু আধিপত্যক সকলো ৰাষ্ট্ৰ একত্ৰিত হৈ বাধা দিব লাগিব।
(গ) তদুপৰি সকলো ৰাষ্ট্ৰই আমেৰিকাৰ সহায়ৰ ওপৰত নিৰ্ভৰ নকৰি ইয়াৰ আধিপত্যৰ পৰা অব্যাহতি পাবলৈ হ'লে অৰ্থনৈতিক দিশকে আদি কৰি স্বনিৰ্ভৰশীল,স্বউৎপাদনক্ষন হ'ব লাগিব আৰু দেশৰ অৰ্থনীতি সবল কৰি তুলিব লাগিব।
(ঙ) আমেৰিকাই সাংস্কৃতিক দিশৰ পৰাও নিজৰ আধিপত্য সমগ্ৰ বিশ্বজুৰি বিয়পাই ৰাখিছে।সেয়ে আমেৰিকাৰ এই আধিপত্য ৰোধ কৰিবলৈ হ'লে ইয়াৰ পৰা অব্যাহতি পাবলৈ হ'লে আমি আমেৰিকাৰ সংস্কৃতি, খাদ্যাভ্যাস, জীৱন ধাৰণ প্ৰণালী আদিৰ অন্ধ অনুকৰণ নকৰি নিজৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব দিব লাগিব,ইয়াক সবল কৰিব লাগিব আৰু ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব।
উক্ত ধৰণেৰে বহুতো উপায় আছে যাৰ দ্বাৰা আমেৰিকা আধিপত্যৰ পৰা বিশ্বৰ ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ অব্যাহতি লাভ কৰিব পাৰিব।
৮। কঠিন ক্ষমতা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আলোচনা কৰা । আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশ্বৰ বাবে ভাল বুলি ভাবানে ? যুক্তিযুক্তকতা দিয়া ।
উত্তৰঃ
৯। গঠনমূলক ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য আলোচনা কৰা।
উত্তৰঃ গঠনমূলক বা গাঁথনিগত ক্ষমতাৰ আধিপত্য বুলিলে ই প্ৰধানতঃ বিশ্ব অৰ্থনীতিৰ বিশেষ এটা ধাৰাক প্ৰতিনিধিত্ব কৰে। বৰ্তমান আমি সকলোৱে এক মুক্ত বিশ্ব অৰ্থনীতিৰ যুগত বাস কি আছো। এনে অৰ্থনীতি সৃষ্টি আৰু তাক ৰক্ষণাবেক্ষণ দিবৰ বাবে এক প্ৰতিপত্তিশালী শক্তিৰ প্ৰয়োজন।
আমেৰিকা যুক্তৰাষ্ট্ৰই এই গঠনমূলক ক্ষমতা হিচাপে বিশ্বত নিজৰ আধিপত্য বজাই ৰাখিছে। আমেৰিকাই এই অৰ্থত যি আধিপত্য লাভ কৰিছে তাৰ উমান পাব পাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্ব জনতাৰ সমূহীয়া কল্যাণৰ খাতিৰত পালন কৰা ভূমিকাৰ পৰা। এই ক্ষেত্ৰত বিশ্বজোৰা সামাজিক সম্পদৰ কথা উল্লেখ কৰিব পাৰি। এই সামাজিক সম্পদসমূহ হ'ল যেনে বিশুদ্ধ বায়ু আৰু বাট-পথ যাক বিশ্বৰ সকলোৱে একেলগে সমানভাৱে ব্যৱহাৰ কৰিব পাৰে আৰু যাৰ ব্যৱহাৰ এজনে কৰিলে আন জন বঞ্চিত নহয়।
তাৰোপৰি বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত এটা উৎকৃষ্ট উদাহৰণ হ'লযোগাযোগৰ সাগৰীয় পথ। মুক্ত বিশ্ব অৰ্থনীতি মুক্ত সাগৰীয় পথ অবিহনে সম্ভৱ নহয়।আধিপত্যশীল ৰাষ্ট্ৰই সাগৰীয় নীতি-নিয়ম বলৱৎ কৰি আন্তৰ্জাতিক জলপথত মুক্ত জলপথ সুনিৰ্দিষ্ট কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকাই যুক্তৰাষ্ট্ৰই এই আধিপত্য প্ৰতিষ্ঠা কৰিলে আৰু বৰ্তমান লৈকে বৰ্তাই ৰাখিছে।
আন এক সমূহিক সম্পদ হ'ল ইন্টাৰনেট যি আজি এক ভাসমান বিশ্ব সমাজ গঢ়ি তুলিছে । বৰ্তমান সকলোৰে বাবে উপলব্ধ এই ইন্টানেট ব্যৱস্থা আমেৰিকাৰ ১৯৫০ চনতে সূচনা কৰা সামৰিক সামৰিক গৱেষণাৰ ফল। তদুপৰি বৰ্তমান সময়তো ইন্টাৰনেটে নিৰ্ভৰ কৰি অহা বিশ্বজোৰা চেটেলাইট নেটৱৰ্কৰ বহুলাংশ নিয়ন্ত্ৰণ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে।
বৰ্তমান বিশ্বৰ সকলো প্ৰান্ততে সকলো ক্ষেত্ৰতে মাৰ্কিনযুক্তৰাষ্ট্ৰৰ আধিপত্য বিস্তাৰিত হৈ পৰিছে আৰু বৰ্তমান বিশ্ব অৰ্থনীতি তথা প্ৰযুক্তিৰ সকলোবোৰ ক্ষেত্ৰতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপস্থিতি বিদ্যমান। উল্লেখযোগ্য যে বিশ্ব অৰ্থনীতিৰ ২৮ শতাংশৰ অংশীদাৰ হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰ। তদুপৰি বিশ্ব বাণিজ্যৰ ১৫ শতাংশ আমেৰিকা যুক্তৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে। বিশ্ব অৰ্থনীতিৰ সকলোবিলাক ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী বা ফাৰ্মসমূহে প্ৰথম তিনিটা স্হানৰ কোনো এটা নহয় এটা দখল কৰি ৰাখিছে।এই গঠনমূলক বা গাঁথনিগত ক্ষমতাৰ দ্বাৰাই আমেৰিকাই বৰ্তমান বিশ্ব ৰাজনীতিত নিজ আধিপত্য প্ৰতিষ্ঠা কৰিছে আৰু বিশ্ব অৰ্থনীতিক বিশেষ ধৰণে গঢ় দিব পাৰিছে। অৰ্থাৎ আমেৰিকাই গঢ়ি তোলা গঠনমূলক আধিপত্যৰ পৰাই আমেৰিকাৰ অৰ্থনৈতিক আধিপত্যৰ উদ্ভৱ হৈছে। তদুপৰি আজিৰ বিশ্ব অৰ্থনীতিৰ আধাৰ নিৰ্মাতা ব্ৰেটন উদছ্ ব্যৱস্থাৰো জন্মদাতা হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। সাম্প্ৰতিক বিশ্ব অৰ্থনীতিত সৰ্বাধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰানিধি (IMF) আৰু বিশ্ব বাণিজ্য সন্থাও (WTO) আমেৰিকা যুক্তৰাষ্ট্ৰৰে সৃষ্ট।
তাৰোপৰি শিক্ষাগত ক্ষেত্ৰতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য উল্লেখ্যযোগ্য। বৰ্তমান বিশ্ব অৰ্থনীতিৰ বাবে আটাইতকৈ উপযোগী বুলি ভৱা ডিগ্ৰী হ'ল ব্যৱসায়িক প্ৰশাসনৰ স্নাতকোত্তৰ ডিগ্ৰী (MBA)।ইয়ো আমেৰিকাৰে সৃষ্ট। অৰ্থাৎ বিশ্বৰ বিদ্যায়তনিক চিন্তাকো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিন্তাই সাংঘাটিকভাৱে প্ৰভাৱান্বিত কৰিছে।
উক্ত ধৰণেৰে গঠনমূলক ক্ষমতা হিচাপে আমেৰিকাই বিশ্বত প্ৰবল আধিপত্য বিস্তাৰ কৰি আছে। যাক প্ৰতিসত কৰাটো বিশ্বৰ সকলো ৰাষ্ট্ৰৰ বাবে প্ৰায় অসম্ভৱ।
১০। আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি? প্ৰত্যেকৰে উদাহৰণ দিয়া।
উত্তৰঃ (ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য:- অনমনীয় ক্ষমতাৰ বুলিলে অদম্য সামৰিক শক্তিক বুজাই যাৰ দ্বাৰা এখন ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ ওপৰত নিজৰ আধিপত্য আৰু নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে ।
(খ) গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য:- এই আধিপত্যই প্ৰধানতঃ বিশ্ব অৰ্থনীতিৰ বিশেষ এটা ধাৰাক প্ৰতিনিধিত্ব কৰে যাক মুক্ত বিশ্ব অৰ্থনীতি বুলি জনা যায় ।
(গ) নৰম ক্ষমতা হিচাপ আধিপত্য:- এই আধিপত্যই কোনো ৰাষ্ট্ৰৰ আদৰ্শগত আৰু সাংস্কৃতিক আধিপত্যৰ কথা বুজাই।
উক্ত প্ৰকাৰ সমূহৰ উদাহৰণ সমূহ হ’ল-
(ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য:- ইয়াৰ উদাহৰণ সমূহ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, জাৰ্মানী, জাপান, ফ্ৰান্স, ইজৰাইল আদি ৰাষ্ট্ৰ।
( খ) গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য:- ইয়াৰ উদাহৰণ সমূহ হ'ল আমেৰিকা, চীন, ইংলেণ্ড,ৰাছিয়া, ফ্ৰান্স আদি।
(গ) নৰম ক্ষমতা হিচাপে আধিপত্য:- ইয়াৰ উদাহৰণ সমূহ হ'ল আমেৰিকা, ইংলেণ্ড,ফ্ৰান্স, জাৰ্মানী, জাপান, কানাডা, চুইডেন, চুইজাৰলেণ্ড, নেডাৰলেণ্ড ,অষ্ট্ৰেলীয়া আদি।
১১। কঠোৰ ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ কঠোৰ বা অনমনীয় ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য সমগ্ৰ বিশ্বজুৰি বিয়পি আছে। কঠোৰ ক্ষমতাৰ হিচাপে আধিপত্য বুলিলে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক ক্ষমতাই নিৰ্ণয় কৰি দিয়া এক সম্পৰ্কক সূচায় য'ত প্ৰতিপত্তিশীল ৰাষ্ট্ৰ এখনে সামৰিক ক্ষমতাৰ জৰিয়তে আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। অৰ্থাৎ সামৰিক শক্তিৰে নিজৰ আধিপত্য চলোৱা ৰাষ্ট্ৰখন সামৰিক ভাৱে অতন্ত্য শক্তিশালী হ'ব লাগিব।
বৰ্তমান বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ অদম্য সামৰিক শক্তি আৰু প্ৰতিপত্তিৰ জৰিয়তে বিশ্বত এই ধৰণৰ এক আধিপত্য গঢ়ি তুলিছে। এনে সামৰিক আধিপত্যৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত নিজৰ সিদ্ধান্ত আৰু মতামত আনৰ ওপৰত জাপি দিবলৈ বিচাৰে। সেয়ে বতৰ্মান মাৰ্কিন যুক্তৰাষ্ট্ৰই চলাই প্ৰতিপত্তিৰ মূলতে আছে ইয়াৰ অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। আমেৰিকাৰ এই সামৰিক আধিপত্যৰ চৰিত্ৰ দুই ধৰণৰ- চূড়ান্ত আৰু আপেক্ষিক। চূড়ান্ত আধিপত্য বুলিলে ইয়াকে বুজাই যে মাৰ্কিন যুক্তৰাষ্ট্ৰ নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে আৰু প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণতে অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে, ধ্বংসলীলা চলাব পাৰে। তাৰোপৰি এনে এক ক্ষমতাৰ আধিপত্যৰ বলেৰে আমেৰিকা যুক্তৰাষ্ট্ৰই শত্ৰু শিবিৰক সন্ত্ৰস্ত কৰি ৰাখে আৰু নিজৰ সামৰিক বাহিনীক পৰ্যাপ্ত পৰিমাণে সুৰক্ষিত কৰি ৰাখে।
আমেৰিকা যুক্ৰৰাষ্ট্ৰৰ সামৰিক শক্তি ইমান ভয়াবহ আৰু সামৰ্থ্যবান যে বিশ্বৰ কোনো শক্তিয়ে কোনো ৰাষ্ট্ৰই ইয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে আৰু ইয়াৰ আধিপত্যক প্ৰতিহত কৰিব নোৱাৰে। আমেৰিকাই এক বৃহৎ পৰিমাণৰ ধন কেৱল সামৰিক ক্ষেত্ৰৰ উন্নয়ন, প্ৰতিৰক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতে ব্যয় কৰে। এইদৰে নিজৰ অপৰিসীম সামৰিক শক্তিৰ জৰিয়তে আমেৰিকাই বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে আৰু শীতল যুদ্ধৰ অন্তৰ পিছৰ পৰা বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে বৰ্তি আছে। সেয়ে বিশ্বৰ অধিক সংখ্যক ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ লগত দূৰত্ব আৰু শত্ৰুতা ৰখাতকৈ বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে।
১২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
১৩। নম্ৰ ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য চমুকৈ লিখা।
উত্তৰঃ নম্ৰ বা নৰম ক্ষমতা হিচাপও আমেৰিকাই সমগ্ৰ বিশ্বতে নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাখিছে । কাৰণ কেৱল সামৰিক আৰু আৰ্থিক ক্ষমতাৰে এখন ৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰা নিজৰ আধিপত্য দীৰ্ঘ কালৰ বাবে ধৰি ৰাখিব বা বৰ্তাই ৰাখিব নোৱাৰে। এই আধিপত্য বৰ্তি থাকিবৰ বাবে তাক আদৰ্শগত আৰু সাংস্কৃতিকভাৱে বৈধ বুলি প্ৰতিপন্ন কৰিব পাৰিব লাগিব। যি সকল লোক বা ৰাষ্ট্ৰৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰা হৈছে তেওঁলোকে তাক স্বীকৃতি আৰু সন্মতি প্ৰদান কৰিব লাগিব। সেয়ে আধিপত্য তেতিয়াহে প্ৰতিষ্ঠা কৰিব পৰা যায় যেতিয়া যেতিয়া প্ৰতিপত্তিশালী শ্ৰণীটোৱে বশীভূত কৰি ৰাখিব পৰা শ্ৰেণীটোৰ পৰা এক ধৰণৰ সন্মতি লাভ কৰিব পাৰিব।
আধিপত্য যিহেতু কেৱল সামৰিক আৰু আৰ্থিক শক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰিব পৰা নাযায় তাৰ বাবে সাংস্কৃতিক আৰু ৰাজনৈতিক আনুগত্যৰ প্ৰয়োজন সেয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বত নিজৰ আধিপত্যৰ বাবে কেৱল সামৰিক আৰু অৰ্থনৈতিক প্ৰতিপত্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। ই সমগ্ৰ বিশ্বত সাংস্কৃতিক আধিপত্য প্ৰতিষ্ঠাৰ বাবেও চেষ্টা কৰি আহিছে। আমেৰিকাই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত এক প্ৰকাৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে আৰু মাৰ্কিন চিন্তা আৰু আদৰ্শ সকলোৰে বাবে মংগলজনক বুলি প্ৰতিপন্ন কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত।
সেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ সাংস্কৃতিকভাৱও আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। তাৰ আধাৰতেই ই বিশ্বজোৰা আধিপত্য প্ৰতিষ্ঠা কৰিবৰ বাবে সক্ষম হৈছে, কেৱল সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ আধাৰত নহয়। আজি বিশ্বত সকলোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ জীৱন ধাৰণ প্ৰণালী, খাদ্যাভ্যাস, সাজ পোছাক, উন্নয়নৰ শৈলী অনুকৰণ কৰে। বহু লোকৰ বাবে আমেৰিকাত বসবাস কৰা আৰু চাকৰি কৰাটো এটা সপোন। এনেদৰে নম্ৰ ক্ষমতা হিচাপও আমেৰিকাই বিশ্বৰ প্ৰান্তে প্ৰান্তে নিজৰ আধিপত্য এনেদৰে শিপাই ৰাখিছে যাক প্ৰতিহত কৰাতো আৰু যাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সামৰ্থ্য বিশ্বত কোনো ৰাষ্ট্ৰ বা শক্তিৰ বৰ্তমানৰ লৈকে নাই।
১৪। আধিপত্য সম্পৰ্কে ইতিহাসে আমাক কি শিক্ষা দিয়ে ?
উত্তৰঃ আধিপত্য ধাৰণাটো নতুন নহয়। ইতিহাসে আমাক আধিপত্যৰ ধাৰণাৰ বিষয়ে দৰ্শাই আহিছে অথাৎ আমি ইতিহাসত আধিপত্যৰ বিষয়ে উল্লেখ পাওঁ। আধিপত্য শব্দৰ মূল বিচাৰি পোৱা যায় প্ৰাচীন গ্ৰীক সমাজত। প্ৰাচীন গ্ৰীচত এথেন্সে অন্য নগৰ-ৰাষ্ট্ৰসমূহৰ ওপৰত চলোৱা কতৃৰ্ত্বক বুজাবৰ বাবেই এই শব্দটো প্ৰয়োগ কৰা হৈছিল। সেয়েহে আধিপত্য বুলিলে প্ৰথমতেই আচলতে বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক ক্ষমতাই নিৰ্ণয় কৰি দিয়া এক সম্পৰ্কক সূচায় য'ত প্ৰতিপত্তিশীল ৰাষ্ট্ৰখনে সামৰিক ক্ষমতাৰ জৰিয়তে আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। অতীতত এই শব্দটোৰে দেশৰ মাজৰ সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভৰসাম্য বুজাইছিল। তাৰোপৰি ইতিহাসে কয় যে আন্তৰ্জাতিক ৰাজনীতিত আধিপত্য কৰ্তনৰ বাবে কোনো আনুষ্ঠানিক ব্যৱস্থা নাই। আন্তৰ্জাতিক ৰাজনীতিত ৰাষ্ট্ৰসমূহক নিয়ন্ত্ৰণ কৰিবৰ বাবে কোনো আন্তৰ্জাতিক সংগঠন নাই। গতিকে আন্তৰ্জাতিক ৰাজনীতি চৰকাৰ বিহীন ৰাজনীতি য'ত ৰাষ্ট্ৰসমূহে নিজ ইচ্ছামতে কাৰ্য কৰে আৰু শক্তিশালী ৰাষ্ট্ৰসমূহে দুৰ্বল ৰাষ্ট্ৰসমূহৰ ওপৰত আধিপত্য চলায়। কিন্ত ইতিহাসে এই কথাও কয় যে কোনো ৰাষ্ট্ৰৰ আধিপত্য চিৰস্থায়ী নহয়।ইয়াৰ অৱসানো হ'ব পাৰে ।সেয়ে আধিপত্য দৰ্শোৱা শক্তিশালী ৰাষ্ট্ৰসমূহে নিজৰ আধিপত্যৰ বৰ্তাই ৰাখিবৰ বাবে অনবৰতে চেষ্টা চলাই থাকে।
১৫। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
১৬। প্ৰভুত্ব অথবা আধিপত্য কেই প্ৰকাৰৰ ? প্ৰত্যেকৰে দিয়া ।
উত্তৰঃ
চমুটোকাঃ
১। প্ৰথম উপসাগৰীয়া যুদ্ধক মৰুভূমিৰ ধুমুহা অভিযান বুলিও জনা যায় । (হয় নে নহয় লিখা)
উত্তৰঃ
২। ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ সম্পৰ্কৰ ওপৰত এটা চমু টোকা লিখা ।
উত্তৰঃ শীতল যুদ্ধৰ কালৰ লৈকে ভাৰত আৰু আমেৰিকাৰ মাজত বৰ বিশেষ এটা সম্পৰ্ক নাছিল। সেই সময়ৰলৈকে ভাৰতৰ ছোভিয়েট ৰাছিয়াৰ সৈতেহে এটা মধুৰ সম্পৰ্ক বৰ্তি আছিল। কিন্ত ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰতে মুক্ত বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব বিচাৰিলে। ভাৰতৰ এই নীতি আৰু অৰ্থনৈতিক উন্নয়নত আমেৰিকাকে ধৰি বিশ্বৰ বহুবিলাক দেশে ভাৰতৰ লগত অৰ্থনৈতিক উন্নয়নৰ অংশীদাৰ হ'বলৈ আগুৱাই আহিল। এনেদৰে আমেৰিকা আৰু ভাৰতৰ মাজত লাহেকৈ এটা সম্পৰ্ক গঢ়ি উঠিল।
বৰ্তমান সময়ত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক স্হাপনৰ ক্ষেত্ৰত সহায় কৰিছে। সেইয়া হ'ল কাৰিকৰী যাত্ৰা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত কেইটামান মন কৰিব লগা কথা হ'ল:-
(ক) ভাৰতে ৰপ্তানি কৰা চফ্ট ওৱেৰৰ শতকৰা ৬৫ ভাগ আমেৰিকাই ক্ৰয় কৰে।
(খ) ব'য়িঙত কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা ৩৫ ভাগ ভাৰতৰ বংশোদ্ভৱ।
(গ) চিলকন উপত্যকাত ৩,০০,০০০ ভাৰতীয়ই কাম কৰে।
(ঘ) শতকৰা ১৫ ভাগ সকলো উচ্চ প্ৰযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।
শীতল যুদ্ধৰ সময়ৰ লৈকে যদিও ভাৰত আৰু আমেৰিকাৰ মাজত এটা ভাল সম্পৰ্ক নাছিল কিন্ত শীতল যুদ্ধৰ পিছত এই সম্পৰ্কৰ উন্নতি হয় আৰু বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত এক যথেষ্ঠ মধুৰ সম্পৰ্ক বৰ্তি আছে। দুই ৰাষ্ট্ৰৰ মাজত যথেষ্ট আদান -প্ৰদান গঢ়ি উঠিছে। দুই ৰাষ্ট্ৰৰ মাজত পৰস্পৰ ভ্ৰমণো বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব আৰু ওবামাৰ শাসন কালৰ পৰাই দুই ৰাষ্ট্ৰৰ মাজত এক ভাল সম্পৰ্ক গঢ়ি উঠিছে। ২০১৫ চনত ৰাষ্ট্ৰপতি ওবামাই ভাৰতলৈ আহে আৰু তেতিয়াই দুয়ো ৰাষ্ট্ৰৰ মাজত সামৰিক আৰু পাৰমাণৱিক চুক্তি স্বাক্ষৰৰ পথ প্ৰসস্ত কৰা হয়। তদুপৰি ২০১৬ চনত দুই ৰাষ্ট্ৰৰ মাজত এক নিৰাপত্তা চুক্তি স্বাক্ষৰিত কৰা হয় যিয়ে ভাৰতক এই চুক্তিৰ অংশীদাৰ হিচাপে আমেৰিকাৰ পৰা নিৰাপত্তা আৰু প্ৰতিৰক্ষাজনিত কিছুমান সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই চুক্তিয়ে পিছত আইন হিচাপে স্বীকৃতি লাভ কৰে। ২০১৭ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎ কৰে আৰু দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ উন্নতি আৰু সবলীকৰণৰ বাবে বহু দিশত গুৰুত্ব দিয়ে আৰু আলোচনা কৰে যেনে- নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগীতা আৰু বন্ধুত্ব আৰু অৰ্থনৈতিক সম্পৰ্কৰ সবলীকৰণ আদি। এইদৰে আমেৰিকা আৰু ভাৰতৰ মাজত বৰ্তমান এক উন্নত সম্পৰ্ক বৰ্তি আছে।
৩। আমেৰিকাৰ আধিপত্যৰ আৰম্ভণিৰ বিষয়ে কি জানা চমুকৈ লিখা।
উত্তৰঃ শীতল যুদ্ধৰ পূৰ্বতেও আমেৰিকা যুক্তৰাষ্ট্ৰ সকলো দিশৰ পৰা এখন অত্যন্ত শক্তিশালী ৰাষ্ট্ৰ আছিল আৰু ইয়াৰ আধিপত্য বিশ্বত। কিন্ত সমগ্ৰ বিশ্বত ইয়াৰ আধিপত্য নাছিল আৰু ই বৰ্তমানৰ দৰে বিশ্বৰ একক শক্তিশালী ৰাষ্ট্ৰ নাছিল। কাৰণ আমেৰিকাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অন্য এক শক্তিশালী পক্ষ বিশ্বত উপস্থিত আছিল সেইয়া হ'ল ছোভিয়েট সংঘ । দুই দুয়ো পক্ষৰ সমানে থিয় দিছিল।
কিন্ত ১৯৯১ চনত ছোভিয়েট সংঘৰ পতন পিছত আৰু শীতল যুদ্ধৰ সমাপ্তিৰ পিছত আমেৰিকা বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ই পূৰ্বতকৈয়ো অধিক শক্তিশালী হৈ উঠে। অৰ্থাৎ বিশ্ব ৰাজনীতিত আমেৰিকা সুক্তৰাষ্ট্ৰৰ আধিপত্য বা প্ৰভুত্ব আৰম্ভ হয় ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত। ১৯৯০ চনত ইৰাকে কুৱেইট আক্ৰমণ কৰে আৰু লাহেকৈ কুৱেইট দখল কৰি ইয়াৰ অধীনস্হ কৰি তোলে। এই জটিল সন্ধিক্ষণত ৰাষ্ট্ৰসংঘই সমগ্ৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰথমে ইৰাকৰ সৈতে বিভিন্ন পৰ্যায়ত আলোচনা আৰম্ভ কৰে। কিন্ত এই কূটনৈতিক কৌশলে কোনো ফল নধৰাত ৰাষ্ট্ৰসংঘই শক্তি প্ৰয়োগৰে কুৱেইট উদ্ধাৰৰ পদ্ধতিৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হয়। এই যুদ্ধত ৩৪ খন দেশৰ সন্মিলিত ৬৬০,০০০ সৈন্যই অংশগ্ৰহণ কৰে আৰু ইৰাকক পৰাভূত কৰে।এই অভিযান ৰাষ্ট্ৰসংঘৰ নামত চলিলেও ইয়াক আচলতে নেতৃত্ব দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু সৈন্যবাহিনীৰ ৭৫ শতাংশ আছিল আমেৰিকাৰ। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা কাৰিকৰী পাৰদৰ্শিতাই এটাই প্ৰমাণ কৰে যে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পৃথিৱীৰ অন্য দেশবোৰৰ সামৰিক সামৰ্থ্যৰ মাজত বৃহৎ ব্যৱধান আছে। উন্নত প্ৰযুক্তি আৰু কাৰিকৰী কৌশলৰ আধাৰত আমৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ব্যৱস্থা অত্যন্ত আগবঢ়া আৰু বিশ্বৰ অন্য কোনো দেশে ইয়াৰ লগত ফেৰ মাৰিব পৰা অৱস্থাত নাই।
ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ শাসন কালতো বিভিন্ন গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল। ১৯৯৮ চনত কেনিয়াৰ নাইৰোবি আৰু তানজানিয়াৰ ডাৰ-ঈ-চালামত থকা মাৰ্কিন দূতাবাসৰ ওপৰত বোমাবৰ্ষণৰ ঘটনা সংঘটিত হয়। এই বোমাবৰ্ষণ কাণ্ড “অল-কায়দা” সন্ত্ৰাসবাদী সংঘঠনৰ বুলি ধাৰণা কৰা হয়। এই ঘটনাৰ পিছত ক্লিন্টন প্ৰশাসনে চুডান আৰু আফগানিস্তানত থকা “অল-কায়দা”ৰ ঘাটিৰ ওপৰত ক্ৰুইজ্ মিছাইলেৰে আক্ৰমণ কৰে। আনকি এই আক্ৰমণ বাবে ক্লিন্টন প্ৰশাসনে ৰাষ্ট্ৰসংঘৰ অনুমোদনো লাভ কৰা নাছিল।
২০০১ চনত আমেৰিকাৰ নিউইয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰত আৰু এৰিংটন ভাৰ্জিনিয়াত অৱস্থিত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ হয় আৰু ইয়াত আমেৰিকাৰ বহু ক্ষতি হয়। এই ঘটনাৰ প্ৰতি আমেৰিকাৰ প্ৰত্যুত্তৰ আছিল দ্ৰুত আৰু অতি নিষ্ঠুৰ। আমেৰিকাৰ সেনাবাহিনীয়ে সমগ্ৰ বিশ্বত আনকি সংশ্লিষ্ট ৰাষ্ট্ৰক নজনোৱাকৈ কিছুমান ব্যক্তিক বন্দী কৰিছিল আৰু অন্য দেশলৈ স্হানান্তৰ কৰি কোনো গুপ্ত স্হানত বন্দী কৰি ৰাখিছিল। কিছুমানক কিউবাত থকা আমেৰিকাৰ নৌ-বাহৰৰ গুৱান্টানামো উপকূলত ৰখা হৈছিল য'ত বন্দীসকলে আন্তৰ্জাতিক আইনৰ ৰক্ষণাবেক্ষণ পাবলৈ সমৰ্থ নহয়। আনকি ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিসকলো এই বন্দীসকলক লগ ধৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। এনেদৰে বিশ্বত আমেৰিকাৰ আধিপত্য আৰম্ভণি ঘটে আৰু বৃদ্ধি পায়।
৪। আধিপত্য কথাষাৰ ব্যখ্যা কৰা।
উত্তৰঃ সৰল অৰ্থত আধিপত্যৰ অৰ্থ হ'ল কোনো এখন ৰাষ্ট্ৰই আহৰণ কৰা নেতৃত্ব প্ৰদানকাৰী আৰু আনক বশীভূত কৰি ৰাখিব পৰা ক্ষমতা। অৰ্থাৎ আধিপত্য হ'ল এখন ৰাষ্ট্ৰৰ সেই ক্ষমতা যাৰ জৰিয়তে ই আন ৰাষ্ট্ৰৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি নিজৰ অধিনত ৰাখিব পাৰে আৰু সেই ক্ষমতা বাহাল ৰাখিবলৈ সেই ৰাষ্ট্ৰখনে সদায় আপ্ৰাণ চেষ্টা কৰে।
এজন ব্যক্তিয়ে যেনেকৈ ক্ষমতা লাভ কৰি তাক সদায় ধৰি ৰাখিব বিচাৰে ঠিক তেনেদৰে বিশ্ব ৰাজনীতিত কিছুমান ৰাষ্ট্ৰই ক্ষমতা অৰ্জন আৰু তাক বৰ্তাই ৰাখিবৰ বাবে অনবৰত চেষ্টা চলাই থাকে। এই ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে বল প্ৰয়োগ কৰিবলৈ কুন্ঠাবোধ নকৰে। এই ক্ষমতা হ'ল সামৰিক আধিপত্য, অৰ্থনৈতিক ক্ষমতা, ৰাজনৈতিক চলনা আৰু সাংস্কৃতিক শ্ৰেষ্ঠতা। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষমতাৰ ভূমিকাই মুখ্যতঃ ৰাজনৈতিক ক্ৰিয়া-কলাপক নিয়ন্ত্ৰণ কৰে। স্বাৰ্থসিদ্ধিৰ বাবে ৰাষ্ট্ৰসমূহে অধিক ক্ষমতা আহৰণ কৰিব বিচাৰে আৰু ইয়াৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ প্ৰতিপক্ষক পৰাভূত কৰি নিজৰ স্হিতি শক্তিশালী কৰে। উদাহৰণস্বৰূপে শীতল যুদ্ধৰ কালত সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহ দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল- সমাজবাদী ছোভিয়েট সংঘ আৰু পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ। এই দুই ৰাষ্ট্ৰ মাজত বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে ক্ষমতাৰ প্ৰতিযোগিতাৰ আৰম্ভ হয়। কিন্ত ছোভিয়েট সংঘৰ পিছত বিশ্বত কেৱল এটা মহাশক্তি বৰ্তি আছিল সেইয়া হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যাৰ ক্ষমতা আৰু প্ৰভাৱ বৰ্তমানো সমগ্ৰ বিশ্বত প্ৰসাৰিত হৈ আছে। এই ক্ষমতাই হৈছে আধিপত্য। বিশ্বত বৰ্তমান আমেৰিকাই বৰ্তমান লৈকে একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈ আছে । আমেৰিকাই অৰ্থনৈতিক, সাংস্কৃতিক,সামৰিক আদি সকলো দিশতে সমগ্ৰ বিশ্বত নিজৰ আধিপত্য গভীৰভাৱে বিস্তাৰ কৰি ৰাখিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ক্ষমতাৰ এই আধিপত্যক প্ৰতিহত কৰাৰ সামৰ্থ্য আৰু ক্ষমতা বৰ্তমানলৈকে বিশ্বৰ কোনো শক্তিৰে বা ৰাষ্ট্ৰৰে নাই। সেইয়ে আধিপত্য হ'ল এখন ৰাষ্ট্ৰৰ বিশ্বত প্ৰতিষ্ঠিত আৰু বিস্তাৰিত অদম্য ক্ষমতা যাৰ জৰিয়তে সেই ৰাষ্ট্ৰই বিশ্বৰ ৰাষ্ট্ৰসমূহ ওপৰত নিজৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰিব পাৰে।
৫। প্ৰথম উপসাগৰীয় যুদ্ধৰ দুটা কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৯০ চনত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে যি আৰম্ভ হয় সেই যুদ্ধকে আন্তৰ্জাতিক ৰাজনীতিত প্ৰথম উপসাগৰীয় যুদ্ধ হিচাপে জনা যায়। এই প্ৰথম উপসাগৰীয় যুদ্ধ সংঘাটিত হোৱাৰ অন্তৰালত বহুতো কাৰণ আছে। তাৰে ভিতৰৰ দুটা তলত ব্যাখ্যা কৰা হ'ল-
(ক) প্ৰথম উপসাগৰীয় যুদ্ধৰ মূল কাৰণটোৱে আছিল ১৯৯০ চনৰ ইৰাকৰ কুৱেইট আক্ৰমণ কৰে আৰু দখল কৰি নিজৰ অধিনস্হ কৰে। এই জটিল সন্ধিক্ষণত ৰাষ্ট্ৰসংঘই গোটেই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে প্ৰথমে ইৰাকৰ সৈতে বিভিন্ন পৰ্যায়ত আলোচনা আৰম্ভ কৰে। কিন্ত এই কূটনৈতিক কৌশলে কোনো ফল নিদিয়াত ৰাষ্ট্ৰসংঘই শক্তি প্ৰয়োগেৰে কুৱেইট উদ্ধাৰৰ পদ্ধতিৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু অৱশেষত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে যুদ্ধ ষোষণা আৰু তাক পৰাভূত কৰে।
(খ) তাৰোপৰি এই যুদ্ধ সংঘাটিত হোৱাৰ অন্য এটা মূল কাৰণ হ'ল ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুচেইনৰ একনায়কত্ববাদ বা একচিতীয়া শাসন আৰু ইৰাকৰ চুবুৰীয়া ৰাষ্ট্ৰৰ ওপৰত দীৰ্ঘদিনৰ পৰা কৰি অহা সমস্যা সৃষ্টি। এই দুই সমস্যাৰ ইৰাকৰ জনসাধাৰণক আৰু চুবুৰীয়া ৰাষ্ট্ৰক মুক্ত কৰিবৰ বাবে ৰাষ্ট্ৰসংঘৰ নেতৃত্বত এই যুদ্ধ সংঘাটিত কৰি তাক ইৰাকৰ হুচেইনৰ চৰকাৰ আৰু শাসনৰ অন্ত কৰা হয়।
এনেদৰে প্ৰথম উপসাগৰীয় যুদ্ধ সংঘটিত হোৱাৰ অন্তৰালত বহু কেইটা কাৰণ অন্তৰ্নিহিত হৈ আছিল।
৬। ৯/১১ ঘটনা কি আছিল? আমেৰিকাই ইয়াক কেনে ধৰণেৰে গ্ৰহণ কৰিছিল?
উত্তৰঃ ৯/১১ ঘটনা বুলিলে ২০০১ চনত আমেৰিকাত সংঘাটিত সন্ত্ৰাসবাদী কাৰ্যকলাপক বুজাই। ২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে আৰৱৰ বিভিন্ন দেশৰ পৰা অহা ১৯ জন অপহৰণকাৰীয়ে আমেৰিকাৰ চাৰিখন বাণিজ্যিক আকাশী যান নিজৰ কৰায়ত্তলৈ আনি আমেৰিকাৰ গুৰুত্বপূৰ্ণ বঙলা বিলাকত আক্ৰমণ কৰে। ইয়াৰে দুখন যানে নিউইয়ৰ্ক চহৰত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰত বোমা বৰ্ষণ কৰি সমস্ত কেন্দ্ৰটো ধ্বংস কৰে। তৃতীয়খন যানে এৰিংটন ভাৰ্জিনিয়াত থকা আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰধান কাৰ্যালয়ত পেন্টাগনত বোমা বৰ্ষণ কৰে আৰু চতুৰ্থ খন আকাশীযানে আমেৰিকাৰ কংগ্ৰেছ ভৱনত আক্ৰমণৰ বাবে অগ্ৰসৰ হয়। এই আক্ৰমণত প্ৰায় তিনি হাজাৰ লোকৰ মৃত্যু হয় আৰু বহু লোক আহত হয়।
আমেৰিকাই এই আক্ৰমণক সহজভাৱে গ্ৰহণ কৰা নাছিল কাৰণ এই আক্ৰমণ আছিল অতি ভয়াবহ আৰু বিধ্বংসী। আমেৰিকাৰ ইয়াৰ বাবে অত্যন্ত ক্ষতিগ্ৰস্হ হয়। সেয়ে এই ঘটনাৰ প্ৰতি আমেৰিকাৰ প্ৰত্যুত্তৰো আছিল দ্ৰুত আৰু অতি নিষ্ঠুৰ। ক্লিন্টনৰ পাছত প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ. এইচ. ডব্লিউ. বুশ্বৰ পুত্ৰ ডব্লিউ. বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়। তেওঁ ক্লিন্টনতকৈ আমেৰিকাৰ স্বাৰ্থৰক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ আছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ব সংগ্ৰামৰ অংশৰূপে যিবিলাকে এই আক্ৰমণ কৰিছিল, বিশেষকৈ “অল-কাইদা” আৰু আফগানিস্তানৰ তালিবান প্ৰশাসনৰ বিৰুদ্ধে আমেৰিকাই অপাৰেচন এণ্ডৰিং ফ্ৰীডম ঘোষণা কৰিছিল। ইয়াৰ পিছত তালিবান প্ৰশাসনক আমৰিকা যুক্তৰাষ্ট্ৰই সহজে পৰাজিত কৰিলে। এনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৯/১১ ঘটনাৰ প্ৰত্যুত্তৰ দিছিল। তথাপি কিন্ত এই ঘটনাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ বৃহৎ ক্ষতিগ্ৰস্ত হৈছিল।
৭। ভাৰত আৰু আমেৰিকাৰ মাজৰ উত্তেজনাৰ দুটা কাৰণ লিখা।
উত্তৰঃ ভাৰত আৰু আমৰিকাৰ মাজত এক যথেষ্ট ভাল সম্পৰ্ক আছে। দুয়োৰাষ্ট্ৰ মাজত পাৰস্পৰিক আদান প্ৰদান আৰু এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। উভয় ৰাষ্ট্ৰৰ মাজত চিন্তাধাৰা আৰু মতামতৰ যথেষ্ট মিল আছে। তথাপি কিন্ত কিছুমান বিষয় বা ক্ষেত্ৰক লৈ দুয়ো ৰাষ্ট্ৰৰ মাজত মতৰ অমিল, সন্দেহ আৰু উত্তেজনাই বিৰাজ কৰে। তেনে দুটা উত্তেজনাৰ বিষয় বা কাৰণ তলত উল্লেখ কৰা হ'ল-
(ক) পাকিস্তানৰ আৰু চীনৰ সৈতে থকা আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাৰতৰ বাবে এক চিন্তা আৰু উত্তেজনাৰ কাৰণ। যিহেতু পাকিস্তান আৰু চীন দুয়োখন ভাৰতৰ বাবে পূৰ্বৰ পৰাই শত্ৰু ৰাষ্ট্ৰ আৰু পৰস্পৰ মাজত প্ৰায়েই সংঘাতৰ সূচনা হৈয়ে থাকে। কিন্ত আমেৰিকাই এই ক্ষেত্ৰত ভাৰতৰ সৈতে নিৰপেক্ষতা অৱলম্বন কৰে আৰু ভাৰতৰ সৈতে সহমত আৰু সহযোগিতা প্ৰদৰ্শন নকৰে। সেয়ে ই ভাৰতৰ বাবে এক ভয় আৰু উত্তেজনাৰ কাৰণ।
(খ) ঠিক তেনেদৰে ভাৰতৰ ৰাছিয়াৰ সৈতে থকা মধুৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আমেৰিকাৰ বাবে এক চিন্তা আৰু উত্তেজনাৰ কাৰণ। যিহেতু ৰাছিয়া আমেৰিকাৰ প্ৰধান শত্ৰু । আনহাতে ভাৰতৰ ৰাছিয়াৰ সৈতে শীতল যুদ্ধৰ পূৰ্বৰে পৰা এক মধুৰ সম্পৰ্ক বৰ্তি। শীতল যুদ্ধৰ কালছোৱাত যদিও ভাৰতে গোষ্ঠীনিৰপেক্ষতা অৱলম্বন কৰি ৰাছিয়া আৰু আমেৰিকা কোনো গোষ্ঠীতে চামিল হোৱা নাছিল তথাপি সেই সময়তো ভাৰতৰ ৰাছিয়াৰ সৈতে বন্ধুপূৰ্ণ সম্পৰ্ক আছিল আৰু বৰ্তমানো আছে। এই কথা আমেৰিকাই পচন্দ নকৰে। ইয়ে আমেৰিকাৰ বাবে ভয় আৰু উত্তেজনাৰ কাৰণ।
উক্ত ধৰণেৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ উত্তেজনাৰ পৰা বহুতো কাৰণ পৰিলক্ষিত হয়।
৮। ভাৰত আৰু আমেৰিকাৰ মাজৰ অসামৰিক পাৰমাণৱিক সংযোগী চুক্তিৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰত আৰু আমেৰিকাৰ মাজত অসামৰিক পাৰমাণৱিক সংযোগী চুক্তিৰ গাঁঠনিৰ আৰম্ত হৈছিল ২০০৫ চনৰ ১৮ জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ মাজত। এই চুক্তিৰ দুটা বৈশিষ্ট্য হ'ল-
(ক) অসামৰিক পাৰমাণৱিক সংযোগী চুক্তিৰ জৰিয়তে ভাৰতে সকলো অসামৰিক আৰু সামৰিক শক্তি আৰু সুবিধাসমূহক পৃথক কৰি আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সন্থাৰ সুৰক্ষাত সমৰ্পণ বা অন্তৰ্ভুক্ত কৰে।
(খ) এই চুক্তিৰ দ্বাৰাই আমেৰিকাই ভাৰতৰ সৈতে পূৰ্ণ অসামৰিক পাৰমাণৱিক সযোগ বা সহযোগিতাৰে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বা ঐক্যবদ্ধ হয়।
উক্ত ধৰণেৰে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অসামৰিক পাৰমাণৱিক সংযোগী চুক্তিৰ বহুতো বৈশিষ্ট্য আছে।
৯। আমেৰিকাই কিয় ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল?
উত্তৰঃ আমেৰিকাই ২০০৩ চনৰ ১৯ মাৰ্চৰ দিনা অপাৰেচন ইৰাকী ফ্ৰীডম অভিযান চলাই ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। আমেৰিকাৰ ইৰাকৰ বিৰুদ্ধে এই যুদ্ধ বা আক্ৰমণৰ ৰাজহুৱাকৈ ব্যক্ত কৰা মূল কাৰণ বা উদ্দেশ্যটো আছিল ইৰাকক মানৱ ধ্বংসমুখী অস্ত্ৰ-শস্ত্ৰ উৎপাদন কৰাত বাধা দিয়া। কিন্ত বহু লোকৰ মতে এই আক্ৰমণৰ প্ৰকৃত উদ্দেশ্য আছিল অন্য ধৰণৰ। সেয়া হ'ল ইৰাকৰ তৈলভাণ্ডাৰ নিয়ন্ত্ৰণ কৰা আৰু ইৰাকত এখন মৈত্ৰী চৰকাৰ গঠন কৰা। সেয়ে আমেৰিকাই এই উদ্দেশ্য লৈয়ে ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
১০। সমাজে কেনেদৰে আমেৰিকাৰ সামৰিক অভিযানত বাধা আৰোপ কৰিছিল?
উত্তৰঃ দেখাত আমৰিকাৰ জনসাধাৰণে চৰকাৰ বা ৰাষ্ট্ৰপতিক বিনা প্ৰশ্নে সমৰ্থন কৰে। কিন্ত সেইয়া সত্য নহয়। আমেৰিকাৰ জনগণে চৰকাৰৰ বেআইনী আৰু অনুচিত কামক সমালোচনা কৰিব পাৰে আৰু তাক বাধা দিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে দি আহিছে। উদাহৰণস্বৰূপে ভিয়েটনাম যুদ্ধৰ ক্ষেত্ৰত মাৰ্কিন চৰকাৰৰ বিৰুদ্ধে দেশৰ জনসাধাৰণেই আটাইতকৈ দৃঢ়ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাষ্ট্ৰপতি জৰ্জ.ডব্লিউ.বুশ্বৰ ইৰাকী অভিযানৰ বিৰুদ্ধে মাৰ্কিন জনসাধাৰণ সজাগ হৈ উঠিছিল আৰু এই অভিযানক বিভিন্ন ধৰণেৰে সমালোচনা কৰিছিল আৰু প্ৰতিবাদো সাব্যস্ত কৰি বাধা আৰোপ কৰিবলৈ চেষ্টা কৰিছিল । এই অভিযানৰ উদ্দেশ্য আমেৰিকাই ৰাজহুৱা ভাৱে যদিও ইৰাকক মানৱ ধ্বংসমুখী অস্ত্ৰ-শস্ত্ৰ উৎপাদন কৰাত বাধা দিয়া বুলি প্ৰকাশ কৰিছিল। কিন্ত বহু জনগণে এই অভিযানৰ প্ৰকৃত উদ্দেশ্য আমেৰিকাৰ ইৰাকৰ তৈলভাণ্ডাৰ নিয়ন্ত্ৰণ কৰা আৰু ইৰাকৰ এখন মৈত্ৰী চৰকাৰ গঠন কৰা আছিল বুলি সমালোচনা কৰে আৰু বাধা আৰোপ কৰিবলৈ চেষ্টা কৰে।মাৰ্কিন সামৰিক অভিযানৰ পৰিপ্ৰেক্ষিতত দেশৰ বাহিৰত যেতিয়া মাৰ্কিন সৈন্য নিহত হৈছে তাৰ বিৰুদ্ধেও
জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। অৰ্থাৎ জনসাধাৰণে চৰকাৰৰ ওপৰত সৰ্তক দৃষ্টি ৰাখিছে আৰু সেয়েহে চৰকাৰে বিচাৰিলেই য'তে-ত'তে নিজৰ আধিপত্য প্ৰয়োগ কৰিব নোৱাৰে।
এনেদেৰে মাৰ্কিন সমাজে বা জনসাধাৰণে আমেৰিকাৰ সামৰিক অভিযানত বাধা আৰোপ কৰিছিল আৰু বৰ্তমানো চৰকাৰৰ অনুচিত কাৰ্যত বা অভিযানত বাধা আৰোপ কৰি আহিছে।
১১। 'কঠোৰ ক্ষমতা হিচাপে আধিপত্য'ৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
অতি চমু উত্তৰৰ প্ৰশ্ন:-
১। মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবদ্ধকতা লিখা ।
উত্তৰঃ
২। কেতিয়াৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয় আৰু কিয় হৈছিল?
উত্তৰঃ শীতল যুদ্ধৰ অন্তৰ লগে লগে বিশ্বত আমেৰিকাৰ আধিপত্য আৰম্ভ হয়। কাৰণ শীতল যুদ্ধৰ পূৰ্বে আমেৰিকাৰ সৈতে সমানেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এক শক্তি আছিল সেয়া হ'ল ছোভিয়েট সংঘ। কিন্ত শীতল যুদ্ধৰ অন্তৰ লগতে ছোভিয়েট সংঘৰো পতন হয় আৰু তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰই একক শক্তি হিচাপে বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে।
৩। বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্ৰাধান্যই কি বুজায়?
উত্তৰঃ বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্ৰাধান্য বুলিলে সকলো ক্ষেত্ৰতে শক্তিশালী আমেৰিকাৰ বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰসাৰিত হৈ থকা আধিপত্য বা গভীৰ প্ৰভাৱক বুজাই। সেই ক্ষেত্ৰসমূহ হ'ল- সামৰিক ক্ষেত্ৰ, অৰ্থনৈতিক ক্ষেত্ৰ, আদৰ্শ আৰু সাংস্কৃতিক ক্ষেত্ৰ আদি।
৪। ১৯৯৬ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে জয়লাভ কৰিছিল?
উত্তৰ:- ১৯৯৬ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিল ক্লিন্টনে জয়লাভ কৰিছিল।
৫। আমেৰিকাৰ ক্ষমতাৰ ওপৰত থকা এটা প্ৰতিবন্ধকতা উল্লেখ কৰা।
উত্তৰঃ আমেৰিকাৰ ক্ষমতাৰ ওপৰত থকা এটা প্ৰতিবন্ধকতা হ'ল- মাৰ্কিন ৰাষ্ট্ৰ ব্যৱস্থাৰ আনুষ্ঠানিক আৰু সাংবিধানিক গাঁথনি।
৬। কোন চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল?
উত্তৰঃ ১৯৯০ চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল।
৭। “অপাৰেচন ইৰাকী ফ্ৰীড্ৰম” বুলিলে কি বুজা?
উত্তৰঃ “অপাৰেচন ইৰাকী ফ্ৰীড্ৰম” হ'ল ২০০৩ চনৰ ১৯ মাৰ্চৰ দিনা আমেৰিকাৰ সেনাবাহিনীয়ে ইৰাকৰ বিৰুদ্ধে চলোৱা এক অভিযান যাৰ মূল উদ্দেশ্য আছিল ইৰাকক মানৱ ধ্বংসমুখী অস্ত্ৰ-শস্ত্ৰ উৎপাদন কৰাত বাধা দিয়া।
৮। প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰঃ প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল জৰ্জ এইচ. ডব্লিউ. বুশ্ব।
৯। কোন যুদ্ধৰ পৰা আচলতে আমেৰিকা লাভৱান হৈছিল?
উত্তৰঃ শীতল যুদ্ধৰ পৰা আচলতে আমেৰিকা লাভৱান হৈছিল।
১০। আমেৰিকাৰ প্ৰসংগত ৯/১১ কিমান গুৰুত্বপূৰ্ণ?
উত্তৰঃ আমেৰিকাৰ প্ৰসংগত ৯/১১ ৰ ঘটনাক্ৰম যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। কাৰণ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সন্ত্ৰাসবাদীৰ এই আক্ৰমণত আমেৰিকাৰ যথেষ্ট ক্ষয়-ক্ষতি হৈছিল। কাৰণ সন্ত্ৰাসবাদীয়ে আমেৰিকাৰ কিছুমান গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ত আক্ৰমণ কৰিছিল যেনে নিউইয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰ, এৰিংটন ভাৰ্জিনিয়াত অবস্হিত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰধান কাৰ্যালয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ ভৱন আদি।
১১। “ Operation Desert Storm” বুলিলে কি বুজা?
উত্তৰঃ ১৯৯০ চনত ইৰাকে কুৱেইট আক্ৰমণ কৰি নিজৰ অধীনস্হ কৰে । এই জটিল সময়ৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰসংঘই ইৰাকৰ সৈতে আলোচনাৰ আৰম্ভ কৰে কিন্ত এই পদ্ধতিয়ে কোনো ফল নিদিয়াত অৱশেষত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । ৰাষ্ট্ৰৰ সংঘৰ নেতৃত্বত আৰম্ভ হোৱা এই অভিযানৰ নামেই হ'ল “Operation Desert Storm” ।
শুদ্ধ নে অশুদ্ধ লিখা:-
১। আমেৰিকাৰ আধিপত্য ১৯৯১ চনৰ পৰা আৰম্ভ হয়।
উত্তৰ:- শুদ্ধ।
২। প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল বৰাক ওবামা।
উত্তৰ:- অশুদ্ধ।
৩। ৯/১১ ঘটনা ২০০১ চনত সংঘটিত হৈছিল।
উত্তৰঃ শুদ্ধ।
তলত দিয়াবোৰৰ উত্তৰ চিনাক্ত কৰা:-
১। তলত দিয়া কোনটো আমেৰিকাৰ আধিপত্যৰ ফল:
(ক) বিশ্ব বাণিজ্য সন্থা
(খ)ৰাষ্ট্ৰসংঘ
(গ) আন্তৰ্জাতিক শ্ৰমিক সংঘ
(গ) SAARC
উত্তৰ:- (ক) বিশ্ব বাণিজ্য সন্থা।
২। প্ৰথম উপসাগৰীয়া যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল:
(ক) জিমি কাৰ্টাৰ
(খ) বিল ক্লিন্টন
(গ) জৰ্জ এইচ ডব্লিউ বুশ্ব (জ্যেষ্ঠ)
(ঘ) জৰ্জ ডব্লিউ বুশ্ব (কনিষ্ঠ)
উত্তৰঃ (গ) জৰ্জ এইচ ডব্লিউ বুশ্ব (জ্যেষ্ঠ)।
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ লিংকটো ক্লিক কৰক
Nikita Chetia (Charaideo, Assam)
MA in Political Science