পাঠ -৭

অসমৰ পুৰণি খেল-ধেমালি 


 ক) অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। 'বিহু' আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ 'বিহু' আকৌ আহিল গ্ৰন্থখন হেম বৰগোহাঞিয়ে ৰচনা কৰিছিল৷


২। প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ প্ৰথম আহোম ৰজাজনৰ নাম চুকাফা আছিল ৷


৩। ক্ৰীড়া কি?

উত্তৰঃ ক্ৰীড়া হ’ল- এক আনন্দ,শাৰীৰিক আৰু মানসিক ক্ষমতাৰ চূড়ান্ত প্ৰকাশ ৷


৪। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?

উত্তৰঃ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি ছু-চু আখ্যা দিছিল ৷


৫। চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?

উত্তৰঃ চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ,কড়ি খেলৰ প্ৰচলন আছিল ৷


  চমু প্ৰশ্ন (মূল্যাংক-২/৩) 

১। ঢোপ খেলৰ প্ৰচলন ক’ত,কেনেকৈ হৈছিল বৰ্ণনা কৰা ৷

উত্তৰঃ ঢোপ খেলৰ জন্ম ক’ত সেয়া কোনেও ক’ব নোৱাৰে ৷ আহোম যুগতো ইয়াৰ জনপ্ৰিয়তা আছিল ৷ব্ৰিটিছ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল ৷


২। বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ কি কি?

উত্তৰঃ বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ- হাউ খেল,টাংগুটি,ঘিলা খেলা,লুকা-ভাকু,কড়ি খেল,লালী,হাফলা,ৰছী টনা,কুকুৰা যুঁজ,টেকেলি ভঙা,হাতবল ৷


৩। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা৷

উত্তৰঃ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম- ম’হ যুঁজ,বাঘ-ভালুকৰ যুঁজ,হাতী যুঁজ৷


৪। ইণ্ডিজেনাছ গেমছ কোনে, ক’ত,কেতিয়া অনুষ্ঠিত কৰিছিল?

উত্তৰঃ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহ আয়োজন কৰিছিল৷


৫। 'ফুলতী-মালতী’ খেল কিদৰে খেলা হয়,পাঠৰ আধাৰত লিখা৷

উত্তৰঃ 'ফুলতী-মালতী’ খেল ছোৱালীৰ মাজতহে আৱদ্ধ৷এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয় ৷ প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে৷ইয়াৰ পিছত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব ৷ এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ বুলি ধৰা হয়৷


 দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১। আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল?তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল,তাৰ এটি চমু বৰ্ণনা দিয়া৷

উত্তৰঃ আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল৷আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি সাঁতোৰৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল ৷ অৱশ্যে তেওঁ পেভিলিয়নসদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা মোহ প্ৰকাশ কৰিছিল৷তেওঁ ১৫/১৬ হাতৰ শালকাঠৰ খুঁটাৰে নিৰ্মাণ কৰিছিল এই মঞ্চ ৷


২। অসমৰ কড়ি খেলৰ বিষয়ে এটি প্ৰবাদ আছে৷তাৰ এটি চমু বিৱৰণ দিয়া৷

উত্তৰঃ 'কড়িৰ ঢালতে কড়ি নুফুটিলে কপালত দি যাওঁ দুখ৷’ - কড়ি ফুটিলে ভাল, নুফুটিলে কাল ৷ বছৰৰ আৰম্ভণিতে খেলা কড়ি ফুটা মানে ধৰণী সোণালী শইচৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি,অতিবৃষ্টি,বন্যা আদিয়ে আগুৰি ধৰা৷ কড়ি প্ৰজননৰ প্ৰতীক৷ইয়াৰ সহায়ত গুটি গজোৱা আৰু পকোৱা হয় ৷ আদিম সমাজৰ যৌন বিশ্বাসৰ লগতে শস্য সম্পদ বৃদ্ধিৰ ধ্যান-ধাৰণাও কড়ি খেলৰ মাজেদি প্ৰকাশ পায়৷কড়িৰ ঢালখন আই বসুমতীৰ আৰু খেলখন হ’ল কৃষি জীৱনৰ প্ৰতীক ৷ আহোম যুগত অসমত এই খেলৰ জনপ্ৰিয়তা অধিক আছিল ৷


৩। পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰঃ পুৰণি অসমত বিহুৰ সময়ত নৈ,পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল ৷ পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল ৷ ইয়াৰ উপৰিও মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনসাধাৰণৰ মাজত প্ৰচলিত খেল সমূহ হ’ল- হাউ খেল,ঢোপ খেল,টাংগুটি,ঘিলা খেল,লুকা-ভাকু,কড়ি খেল ইত্যাদি ৷


৪। আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি?এই খেল সম্পৰ্কে চমুকৈ লিখা৷

উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ  হ’ল- ম’হ যুঁজ ৷ এই ম’হ যুঁজত কোনো নিৰ্দিষ্ট নীতি-নিয়ম দেখা পোৱা নাযায় যদিও প্ৰতিযোগীতাত বিজয়ী হোৱা ম’হৰ গৰাকীৰ বাবে এই কৃতিত্ব গৌৰৱ আৰু আত্মসন্মানৰ কথা৷এই যুঁজৰ ভালেমান দিন আগৰেপৰা যুঁজাৰু ম’হক কামৰ বোজা কমাই ভালকৈ তত্ত্বাৱধান লোৱা হয় ৷ খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয়৷ম’হ প্ৰতিপালন কৰা ঠাই টুকুৰাত আন মানুহ যোৱাতো বন্ধ কৰি দিয়া হয় ৷ শেষ নিশা ম’হক চৰাবলৈ নিয়া হয় যাতে ম’হে পেট পূৰাই খাব পাৰে ৷ যুঁজৰ দিনা যেতিয়া ম’হ দুটাক যুঁজিব দিয়া হয় ৷ শিঙে শিঙে কৰা যুদ্ধত কোনোবা এটা ম’হ তৰা-নৰা ছিঙি প্ৰাণ ৰক্ষাৰ বাবে পলায় ৷ বাকীথকা ম’হটো জয়ী হয় ৷


৫। ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত?খেলবিধ সম্পৰ্কে চমুকৈ লিখা৷

উত্তৰঃ ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্ৰচলিত ৷ সাধাৰণতে শীতকালত অনুষ্ঠিত হয় ৷ এনে খেলৰ অৰ্থ হ’ল-কোনো বিপত্নীকে কোনো বাৰী তিৰোতাক পত্নীৰূপে অনা৷দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত চাৰিজনৰ পৰা দহজন বা তাতোধিক খেলুৱৈ থাকে ৷ বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয় ৷ খেলৰ সজুঁলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয় ৷ আহল-বহল মুকলি ঠাইত এইবিধ খেল খেলা হৈছিল ৷ এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢমনা আনিব,সেইটো দলেই বিজয়ী হ’ব৷অৰ্থাৎ এটা মূৰৰ পৰা এটা দলে খুব জোৰেৰে ওপৰলৈ দলিয়ালে আনটো দলে ওপৰতে ধৰিব লাগিব৷ইয়াৰ পিছত যিটো দলে প্ৰথমে বলটো ধৰে তেওঁ মধ্যবৃত্ত এটাত থিয় হৈ থাকি৷আনহাতে,অন্য দলৰ বল শূন্যত ধৰা খেলুৱৈজনে বলটো মধ্যবৃত্তত থকা খেলুৱৈজনলৈ দলিয়ায়৷এই বলটো যদি মধ্যবৃত্তত ৰৈ থকা খেলুৱৈজনৰ গাত লাগে তেন্তে তেওঁক ঢেমনা আখ্যা দি প্ৰতিপক্ষৰ দললৈ অনা হয় ৷


 অতিৰিক্ত প্ৰশ্নঃ 

১। সুবোধ মল্লবৰুৱাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ সুবোধ মল্লবৰুৱাৰ জন্ম ১৯৬৩ চনত হৈছিল৷


২। সুবোধ মল্লবৰুৱাৰ গ্ৰন্থকেইখনমানৰ নাম লিখা৷

উত্তৰঃ সুবোধ মল্লবৰুৱাৰ গ্ৰন্থকেইখনমান হ’ল- 'One More Six', 'এথেন্সৰ পৰা শ্বিলঙলৈ', 'জীৱন যৌৱন ক্ৰীড়াংগন', 'অসম ফুটবলৰ বৰ্ণিল যাত্ৰা', 'বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল'৷


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Colours by: Jyotish Kakati (11-05-2022)

Check by : Mukesh Borah ( 5 june 2024 )



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------