পাঠ - ৬
কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
ড° হীৰেন গোঁহাই
লেখক পৰিচয়ৰ পৰা প্ৰশ্ন -
১। হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল ৷
২। হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷
উত্তৰঃ হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হ’ল- 'সাহিত্যৰ সত্য', 'সমাজ আৰু সমালোচনা', 'সাহিত্য আৰু চেতনা', 'বিশ্বায়তন’, 'বন্দৰৰ কাল’, 'কালস্ৰোত আৰু কাণ্ডাৰী’, 'কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা', 'কীৰ্তন পুথিৰ ৰস বিচাৰ’, 'অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ ৷
৩। হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷
উত্তৰঃ হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম - 'লস্ত লাগিজ’, 'বতাহত ক’ৰ গধূলি গোপাল’, 'হেঙুল আকাশ’, ' ক’লা চানকেল আৰু এজন আৰোহী’, 'সপোনৰ দিকচৌ বনত’, 'ইমান তিতা সাগৰৰ পানী’, 'উৰণীয়া হাঁহৰ মাত’ ৷
৪। হীৰেন গোঁহাইয়ে কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল?
উত্তৰঃ 'অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ৷
৫। হীৰেন গোঁহাইয়ে ক’ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম- 'Tradition and Paradise Lost’ ৷
অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কেম্ নদীৰ উপত্যকাত অৱস্থিত ৷
২। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ৩১ খন কলেজ আছে ৷
৩। ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম লিখা ৷
উত্তৰঃ ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম গনবিল এণ্ড কীইজ্ ৷
৪। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্ৰতিষ্ঠা কৰা নাছিল, পণ্ডিত আৰু বিদ্যানুৰাগী লোক কিছুমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ৷
৫। জৰ্জ ষ্টাইনাৰ কোন?
উত্তৰঃ জৰ্জ ষ্টাইনাৰ মাৰ্কিন পণ্ডিত ৷
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা ৷
উত্তৰঃ ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম- পেৰিছ বিশ্ববিদ্যালয়, হাইডে’লবাৰ্গ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয়, কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় ৷
২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল?
উত্তৰঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইটালীৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আৰু পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক,পণ্ডিত,কবি ৷
৩। গথিক স্হাপত্য বুলিলে কি বুজা?
উত্তৰঃ গথিক স্হাপত্য বুলিলে মধ্যযুগৰ ইউৰোপৰ গিৰ্জাবোৰত দেখা পোৱা এক স্হাপত্য কলা শৈলী ৷
৪। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?
উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ সদস্য সকলে নিৰ্বাচন কৰিছিল আৰু এই সদস্যসকলক প্ৰতিখন কলেজে বাছ-বিচাৰ কৰি নিৰ্বাচন কৰিছি৷
৫। আৰৱী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায়?
উত্তৰঃ আৰৱী গ্ৰন্থত প্লেটোক 'আফ্লাতুন’ আৰু আৰিস্ততলক 'আৰিস্তু’ নামেৰে জনা যায় ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা৷
উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল ৷ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় ৩১ খন কলেজৰ সমষ্টি ৷ প্ৰতিখন কলেজে নিজেই বাছ-বিচাৰ কৰি সদস্য নিৰ্বাচন কৰে ৷ সেই সদস্যসকলে অধ্যক্ষ নিৰ্বাচন কৰে আৰু অধ্যক্ষসকলে লগ লাগি কলেজ পৰিচালনা কৰিছিল ৷
২। 'য়ুৰোপৰ বিশ্ববিদ্যালয় বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা৷’ -কথাষাৰ বুজাই লিখা ৷
উত্তৰঃ য়ুৰোপৰ বিশ্ববিদ্যালয় বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা ৷ খ্ৰীষ্টিয়ানৰ পৱিত্ৰস্থান জেৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগণিত বহু দশক জুৰি যি ধৰ্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল ৷ যাৰ প্ৰভাৱ পৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়সমূহত ৷ য়ুৰোপীয় মনীষাৰ ওপৰত প্ৰায় এক শতাব্দী কাল আৱে’ৰ্ৰছে একচ্ছত্ৰী প্ৰভাৱ বিস্তাৰ কৰিছিল ৷
৩। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা৷
উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শ্ৰেণীত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল ৷ ছাত্ৰসকলক কঠোৰ অনুশাসনৰ মাজত ৰখা হৈছিল যদিও তেওঁলোকৰ সন্মান আৰু অধিকাৰ ৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল ৷ কলেজৰ পৰা লে’কচাৰ শুনিবলৈ যাব লাগে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ ৷ প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে ৷ কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্ৰিত পণ্ডিত আহিও পাঠদান কৰিছিল ৷
৪। ড° হীৰেন গোঁহাইৰ সাহিত্য প্ৰতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা ৷
উত্তৰঃ স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্ৰণী ভূমিকা পালন কৰা চিন্তাবিদ,শিক্ষাবিদ, সাহিত্যিক ড° হীৰেন গোঁহাই ৷ তেওঁৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল ৷ হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হ’ল- 'সাহিত্যৰ সত্য', 'সমাজ আৰু সমালোচনা', 'সাহিত্য আৰু চেতনা', 'বিশ্বায়তন’, 'বন্দৰৰ কাল’, 'কালস্ৰোত আৰু কাণ্ডাৰী’, 'কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা', 'কীৰ্তন পুথিৰ ৰস বিচাৰ’, 'অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ ৷ হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম - 'লস্ত লাগিজ’, 'বতাহত ক’ৰ গধূলি গোপাল’, 'হেঙুল আকাশ’, ' ক’লা চানকেল আৰু এজন আৰোহী’, 'সপোনৰ দিকচৌ বনত’, 'ইমান তিতা সাগৰৰ পানী’, 'উৰণীয়া হাঁহৰ মাত’ ৷
'অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ৷ হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম- 'Tradition and Paradise Lost’ ৷
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
"দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে৷জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয় ৷"
উত্তৰঃ উপৰোক্ত গদ্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হীৰেণ গোঁহাইৰ ৰচিত "কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান" পাঠটিৰ পৰা তুলি দিয়া হৈছে ৷
জ্ঞান বিনিময়হে যে সমাজৰ উন্নতি সাধন উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাব বিচৰা হৈছে ৷
আৰৱসকলৰ প্ৰভাৱত য়ুৰোপীয়সকল উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল ৷ আৰৱ পণ্ডিতসকল আকৌ গ্ৰীক, ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদিত ন ন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল ৷ য়ুৰোপীয় মনীষাৰ ওপৰত প্ৰায় এক শতাব্দী কাল আৱে’ৰ্ৰছে একচ্ছত্ৰী প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত ছে’ণ্ট টমাছ আকোৱাইনাছে Summa Theologica নামৰ গ্ৰন্থৰে আৱে’ৰ্ৰছৰ প্ৰখৰ যুক্তিজাল খণ্ডন কৰি পৰম্পৰাগত খ্ৰীষ্টীয় ধৰ্মবিশ্বাস পুনৰ আৰিস্ত’তেলীয় ভিত্তিত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল ৷ অৰ্থাৎ দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে৷জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয় ৷ জ্ঞানক বান্ধি ৰখা মানে নিজতেই সীমাবদ্ধ আৰু বিলাই দিয়া মানেই মানৱীয় উন্নতি সাধন ৷
অতিৰিক্ত প্ৰশ্নঃ
১। প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম কি?
উত্তৰঃ প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম মাধৱ কন্দলি ৷
২। মাধৱ কন্দলিয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
উত্তৰঃ মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ৷
Colours by: Jyotish Kakati (11-05-2022)
Check by : Mukesh Borah (5 june 2024 )