অধ্যায় 

   আন্তৰ্জাতিক  সংগঠন


Edit This Post

প্ৰশ্নাৱলীঃ

১| ভেটো ক্ষমতা সম্পৰ্ক তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

(নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে  কেৱল ভেটো ক্ষমতা আছে

উত্তৰঃ শুদ্ধ


(এইটো এক ৰকমৰ নেতিবাচক ক্ষমতা

উত্তৰঃ শুদ্ধ


(যেতিয়া কোনো সিদ্ধান্তত সচিবপ্ৰধান সন্তষ্ট নহয় তেতিয়া তেওঁ এই ক্ষমতা 

প্ৰয়োগ কৰিব পাৰে

উত্তৰঃ অশুদ্ধ


(এটা ভেটো ক্ষমতাই নিৰাপত্তা পৰিষদৰ এটা প্ৰস্তাৱ বন্ধ কৰিব পাৰে

উত্তৰঃ শুদ্ধ


২।    ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ ধৰণ সম্পৰ্কে তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

সকলো ধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পৰ্কীয়  বিষয়বিলাক নিৰাপত্তা পৰিষদে বিচাৰ কৰে

উত্তৰঃ শুদ্ধ


(বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা প্ৰধান অংগ আৰু বিশেষ সংস্থাসমূহে সকলো মানৱীয় নীতিসমূহ কাৰ্যকৰী কৰে

উত্তৰঃ শুদ্ধ


(পাঁচখন সদস্য ৰাষ্ট্ৰই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কাৰ্যকৰী কৰা যুগুত

উত্তৰ:- অশুদ্ধ


(ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলো সদস্যই স্বতঃস্ফূৰ্তভাৱে সকলো প্ৰধান অংগ আৰু বিশেষ সন্থাসমূহৰ সদস্য

উত্তৰ:- অশুদ্ধ


নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত তুমি বেছি গুৰুত্ব দিবাঃ

(আণৱিক ক্ষমতা

(আৰম্ভণিৰ পৰা  ৰাষ্ট্ৰসংঘৰ সদস্য

( এছিয়া মহাদেশত অৱস্থিত

(ভাৰতৰ উন্নত অৰ্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা

উত্তৰঃ (আৰম্ভণিৰ পৰা  ৰাষ্ট্ৰসংঘৰ সদস্য


আণৱিক প্ৰযুক্তিৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ লগত ৰাষ্ট্ৰসংঘৰ কোনটো এজেন্সি জড়িত হয়ঃ

(ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ কমিটি

(আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সি

(ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নিৰাপদ কমিটি

(ওপৰত উল্লেখ কৰা এটাও নহয় 

উত্তৰঃ (আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সি


বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠন উত্তৰাধিকাৰীঃ

(বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি

(বাণিজ্য আৰু শুল্কৰ শৃংখলাবদ্ধ কৰা

(বিশ্ব  স্বাস্থ্য সন্থা     

(ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি

উত্তৰ:- (বাণিজ্য আৰু শুল্কৰ  সাধাৰণ চুক্তি


খালী ঠাই পূৰ কৰাঃ

(ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা  

ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সন্থাটোক কোৱা হয় নিৰাপত্তা পৰিষদ

(ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ    জন স্থায়ী সদস্য আৰু   ১০ স্থায়ী সদস্য আছে 

(এন্টনিঅ' গোটাৰেছ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান


ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ আৰু  এজেন্সিসমূহৰ মাজত সিবিলাকৰ কাৰ্যৰ সৈতে মিল কৰাঃ

(১)অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (ক) বিদেশলৈ বিশ্ব অৰ্থনৈতিক ব্যৱস্থা
(২) আন্তৰ্জাতিক ন্যায়ালয় (খ) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা সংৰক্ষণ
(৩) আন্তৰ্জাতিক আণৱিক শক্তি সন্থা (গ) নিৰাপদ আৰু শান্তিপূৰ্ণ প্ৰযুক্তিৰ ব্যৱহাৰ
(৪) নিৰাপত্তা পৰিষদ (ঘ) সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণ চোৱা-চিতা কৰা
(৫) ৰাষ্ট্ৰসংঘৰ ভগনীয়া উচ্চাউক্ত (ঙ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত বিবাদ নিষ্পত্তি
(৬) বিশ্ব বাণিজ্য সন্থা (চ) দুৰ্ঘটনাৰ সময়ত সংস্থান আৰু ঔষধ- পাতি দি সহায় কৰা
(৭) আন্তৰ্জাতিক ধন ভাণ্ডাৰ (ছ) গোলকীয় বিচাৰ্য বিষয়ৰ ওপৰত বিৰ্তন আৰু আলোচনা
(৮) সাধাৰণ সভা (জ) ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ ওপৰত প্ৰশাসন আৰু নিয়ন্ত্ৰণ
(৯) বিশ্ব  স্বাস্থ্য সন্থা (ঝ) সকলোৰে কাৰণে সুস্বাস্থ্য
(১০) সচিবালয় (ঞ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যৰ সুবিধা

উত্তৰঃ

(অৰ্থনৈতিক আৰু সামাজিক পৰিষদ = (সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু 

                                           সামাজিক কল্যাণ চোৱা-চিতা কৰা                   ()আন্তৰ্জাতিক ন্যায়ালয় =  (সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত বিবাদ নিষ্পত্তি 

(আন্তৰ্জাতিক আণৱিক শক্তি সন্থা= (নিৰাপদ আৰু শান্তিপূৰ্ণ প্ৰযুক্তিৰ

                                           ব্যৱহাৰ

(নিৰাপত্তা পৰিষদ= (আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা সংৰক্ষণ 

(ৰাষ্ট্ৰসংঘৰ ভগনীয়া উচ্চাউক্ত= (দুৰ্ঘটনাৰ সময়ত সংস্থান আৰু ঔষধ-

                                       পাতি দি সহায় কৰা

(বিশ্ব বাণিজ্য সন্থা= (সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যৰ সুবিধা

(আন্তৰ্জাতিক ধন ভাণ্ডাৰ= (বিদেশলৈ বিশ্ব অৰ্থনৈতিক ব্যৱস্হা 

()সাধাৰণ সভা= ()গোলকীয় বিচাৰ্য বিষয়ৰ ওপৰত বিতৰ্ক আৰু আলোচনা

(বিশ্ব স্বাস্হ্য সন্হা= (সকলোৰে কাৰণে সুস্বাস্থ্য 

(১০সচিবালয়= (ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ ওপৰত প্ৰশাসন আৰু নিয়ন্ত্ৰণ


নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী কি কি ?

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক মুখ্য অংগ আৰু ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰা হয় ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ হিচাপে এই পৰিষদৰ বহুতো কাৰ্যাৱলী আছে  তলত সেইবোৰ উল্লেখ কৰা হ'ল-

(আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা:- নিৰাপত্তা পৰিষদৰ এক মূল কাৰ্য হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা ৰাষ্ট্ৰসংঘৰ চনদৰ ৩৩ নং অনুচ্ছেদত উল্লেখ আছে যে বিশ্বশান্তি আৰু নিৰাপত্তা ব্যাহত হ'ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ'লে বিবাদ জড়িত দেশে আলাপ-আলোচনামধ্যস্হতা নাইবা আন্তৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে তেনে বিবাদ মীমাংসা কৰাৰ কাৰণে নিৰাপত্তা পৰিষদে চেষ্টা কৰিব

(শাস্তিমূলক ব্যৱস্হাৰ প্ৰয়োগ:- নিৰাপত্তা পৰিষদৰ অন্য এক অন্যতম কাৰ্য হ'ল শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ  নিৰাপত্তা পৰিষদৰ যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ বাবে আগ্ৰহী নহয়তেতিয়াহ'লে পৰিষদ তেনে দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এই শাস্তিমূলক ব্যৱস্থা অৰ্থনৈতিক আৰু সামৰিক এই দুই ধৰণৰ হ'ব পাৰে

(নিৰস্ত্ৰীকৰণ:- নিৰাপত্তা পৰিষদৰ অন্য এক কাৰ্য হ'ল নিৰস্ত্ৰীকৰণৰ নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ-পাতি নিয়ন্ত্ৰণৰ কাৰণে পৰিকল্পনা প্ৰস্তত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পৰিষদে পঠাব পাৰে দেশসমূহৰ আৰ্থিক সম্পদ যাতে অস্ত্ৰ-পাতি বৃদ্ধিত বেছিকৈ খৰচ কৰা নহয়সেই বিষয়েও পৰিষদে দৃষ্টি ৰাখিব লাগে

(নিৰ্বাচনসংক্ৰান্ত ক্ষমতা:-  নিৰ্বাচনসংক্ৰান্ততো নিৰাপত্তা পৰিষদৰ কৰণীয় আছে এই পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘত নতুন সদস্যক ভৰ্তি কৰিব পাৰে কোনো সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ বিষয়তো নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন

      এনেদৰে নিৰাপত্তা পৰিষদৰ বহুকেইটা কাৰ্যাৱলী আছে


ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰা নে ? তোমাৰ দাবী প্ৰতিপন্ন কৰা

উত্তৰঃ  ভাৰতৰ নাগৰিক হিচাপে মই নিৰাপত্তা পৰিষদত ভাৰতৰ স্হায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব গভীৰভাৱে সমৰ্থন কৰো কাৰণ ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এখন স্থায়ী আসন দাবী কৰিব পৰাকৈ বা সদস্যপদৰ প্ৰাৰ্থিত কৰিব পৰাকৈ ভাৰতৰ সকলোখিনি অৰ্হতাগুণঅধিকাৰ আৰু যুক্তি আছে ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দাবীৰ সমৰ্থনৰ ভিত্তিত বহুকেইটা যুক্তি দাঙি ধৰিব পাৰি তলত সেইসমূহ উল্লেখ কৰা  হ'ল-

(ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ সমগ্ৰ বিশ্বৰ  এক পঞ্চমাংশ জনসংখ্যাই ভাৰতত বসবাস কৰে;

(ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্হা প্ৰৱৰ্তন হৈ আছে;

(ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে;

(ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামৰ ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে;

(দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়ি আছে;

(ভাৰতে নিয়মিতভাৱে আৰ্থিক অনুদান আগবঢ়াই আছে

               সেয়ে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব লাভৰ বাবে কৰা দাবীক যুক্তিসংগত বুলি মই বিবেচনা কৰো আৰু  সমৰ্থন কৰো  কাৰণ ভাৰতৰ আটাইবোৰ যুক্তি ন্যায়সংগত তদুপৰি ভাৰত আৰম্ভণিৰে পৰা ৰাষ্ট্ৰসংঘৰ সদস্য ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়  তেতিয়াৰে পৰা বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্য-প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে সক্ৰিয় অংশগ্ৰহণ কৰি আছে এই হিচাপেও ভাৰতৰ স্থায়ী সদস্যপদৰ বহুখিনি অধিকাৰ আছে  ৰাষ্ট্ৰসংঘৰ প্ৰতিটো কামতেই আগভাগ লৈ এক গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় ভূমিকা পালন কৰি আহিছে বৰ্তমান ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বাকী স্হায়ী সদস্যৰ সমানেই অৰ্থনৈতিক,সাংস্কৃতিকবাণিজ্যিকঔদ্যোগিক,বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ আদি সকলো ক্ষেত্ৰতে উন্নতি সাধন কৰিছে তদুপৰি  বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ মাজত শান্তি আৰু সহযোগিতা বজাই ৰাখিবলৈ  সদায় চেষ্টা কৰি আহিছে সেয়ে এনেবোৰ কাৰণতে আৰু যুক্তিৰ ভিত্তিতে মই ভাৰতৰ এগৰাকী নাগৰিক হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দৃঢ়তাৰে সমৰ্থন কৰো


১০ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কৰণ সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শৱলীৰ সমালোচনামূলক পুনৰ মূল্যাংকন কৰা

উত্তৰঃ বৰ্তমান সময়ত পৰিৱৰ্তিত এখন সংস্কাৰ কৰা শক্তিশালী ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে সেয়েহে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্ন উশ্থাপন হৈছে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই বিভিন্ন মত পোষণ কৰিছে আৰু বিভিন্ন পৰামৰ্শ আগবঢ়াইছে তাৰ ভিৰতৰ ভাৰতে পৰামৰ্শ আগবঢ়াইছে আৰু ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্নকো পূৰ্ণ সমৰ্থন জনাইছে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো ভাৰতে বিচাৰে  ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত বিকাশ অৰ্থাৎ উন্নয়নৰ কেন্দ্ৰবিন্দু হোৱাটো ভাৰতে বিচাৰে কাৰণ ইয়ে হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ পূৰ্ব চৰ্ত তদুপৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ভাৰতৰ এই পৰামৰ্শৰ যথেষ্ট প্ৰাসংগিকতা আৰু যুক্তিযুক্ততা আছে কাৰণ ৰাষ্ট্ৰ সংঘৰ উদ্দেশ্যই হ'ল বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাবিকাশ আৰু উন্নয়ন সাধন কৰা সেই সমূহে বিষয় ৰাষ্ট্ৰসংঘত অধিক প্ৰাধান্য পোৱা উচিত

         তদুপৰি ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্হায়ী দুই সদস্যৰ সংখ্যা বৃদ্ধি হোৱাতো বিচাৰে যিহেতু বৰ্তমান নিৰাপত্তা পৰিষদৰ কাৰ্য-কলাপ আগৰ তুলনাত বহু বৃদ্ধি পাইছে এই পৰামৰ্শয়ো যথেষ্ট যুক্তিযুক্ত আৰু সত্য নিৰাপত্তা পৰিষদৰ কৃতকাৰ্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে বিশ্ব সম্প্ৰদায়ৰ ৰাজনৈতিক সমৰ্থনৰ ওপৰত সেয়ে নিৰাপত্তা পৰিষদৰ পুনৰ গঠনৰ পৰিকল্পনা বহল ভিত্তিত অৰ্থাৎ উন্নয়নশীল ৰাষ্ট্ৰৰ অধিক সদস্য লৈ গঠিত হোৱা উচিত এই পৰামৰ্শও যথেষ্ট যুক্তিযুক্ত আৰু প্ৰাসংগিক


১১যদিও ৰাষ্ট্ৰসংঘই যুদ্ধ আৰু ইয়াৰ লগত সম্বন্ধ থকা দুখ-দুৰ্গতিক বাধা দিয়াত ব্যৰ্থ হৈছে তথাপি ৰাষ্ট্ৰবিলাকে ইয়াৰ ধাৰাবাহিকতা থকাটো বিচাৰে কিহে ৰাষ্ট্ৰসংঘক এটা অপৰিহাৰ্য সংগঠন বুলি প্ৰতিপন্ন কৰে?

উত্তৰ:-  ১৯৪৫ চনত বিশ্বশান্তি আৰু নিৰাপত্তাৰ হকে গঠিত আন্তৰ্জাতিক সংগঠন ৰাষ্ট্ৰসংঘই যদিও যুদ্ধ আৰু ইয়াৰ লগত সম্বন্ধ থকা দুখ-দুৰ্গতিক বাধা দিয়াত ব্যৰ্থ হৈছে তথাপি ৰাষ্ট্ৰবিলাকে ইয়াৰ ধাৰাবাহিকতা থকাটো বিচাৰেইয়াৰ অন্তৰালত বহুতো কাৰণ নিহিত হৈ আছে

        আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সবল বুলি ক'ব নোৱাৰি যদিও ইয়াৰ অবিহনে বিশ্ব আৰু নিৰাপত্তা অধিক বেয়াৰ পিনে ঢাল খাব আন্তৰ্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘৰ এক বৃহৎ সফলতা আৰু কৃতিত্ব হ'ল যে  পূৰ্বতে বিভিন্ন জাতিৰ মাজত বুজাবুজি আৰু সহায়-সহযোগিতাৰ যি অভাৱ আছিল তাক ৰাষ্ট্ৰসংঘই অনেক ক্ষেত্ৰত দূৰ কৰাত সফলতা লাভ কৰিছে তদুপৰি ৰাষ্ট্ৰসংঘই পৃথিৱীৰ পৰা শীতল যুদ্ধৰ আৰু যুদ্ধ সদৃশ পৰিৱেশৰ অৱসান ঘটালে ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক বিৰোধ আৰু সংঘাতৰ পথ আৰু সমাধান বিচাৰি উলিয়াবৰ বাবে বিভিন্ন জাতিসমূহক একত্ৰিত হৈ বহাৰ আৰু পৰস্পৰৰ অভাৱ-অভিযোগওজৰ-আপত্তি আদি দাঙি ধৰাৰ সুযোগ প্ৰদান কৰিব পাৰিছে তাৰোপৰি অৰ্থনৈতিকসামাজিক,সাংস্কৃতিক প্ৰভৃতি ক্ষেত্ৰত বিভিন্ন জাতিৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই বিশেষ কৃতিত্ব অৰ্জন কৰিছে ৰাষ্ট্ৰসংঘ অবিহনে সাত বিলিয়ন জনসংখ্যা থকা বিশ্বৰ কথা ভাবিব বা কল্পনা কৰিব নোবাৰি  বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত নিয়ন্ত্ৰণসহযোগিতা আৰু শান্তি বৰ্তাই ৰখাত যথেষ্ট সফল হৈছে

      তদুপৰি  শীতল যুদ্ধৰ পিছত বিশ্বত একক শক্তিশালী ৰূপে প্ৰতিষ্ঠিত আমেৰিকাৰ ক্ষমতাৰ লগত যদিও ভাৰসাম্য ৰক্ষা কৰিব পৰা নাই যেন পৰিলক্ষিত হয় তথাপি ৰাষ্ট্ৰসংঘই আমেৰিকাক বহু খিনি নিয়ন্ত্ৰণ কৰিব পাৰিছে আৰু বিশ্বৰ আন ৰাষ্ট্ৰসমূহক আমেৰিকাৰ একক আধিপত্য আৰু শক্তি প্ৰয়োগৰ পৰা ৰক্ষা কৰিব পাৰিছে এক মেৰুৰ বিশ্বত  আমেৰিকা আৰু আন সকলো ৰাষ্ট্ৰক বিভিন্ন বিষয়ত আলোচনা কৰাৰ কাৰণে একত্ৰিত কৰিব পাৰিছে আমেৰিকাৰ নেতাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত সমালোচনা হ'লেও সাংগঠনিক বিশেষ উদ্দেশ্যত বিশ্বৰ ১৯১ খন ৰাষ্ট্ৰক সংঘাত পৰিহাৰ কৰি সামৰিক আৰু অৰ্থনৈতিক দিশত আলোচনাৰ মেজলৈ অনাত সফল হৈছে সমগ্ৰ বিশ্বৰ বাবে ৰাষ্ট্ৰসংঘ এখন মঞ্চ য'ত আমেৰিকাৰ ভাবা-ভাব আৰু নীতি বিশদভাৱে পৰ্যালোচনা আৰু শুধৰণি কৰা সম্ভৱ হয় গতিকে ৰাষ্ট্ৰসংঘৰ এই বিশ্বত যথেষ্ট প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা আছে

           এনেসমূহ কাৰণৰ বাবে বিশ্বৰ ৰাষ্ট্ৰবিলাকে ৰাষ্ট্ৰসংঘৰ ধাৰাবাহিক থকাটো বিচাৰে ইয়ে ৰাষ্ট্ৰসংঘক এটা অপৰিহাৰ্য সংগঠন বুলি প্ৰতিপন্ন কৰে


১২/ ৰাষ্ট্ৰসংঘৰ সংস্কাৰক ঘাইকে নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰক বুজায় তুমি এই উক্তিটোৰ লগত এক মত নে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংস্কাৰে ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰকে বুজায় মই এই উক্তিটোৰ লগত যথেষ্ট পৰিমাণে একমত বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সকলোৱে কামনা কৰে এই উক্তিটোৰ সপক্ষে আৰু বিপক্ষে তলত কিছুমান যুক্তি দাঙি ধৰা হ'ল-

সপক্ষে যুক্তিসমূহ:-

() ৰাষ্ট্ৰসংঘৰ সংস্কাৰে ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰকে বুজাইকাৰণ ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বাবে যি তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল তাত নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছে যিহেতু নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা বা কাৰ্যকৰী অংগ

()তাৰোপৰি এই সংস্কাৰত নিৰাপত্তা পৰিষদৰ সদস্য নিযুক্তিৰ মানদণ্ড বা অৰ্হতা উল্লেখ কিছুমান উল্লেখ কৰা হৈছে

() তদুপৰি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ ভেটো ক্ষমতা থকা আৰু অস্হায়ী সদস্যৰ নথকাক লৈয়ো বহু প্ৰশ্নৰ উশ্থাপন হৈছে

     এই সমূহ সমূহ যুক্তিৰ ওপৰত ভিত্তি কৰিয়েই ক'ব পাৰি যে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰ

বিপক্ষে যুক্তিসমূহ:-

() ৰাষ্ট্ৰসংঘৰ সংস্কাৰত কেৱল নিৰাপত্তা পৰিষদৰ সংস্কাৰকে নুবুজাইইয়াত সমগ্ৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাত ভূমিকা বৃদ্ধি কৰাতো গুৰুত্ব আৰোপ কৰা হৈছিল

() তদুপৰি ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত বিকাশ আৰু উন্নয়নক কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাতো গুৰুত্ব আৰোপ কৰা হৈছিল

     সেয়ে এই সংস্কাৰে কেৱল নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰক নুবুজায়


ৰচনাধৰ্মী প্ৰশ্ন:-

/ ৰাষ্ট্ৰসংঘৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰা

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱীত ভয়াবহ ধ্বংসলীলাৰ সৃষ্টি কৰে দ্বিতীয় বিশ্বযুদ্ধৰ এনে ধ্বংসলীলাই  বিশ্বৰ নেতৃস্থানীয় ব্যক্তিসকলক লগতে সমগ্ৰ বিশ্ব বাসীক চিন্তিত আৰু বিচলিত কৰি তোলে ভৱিষ্যতে যাতে বিশ্বত পুনৰ তৃতীয় এখন বিশ্বযুদ্ধৰ বা যুদ্ধসদৃশ পৰিৱেশ আৰু অশান্তিৰ সূচনা নহয় তাৰ কামনা সকলোৱে কৰিবলৈ ধৰিলে আৰু সকলোৱে ভৱিষ্যতে এনেকুৱা ধ্বংসলীলাৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰসমূহৰ মাজত সৃষ্টি হোৱা বিবাদ শান্তিপূৰ্ণভাৱে আলোচনাৰ জৰিয়তে কৰিবলৈ আন্তৰ্জাতিক সন্থা বা সংগঠন এটাৰ প্ৰয়োজন সকলোৱে অনুভৱ  কৰিবলৈ ধৰিলে সেয়ে বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক নেতাসকলে এটা আন্তৰ্জাতিক অনুষ্ঠান সৃষ্টিৰ বাবে চিন্তাচৰ্চা কৰে এনে প্ৰচেষ্টাৰ অন্ততে অৱশেষত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰা হয় জাতিসংঘৰ উত্তৰাধিকাৰী সূত্ৰে ইয়াৰ জন্ম হয়

     বহু চুক্তি, সন্মিলন আৰু ক্ৰমবিকাশৰ ফলতহে ৰাষ্ট্ৰসংঘৰ জন্ম বা  উৎপত্তি হয় তলত সেই বিষয়ে আলোচনা কৰা হ'ল-

() আটলান্টিক চনদ:-  ১৯৪১ চনৰ আগষ্ট মাহৰ ১৪ তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে আটলান্টিক মহাসাগৰত এখন জাহাজত বহি এখন চুক্তিত স্বাক্ষৰ কৰিছিল যাক আটলান্টিক চুক্তি হিচাপে জনা যায় এই চুক্তিতে জনসাধাৰণৰ মাজত শান্তি আৰু নিৰাপত্তাৰ কাৰণে আন্তৰ্জাতিক সন্থা এটা গঠনৰ পোষকতা কৰা হৈছিল এই চুক্তিত ৮টা নীতি সন্নিৱিষ্ট কৰা হৈছিল

() ১৯৪২ চনৰ ৰাষ্ট্ৰসংঘৰ ঘোষণা:- ১৯৪২ চনৰ জানুৱাৰী মাহৰ তাৰিখে যুদ্ধ চলি থকা সময়তে মিত্ৰপক্ষই আমেৰিকাৰ ওৱাচিংটনত মিলিত হৈ আটলান্টিক চনদত সমৰ্থন জনাই স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘৰ ঘোষণা কৰে

() মস্কো সন্মিলন:- ১৯৪৩ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে ৰাছিয়া, ইংলেণ্ড, চীন আৰু আমেৰিকাৰ প্ৰতিনিধিয়ে মক্কো সন্মিলনত যোগদান কৰি এখন ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিছিল

() য়াল্টা সন্মিলন:- ১৯৪৫ চনত ফেৱ্ৰুৱাৰী মাহত য়াল্টা সন্মিলনত ৰুজভেল্ট, চাৰ্চিল আৰু ষ্টেলিনে এখন বিশ্ব সংগঠন গঠনৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে

() ছানফ্ৰান্সিচকো সন্মিলন:- ১৯৪৫ চনৰ এপ্ৰিল মাহৰ ২৫ তাৰিখে ছানফ্ৰান্সিচকো সন্মিলন আহ্বান কৰা হৈছিল এই সন্মিলনত ৫০ খন দেশৰ প্ৰতিনিধিয়ে যোগদান কৰিছিল

          ১৯৪৫ চনৰ ২৬ জুন তাৰিখে ৫০ খন ৰাষ্ট্ৰই এই চনদত স্বাক্ষৰ কৰিছিল১৯৪৫ চনৰ অক্টোৱৰ মাহত পোলেণ্ড চনদৰ স্বাক্ষৰ কৰাৰ লগে লগে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৫১ খনলৈ বৃদ্ধি পায় ১৯৪৫ চনৰ অক্টোৱৰ মাহৰ ২৪ তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয় সেয়েহে ২৪ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱসহিচাপে পালন কৰা হয়  

         এনেদৰে বহু স্তৰ অতিক্ৰম কৰি ক্ৰমবিকাশ ঘটি আন্তৰ্জাতিক সংগঠন ৰাষ্ট্ৰসংঘই অৱশেষত জন্ম লাভ কৰে যাৰ মূল লক্ষ্য হ'ল বিশ্বত আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, ৰাষ্ট্ৰবোৰৰ মাজত সৌহাৰ্দ্যপূৰ্ণ মনোভাব গঢ়ি তোলা আৰু সামাজিক আৰু অৰ্থনৈতিক বিকাশ সাধন কৰা


/ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতিবোৰ আলোচনা কৰা

উত্তৰঃ  ১৯৪৫ চনত সৃষ্টি হোৱা আন্তৰ্জাতিক সংস্হা ৰাষ্ট্ৰসংঘৰ বহুবোৰ উদ্দেশ্য আৰু নীতি আছে যাৰ ওপৰত ভিত্তি কৰি এই সংস্থা পৰিচালিত হৈ আছে তলত সেইসমূহ আলোচনা কৰা হ'ল-

ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ:- ৰাষ্ট্ৰসংঘৰ চনদৰ নং অনুচ্ছেদত ইয়াৰ উদ্দেশ্যসমূহ উল্লেখ কৰা হৈছে সেইসমূহ হ'ল-

() আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা;

() সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা;

() আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেক ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা আৰু প্ৰত্যেক ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা আৰু

() ওপৰত উল্লেখ কৰা উদ্দেশ্য সাধনৰ কাৰণে বিভিন্ন দেশেৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা

ৰাষ্ট্ৰসংঘৰ নীতিসমূহ হ'ল:- ৰাষ্ট্ৰসংঘৰ চনদৰ ২নং অনুচ্ছেদত ইয়াৰ নীতিসমূহৰ উল্লেখ আছে সেইসমূহ হ'ল-

() সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা কৰা হ'ব;

() সদস্য ৰাষ্ট্ৰসমূহে চনদত উল্লেখ থকা দায়িত্ব পালন কৰিব;

() আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায় যাতে ব্যাহত নহয়, সেই উদ্দেশ্যে সদস্য ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব;

() সদস্য ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰৰ ৰাজ্যিক অখণ্ডতা আৰু ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব;

() চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক প্ৰয়োজনীয় সহায় আগবঢ়াব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰাৰ পৰা বিৰত থাকিব;

() যিবোৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য নহয়, সেই দেশবোৰেও যাতে ৰাষ্ট্ৰসংঘৰ নীতি মতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ কাৰণে চেষ্টা কৰে, সেই বিষয়ে ৰাষ্ট্ৰসংঘই চেষ্টা কৰিব আৰু

() ৰাষ্ট্ৰসংঘই সদস্যসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব কিন্ত কোনো দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰাৰ বিষয়ত এই নীতি প্ৰযোজ্য নহ'ব

     উপৰিউক্ত ধৰণেৰে ৰাষ্ট্ৰসংঘৰ বহুতো উদ্দেশ্য আৰু নীতি আছে


/ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবোৰ চমুকৈ বৰ্ণনা কৰা

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ নং অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহৰ বিষয়ে উল্লেখ আছে সেই অংগসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

() সাধাৰণ সভা:- সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এই সভাৰ সদস্য সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই ৫জন প্ৰতিনিধি পঠাব পাৰে কিন্ত প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এটা ভোটহে থাকে  সাধাৰণ সভাৰ সদস্য সংখ্যা বেছি হোৱাৰ বাবে এই সভাই সকলো বিষয়তে প্ৰয়োজন মতে মনোযোগ দিব নোৱাৰে বাবে কমিটিৰ জৰিয়তে ইয়াৰ কাম-কাজৰ সম্পাদন কৰে সেই সমূহ হ'ল প্ৰধান কমিটি, নীতি-নিয়ম সংক্ৰান্ত কমিটি, স্থায়ী কমিটি আৰু তদৰ্থ কমিটি আদিৰাষ্ট্ৰসংঘৰ বহুতো ক্ষমতা আৰু কাৰ্যাৱলী আছেসেই সমূহ হ'ল- আলোচনা কৰা আৰু পৰামৰ্শ দিয়া, নীতি-নিয়ম ৰচনা কৰাৰ ক্ষমতা, পৰ্যবেক্ষণৰ ক্ষমতা ,ৰাজনৈতিক ক্ষমতা,অৰ্থনৈতিক ক্ষমতা, নিৰ্বাচনসংক্ৰান্ত ক্ষমতা, ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন আদি

() নিৰাপত্তা পৰিষদ:- নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা ৰূপে অভিহিত কৰা হয় এই পৰিষদত বৰ্তমান জন স্থায়ী সদস্য আৰু ১০ জন অস্হায়ী সদস্যৰে মুঠ ১৫ জন সদস্য আছে নিৰাপত্তা পৰিষদৰ অস্হায়ী সদস্যসকলক সাধাৰণ সভাই বছৰৰ বাবে নিৰ্বাচিত কৰে নিৰাপত্তা পৰিষদলৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এজনকৈ প্ৰতিনিধি পঠাব পাৰেপ্ৰত্যেক সদস্য ৰাষ্ট্ৰৰে এটা ভোট থাকে গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হ'লে স্থায়ী জন সদস্যসহ মুঠ জন সদস্যৰ সন্মতিৰ প্ৰয়োজন নিৰাপত্তা পৰিষদৰো বিভিন্ন ক্ষমতা আৰু কাৰ্যাৱলী আছে তলত সেই সমূহ হ'ল- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা, শাস্তিমূলক ব্যৱস্হাৰ প্ৰয়োগ, নিৰস্ত্ৰীকৰণ, নিৰ্বাচনসংক্ৰান্ত ক্ষমতা আদি

() অৰ্থনৈতিক আৰু সামাজিক পৰিষদ:-  আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ চনদৰ ৰচয়িতাসকলে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক আৰু সামাজিক সহযোগিতাৰ প্ৰয়োজন অনুভৱ কৰিছিল আৰু সেয়েহে বিভিন্ন সদস্য ৰাষ্ট্ৰৰ মাজত শান্তিপূৰ্ণ সম্পৰ্কৰ সৃষ্টি হোৱাৰ ওপৰত গুৰুত্ব দিছিল ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে দেশসমূহৰ মাজত সম-অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত শান্তিপূৰ্ণ সম্পৰ্ক সৃষ্টি কৰাটো প্ৰয়োজন, সেয়েহে ৰাষ্ট্ৰসংঘই জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰিব, নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব,সামাজিক প্ৰগতি আৰু বিকাশ সাধন কৰিবলৈ চেষ্টা কৰিব, আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক-সামাজিক স্বাস্হ্য সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব, আন্তঃৰাষ্ট্ৰীয় সংস্কৃতি আৰু শিক্ষাৰ বিষয়ত সহযোগিতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব জাতি, লিংগ, ভাষা আৰু ধৰ্ম নিৰ্বিশেষে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগৰ সুবিধা কৰিবলৈ চেষ্টা কৰিব এনে উদ্দেশ্যসমূহ সাধন কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ অংগ হিচাপে সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ সৃষ্টি কৰা হৈছে

           এই পৰিষদৰ সদস্য সংখ্যা বৰ্তমান  ২৭ জন প্ৰতি বছৰে ইয়াৰ এক তৃতীয়াংশ সদস্যই অৱসৰ গ্ৰহণ কৰে আৰু এনেদৰে খালী হোৱা আসনসমূহৰ পুনৰ নিৰ্বাচনৰ জৰিয়তে পূৰণ কৰা হয় অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰো কিছুমান বিশেষ ক্ষমতা আৰু কাৰ্যাৱলী আছে সেই সমূহ হ'ল- এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক,সাংস্কৃতিক,শিক্ষা,স্বাস্হ্য আৰু এনে ধৰণৰ সমস্যাৰ বিষয়ে অনুসন্ধান কৰি সাধাৰণ সভা, ৰাষ্ট্ৰসংঘৰ সদস্যসকললৈ প্ৰতিবেদন পঠাব লাগে এই প্ৰতিবেদনৰ লগত পৰিষদৰ পৰামৰ্শও সংযোজন কৰিব পাৰে প্ৰত্যেক ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে,সেই বিষয়ে পৰিষদে ৰাষ্ট্ৰসংঘক জনাব লাগে এই পৰিষদে নিজৰ দায়িত্ব সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰিব পাৰে আৰু প্ৰয়োজন হ'লে পৰিষদৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত চুক্তি-পত্ৰৰ খচৰা প্ৰস্তত কৰি সাধাৰণ সভাৰ ওচৰত দাখিল কৰিব পাৰে অৰ্থনৈতিক, সামাজিক আদি বিষয়ত বে-চৰকাৰী সংগঠনৰ লগতো এই পৰিষদে সম্পৰ্ক ৰক্ষা কৰিব পাৰেএনেদৰে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ বহুতো ক্ষমতা আৰু কাৰ্যাৱলী আছে

() ন্যাসৰক্ষী পৰিষদ:- ৰাষ্ট্ৰীসংঘৰ আন এক গুৰুত্বপূৰ্ণ অংগ হ'ল ন্যাসৰক্ষী পৰিষদ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এছিয়া, আফ্ৰিকাৰ ভালেমান দেশে স্বাধীনতা লাভ কৰিছিল যদিও তেতিয়াও স্বাধীনতা লাভৰ বাবে উপযুক্ত নোহোৱা কিছুমান অঞ্চলক বৈদেশিক শাসনৰ তলত ৰখা হৈছিল বৈদেশিক শাসনৰ ফলত যাতে সেই অঞ্চলসমূহত শাসনৰ নামত শোষণ আৰু অত্যাচাৰ চলি নাথাকে আৰু সেই অঞ্চলসমূহে যাতে সোনকালে স্বাধীনতা লাভৰ উপযুক্ত হয় সেই উদ্দেশ্যে ন্যাসৰক্ষী পৰিষদ গঠন কৰা হয় যিবোৰ দেশৰ দায়িত্বত এই অঞ্চলসমূহৰ শাসনৰ দায়িত্ব দিয়া হৈছিল, সেই দেশসমূহ এই পৰিষদৰ ওচৰত দায়বদ্ধ আছিল ৰাষ্ট্ৰসংঘৰ চনদৰ ৮৬ নং অনুচ্ছদত ন্যাসৰক্ষী পৰিষদৰ গঠনৰ বিষয়ে উল্লেখ আছে যিবোৰ দেশ ন্যাস অঞ্চলৰ শাসনৰ দায়িত্বত থাকিব সেই দেশবোৰ এই পৰিষদৰ সদস্য হ'ব এই পৰিষদৰ বহু ক্ষমতা আৰু কাৰ্যাৱলী আছে সেই সমূহ হ'ল- () শাসনৰ দায়িত্বত থকা দেশে এই পৰিষদলৈ পঠোৱা প্ৰতিবেদন পৰিষদে বিচাৰ কৰি চাব; () শাসনত থকা অঞ্চলৰ লোকসকলে পৰিষদলৈ তেওঁলোকৰ অভাৱ-অভিযোগৰ বিষয়ে দৰ্খাস্ত দিলে, শাসনৰ দায়িত্বত থকা দেশৰ লগত আলোচনা কৰি সেই দৰ্খাস্তসমূহ বিবেচনা কৰিব; () প্ৰয়োজন হ'লে কোনো শাসিত অঞ্চললৈ পৰিষদে প্ৰতিনিধি পঠাই সেই অঞ্চলৰ শাসন পদ্ধতিৰ বুজ ল'ব আৰু () ন্যাসৰক্ষী পৰিষদৰ চৰ্তৰ লগত সংগতি ৰাখি কোনো বিষয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব আদি

() আন্তঃৰাষ্ট্ৰীয় আদালত:- আন্তঃৰাষ্ট্ৰীয় আদালত ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য যিবোৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য নহয়, তেনে দেশো আন্তঃৰাষ্ট্ৰীয় আদালতৰ সদস্য হোৱাত বাধা নাই নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই কোনো দেশক আন্তঃৰাষ্ট্ৰীয় আদালতৰ সদস্যভুক্ত কৰিব পাৰে ৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰ কোনো বিবাদত জড়িত থাকিলে, আন্তঃৰাষ্ট্ৰীয় আদালতে দিয়া সিদ্ধান্ত তেনে ৰাষ্ট্ৰই মানি চলিব লাগে এই আদালতৰ বিচাৰপতিৰ সংখ্যা ১৫ জন গোপন ভোটৰ দ্বাৰা সাধাৰণ সভাই আৰু নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতিক নিযুক্ত কৰে আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতিসকলক ৯বছৰৰ বাবে নিৰ্বাচিত কৰা হয় হলেণ্ড ডি-হেগ চহৰত আন্তঃৰাষ্ট্ৰীয় আদালতৰ প্ৰধান কাৰ্যালয় অৱস্থিত এই আদালতৰ সিদ্ধান্তসমূহক কাৰ্যকৰী কৰাৰ বাবে এই আদালতক কোনো ক্ষমতা দিয়া নাই যদিও আন্তঃৰাষ্ট্ৰীয় আদালতৰ কিছুমান বিশেষ অধিকাৰক্ষেত্ৰ আছেসেই সমূহ হ'ল- স্বেচ্ছাপূৰ্বক অধিকাৰক্ষেত্ৰ, বাধ্যতামূলক অধিকাৰক্ষেত্ৰ, পৰামৰ্শমূলক অধিকাৰ ক্ষেত্ৰ আদি গতিকে আন্তঃৰাষ্ট্ৰীয় আদালতো ৰাষ্ট্ৰসংঘৰ এক অন্যতম অংগ

() সচিবপ্ৰধান আৰু সচিবালয়:- ৰাষ্ট্ৰসংঘৰ চনদৰ নং অনুচ্ছেদত উল্লেখ থকা প্ৰধান অংগসমূহৰ ভিতৰত সচিবালয় হৈছে এক প্ৰধান অংগ চনদৰ ৯৭ নং অনুচ্ছেদত উল্লেখ কৰা মতে নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে ৰাষ্ট্ৰসংঘৰ চনদৰ সচিবপ্ৰধানৰ কাৰ্যকাল নিৰ্ধাৰণ কৰা নাই তথাপি সাধাৰণতে তেওঁক বছৰৰ বাবে নিৰ্ধাৰণ কৰা হয় সচিবপ্ৰধান আৰু সচিবালয়ৰ আন আন কৰ্মচাৰীসকলে স্বাধীনভাৱে কাম কৰিব পাৰে সচিবপ্ৰধান জনৰ বহুতো ক্ষমতা আৰু কাৰ্যাৱলী আছে সেইসমূহ হ'ল- কৰ্মচাৰী নিয়োগ, প্ৰশাসনীয় কাৰ্যাৱলী, বিভিন্ন সংগঠনৰ কামত অংশগ্ৰহণ কৰা, প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব, সমন্বয় সাধন, চুক্তিৰ পঞ্জীয়ন, বিত্তীয় ক্ষমতা আদি


/ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবোৰত ভাৰতৰ ভূমিকা আলোচনা কৰা

উত্তৰঃ ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয় তেতিয়াৰে পৰা বৰ্তমানলৈ ভাৰতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্য-প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে সক্ৰিয় অংশগ্ৰহণ কৰি আহিছেভাৰতে অংশগ্ৰহণ কৰা বা ভূমিকা পালন কৰা ৰাষ্ট্ৰসংঘৰ এক প্ৰধান কাৰ্য বা বিষয় হ'ল ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰ সাধন বৰ্তমান পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ যি প্ৰশ্ন উঠিছে ভাৰতে তাত পূৰ্ণ সমৰ্থন জনাইছে ৰাষ্ট্ৰসমূহৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো ভাৰতে বিচাৰে ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত বিকাশ অৰ্থাৎ উন্নয়ন কেন্দ্ৰবিন্দু হোৱাটো ভাৰতে বিচাৰে কাৰণ ইয়ে হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ পূৰ্ব চৰ্ত তদুপৰি ভাৰতে মত প্ৰকাশ কৰে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি পাই আছে এনে স্হলত নিৰাপত্তা পৰিষদৰ গঠন অ-পৰিৱৰ্তনীয় হৈ থকাটো উচিত নহয় ইয়ে নিৰাপত্তা পৰিষদৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰক বিনষ্ট কৰিব বুলি ভাৰতে বিশ্বাস কৰে ভাৰতে ব্যক্ত কৰে যে অধিক প্ৰতিনিধি লৈ বহল ভিত্তিত গঠিত পৰিষদে বিশ্ব সম্প্ৰদায়ৰ পৰা অধিক সমাদৰ লাভ কৰাৰ লগতে বিশ্ব শান্তিও সম্ভাৱ হ'ব ১৯৬৫ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা ১১ জনৰ পৰা ১৫ জনলৈ বৃদ্ধি কৰা হয় কিন্ত স্থায়ী সদস্য সংখ্যাৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰম্ভণিৰে পৰা আজিলৈ স্হায়ী সদস্য সংখ্যা একে আছে গতিকে ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্হায়ী দুয়োবিধ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ পোষকতা কৰে

 তাৰোপৰি ভাৰত ৰাষ্ট্ৰসংঘৰ এক প্ৰধান কাৰ্য শান্তিপ্ৰতিষ্ঠাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰাষ্ট্ৰসংঘই বৰ্তমান লৈকে সমগ্ৰ বিশ্বযুৰি প্ৰতিষ্ঠা কৰা ৭১ শান্তিপ্ৰতিষ্ঠা অভিযানৰ ভিতৰত ৪৯ টা অভিযানত ভাৰতে অংশগ্ৰহণ কৰিছে আৰু সেৱা আগবঢ়াইছে তদুপৰি ৰাষ্ট্ৰসংঘই শান্তিপ্ৰতিষ্ঠা অভিযানলৈ সৰ্বোচ্চ কমৰ্চাৰী প্ৰেৰণ কৰে বা নিয়োগ কৰে

এনেদৰে ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবোৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে


/ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন পদ্ধতি আৰু কাৰ্যাৱলী আলোচনা কৰা

উত্তৰঃ সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত সৰ্ববৃহৎসাধাৰণ সভালৈ ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই জন প্ৰতিনিধি পঠাব পাৰে কিন্ত প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এটা ভোটহে থাকে  সাধাৰণ সভা পৰিচালনাৰ নিয়মাৱলীৰ ২১ নং নিয়ম মতে প্ৰত্যেক সদস্য  ৰাষ্ট্ৰই সাধাৰণ সভালৈ জন প্ৰতিনিধি, জন বিকল্প প্ৰতিনিধি আৰু প্ৰয়োজন অনুযায়ী বিশেষজ্ঞ আৰু অন্যান্য কৰ্মচাৰী পঠাব পাৰে সদস্য ৰাষ্ট্ৰসমূহে নিজৰ  নিজৰ ইচ্ছা অনুসৰি প্ৰতিনিধি পঠায় এই প্ৰতিনিধিসকল নিজ নিজ দেশৰ ওচৰত দায়বদ্ধ থাকে সাধাৰণ সভাৰ সদস্য সংখ্যা বেছি হোৱাৰ বাবে এই সভাই সকলো বিষয়তে প্ৰয়োজন মতে মনোযোগ দিব নোৱাৰে আৰু সেয়েহে এই সভাই বিভিন্ন কমিটিৰ জৰিয়তে ইয়াৰ কাম-কাজ সম্পাদন কৰে সেই সমূহ হ'ল- সাধাৰণ সভাত প্ৰধান কমিটি, নীতি-নিয়ম সংক্ৰান্ত কমিটি, স্হায়ী কমিটি আৰু তদৰ্থ কমিটি আদি

      ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বহুতো কাৰ্যাৱলী আছে সেই সমূহ তলত আলোচনা কৰা হ'ল-

() আলোচনা কৰা আৰু পৰামৰ্শ দিয়া:- সাধাৰণ সভাৰ এক মূখ্য কাৰ্য হ'ল আলোচনা কৰা আৰু পৰামৰ্শ প্ৰদান কৰা এই কাৰ্য আৰু ক্ষমতাই প্ৰধানকৈ দুটা কথাক বুজায় প্ৰথমতে, কোনো বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সময়ত আলোচনাৰ বিষয়ৰ ওপৰত প্ৰয়োজনীয় তথ্য-পাতি সংগ্ৰহ কৰা বুজায় দ্বিতীয়তে, এই আলোচনাৰ ফলত কোনো ধৰণৰ পৰামৰ্শক আগবঢ়োৱাক বুজায় সেয়েহে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ কাৰণে সাধাৰণ সভাই প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব পাৰে চনদৰ ১০ নং অনুচ্ছেদ মতে সাধাৰণ সভাই চনদত সন্নিৱিষ্ট কৰা যিকোনো বিষয়ৰ ওপৰতেই আলোচনা কৰিব পাৰে সেইদৰে ৰাষ্ট্ৰসংঘৰ আন অংগৰ বিষয়েও সাধাৰণ সভাই আলোচনা কৰিব পাৰে চনদৰ ১১ নং অনুচ্ছেদ মতে নিৰস্ত্ৰীকৰণ, অস্ত্ৰ-পাতি নিয়ন্ত্ৰণ আদিকে ধৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু শান্তি আৰু নিৰাপত্তাৰ  বিষয়ে সাধাৰণ সভাই আলোচনা কৰিব পাৰে এনেবোৰ বিষয়ে সাধাৰণ সভাই নিৰাপত্তা পৰিষদক পৰামৰ্শ দিব পাৰে কোনো ঘটনাৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা থাকিলে, সাধাৰণ সভাই তেনে বিষয়ে নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে

() নীতি-নিয়ম ৰচনা কৰা:- সাধাৰণ সভাৰ বিধি-বিধান ৰচনা কৰাৰ ক্ষমতা নাই যদিও,এই সভাই কিছুমান নীতি-নিয়ম ৰচনা কৰিব পাৰে সাধাৰণ সভাই সদস্যৰাষ্ট্ৰ সমূহক পৰামৰ্শ প্ৰদান কৰিব পাৰে নিৰস্ত্ৰীকৰণ, অস্ত্ৰ-পাতি নিয়ন্ত্ৰণ, মানৱ অধিকাৰ ৰক্ষা কৰা আদি বিভিন্ন বিষয়ৰ ওপৰত সভাই কিছুমান নীতি-নিয়ম ৰচনা কৰিব পাৰে

() পৰ্যবেক্ষণ কাৰ্যাৱলী:- সাধাৰণ সভাৰ পৰ্যবেক্ষণ ক্ষমতা আছে ৰাষ্ট্ৰসংঘৰ আন আন অংগৰ কাম-কাজৰ সাধাৰণ সভাই পৰ্যবেক্ষণ কৰিব পাৰে সচিবালয় ৰ্মচাৰী নিয়োগৰ বিষয়তো সাধাৰণ সভাই কিছুমান নীতি-নিয়মৰ সৃষ্টি কৰিব পাৰে

() ৰাজনৈতিক কাৰ্যাৱলী:-  আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত কৰিব পৰা কোনো বিষয়ৰ ওপৰত যদি নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্যৰ ভেটো প্ৰয়োগৰ ফলত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়, তেতিয়াহ'লে শান্তিৰ কাৰণে ঐক্য প্ৰস্তাৱৰ জৰিয়তে তেনে বিষয়ৰ ওপৰত সাধাৰণ সভাই আলোচনা কৰে বা কৰিব পাৰে সাধাৰণ সভাই তেনে বিষয়ৰ ওপৰত আলোচনা কৰি সদস্য ৰাষ্ট্ৰসমূহক পৰামৰ্শ প্ৰদান কৰে

() নিৰ্বাচনসংক্ৰান্ত কাৰ্যাৱলী:- সাধাৰণ সভাৰ কিছুমান নিৰ্বাচনসংক্ৰান্ত কাৰ্যাৱলী আৰু ক্ষমতা আছে নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই কোনো ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত কৰিব পাৰে নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে চনদৰ নীতি উলংঘা কৰাৰ অপৰাধত কোনো সদস্য ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰিব পাৰে নিৰাপত্তা পৰিষদৰ অস্হায়ী সদস্যসকলৰ নিৰ্বাচনৰ দায়িত্বও সাধাৰণ সভাৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলকো সাধাৰণ সভাই নিৰ্বাচিত কৰে সেইদৰে ন্যাসৰক্ষী পৰিষদৰ কেইজনমান সদস্যকো সাধাৰণ সভাই নিৰ্বাচিত কৰে আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতিসকলকো সাধাৰণ সভাই নিৰ্বাচিত কৰিব লাগে

() ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন:- ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰাৰ দায়িত্বও সাধাৰণ সভাৰ চনদৰ কোনো অনুচ্ছেদ সংশোধন কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মুঠ সদস্যৰ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন

     উক্ত ধৰণেৰে ৰাষ্ট্ৰসংঘৰ বহুতো কাৰ্যাৱলী আছে


/ নিৰাপত্তা পৰিষদৰ গঠন পদ্ধতি, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ হ'ল নিৰাপত্তা পৰিষদ ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰা হয় আৰম্ভণিতে জন স্হায়ী সদস্য আৰু ৬জন অস্হায়ী সদস্য মুঠ ১১ জন সদস্যৰে নিৰাপত্তা পৰিষদ গঠন কৰা হৈছিল কিন্ত ১৯৬৩ চনত চনদৰ ২৩ নং অনুচ্ছেদক সংশোধন কৰি অস্হায়ী সদস্যৰ সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয় সেয়হে এতিয়া নিৰাপত্তা পৰিষদত জন স্হায়ী সদস্য আৰু ১০ জন অস্হায়ী সদস্য মুঠ ১৫ জন সদস্য আছে ৰাষ্ট্ৰসংঘৰ বৰ্তমান স্হায়ী সদস্যসকল হ'ল ইংলেণ্ড,ফ্ৰান্স ,আমেৰিকা, ৰাছিয়া আৰু কুওমিন্টাং চীন নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্য এই পৰিষদৰ অস্হায়ী সদস্যসকলক সাধাৰণ সভাই বছৰৰ বাবে নিৰ্বাচিত কৰে অস্হায়ী সদস্য নিৰ্বাচনৰ বিষয়ত দুটা নীতিৰ ওপৰত গুৰুত্ব দিয়া হয় প্ৰথমতে, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাত বৰঙনি যোগোৱা দেশৰ মাজৰ পৰা  অস্হায়ী সদস্যক নিৰ্বাচিত কৰা হয়দ্বিতীয়তে, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ দেশে যাতে এই পৰিষদত প্ৰতিনিধিত্ব কৰাৰ সুবিধা পায়, সেই বিষয়েও দৃষ্টি ৰাখিব লাগে নিৰাপত্তা পৰিষদলৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এজনকৈ প্ৰতিনিধি পঠাব পাৰেপ্ৰত্যেক সদস্য ৰাষ্ট্ৰৰে এটা ভেটো থাকে স্থায়ী  সদস্যসকলৰ ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা থাকে গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হ'লে স্থায়ী জন সদস্যসহ মুঠ জন সদস্যৰ সন্মতিৰ প্ৰয়োজন

         নিৰাপত্তা পৰিষদৰ কিছুমান বিশেষ ক্ষমতা আৰু কাৰ্যাৱলী আছে তলত সেইসমূহ আলোচনা কৰা হ'ল-

() আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা:- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ দায়িত্ব নিৰাপত্তা পৰিষদৰ বিশ্বশান্তি আৰু নিৰাপত্তা ব্যাহত কৰিব পৰা কোনো পৰিস্থিতি আৰু বিবাদৰ ক্ষেত্ৰত এই পৰিষদে দৃষ্টি প্ৰদান কৰিব লাগে কোনো বিবাদ বা পৰিস্থিতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে নে নাই সেই বিষয়ে পৰিষদে অনুসন্ধান কৰিব পাৰে এনে পৰিস্থিতিত বা বিবাদ মীমাংসা কৰাৰ উদ্দেশ্যে পৰিষদে কোনো এটা উপায় অৱলম্বন কৰিবলৈ বিবাদ জড়িত দেশক নিৰ্দেশ দিব পাৰে আইন জড়িত বিবাদসমূহৰ যাতে আন্তঃৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে বিচাৰ কৰা হয়, সেই বিষয়েও নিৰাপত্তা পৰিষদে দৃষ্টি ৰাখিব লাগে বিবাদ জড়িত দেশসমূহে শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰিব নোৱাৰিলে, তেনে বিবাদ মীমাংসা কৰাৰ বাবে নিৰাপত্তা পৰিষদৰ ওচৰ চাপিব পাৰে এনে অৱস্থাত বিবাদ মীমংসাৰ বাবে পৰিষদে প্ৰয়োজনীয় নিৰ্দেশ দিব পাৰে

() শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ:- নিৰাপত্তা পৰিষদৰ যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ বাবে আগ্ৰহী নহয়, তেতিয়াহ'লে পৰিষদে তেনে দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এই শাস্তিমূলক ব্যৱস্থা অৰ্থনৈতিক আৰু সামাজিক এই দুই ধৰণৰ হ'ব পাৰে প্ৰথমে, শাস্তি ব্যাহতকাৰী দেশৰ বিৰুদ্ধে পৰিষদে অৰ্থনৈতিক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেনে দেশৰ লগত অৰ্থনৈতিক সম্পৰ্ক ছেদ কৰাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহক নিৰ্দেশ দিব পাৰে এনেবোৰ কামৰ ফলতো যদি শান্তি প্ৰতিষ্ঠা কৰা বা আক্ৰমণ প্ৰতিহত কৰা সম্ভৱ নহয়, তেতিয়াহ'লে নিৰাপত্তা পৰিষদে সামৰিক বাহিনীৰ সহায় ল'ব পাৰে নিৰাপত্তা পৰিষদৰ নিয়ন্ত্ৰণত থকা সামৰিক কমিটিৰ লগত পৰামৰ্শ কৰি পৰিষদে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে

() নিৰস্ত্ৰীকৰণ:-  নিৰস্ত্ৰীকৰণৰ বিষয়তো নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী আছে নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ-পাতি নিয়ন্ত্ৰণৰ বাবে পৰিকল্পনা প্ৰস্তত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পৰিষদে পঠাব পাৰে দেশসমূহৰ আৰ্থিক সম্পদ যাতে অস্ত্ৰ-পাতি বৃদ্ধিত বেছিকৈ খৰচ কৰা নহয়; সেই বিষয়েও পৰিষদে দৃষ্টি ৰাখিব লাগে

() নিৰ্বাচনসংক্ৰান্ত ক্ষমতা:- নিৰাপত্তা পৰিষদৰ নিৰ্বাচনসংক্ৰান্ততো কিছুমান ক্ষমতা আৰু কাৰ্যাৱলী আছে এই পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘত নতুন সদস্যক ভৰ্তি কৰিব পাৰে কোনো সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ বিষয়তো নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন নিৰাপত্তা পৰিষদৰ অনুমোদন মতে সাধাৰণ সভাই সচিবপ্ৰধানক নিয়োগ কৰে আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাতপতি নিয়োগৰ বিষয়তো নিৰাপত্তা পৰিষদৰ সন্মতিৰ প্ৰয়োজন

    উপৰিউক্ত কাৰ্যাৱলী সমূহৰ উপৰিও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বহুতো দায়িত্ব আৰু কাৰ্যাৱলী আছে


/ বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা আলোচনা কৰা

উত্তৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ বৰ্ষতে অৰ্থাৎ ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয় তেতিয়াৰে পৰা বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্য-কলাপত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে ভাৰতে সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতে দৃঢ়ভাৱে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতি-আদৰ্শসমূহৰ সন্মান আৰু পালন কৰি আহিছে বিশ্বশান্তি প্ৰতিষ্ঠা আৰু ইয়াক বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে

       ভাৰত ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক দীঘলীয়া আৰু পৃথক ঐতিহাস আছে ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰ খনলৈ ভাৰতৰে আটাইতকৈ বেছি কৰ্মচাৰী প্ৰেৰণ কৰা হয় ১৯৪৮ চনত বৰ্তমান পৰ্যন্ত ২৪৪,৫০০ তকৈ অধিক ভাৰতীয়ই ৰাষ্ট্ৰসংঘৰ সমগ্ৰ বিশ্বজুৰি ৭১ টা শান্তি প্ৰতিষ্ঠা অভিযানৰ ভিতৰত ৪৯ টা অভিযান সেৱা আগবঢ়াইছে তদুপৰি ভাৰতৰ পৰা ৰাষ্ট্ৰসংঘৰ শান্তিপ্ৰতিষ্ঠা অভিযানলৈ মহিলা কৰ্মাচাৰী প্ৰেৰণ কৰাৰ এক দীৰ্ঘ প্ৰথা চলি আহিছে ৰাষ্ট্ৰসংঘক প্ৰতিনিধিত্ব কৰি ভাৰতীয় শান্তিপ্ৰতিষ্ঠাৰ ৰ্মচাৰী সকলে বিভিন্ন অঞ্চলত যি সেৱা আগবঢ়াইছিল তাৰ ভিতৰত চিকিৎসা সেৱা এক অন্যতম তদুপৰি তেওঁলোকে বিশেষ কিছুমান কাৰ্যও সম্পাদন কৰিছিল যেনে পশু চিকিৎসা সেৱা আৰু আভিযান্ত্ৰিক বা নিৰ্মাণ কাৰ্য আদি ভাৰতীয় পশু চিকিৎসা আগবঢ়াওতা সকলে দক্ষিণ চুডানৰ ৰাষ্ট্ৰসংঘ অভিযানৰ সৈতে পশুপালক সকলক সহায়ৰ হাত আগবঢ়াবলৈ পদক্ষেপ হাতত লৈছিল যিসকলে যুদ্ধ সংঘটিত ৰাষ্ট্ৰসমূহ পুষ্টিহীনতা আৰু বিভিন্ন ৰোগত নিজৰ পশুধন হেৰুৱাব লগা হৈছিল তাৰোপৰি ভাৰতীয় সেৱক সকলে চুডানত কাৰীকৰি প্ৰশিক্ষণ আৰু চিকিৎসাগত সহায় আগবঢ়োৱাৰ লগতে গুৰুত্বপূৰ্ণভাৱে পথ মেৰামতিৰ কাৰ্যও কৰিছিল

    তদুপৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন শান্তিপ্ৰতিষ্ঠা অভিযানলৈ  ১৫ জন সৰ্বোচ্চ  সেনাধ্যক্ষক প্ৰেৰণ কৰে আৰু ভাৰতে হৈছে সৰ্ব প্ৰথম ৰাষ্ট্ৰ যিয়ে ২০১৬ চনত প্ৰতিষ্ঠিত ৰাষ্ট্ৰসংঘৰ যৌন নিৰ্যাতন আৰু শোষণৰ ন্যাস নিধিলৈ অৰিহণা  বা অৱদান আগবঢ়াই ৰাষ্ট্ৰসংঘৰ হৈ শান্তি প্ৰতিষ্ঠা অভিযনত সেৱা আগবঢ়াওতে ১৭০ জন ভাৰতীয় শান্তিৰক্ষক জীৱন বলিদান দিব লগা হৈছিল ভাৰতে অন্য ৰাষ্ট্ৰৰ তুলনাত অধিক শান্তিৰক্ষক হেৰুৱাইছে ভাৰতে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষাৰ আলোচনা আৰু বিষয়সমূহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাক বাস্তৱায়িত কৰিবলৈ সদায় চেষ্টা কৰি আহিছে আৰু সকলো ৰাষ্ট্ৰৰ সৈতে সহায় সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈও চেষ্টা কৰি আহিছে এনেদৰে ভাৰতে ৰাষ্ট্ৰসংঘত বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য আৰু সক্ৰিয় ভূমিকা পালন কৰি আছে


/ বিশ্বসন্থা হিচাপে ৰাষ্ট্ৰসংঘৰ সফলতা আৰু বিফলতাসমূহ আলোচনা কৰা

উত্তৰঃ ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে বিশ্বশান্তি আৰু নিৰাপত্তাৰ লক্ষ্য লৈ গঠন হোৱা বিশ্বসন্হা ৰাষ্ট্ৰসংঘই যথেষ্ট সফলতা আৰু লগতে বিফলতাও অৰ্জন কৰিছে তলত সেইসমূহ আলোচনা কৰা হ'ল-

ৰাষ্ট্ৰসংঘৰ সফলতাসমূহ:-

আৰম্ভণিৰ কালৰ পৰাই ৰাষ্ট্ৰসংঘই বহুতো মানৱীয়,পাৰিৱেশিক, শান্তিপ্ৰতিষ্ঠাৰ লগত জড়িত ক্ষেত্ৰসমূহত কাম কৰি আহিছে সেইসমূহ হ'ল-

() ভাৰতে মুঠ ৭৫ খন ৰাষ্ট্ৰৰ ৯০ মিলিয়ন লোকৰ বাবে খাদ্যৰ যোগান ধৰিছে;

() ৩৪ মিলিয়নতকৈ অধিক শৰণাৰ্থীক ভাৰতে সহায় আগবঢ়াইছে;

() ভাৰতে ৰাষ্ট্ৰসংঘৰ ৭১ টা শান্তিপ্ৰতিষ্ঠা অভিযানক অভিকৃত কৰিছে;

() জলবায়ু পৰিৱৰ্তন হ্ৰাসকৰণৰ ক্ষেত্ৰত ভাৰতে ১৪০ খন ৰাষ্ট্ৰৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰি আছে;

()ভাৰতে বিশ্বৰ ৫৮ শতাংশ শিশুৰ টিকাকৰণৰ যোগান ধৰে;

() প্ৰতি বছৰে ৩০ মিলিয়ন মহিলাৰ লগতে মাতৃ স্বাস্হ্য যত্ন বিষয়ত ভাৰতে সহায় কৰে;

() ৮০ খন চুক্তি আৰু ঘোষণাসমূহ জৰিয়তে ভাৰতে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ হকে কাম কৰে

ৰাষ্ট্ৰসংঘৰ বিফলতা সমূহ:-

()  ১৯৯৪ চনৰ ৰোৱাণ্ডা অভিযান:-  এই অভিযানৰ পৰিপেক্ষিতত ৰাষ্ট্ৰসংঘই ৰোৱাণ্ডাৰ নৰহত্যা বা জাতি হত্যাক বাধা দিবলৈ চেষ্টা কৰিছিল কিন্ত হাটাচ সকলে সংখ্যালঘু টুটচি সম্প্ৰদায়ৰ সকলৰ প্ৰায় মিলিয়ন লোকৰ হত্যা কৰে

() হাইটিৰ ক'লেৰা মহামাৰী:-  ২০১০ চনৰ ভূমিকম্পৰ পিছত ৰাষ্ট্ৰসংঘই নেতৃত্ব দিয়া নেপালী সহায়কাৰী কৰ্মচাৰীসকলক বা শ্ৰমিকসকলক গোটেই হাইটিজুৰি ক'লেৰা ৰোগ সম্প্ৰসাৰণ কৰা বুলি দোষাৰোপ কৰে প্ৰায় ১০,০০০ লোকে এই ঘটনা অৰ্থাৎ ৰোগত মৃত্যু বৰণ কৰে

()খাদ্য আঁচনিৰ বিনিময়ত তেল:- এই আঁচনিৰ প্ৰস্তত কৰা হৈছিল ইৰাকক ৰাষ্ট্ৰসংঘৰ জৰিয়তে খাদ্য আৰু ঔষধৰ বিনিময়ত তেল বিক্ৰি কৰিবৰ বাবে অনুমতি প্ৰদান কৰিবৰ বাবে কিন্ত এইক্ষেত্ৰত দোষাৰূপ কৰা হয় যে অধিক সংখ্যক টকা ইৰাকী চৰকাৰে আৰু ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে সৰকাই বা দখল কৰে

() দক্ষিণ চুডান সংকট:- শান্তিপ্ৰতিষ্ঠা অভিযান ২০১১ সম্পূৰ্ণ বিফল হয় দক্ষিণ চুডানত সাধাৰণ লোকক মৃত্যু আৰু যৌন নিৰ্যাতন আৰু অত্যাচাৰৰ পৰা সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰিব পৰা নাছিল

() তদুপৰি ৰাষ্ট্ৰসংঘই বিশ্বক এক মেৰুৰ শাসন আৰু আধিপত্যৰ পৰা ৰক্ষা কৰিব পৰা নাই এক মেৰু বা একক শক্তি আমেৰিকাই এতিয়াও সমগ্ৰ বিশ্বত নিজৰ আধিপত্য বজাই ৰাখিছে যাৰ লগত ৰাষ্ট্ৰসংঘইয়ো ফেৰ মাৰিবলৈ অসমৰ্থ

     এনেদৰে ৰাষ্ট্ৰসংঘই বৰ্তমান লৈকে বহু বিফলতা আৰু সফলতা অৰ্জন কৰিছে


/ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰৰ বাবে কিয় দাবী উশ্থাপিত হৈছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংস্কাৰে ঘাইকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰকে বুজাই নিৰাপত্তা পৰিষদ লগতে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ দাবী সঘনে উশ্থাপিত হৈ আহিছে কাৰণ বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সকলোৱে কামনা কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্হায়ী দুই পৰিষদৰে সদস্য সংখ্যা যথেষ্ট কম সেয়ে এই সদস্যসমূহৰ সংখ্যা বৃদ্ধিৰ বাবে বহু ৰাষ্ট্ৰই মাত মাতি আহিছে তাৰ ভিতৰত ভাৰত অন্যতম

      ৰাষ্ট্ৰসংঘই পুনৰ সংস্কাৰৰ দাবী সঘনে উশ্থাপিত হোৱাত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কাফি আন্নানে ১৯৯৭ চনৰ জানুৱাৰী মাহৰ তাৰিখে কেনে ধৰণে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ হোৱা উচিত এই সম্পৰ্কত এক তদন্ত আৰম্ভ কৰিছিল ইয়াৰ ভিতৰত এটা বিষয় হ'ল নিৰাপত্তা পৰিষদৰ নতুন সদস্যসকলক মনোনীত কৰা এই ক্ষেত্ৰত কেইটামান মানদণ্ড বা অৰ্হতা উল্লেখ কৰা হৈছে যিবোৰ সদস্যসকলৰ থকা উচিত সেইসমূহ হ'ল- () অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰ; () এটা শক্তিশালী সামৰিক বাহিনী; () ৰাষ্ট্ৰসংঘৰ বাজেটলৈ আকৰ্ষণীয় বৰঙনি; () জনসংখ্যাৰ ফালৰ পৰা এখন বৃহৎ ৰাষ্ট্ৰ; () গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ৰাষ্ট্ৰ; () বিশ্বৰ ভৌগোলিক,অৰ্থনৈতিক ব্যৱস্থা, সাংস্কৃতিক ব্যৱস্থাৰ ভিন্নতাৰ মাজত পাৰ্থক্য থকা সত্ত্বেও পৰিষদক বেছি প্ৰতিনিধিত্ব কৰিব পৰা ৰাষ্ট্ৰ

    ওপৰত উল্লেখ কৰা ব্যৱস্থাকেইটাক কেন্দ্ৰ কৰি নিৰাপত্তা পৰিষদত নতুন সদস্য ভৰ্তি কৰিব লাগে বুলি বহুতে মত পোষণ কৰে সাম্প্ৰতিক কালৰ এখন পৰিৱৰ্তিত এখন পুনৰ সংস্কাৰ কৰা শক্তিশালী ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে বহু ৰাষ্ট্ৰৰ লগতে ভাৰতে মত প্ৰকাশ কৰে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি পাই আছে এনে স্হলত নিৰাপত্তা পৰিষদৰ গঠন অ-পৰিৱৰ্তনীয় হৈ থকাটো উচিত নহয় ইয়ে নিৰাপত্তা পৰিষদৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰক বিনষ্ট কৰিব বুলি এই ৰাষ্ট্ৰসমূহে বিশ্বাস কৰে আৰু বিশ্বাস কৰে যে অধিক প্ৰতিনিধি লৈ বহল ভিত্তিত গঠিত পৰিষদে বিশ্ব সম্প্ৰদায়ৰ পৰা অধিক সমাদৰ লাভ কৰাৰ লগতে বিশ্ব শান্তিও সম্ভৱ হ'ব এনেবোৰ কাৰণৰ বাবে নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰৰ দাবী উশ্থাপিত হয়

        ১৯৬৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱযোগে নিৰাপত্তা সদস্য সংখ্যা ১১ জনৰ পৰা ১৫ জনলৈ বৃদ্ধি কৰে কিন্ত স্হায়ী সদস্য সংখ্যাৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰম্ভণিৰে পৰা আজিলৈ স্হায়ী সদস্য সংখ্যা একে আছে অৰ্থাৎ ৫জন গতিকে ভাৰতৰ লগতে বহু ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদৰ স্হায়ী আৰু অস্হায়ী দুয়োবিধ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ পোষকতা কৰেবৰ্তমান নিৰাপত্তা পৰিষদৰ কাৰ্য-কলাপ আগৰ তুলনাত বহুত বেছি বৃদ্ধি পাইছে নিৰাপত্তা পৰিষদৰ কৃতকাৰ্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে বিশ্ব সম্প্ৰদায়ৰ ৰাজনৈতিক সমৰ্থনৰ ওপৰত সেয়ে নিৰাপত্তা পৰিষদৰ পুনৰ গঠনৰ পৰিকল্পনা বহল ভিত্তিত অৰ্থাৎ উন্নয়নশীল ৰাষ্ট্ৰৰ অধিক সদস্য লৈ গঠিত হোৱা উচিত এনেসমূহ কাৰণৰ বাবে নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰৰ বাবে দাবী উশ্থাপিত হৈছে বা হৈ আহিছে


১০/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অধিক কাৰ্যক্ষম কৰাৰ কাৰণে কি পৰামৰ্শ আগবঢ়োৱা হৈছে?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অধিক কাৰ্যক্ষম কৰাৰ বাবে এই পৰিষদৰ সংস্কাৰৰ পৰামৰ্শ আগবঢ়োৱা হৈছে কিয়নো নিৰাপত্তা পৰিষদ হ'ল ৰাষ্ট্ৰসংঘৰ কাৰ্যকৰী সমিতি বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্হিতিৰ লগত খাপ খোৱাকৈ ইয়াক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰ অতি প্ৰয়োজন ইয়াৰ বাবে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহে বহু পৰামৰ্শ বা মতামত আগবঢ়াইছে তাৰ ভিতৰতক নিৰাপত্তা পৰিষদৰ অধিক উন্নয়নৰ বাবে এই পৰিষদৰ স্হায়ী আৰু অস্হায়ী সদস্য সংখ্যা বৃদ্ধিৰ বাবে পৰামৰ্শ বা মত আগবঢ়োৱা হৈছে নতুন সদস্য নিযুক্তিৰ বাবে কিছুমান মানদণ্ড নিৰূপণ কৰা হৈছে সেই সমূহ হ'ল- () অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰ; () এটা শক্তিশালী সামৰিক বাহিনী; ()ৰাষ্ট্ৰসংঘৰ ধন-ভাণ্ডাৰ লৈ আকৰ্ষণীয় বৰঙনি; () জনসংখ্যাৰ ফালৰ পৰা এখন বৃহৎ ৰাষ্ট্ৰ; () গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ৰাষ্ট্ৰ;() বিশ্বৰ ভৌগোলিক, অৰ্থনৈতিক ব্যৱস্থা, সাংস্কৃতিক ব্যৱস্থাৰ ভিন্নতাৰ মাজত পাৰ্থক্য থকা সত্বেও  প্ৰতিনিধিত্ব কৰিব পৰা ৰাষ্ট্ৰ এই ব্যৱস্থাকেইটাক কেন্দ্ৰ কৰি নিৰাপত্তা পৰিষদত নতুন সদস্য ভৰ্তি কৰিব লাগে বুলি বহুতে মত পোষণ কৰে বা পৰামৰ্শ আগবঢ়াইঅস্হায়ী আৰু স্হায়ী দুই সদস্য সংখ্যা বৃদ্ধিৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে

  তদুপৰি নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্যৰ সংখ্যা বৃদ্ধিৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হৈছে

   তাৰোপৰি নিৰাপত্তা পৰিষদৰ কৃতকাৰ্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে বিশ্ব সম্প্ৰদায়ৰ ৰাজনৈতিক সমৰ্থনৰ ওপৰত সেয়ে নিৰাপত্তা পৰিষদৰ পুনৰ গঠনৰ পৰিকল্পনা বহল ভিত্তিত অৰ্থাৎ উন্নয়নশীল ৰাষ্ট্ৰৰ অধিক সদস্যক লৈ গঠিত হোৱা উচিতএই পৰামৰ্শও আগবঢ়োৱা হৈছে

এইদৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অধিক কাৰ্যক্ষম কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে


১১/ শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সংঘটিত হোৱা শীতল যুদ্ধৰ পিছত বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক পৰিৱৰ্তন আহে তাৰ ভিতৰত বিশ্বসংস্হা ৰাষ্ট্ৰসংঘৰ পৰিৱৰ্তন বা সংস্কাৰ সাধন হৈছে এক উল্লেখযোগ্য পৰিৱৰ্তন ৰাষ্ট্ৰসংঘলৈ অহা পৰিৱৰ্তন বা সংস্কাৰৰ ভিতৰত দুটা মূল পৰিৱৰ্তন হ'ল-

() ৰাষ্ট্ৰসংঘৰ গাঁথনিৰ সংস্কাৰ:-  ৰাষ্ট্ৰসংঘৰ গাঁঠনিৰ সংস্কাৰৰ ভিতৰত নিৰাপত্তা পৰিষদৰ পৰিৱৰ্তন বা সংস্কাৰ উল্লেখযোগ্য নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি পায় ১৯৬৫ চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এক প্ৰস্তাৱ যোগে নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা ১১ জনৰ পৰা ১৫ জনলৈ বৃদ্ধি পায়

 () কাৰ্যপ্ৰণালীৰ সংস্কাৰ আৰু আলোচনাৰ বিষয়বোৰৰ পুনৰ নিৰীক্ষণ:-  আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম-নীতি আৰু প্ৰশাসনৰ উৎকৰ্ষ সাধনৰ ওপৰত প্ৰাধান্য দিয়ে অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ কাৰ্য প্ৰণালীৰ উন্নতি সাধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে

() শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘলৈ অহা আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ল যে বহু সংখ্যক ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘত যোগদান কৰিছে

() আন এক পৰিৱৰ্তন হ'ল যে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক প্ৰভৃতি ক্ষেত্ৰত বিভিন্ন জাতিৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ বিশেষ তৎপৰ হৈ পৰিছে

() তদুপৰি ৰাষ্ট্ৰসংঘই পূৰ্বৰ তুলনাত ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক, সামাজিক,সাংস্কৃতিক আৰু মানৱীয় অন্যান্য সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে লগতে স্বাস্হ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা, জনসংখ্যা নিয়ন্ত্ৰণ,মানৱ অধিকাৰ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ ওপৰতো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ ধৰিছে

      উপৰিউক্ত ধৰণেৰে শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘত বহুতো পৰিৱৰ্তন সাধন হৈছে


১২/ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ গঠন পদ্ধতি, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ হ'ল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ চনদৰ ৰচয়িতাসকলে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক আৰু সামাজিক সহযোগিতাৰ প্ৰয়োজন অনুভৱ কৰিছিল ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে দেশসমূহৰ মাজত সম-অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত শান্তিপূৰ্ণ সম্পৰ্ক সৃষ্টি কৰাটো প্ৰয়োজন, সেয়েহে ৰাষ্ট্ৰসংঘই জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ, নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ,সামাজিক প্ৰগতি আৰু বিকাশ সাধন কৰিবলৈ, আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক-সামাজিক স্বাস্হ্য সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিবলৈ, আন্তঃৰাষ্ট্ৰীয় সংস্কৃতি আৰু শিক্ষাৰ বিষয়ত সহযোগিতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লগতে জাতি, লিংগ, ভাষা আৰু ৰ্ম নিৰ্বিশেষে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগৰ সুবিধা কৰিবলৈ চেষ্টা কৰিবএনেবোৰ উদ্দেশ্য সাধনৰ বাবে ৰাষ্ট্ৰসংঘৰ অংগ হিচাপে সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ সৃষ্টি কৰা হয়

       ৰাষ্ট্ৰসংঘৰ চনদৰ ৬১ নং অনুচ্ছেদত সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ গঠনৰ বিষয়ে উল্লেখ কৰা আছে আৰম্ভণিতে ১৮ জন সদস্যৰে এই পৰিষদ গঠন কৰা হৈছিল কিন্ত ১৯৬৫ চনত চনদৰ ৬১ নং অনুচ্ছেদ সংশোধন কৰি পৰিষদৰ সদস্যসংখ্যা ২৭ জনলৈ বৃদ্ধি কৰা হয় এই পৰিষদৰ সদস্যসকলক সাধাৰণ সভাই বছৰৰ বাবে নিৰ্বাচিত কৰে প্ৰতি বছৰে ইয়াৰ এক তৃতীয়াংশ সদস্যই অৱসৰ গ্ৰহণ কৰে সাধাৰণতে বিভিন্ন ধৰণৰ সামাজিক, অৰ্থনৈতিক,সাংস্কৃতিক আৰু ভৌগোলিক পৰিৱেশৰ দেশে প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই পৰিষদৰ সদস্যক নিৰ্বাচিত কৰা হয়উদ্যোগৰ বিষয়ত আগবঢ়া আৰু শক্তিশালী দেশক এই পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয় অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ অধিৱেশন বছৰত দুবাৰকৈ অনুষ্ঠিত হয়পৰিষদৰ এজনক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় সভাপতিৰ কাৰ্যকাল এক বছৰ

    ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কিছুমান বিশেষ ক্ষমতা আৰু কাৰ্যাৱলী আছে ৰাষ্ট্ৰসংঘৰ চনদৰ ৬২ নং অনুচ্ছেদৰ পৰা ৬৬নং অনুচ্ছেদলৈ এই পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে উল্লেখ কৰা আছে   তলত সেইবোৰ আলোচনা কৰা হ'ল-

() অৰ্থনৈতিক আৰু সামাজিক পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক,সাংস্কৃতিক,শিক্ষা,স্বাস্হ্য আৰু এনে ধৰণৰ সমস্যাৰ বিষয়ে অনুসন্ধান কৰি সাধাৰণ সভা, ৰাষ্ট্ৰসংঘৰ সদস্যসকললৈ প্ৰতিবেদন পঠাব লাগে এই প্ৰতিবেদনৰ লগত পৰিষদৰ পৰামৰ্শও সংযোজন কৰিব পাৰে

() প্ৰত্যেক ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে, সেই বিষয়ে অৰ্থনৈতিক আৰু সামাজিক পৰিষদে ৰাষ্ট্ৰসংঘক জনাব লাগে

() এই পৰিষদে নিজৰ দায়িত্ব সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰিব পাৰে আৰু প্ৰয়োজন হ'লে পৰিষদৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত চুক্তি-পত্ৰৰ খচৰা প্ৰস্তত কৰি সাধাৰণ সভাৰ ওচৰত দাখিল কৰিব পাৰে  

() বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰ একত্ৰিত হৈ যদি  অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক,শিক্ষা বা স্বাস্হ্যবিষয়ক বা এনে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৃষ্টি কৰে, তেতিয়াহ'লে সামাজিক আৰু অৰ্থনৈতিক পৰিষদে তেনে সংস্থাৰ লগত চুক্তিবদ্ধ হৈ ৰাষ্ট্ৰসংঘৰ লগত তেনে সংস্থাৰ সম্পৰ্কৰ সৃষ্টি কৰিব পাৰে

() ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ সংস্থাৰ কাৰ্যাৱলীৰ লগত সামঞ্জস্য ৰক্ষা কৰাও এই পৰিষদৰ অন্যতম দায়িত্ব আৰু কৰ্তব্য বিশেষ সংস্থাসমূহৰ পৰা সাময়িক প্ৰতিবেদন গ্ৰহণ কৰি এই প্ৰতিবেদনৰ ওপৰত পৰিষদৰ মন্তব্য দি এই প্ৰতিবেদনবোৰ সাধাৰণ সভাৰ ওচৰত দাখিল কৰিব লাগে নিৰাপত্তা পৰিষদৰ প্ৰয়োজন মতে সামাজিক আৰু অৰ্থনৈতিক পৰিষদে আন আন তথ্য-পাতিও নিৰাপত্তা পৰিষদক দাখিল কৰিব লাগে

() পৰিষদৰ কাম-কাজ সুবিধাৰ বাবে পৰিষদে সামাজিক,অৰ্থনৈতিক,মানৱ অধিকাৰ সম্পৰ্কীয় আয়োগ গঠন কৰিব পাৰে অৰ্থনৈতিক,সামাজিক আদি বিষয়ত বে-চৰকাৰী সংগঠনৰ লগতো এই পতিষদে সম্পৰ্ক ৰক্ষা কৰিব পাৰে

      উপৰিউক্ত ধৰণেৰে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ বহুতো গুৰুত্বপূৰ্ণ ক্ষমতা আৰু কাৰ্যাৱলী আছে


চমুটোকাঃ

/ ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য নে?

উত্তৰ:- ১৯৪৫ চনৰ অক্টোবৰ মাহৰ ২৪ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ১৯৪৫ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে ভাৰতে ৰাষ্ট্ৰসংঘত সদস্যৰাষ্ট্ৰ হিচাপে যোগদান কৰে

/ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য ইয়াৰ প্ৰস্তাৱনাত উল্লেখ আছে যে ভৱিষ্যৎ  মানৱ সমাজক যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰাই হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাই ইয়াৰ মূল উদ্দেশ্য ডাঙৰ-সৰু সকলো দেশে যাতে ন্যায্য অধিকাৰ ভোগ কৰিব পাৰে আৰু কোনো ব্যক্তিয়ে যাতে মানৱ অধিকাৰ ভোগ কৰাৰ পৰা বঞ্চিত নহয়,সেই বিষয়ে লক্ষ্য ৰখাও ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য

/ ৰাষ্ট্ৰসংঘৰ এনে তিনিটা প্ৰধান অংগৰ নাম লিখা যিকেইটাক ইয়াৰ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা বুলি বিবেচনা কৰা হয়

উত্তৰ:-  ৰাষ্ট্ৰসংঘৰ তিনিটা প্ৰধান অংগ যিকেইটাক ইয়াৰ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা বুলি বিবেচনা কৰা হয় সেই অংগকেইটা হ'ল-

()সাধাৰণ সভা যাক ৰাষ্ট্ৰসংঘৰ বিধানমণ্ডল বুলি বিবেচনা কৰা হয়,

()নিৰাপত্তা পৰিষদ যাক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা বুলি অভিহিত কৰা হয়,

() আন্তঃৰাষ্ট্ৰীয় আদালত যাক ৰাষ্ট্ৰসংঘৰ ন্যায়পালিকা বুলি অভিহিত কৰা হয়

/ সাধাৰণ পৰিষদৰ চাৰিটা কাৰ্য উল্লেখ কৰা

উত্তৰ:- সাধাৰণ পৰিষদ ৰাষ্ট্ৰসংঘৰ এক প্ৰধান অংগ ইয়াৰ চাৰিটা কাৰ্য হ'ল-

() আলোচনা কৰা আৰু পৰামৰ্শ দিয়া:- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এক মূল কাৰ্য হ'ল আলোচনা কৰা আৰু পৰামৰ্শ প্ৰদান কৰা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ বাবে সাধাৰণ সভাই প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব পাৰেচনদৰ ১০ নং অনুচ্ছেদ মতে সাধাৰণ সভাই চনদত সন্নিৱিষ্ট কৰা যিকোনো বিষয়ৰ ওপৰতেই আলোচনা কৰিব পাৰে সেইদৰে ৰাষ্ট্ৰসংঘৰ আন অংগৰ বিষয়েও সাধাৰণ সভাই আলোচনা কৰিব পাৰে ১১ নং অনুচ্ছেদ মতে নিৰস্ত্ৰীকৰণ,অস্ত্ৰ-পাতি নিয়ন্ত্ৰণ আদিকে ধৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু শান্তি আৰু নিৰাপত্তাৰ বিষয়ে সাধাৰণ সভাই আলোচনা কৰিব পাৰে আৰু পৰামৰ্শ দিব পাৰেকোনো ঘটনাৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা থাকিলে,সাধাৰণ সভাই তেনে বিষয়ে নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ৰাজনৈতিক বিষয়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৃষ্টি কৰাৰ উদ্দেশ্য সাধাৰণ সভাই তথ্য-পাতি যোগাৰ কৰি পৰামৰ্শ দিব পাৰে

() পৰ্যবেক্ষণ কাৰ্য:- ৰাষ্ট্ৰসংঘৰ আন আন অংগৰ কাম-কাজৰ সাধাৰণ সভাই পৰ্যবেক্ষণ কৰে বা কৰিব পাৰে নিৰাপত্তা পৰিষদ,অৰ্থনৈতিক আৰু সামাজিক পৰিষদ,ন্যাসৰক্ষী পৰিষদ আদিয়ে নিজৰ নিজৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে সাধাৰণ সভাত প্ৰতিবেদন দাখিল কৰিব লাগে সচিবালয়ৰ কৰ্মচাৰী নিয়োগৰ বিষয়তো সাধাৰণ সভাই কিছুমান নীতি-নিয়মৰ সৃষ্টি কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ বিষয়ে নিৰাপত্তা পৰিষদে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে সাধাৰণ সভাক জনাব লাগে

() ৰাজনৈতিক কাৰ্য:- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত কৰিব পৰা কোনো বিষয়ৰ ওপৰত যদি নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্যৰ ভেটো প্ৰয়োগৰ ফলত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়, তেতিয়াহ'লে শান্তিৰ কাৰণে ঐক্য প্ৰস্তাৱৰ জৰিয়তে তেনে বিষয়ৰ ওপৰত আলোচনা কৰি সদস্য ৰাষ্ট্ৰসমূহক পৰামৰ্শ দিব পাৰে

() নিৰ্বাচনসংক্ৰান্ত কাৰ্য:-  নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই কোনো ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত কৰিব পাৰেনিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে চনদৰ নীতি উলংঘা কৰাৰ অপৰাধত কোনো সদস্য ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰিব পাৰেনিৰাপত্তা পৰিষদৰ অস্হায়ী সদস্যসকলৰ নিৰ্বাচনৰ দায়িত্বও সাধাৰণ সভাৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলকো সাধাৰণ নিৰ্বাচিত কৰে সেইদৰে ন্যাসৰক্ষী পৰিষদৰ কেইজনমান সদস্যকো সাধাৰণ সভাই নিৰ্বাচিত কৰে আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতিসকলৰ নিৰ্বাচনৰ দায়িত্বও সাধাৰণ সভাৰেই

/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ চাৰিটা কাৰ্যৰ নাম লিখা

উত্তৰ:- নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক অন্যতম প্ৰধান গুৰুত্বপূৰ্ণ অংগনিৰাপত্তা পৰিষদৰ চাৰিটা মূল কাৰ্য হ'ল-

() আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা:- নিৰাপত্তা পৰিষদৰ এক মূল কাৰ্য হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা ৰাষ্ট্ৰসংঘৰ চনদৰ ৩৩ নং অনুচ্ছেদত উল্লেখ আছে যে বিশ্বশান্তি আৰু নিৰাপত্তা ব্যাহত হ'ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ'লে বিবাদ জড়িত দেশে আলাপ-আলোচনা, মধ্যস্হতা বা আন্তঃৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে তেনে বিবাদ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিবকোনো বিবাদ বা পৰিস্থিতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে নে নাই সেই বিষয়ে পৰিষদে অনুসন্ধান কৰিব পাৰেএনে পৰিস্থিতি বা বিবাদ মীমাংসা কৰাৰ উদ্দেশ্য পৰিষদে কোনো এটা উপায় অৱলম্বন কৰিবলৈ বিবাদ জড়িত দেশক নিৰ্দেশ দিব পাৰে আইন জড়িত বিবাদসমূহৰ যাতে আন্তঃৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে বিচাৰ কৰা হয়,সেই বিষয়েও নিৰাপত্তা পৰিষদে দৃষ্টি ৰাখিব লাগে

() শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ:- নিৰাপত্তা পৰিষদৰ যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফালত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ বাবে আগ্ৰহী নহয়,তেতিয়াহ'লে পৰিষদে তেনে দেশৰ বিৰুদ্ধে শান্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰেএই শাস্তিমূলক ব্যৱস্থা অৰ্থনৈতিক আৰু সামৰিক- এই দুই ধৰণৰ হ'ব পাৰে প্ৰথমে,শাস্তি ব্যাহতকাৰী দেশৰ বিৰুদ্ধে পৰিষদ অৰ্থনৈতিক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেনে দেশৰ লগত অৰ্থনৈতিক সম্পৰ্ক ছেদ কৰা, ৰে'লপথ,সাগৰৰ পথ আৰু আকাশী পথ,ডাক-তাঁৰ আদি যোগাযোগৰ মাধ্যমসমূহক বন্ধ কৰা,কূটনৈতিক সম্পৰ্ক ছেদ কৰাৰ কাৰণে সদস্য ৰাষ্ট্ৰসমূহক নিৰ্দেশ দিব পাৰে এনেবোৰ কামৰ ফলতো যদি শান্তি প্ৰতিষ্ঠা কৰা বা আক্ৰমণ প্ৰতিহত কৰা সম্ভৱ নহয়, তেতিয়াহ'লে নিৰাপত্তা পৰিষদে সামৰিক বাহিনীৰ সহায় ল'ব পাৰে

() নিৰস্ত্ৰীকৰণ:- নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰতো নিৰাপত্তা পৰিষদৰ দায়িত্ব আৰু কৰণীয় আছে নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ-পাতি নিয়ন্ত্ৰণৰ বাবে পৰিকল্পনা প্ৰস্তত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পৰিষদে পঠাব পাৰেদেশসমূহৰ আৰ্থিক সম্পদ যাতে অস্ত্ৰ-পাতি বৃদ্ধিত বেছিকৈ খৰচ কৰা নহয়; সেই বিষয়েও পৰিষদে দৃষ্টি ৰাখিব লাগে

() নিৰ্বাচনসংক্ৰান্ত কাৰ্য:-  নিৰাপত্তা পৰিষদৰ নিৰ্বাচনসংক্ৰান্ত দায়িত্ব কিছুমানো আছে এই পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘত নতুন সদস্যক ভৰ্তি কৰিব পাৰে কোনো সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ বিষয়তো নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন নিৰাপত্তা পৰিষদৰ অনুমোদন মতে সাধাৰণ সভাই সচিবপ্ৰধানক নিয়োগ কৰে আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতি নিয়োগৰ বিষয়তো নিৰাপত্তা পৰিষদৰ সন্মতিৰ প্ৰয়োজন

/ ৰাষ্ট্ৰসংঘৰ চাৰিটা মূলনীতি উল্লেখ কৰা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ চনদৰ নং অনুচ্ছেদত ইয়াৰ নীতিসমূহৰ বিষয়ে উল্লেখ আছে সেই সমূহৰ ভিতৰত কেইটামান হ'ল-

()সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা কৰা হ'ব;

() সদস্য ৰাষ্ট্ৰসমূহে চনদৰ উল্লেখ থকা দায়িত্ব পালন কৰিব;

()আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায় যাতে ব্যাহত নহয়, সেই উদ্দেশ্যে সদস্য ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব;

() সদস্য ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰৰ ৰাজ্যিক অখণ্ডতা আৰু ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব

/  UNESCO উদ্দেশ্য আৰু আঁচনিসমূহ ব্যাখ্যা কৰা

 উত্তৰ:- UNESCO হৈছে ৰাষ্ট্ৰসংঘৰ এক বিশেষ অংগ ১৯৪৫ চনৰ ১৬ নবেম্বৰ তাৰিখে  UNESCO প্ৰতিষ্ঠা কৰা হয় এই অনুষ্ঠানৰ কিছুমান বিশেষ উদ্দেশ্য আৰু আঁচনি আছে সেই সমূহ তলত আলোচনা কৰা হ'ল-

উদ্দশ্যসমূহ:-

() UNESCO মুখ্য উদ্দেশ্য হ'ল শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক মাধ্যমেৰে পৃথিৱীত শান্তি স্থাপন, বিশ্বৰ সকলো ঠাইৰ পৰা নিৰক্ষৰতা দূৰীকৰণ আৰু শিক্ষাৰ মানদণ্ডৰ উন্নতি সাধন কৰা;

() বিজ্ঞান শিক্ষাৰ প্ৰসাৰ সাধন;

() সাংস্কৃতিক বৈচিত্ৰ্যতা, পৰস্পৰ বুজাবুজি  আৰু শান্তি সম্প্ৰতি বৃদ্ধি কৰা আৰু সবল কৰা

  উক্ত ধৰণেৰে  UNESCO বহুতো লক্ষ্য আৰু উদ্দেশ্য আছে

 UNESCO কিছুমান বিশেষ আঁচনি আছে সেই সমূহ হ'ল-

()প্ৰাকৃতিক বিজ্ঞান, () সামাজিক আৰু মানৱ বিজ্ঞান, () সংস্কৃতি, () তথ্য-প্ৰযুক্তিবিদ্যা, () জলবিজ্ঞান আঁচনি আদি

/ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ ওপৰত এটা চমুটোকা লিখা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ এক প্ৰধান অংগ হ'ল সচিবালয় আৰু এই সচিবালয়ৰ প্ৰধান প্ৰশাসনীয় বিষয়া হ'ল সচিবপ্ৰধান ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে সচিবপ্ৰধানজনে সচিবালয়ৰ কাম-কাজ পৰিচালনা কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় কৰ্মচাৰীক নিয়োগ কৰে ৰাষ্ট্ৰসংঘৰ চনদত সচিবপ্ৰধানৰ কাৰ্যকাল নিৰ্ধাৰণ কৰা নাই যদিও সচিবপ্ৰধানক বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয় ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ প্ৰথম সচিবপ্ৰধান আছিল ট্ৰিগভিলি আৰু বৰ্তমানৰ সচিবপ্ৰধান হ'ল এন্টনিঅ' গোটাৰেছ সচিবপ্ৰধানজনে স্বাধীনভাৱে কাম কৰিব পাৰে চনদৰ ৯৯ নং অনুচ্ছেদ মতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি আৰু নিৰাপত্তা ব্যাহত হ'ব পৰা যিকোনো বিষয়ে সচিবপ্ৰধানে নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে

         ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ কিছুমান ক্ষমতা আৰু কাৰ্যাৱলী আছে তলত সেইসমূহ আলোচনা কৰা হ'ল-

() কৰ্মচাৰী নিয়োগ:- সচিবালয়ৰ কাম-কাজ সম্পাদন কৰাৰ উদ্দেশ্য সচিবপ্ৰধানে প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী নিয়োগ কৰিব পাৰে কৰ্মচাৰী নিয়োগৰ বিষয়ত সচিবপ্ৰধানে কৰ্মচাৰীসকলৰ সততা, দক্ষতা আৰু পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিব লাগে পৃথিৱীৰ বিভিন্ন দেশৰ নাগৰিকৰ মাজৰ পৰা যাতে কৰ্মচাৰী নিয়োগ কৰা হয়, সেই বিষয়তো সচিব প্ৰধানে সতৰ্ক দৃষ্টি ৰাখিব লাগে

() প্ৰশাসনীয় কাৰ্যাৱলী:- সচিবালয়ৰ প্ৰধান প্ৰশাসনিক বিষয়া হিচাপে সচিবালয়ৰ কাম-কাজ যাতে দক্ষতাৰে সম্পাদন কৰা হয়, সেই বিষয়ে সচিবপ্ৰধানে সতৰ্ক দৃষ্টি ৰাখিব লাগে আন্তঃৰাষ্ট্ৰীয় আদালতৰ বাহিৰে ৰাষ্ট্ৰসংঘৰ আন অংগ, যেনে- সাধাৰণ সভা, নিৰাপত্তা পৰিষদ আৰু অন্যান্য বিশেষ সংস্থাৰ কাম-কাজ যাতে ভালদৰে পৰিচালনা কৰা হয়, সেই বিষয়ে সচিবপ্ৰধানে লক্ষ্য ৰাখিব লাগে ৰাষ্ট্ৰসংঘৰ বিভিন্ন ঠাইত থকা সংগঠনৰ কৰ্মচাৰীসকলৰ নিয়মানুৱৰ্তিতা আৰু সহযোগিতাৰ প্ৰতি দৃষ্টি ৰখাতো সচিবপ্ৰধানৰ দায়িত্ব তদুপৰি বিভিন্ন দেশৰ পৰা ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংগঠনলৈ অহা প্ৰতিনিধিসকলৰ যাতায়তৰ ব্যৱস্থা কৰা, সন্মিলনৰ স্থান স্থিৰ কৰা, প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তত কৰি দাখিল কৰাৰ দায়িত্ব সচিবপ্ৰধানেই বহন কৰেবিভিন্ন দেশৰ প্ৰতিনিধিয়ে সভাত দিয়া ভাষণ অনুবাদ কৰা আৰু নথিভুক্ত কৰাৰ দায়িত্ব সচিবপ্ৰধানৰ

() বিভিন্ন সংগঠনৰ কামত অংশগ্ৰহণ কৰা:- ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংগঠনৰ ওপৰতো সচিবপ্ৰধানৰ দায়িত্ব আছে চনদৰ ৯৮ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, সামাজিক আৰু অৰ্থনৈতিক পৰিষদ আৰু ন্যাসৰক্ষী পৰিষদৰ সভাত সচিবপ্ৰধান উপস্থিত থাকিব আৰু এই সংগঠনসমূহে সচিবপ্ৰধানৰ ওপৰত দিয়া দায়িত্ব তেওঁ পালন কৰিব বিভিন্ন সংগঠনৰ সভাত তেওঁ উপস্থিত থাকিব লাগে সাংবাদিক সন্মিলন, বিভিন্ন সন্মিলনৰ সদস্যসকলৰ উদ্দেশ্যে প্ৰস্তত কৰা ভোজমেল আদিত সচিবপ্ৰধান উপস্থিত থাকে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে সচিবপ্ৰধানে সাধাৰণ সভাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব লাগে

() প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব:- সচিবপ্ৰধানে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাবেও কাৰ্যনিৰ্বাহ কৰেবিভিন্ন চৰকাৰ আৰু আন আন সংগঠনৰ মাজত আলোচনাৰ বিষয়ত সচিবপ্ৰধানে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে

() সমন্বয় সাধন:- ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগই যাতে সহযোগিতাৰে নিজৰ নিজৰ দায়িত্ব সম্পাদন কৰে, সেই বিষয়ে সচিবপ্ৰধানে সতৰ্ক দৃষ্টি ৰাখিব লাগে অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংশৰ মাজত সচিবপ্ৰধানে সমন্বয় সাধন কৰিব লাগে বিভিন্ন সংগঠনৰ কাম-কাজৰ বিষয়ে বিষয়ে তথ্য-পাতি সংগ্ৰহ কৰি, বিভিন্ন অংগৰ মাজত সহযোগিতাৰ সৃষ্টি কৰিব লাগে

() চুক্তিৰ পঞ্জীয়ন:- ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত স্বাক্ষৰ কৰা চুক্তিসমূহ পঞ্জীয়ন কৰাটোও সচিবপ্ৰধানৰ আন এটা কৰ্তব্য চনদৰ ১০২ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰা চুক্তি সচিবালয়ত পঞ্জীয়ন কৰা আৰু সচিবালয়ে প্ৰকাশ কৰাৰ পিছতহে কাৰ্যকৰী হ'ব পাৰে সেয়েহে চুক্তিসমূহ পঞ্জীয়ন কৰা আৰু প্ৰকাশ কৰা সচিবপ্ৰধানৰ অন্যতম দায়িত্ব

() বিত্তীয় ক্ষমতা:- সচিবপ্ৰধানৰ বিত্তীয় ক্ষমতাও আছে সচিবপ্ৰধানৰ তত্ত্বাৱধান মতেই ৰাষ্ট্ৰসংঘৰ বাজেট প্ৰস্তত কৰা হয় আৰু বিভিন্ন অংগৰ কাৰণে ধনৰ মঞ্জুৰি দিয়া হয় অৱশ্যে এই বাজেট আৰু ধনৰ মঞ্জুৰি সাধাৰণ সভাই অনুমোদন কৰিলেহে কাৰ্যকৰী কৰিব পাৰি সাধাৰণ সভাই বাজেট অনুমোদন কৰাৰ পিছতো বাজেটৰ ওপৰত সচিবপ্ৰধানৰ নিয়ন্ত্ৰণ থাকে বিভিন্ন সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘলৈ দিব লগা ধন সচিবপ্ৰধানে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব লাগেবিভিন্ন সংগঠনৰ লগত আলোচনা কৰি উমৈহতীয়া বিত্তীয় নীতিও সচিব প্ৰধানে ৰচনা কৰিব লাগে

     সচিবপ্ৰধান ৰাষ্ট্ৰসংঘৰ অকল প্ৰশাসনীয় বিষয়াই নহয়, তেওঁৰ ৰাজনৈতিক ভূমিকাও আছে চনদৰ ৰচয়িতাসকলে সচিবপ্ৰধানক ৰাজনৈতিক বিষয়ত সক্ৰিয় হোৱাটো সমৰ্থন কৰিছিল সচিবপ্ৰধানজন ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ

/ আন্তৰ্জাতিক ন্যায়ালয়ৰ ওপৰত এটা চমুটোকা লিখা লিখা

উত্তৰ:- আন্তৰ্জাতিক ন্যায়ালয় বা আদালত ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ ইয়াক ৰাষ্ট্ৰসংঘৰ ন্যায়পালিকা বুলি অভিহিত কৰা হয় ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য যিবোৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য নহয়, তেনে দেশো আন্তঃৰাষ্ট্ৰীয় আদালতৰ সদস্য হোৱাত বাধা নাই নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই কোনো দেশক আন্তৰ্জাতিক আদালতৰ সদস্যভুক্ত কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় আদালতৰ সংবিধান স্থায়ী আন্তঃৰাষ্ট্ৰীয় আদালতৰ সংবিধানৰ ভিত্তিতেই ৰচনা কৰা হৈছেৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰ কোনো বিবাদত জড়িত থাকিলে, আন্তৰ্জাতিক আদালতে দিয়া সিদ্ধান্ত তেনে ৰাষ্ট্ৰই মানি চলিব লাগে

       ১৫ জন বিচাৰপতিয়ে আন্তৰ্জাতিক আদালতৰ গঠন কৰা হয়এই আদালতৰ বিচাৰপতি হিচাপে নিযুক্ত হোৱা লোকৰ নিজৰ দেশৰ সৰ্বোচ্চ আদালতৰ বিচাৰপতি হোৱাৰ যোগ্যতা থাকিব লাগে উচ্চ নৈতিক চৰিত্ৰৰ লোক,আইনৰ বিষয়ত অভিজ্ঞতা থকা আৰু স্বাধীনভাৱে বিচাৰ কৰাৰ ক্ষমতা থকা লোকক এই আদালতৰ বিচাৰপতি হিচাপে নিযুক্ত কৰা হয়গোপন ভোটৰ জৰিয়তে সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে আন্তৰ্জাতিক আদালতৰ বিচাৰপতিক নিযুক্ত কৰে নিৰ্বাচিত বলৈ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদত একক সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ প্ৰয়োজন আন্তৰ্জাতিক আদালতৰ বিচাৰপতিসকলৰ কাৰ্যকাল বছৰপ্ৰত্যেক বছৰৰ অন্তৰে অন্তৰে এক তৃতীয়াংশ বিচাৰপতিয়ে অৱসৰ গ্ৰহণ কৰে বিচাৰপতিসকলৰ মাজৰ পৰা সভাপতি আৰু উপ-সভাপতিক নিৰ্বাচিত কৰা হয় সভাপতি আৰু উপ-সভাপতিৰ কাৰ্যকাল হৈছে বছৰ হলেণ্ডৰ ডি-হেগ চহৰত আন্তঃৰাষ্ট্ৰীয় আদালতৰ প্ৰধান কাৰ্যালয় অৱস্থিত

     আন্তৰ্জাতিক আদালতৰ কিছুমান বিশেষ অধিকাৰ ক্ষেত্ৰ আছে সেইসমূহ হ'ল-

() স্বেচ্ছাপূৰ্বক অধিকাৰক্ষেত্ৰ:- কোনো বিবাদত জড়িত দুয়ো পক্ষই যদি সেই বিবাদৰ বিচাৰৰ কাৰণে এই আদালতত আবেদন কৰে, তেতিয়াহ'লে এই আদালতে তেনে বিবাদৰ বিচাৰ কৰি ৰায় দিব পাৰে

() বাধ্যতামূলক অধিকাৰক্ষেত্ৰ:- কিছুমান বিষয় আন্তৰ্জাতিক আদালতৰ বাধ্যতামূলক অধিকাৰক্ষেত্ৰৰ ভিতৰুৱা আন্তঃৰাষ্ট্ৰীয় আইন, আন্তঃৰাষ্ট্ৰীয় চুক্তি আদিৰ বিষয়ত এই আদালতে ৰায় দিব পাৰে কোনো দেশ এনেবোৰ বিষয়ৰ বিচাৰৰ বাবে এই আদালতত আবেদন কৰিলে, তেনে দেশে এই আদালতৰ ৰায় মানি চলিব লাগে এই আদালতৰ ৰায় অৱমাননা কৰিলে, আন পক্ষই এই বিষয়টোৰ প্ৰতি এই বিষয়টোৰ প্ৰতি নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে নিৰাপত্তা পৰিষদে এনে দেশৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিব পাৰে

() পৰামৰ্শমূলক অধিকাৰক্ষেত্ৰ:- আন্তৰ্জাতিক আদালতৰ পৰামৰ্শমূলক অধিকাৰক্ষেত্ৰও আছে নিৰাপত্তা পৰিষদ, সাধাৰণ সভা আৰু ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ অংগই আইন জড়িত বিষয়ত এই আদালতৰ পৰামৰ্শ বিচাৰিব পাৰে এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে কোন বিষয়ত আদালতৰ পৰামৰ্শৰ প্ৰয়োজন সেই বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিব লাগে

    আন্তৰ্জাতিক আদালতৰ সিদ্ধান্তসমূহক কাৰ্যকৰী কৰাৰ বাবে এই আদালতৰ কোনো ক্ষমতা দিয়া নাই তথাপিও এই আদালতৰ সিদ্ধান্ত সদস্য ৰাষ্ট্ৰসমূহে মানি চলে আন্তঃৰাষ্ট্ৰীয় আইনৰ বিকাশ আৰু শান্তিপূৰ্ণভাৱে বিবাদ মীমাংসাৰ বিষয়তো এই আদালতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে

১০/ নিৰাপত্তা পৰিষদৰ নতুন স্থায়ী আৰু   অস্থায়ী সদস্য অন্তৰ্ভুক্তিৰ কাৰণে আগবঢ়োৱা প্ৰস্তাৱৰ চাৰিটা মানদণ্ড উল্লেখ কৰা

উত্তৰ:- নিৰাপত্তা পৰিষদৰ নতুন স্থায়ী আৰু অস্হায়ী সদস্য অন্তৰ্ভুক্তিৰ কাৰণে আগবঢ়োৱা প্ৰস্তাৱৰ চাৰিটা মানদণ্ড হ'ল-

() অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰ;     

() এটা শক্তিশালী সামৰিক বাহিনী;

() জনসংখ্যাৰ ফালৰ পৰা এখন বৃহৎ ৰাষ্ট্ৰ;

() গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ৰাষ্ট্ৰ

১১/আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ ওপৰত এটা টোকা লিখা

উত্তৰ:- আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ হ'ল ৰাষ্ট্ৰসংঘৰ এক বিশেষ অংগ যাৰ অধিদেশ হ'ল আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক মানদণ্ডৰ জৰিয়তে অৰ্থনৈতিক আৰু সামাজিক ন্যায়ৰ উন্নতি সাধন কৰা ১৯১৯ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল  ১৮৭ খন ৰাষ্ট্ৰ ইয়াৰ সদস্য আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ মূল কাৰ্যালয় অৱস্থিত চুইজাৰলেণ্ডৰ জেনেভাত এই সংস্থাৰ মুখ্য কাৰ্য হ'ল-শ্ৰমিকৰ অৱস্থাৰ উন্নতি সাধন, জীৱন-নিৰ্বাহৰ মান উন্নীতকৰণ কৰা আৰু চৰকাৰ আৰু শ্ৰমিকৰ যুটীয়া সহযোগত সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰা

    আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ কিছুমান বিশেষ লক্ষ্য আৰু উদ্দেশ্য আছে তলত সেইবোৰ উল্লেখ কৰা হ'ল-

() সম্পূৰ্ণ কৰ্ম সংস্থাপন প্ৰদান আৰু জীৱন ধাৰণৰ গুণগত মানদণ্ডৰ পুনৰ নিৰীক্ষণ কৰা;

() শ্ৰমিকৰ কৰ্ম বা জীৱিকাৰ পথ নিৰ্বাচনৰ ক্ষমতাৰ সুনিৰ্দিষ্ট কৰা;

() শ্ৰমিকক প্ৰশিক্ষণ আৰু পুনৰ সংগঠিতত কৰা;

() সকলো জীৱিকাৰ শ্ৰমিকৰ বাবে জীৱন আৰু স্বাস্হ্যৰ উপযুক্ত সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা;

() শিশু কল্যাণ আৰু মাতৃ সুৰক্ষাৰ নীতি-নিয়ম প্ৰস্তত কৰা বা ব্যৱস্থা কৰা

   এনেধৰণেৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘই বহুতো কল্যাণকাৰী উন্নয়নমূলক কাৰ্য সাধন কৰি আহিছে

১২/ ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ কাৰণে চাৰিটা পৰামৰ্শ আগবঢ়োৱা

উত্তৰ:- ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ কাৰণে চাৰিটা পৰামৰ্শ তলত আগবঢ়োৱা হ'ল যাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰসংঘক এক আন্তৰ্জাতিক সংস্থা হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিব পৰা যাব-

() ৰাষ্ট্ৰসংঘত উচ্চ প্ৰভাৱশালী ব্যৱস্থাপনা, মানৱ সম্পদ আৰু দায়বদ্ধতাৰ সৃষ্টি কৰিব লাগিব;

() ৰাষ্ট্ৰসংঘৰ উন্নয়ন আৰু মানৱীয় সহায়-সাহায্যৰ ব্যৱস্থাপনা সমূহৰ পৰিৱৰ্তন সাধন;

() অতি প্ৰয়োজনীয় শান্তিপ্ৰতিষ্ঠা বা শান্তিৰক্ষাৰ সংস্কাৰসমূহক জাৰি ৰাখিব বা বৰ্তাই ৰাখিব লাগিব;

() ৰাষ্ট্ৰসংঘৰ সংঘাত নিৰাময়, মধ্যস্হতা আৰু শান্তি নিৰ্মাণৰ সক্ষমতাসমূহ অধিক শক্তিশালী আৰু সবলীকৰণ;

() সন্ত্ৰাসবাদ আৰু হিংসুক উগ্ৰবাদৰ মোকাবিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উচ্চস্তৰৰ সমন্বয়ক পদৰ প্ৰস্তত বা নিৰ্মাণ

        উক্ত পৰামৰ্শসমূহ বাস্তৱায়িত কৰিলে ৰাষ্ট্ৰসংঘক অধিক শক্তিশালী হিচাপে প্ৰতিষ্ঠিত কৰিব পৰা যাব

১৩/ বিশ্ব বেংক কোন চনত স্হাপন হৈছিল? ইয়াৰ কাৰ্যকলাপ আলোচনা কৰা

উত্তৰ:- বিশ্ব বেংক স্থাপন কৰা হৈছিল ১৯৪৪ চনৰ জুলাই মাহত এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান বিশ্ব বেংকৰ বহুতো কাৰ্যাৱলী আছে তলত সেইবোৰ আলোচনা কৰা হ'ল-

() বিশ্ব বেংকৰ মূল কাৰ্য হ'ল ইয়াৰ সদস্যৰাষ্ট্ৰসমূহৰ উন্নয়নশীল কাৰ্যলৈ ঋন আগবঢ়োৱা বিশেষকৈ অনুন্নত বা  পিছপৰা ৰাষ্ট্ৰসমূহলৈ

() বিশ্ব বেংকে ইয়াৰ সদস্যৰাষ্ট্ৰসমূহলৈ ইয়াৰ ধনৰাজিৰ ২০ শতাংশ ঋন হিচাপে প্ৰদান কৰিব পাৰে

() বিশ্ব বেংক তদুপৰি ইয়াৰ নিজৰ দায়িত্ব আৰু তত্ত্বাৱধানত ৰাষ্ট্ৰসমূহৰ ব্যক্তিগত নিৱেষকসক বা ব্যৱসায়ীসকলকো ঋন প্ৰদান কৰিব পাৰে কিন্ত ইয়াৰ বাবে তেওঁলোকে নিজৰ ৰাষ্ট্ৰৰ পৰা অনুমতি ল'ব লাগিব

() বিশ্ব বেংকৰ ঋনৰ সেৱাৰ পৰিমাণ বা মাত্ৰা, সুতৰ পৰিমাণ, নিয়ম আৰু চৰ্তসমূহ  বিশ্ববেংক নিজে গ্ৰহণ কৰিব লাগে

()সাধাৰণতে বিশ্ব বেংকে নিৰ্দিষ্ট কাৰ্য বা প্ৰকল্পলৈহে ঋন আগবঢ়াই যাক সদস্যৰাষ্ট্ৰসমূহে বিশ্ব বেংকলৈ প্ৰস্তত কৰিব লাগে

    উক্ত ধৰণেৰে বিশ্ব বেংকৰ বহুতো কাৰ্যাৱলী আছে

১৪/ ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দৰ্শোৱা

উত্তৰ:- মই ৰাষ্ট্ৰসংঘক এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি একাষাৰে ক'ব নিবিচাৰিলেও কিন্ত ৰাষ্ট্ৰসংঘক এক যথেষ্ট সফল আৰু উন্নত আন্তঃৰাষ্ট্ৰীয় সংস্থা বুলি নিশ্চিয় ভাবো ইয়াৰ অন্তৰালত বহুতো কাৰণ আছে সেইসমূহ তলত আলোচনা কৰা 'ল-

() ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য আৰু লক্ষ্য বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাত যথেষ্ট সফল হৈছে ইয়াৰ অবিহনে বিশ্ব শান্তি আৰু নিৰাপত্তা বেছি বেয়াৰ ফালে ঢাল খাব;

() বিশ্বৰ বিভিন্ন দেশ, বিভিন্ন জাতিৰ মাজত বুজা-বুজি আৰু সহায়-সহযোগিতা প্ৰতিষ্ঠা কৰাত যথেষ্ট সফল হৈছে;

() বিশ্বৰ পৰা শীতল যুদ্ধৰ অৱসান ঘটালে;

() তদুপৰি ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সংঘাত আৰু বিৰোধৰ সমাধানৰ পথ বিচাৰি উলিয়াবৰ বাবে বিভিন্ন জাতিসমূহক একত্ৰিত হৈ বহাৰ আৰু পৰস্পৰৰ অভাৱ-অভিযোগ, ওজৰ-আপত্তি আদি দাঙি ধৰাৰ সুযোগ প্ৰদান কৰিছে অৰ্থাৎ সকলো ৰাষ্ট্ৰৰ বাবে আলোচনাৰ এক মঞ্চ হিচাপে বৰ্তি আছে;

() তাৰোপৰি ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক, সামাজিক,সাংস্কৃতিক প্ৰভৃতি ক্ষেত্ৰত বিভিন্ন জাতিৰ মাজত যথেষ্ট পৰিমাণে সহযোগিতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে

      এনেবোৰ কাৰণৰ বাবে ৰাষ্ট্ৰসংঘক মই এক সফল আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ক'ব খোজো কিন্ত নিখঁত বুলি ক'ব নোখোজো কাৰণ ৰাষ্ট্ৰৰ বহু বিফলতা আৰু ত্ৰুটিও আছে

১৫/ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা

উত্তৰ:-  ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপ অন্তৰ্ভুক্তি হোৱাতো উচিত এই লৈ বহু দাবীও উশ্থাপিত হৈ আহিছে আৰু এই দাবী যথেষ্ট যুক্তিযুক্ত তাৰ ভিত্তিত বা সমৰ্থনত কেইটামান যুক্তি দাঙি ধৰিব পাৰি তলত সেইবোৰ আলোচনা কৰা হ'ল-

() ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা দেশ সমগ্ৰ বিশ্বৰ এক পঞ্চমাংশ জনসংখ্যাই ভাৰতত বসবাস কৰে;

() ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্হা প্ৰৱৰ্তন হৈ আছে;

() ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে;

() ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে;

() ভাৰতৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়িছে;

() ভাৰতে নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ আৰ্থিক অনুদান আগবঢ়াই আহিছে

       উক্ত যুক্তিসমূহৰ ওপৰতে ভিত্তি কৰি ক'ব খোজো যে ভাৰতে নিৰাপত্তা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ পোৱা উচিত আৰু যুক্তিযুক্ত

অতি চমু উত্তৰৰ প্ৰশ্নঃ

/ ৰাষ্ট্ৰসংঘ কি?

উত্তৰ:- ৰাষ্ট্ৰসংঘ হৈছে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষা হকে একত্ৰিত হৈ গঠন কৰা এক আন্তৰ্জাতিক সংগঠন ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪৫ চনৰ ২৪ তাৰিখে

/ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ'ল-

() আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা;

() সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা

/ ৰাষ্ট্ৰসংঘৰ দুটা স্থায়ী অংগৰ নাম লিখা নাইবা, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহ হ'ল- ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা, ৰাছিয়া আৰু চীন

/ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰূপে থকা সমাজবাদী দেশ দুখনৰ নাম লিখা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰূপে থকা সমাজবাদী দুখন দেশ হ'ল- ৰাছিয়া আৰু চীন

/ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰ হ'ল- ইংলেণ্ড আৰু আমেৰিকা

/ ৰাষ্ট্ৰসংঘৰ দুটা মূলনীতি উল্লেখ কৰা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ দুটা মূলনীতি হ'ল-

() সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌমত্ব নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা কৰা হ'ব;

() সদস্য ৰাষ্ট্ৰসমূহে চনদৰ উল্লেখ থকা দায়িত্ব পালন কৰিব

/সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ দুটা কাৰ্য লিখা

উত্তৰ:- সামাজিক আৰু অৰ্থনৈতিক পৰিষদ দুটা কাৰ্য হ'ল-

() সামাজিক আৰু অৰ্থনৈতিক পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্হ্য আৰু এনে ধৰণৰ সমস্যাৰ বিষয়ে অনুসন্ধান কৰি সাধাৰণ সভা, ৰাষ্ট্ৰসংঘৰ সদস্যসকললৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে;

() ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ সংস্থাৰ কাৰ্যাৱলীৰ লগত সামঞ্জস্য ৰক্ষা কৰাও এই পৰিষদৰ অন্যতম দায়িত্ব আৰু কাৰ্য

/ ৰাষ্ট্ৰসংঘৰ পুনৰ গঠনৰ কাৰণে দুটা পৰামৰ্শ আগবঢ়োৱা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন বা সংস্কাৰৰ কাৰণে দুটা পৰামৰ্শ হ'ল-

() এখন শান্তি স্থাপনকাৰী আয়োগৰ গঠন কৰা;

() গণতন্ত্ৰৰ ভিত্তি স্থাপন কৰা

/ ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিয় স্থায়ী সদস্যপদ দিব লাগে দুটা যুক্তি দিয়া

উত্তৰ:- ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদ দিয়াৰ দুটা যুক্তি হ'ল-

() ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্হা প্ৰৱৰ্তন হৈ আছে;

() ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে

১০/ খাদ্য আৰু কৃষি সংগঠনৰ দুটা কাৰ্যৰ নাম লিখা

উত্তৰ:- খাদ্য আৰু কৃষি সংগঠনৰ দুটা কাৰ্য হ'ল-

() এই সংগঠনৰ মূল কাৰ্য হ'ল বিশ্বৰ খাদ্য যোগানৰ উন্নতি সাধন কৰা;

() খাদ্য আৰু কৃষি সংগঠনৰ আন এক কাৰ্য হ'ল জনসাধাৰণক উন্নত ধৰণৰ বীজ যোগান ধৰা

১১/ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ ৫০ খন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল

১২/ বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠন বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা

উত্তৰ:- বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠন বুলি ভাবো কাৰণ ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰি আছে ইয়াৰ অবিহনে বিশ্ব শান্তি আৰু নিৰাপত্তা বেছি বেয়াৰ ফালে ঢাল খাববিভিন্ন ৰাষ্ট্ৰ আৰু জাতিৰ মাজত যথেষ্ট সহযোগিতা আৰু বুজা-বুজি বজাই ৰাখিছে আন্তৰ্জাতিক সংঘাত আৰু বিৰোধ আলোচনা আৰু সমাধানৰ এক মঞ্চ হিচাপে কাম কৰি আছে সেয়ে বৰ্তমানো অত্যাৱশ্যকীয়

বস্তনিষ্ঠ প্ৰশ্নাৱলীৰ উত্তৰ দিয়াঃ

/ ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল

/ ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ'ব পাৰে?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ সদস্য সেইসমূহ ৰাষ্ট্ৰহে হ'ব পাৰিব যিবোৰ দেশ শান্তিপ্ৰিয় আৰু যিবোৰ ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা দায়িত্ব মানি চলিবলৈ প্ৰস্তত

/ ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ সচিবালয় নিউয়ৰ্কত অৱস্থিত

/ বিশ্ব বাণিজ্য সন্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৯৫ চনৰ জানুৱাৰীত বিশ্ব বাণিজ্য সন্থা প্ৰতিষ্ঠা কৰা হৈছিল

/ ভাৰত ৰাষ্ট্ৰসংঘৰ কেতিয়া সদস্য হৈছিল?

উত্তৰ:- ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল

/ ভেটো ক্ষমতা প্ৰয়োগ কৰিব পৰা এখন ৰাষ্ট্ৰৰ নাম লিখা

উত্তৰ:- ভেটো ক্ষমতা প্ৰয়োগ কৰিব পৰা এখন ৰাষ্ট্ৰ হ'ল আমেৰিকা

/ মানৱ অধিকাৰৰ ঘোষণা-পত্ৰ কেতিয়া জাৰি কৰিছিল?

উত্তৰ:- ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰৰ ঘোষণা-পত্ৰ জাৰি কৰিছিল

/ পাৰিপাৰ্শ্বিকতা আঁচনিৰ লগত জড়িত আন্তৰ্জাতিক সন্থাটোৰ নাম কি?

 উত্তৰ:- পাৰপাৰ্শ্বিকতা আঁচনিৰ লগত জড়িত আন্তৰ্জাতিক সন্থাটো হ'ল ৰাষ্ট্ৰসংঘ

/ কোনটো বে-চৰকাৰী সন্থাই মানৱ অধিকাৰ সংৰক্ষণৰ কাৰণে সমগ্ৰ বিশ্বত অভিযান চলায়?

উত্তৰ:- ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সংৰক্ষণৰ কাৰণে সমগ্ৰ বিশ্বত অভিযান চলায়

১০/ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছে?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা আয়োগ ১৯৪৮ চনত গঠন কৰা হয়

১১/ কিমানখন দেশে প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল?

উত্তৰ:- ৫০ খন দেশে প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল

১২/ ৰাষ্ট্ৰসংঘৰ কোনটো অংগত বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰ সদস্য?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আদালতত বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰ সদস্য

১৩/ ৰাষ্ট্ৰসংঘৰ প্ৰধান ন্যায়িক অংগটোৰ নাম কি?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ প্ৰধান ন্যায়িক অংগটোৰ নাম হ'ল আন্তঃৰাষ্ট্ৰীয় আদালত

১৪/ নিৰাপত্তা পৰিষদত কেই শ্ৰেণীৰ সদস্য আছে?

উত্তৰ:- নিৰাপত্তা পৰিষদত দুই শ্ৰেণীৰ সদস্য আছে স্থায়ী আৰু অস্হায়ী

১৫/ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক কোনে নিয়োগ কৰে?

উত্তৰ:-  সাধাৰণ সভাই সচিবপ্ৰধানক নিয়োগ কৰে

১৬/ ৰাষ্ট্ৰসংঘৰ ৰ্তমান সচিবপ্ৰধানজনৰ নাম লিখা

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্ৰধানজনৰ এন্টনিঅ' গোটাৰেছ

শুদ্ধ নে অশুদ্ধ লিখাঃ

/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্য ৰাষ্ট্ৰ ছয়খন

উত্তৰ:- অশুদ্ধ

/ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা

উত্তৰ:- শুদ্ধ

/ নিৰাপত্তা পৰিষদৰ অস্হায়ী সদস্যসকলক তিনি বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়

উত্তৰ:- অশুদ্ধ

/ ৰাষ্ট্ৰসংঘৰ সদস্যপদ বাধ্যতামূলক

উত্তৰ:- অশুদ্ধ

/ ৰাষ্ট্ৰসংঘ এটা সাৰ্বভৌম সন্থা

উত্তৰ:- শুদ্ধ

খালী ঠাই পূৰ কৰাঃ

/ জনসাধাৰণ নহয় শান্তিপ্ৰিয় স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰহে ৰাষ্ট্ৰসংঘৰ সদস্য হ'ব পাৰে

/ আন্তৰ্জাতিক শ্ৰমিক সংঘৰ কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত

/ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ ১৯৪৮ চনত গ্ৰহণ কৰা হয়

/ ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হয়

/ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠানৰ সদৰ কাৰ্যালয় ফ্ৰান্সৰ পেৰিচ চহৰত অৱস্থিত

বস্তুনিষ্ঠ প্ৰশ্নঃ

/ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিলঃ

() ১৯৪৫ চনত   () ১৯৪৭ চনত   () ১৯৫০ চনত    () ১৯৬২ চনত

উত্তৰ:- () ১৯৪৫ চনত

/ তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ সদস্য নহয়ঃ

() ছোভিয়েট ৰাছিয়া   () ভাৰত     () চীন গণৰাজ্য  () ফ্ৰান্স

উত্তৰ:- () ভাৰত

/ বিশ্ব বাণিজ্য সন্থা গঠিত হৈছিলঃ

() ২০০০ চনত      () ২০০৫ চনত        () ২০০২ চনত      () ১৯৯৫ চনত

উত্তৰ:- () ১৯৯৫ চনত

/ ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা দিনটো হ'লঃ

() ২৪ অক্টোবৰ    () ২৪ নৱেম্বৰ    () ২৪ ডিচেম্বৰ     () ২৪  চেপ্তেম্বৰ

উত্তৰ:- () ২৪ অক্টোবৰ

/ ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰিছিলঃ

() ১৯৪৫ চনত      ()  ১৯৪৮ চনত       () ১৯৫০ চনত       ()১৯৫২ চনত

উত্তৰ:- () ১৯৪৮ চনত

/ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য আছেঃ

() জন        () ১০ জন       () ১৫ জন         () ২০ জন

উত্তৰ:- () জন



বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ লিংকটো ক্লিক কৰক