ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন 


১) তলৰ  প্রক্রিয়াবোৰত জড়িত হোৱা পৰিৱর্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন হিচাপে শ্রেণীবিভাজন কৰা।

ক) সালোকসংশ্লেষণ

খ) পানীত চেনি দ্রৱীভূত কৰাটো

গ) কয়লাৰ দহন

ঘ) মনৰ গলন।

ঙ) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো।

চ) খাদ্যৰ পাচন ক্রিয়া

উত্তৰঃ

ক) ৰাসায়নিক পৰিৱর্তন

খ) ভৌতিক পৰিৱর্তন

গ) ৰাসায়নিক পৰিৱর্তন

ঘ) ভৌতিক পৰিৱর্তন

ঙ) ভৌতিক পৰিৱর্তন

চ) ৰাসায়নিক পৰিৱর্তন


২) তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা।

ক) কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱর্তন। (সঁচা/মিছা)

উত্তৰঃ- মিছা

খ) পাতৰপৰা সাৰ প্রস্তুত হোৱা প্রক্রিয়াটো এটা ভৌতিক পৰিৱৰ্তন। (সঁচা/মিছা)

উত্তৰঃ- মিছা

গ) দস্তালেপিত লোৰ নলীত সহজে মামৰে নধৰে। (সঁচা/মিছা)

উত্তৰঃ- সঁচা

ঘ) লো আৰু মামৰ একেবিধ পদার্থ। (সঁচা/মিছা)

উত্তৰঃ- মিছা

ঙ) জলীত ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱর্তন নহয় । (সঁচা/মিছা)

উত্তৰঃ- সঁচা 


৩) তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা।

ক) চূণ-পানীৰ মাজেদি কার্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে _____ প্রস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়।

উত্তৰঃ  কেলছিয়াম কার্বনেট।


খ) বেকিং ছ’দাৰ ৰাসায়নিক নাম হ’ল ______ ।

উত্তৰঃ-  ছডিয়াম হাইড্রজেন কার্বনেট।


গ) লোত মামৰে ধৰাটো প্রতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল ___ আৰু ____ ।

উত্তৰঃ-  ৰং,  দস্তালেপন।


ঘ) যিবোৰ পৰিৱর্তন মাত্র পদার্থৰ _____ ধর্মৰহে পৰিৱর্তন বোলে।

উত্তৰঃ-  ভৌতিক।


ঙ) যিবোৰ পৰিৱর্তনত নতুন পদার্থৰ উৎপন্ন হয়, সেইবোৰক ___ পৰিবর্তন বোলে।

উত্তৰঃ-  ৰাসায়নিক


৪) যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো কি প্রকাৰৰ পৰিৱর্তন? ব্যাখ্যা কৰা।

উত্তৰঃ- যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে, এই গেছটো হৈছে কার্বন ডাই অক্সাইড গেছ। এইটো ৰাসায়নিক পৰিৱর্তন।


৫) মমবাটি এডাল জ্ৱলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিক হয়। এই পৰিবর্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন উদাহৰণ দিয়া য’ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিবর্তনেই সংঘটিত হয়।

উত্তৰঃ- মমবাটি এডাল জ্ৱলালে দুয়োটা পৰিবর্তনেই সংঘটিত হয়।

ভৌতিক পৰিৱর্তনটো হৈছে গলি যোৱা মমখিনি।

ৰাসায়নিক পৰিবর্তনটো হৈছে জ্ৱলি যোৱা মমৰ পৰা ওলোৱা কার্বন-ডাই-অক্সাইড আৰু পোহৰ উৎপন্ন হয়।

সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হৈছে- খাদ্য হজম।

ইয়াৰ ভৌতিক পৰিৱর্তনটো হৈছে ডাঙৰ খাদ্য অনুবোৰ সৰললৈ ভাঙি যোৱা।

আৰু ৰাসায়নিক পৰিৱর্তন হৈছে এইচ. চি. এল আৰু এনজাইমৰ কার্যৰ দ্ৱাৰা খাদ্য হজম।


৬) তুমি কেনেকৈ দেখুৱাবা যে দৈ প্রস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱর্তন।

উত্তৰঃ- প্রস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিৱর্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি। আৰু গাখীৰ আৰু দৈ’ৰ ৰাসায়নিক ধর্ম বেলেগ বেলেগ হয়।


৭) কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্রকাৰৰ পৰিৱর্তন বুলি ধৰা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ কাঠ কটা হৈছে  ভৌতিক পৰিৱর্তন কাৰণ ইয়াত কাঠৰ প্রকৃতি সলনি নকৰে অকল আকাৰ আৰু আকৃতিৰ পৰিৱর্তন হয় আৰু একো নতুন পদার্থ সৃষ্টি নকৰে।

আনহাতে কাঠ জ্ৱলাটো ৰাসায়নিক পৰিৱর্তন যিহেটো কাঠ কয়লালৈ ৰূপান্তৰিত হয় আৰু কার্বন-ডাই-অক্সাইডৰ মুক্তি হয়।


৮) কপাৰ ছালফেটৰ স্ফটিক  কেনেকৈ প্রস্তুত কৰা হয় বর্ণনা কৰা।

উত্তৰঃ- কপাৰ ছালফেটৰ স্ফটিক স্ফটিকীকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয় ।


৯) লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্রক্রিয়া বোধ কৰে, বুজাই লিখা।

উত্তৰঃ- লোৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প, পানী, আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। লোৰ গেট এখন ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী, জলীয় বাষ্পৰ পৰা লোক আতৰাই ৰাখে ফলত মামৰে নধৰে।এনেদৰেই ৰং কৰি লোৰ গেট এখনত মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি ।


১০) মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা ।

উত্তৰঃ- লোৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প, পানী, আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা বেছি হয় অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণো অধিক হয় সেয়েহে লোৰ সামগ্ৰীবোৰত বেছি সোনকালে মামৰে ধৰে।


১১) পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ বিধৰ নাম হ’ল- তৰলীকৃত পেট্রলিয়াম গেছ (এল. পি. জি) । চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই, গেছলৈ পৰিৱর্তন হয় (পৰিৱর্তন-  A ) আৰু তেতিয়া ই জ্ৱলে (পৰিৱর্তন-  B )। এই পৰিৱর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে।

শুদ্ধ উক্তিটো বাছি উলিওৱা

অ) প্রক্রিয়া- A  এটা ৰাসায়নিক পৰিৱর্তন।

আ) প্রক্রিয়া-  B এটা ৰাসায়নিক পৰিৱর্তন।

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিৱর্তন।

ঈ) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিৱর্তন নহয়।

উত্তৰঃ-  আ) প্রক্রিয়া-  B এটা ৰাসায়নিক পৰিৱর্তন।


১২) অবায়ৱীয় বেক্টেৰিয়াই প্রাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ (Biogas)  উৎপন্ন কৰে (পৰিৱর্তন-  A)। এই জৈৱ গেছ ইন্ধন হিচাপে জ্ৱলোৱা হয় (পৰিৱর্তন-  B )। এই পৰিৱর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে।

শুদ্ধ উক্তিটো বিচাৰি উলিওৱা-

অ) প্রক্রিয়া- A টো কেৱল ৰাসায়নিক পৰিৱর্তন।

আ) প্রক্রিয়া-  B টো কেৱল ৰাসায়নিক পৰিৱর্তন।

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিৱর্তন।

ঈ) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিৱর্তন নহয়।


উত্তৰঃ- ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিৱর্তন।


Answered by Dipshikha Das

Last Update by Dipawali Bora (01.05.2022)

Spelling Check By - Rajashri Bora 

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------