Lesson 5 

 অম্ল, ক্ষাৰক আৰু লৱণ 



১) অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য লিখা। 

উত্তৰঃ অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য হ'ল - অম্ল টেঙা কিন্তু  ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে। অম্লই নীলা লিটমাছ ৰঙা কৰে কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। অম্লত হাইড্ৰজেন থাকে কিন্তু  ক্ষাৰকত হাইচৃড্ৰোক্সিল থাকে।

২। খিৰিকী পৰিষ্কাৰকৰ নিচিনা বহুতাে ঘৰুৱা বস্তুত এম’নিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে । ই কি প্রকৃতিৰ ?

উত্তৰঃ  ইয়াৰ প্ৰকৃতি হ'ল - ক্ষাৰকীয়।

৩। লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি? 

উত্তৰঃ  লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম ছত্ৰক শৈৱাল। কোনো এটা দ্ৰৱ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰৱ ব্য়ৱহাৰ কৰিব পাৰি।

৪ ) পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰঃ- পাতিত পানীত ৰঙা আৰু নীলা লিটমাছৰ কাগজ এখন ডুবাই দিলে লিটমাছ কাগজ- খনৰ ৰঙৰ কোনো পৰিবৰ্তন নহয়। ইয়াৰ পৰা প্ৰমাণ হ'ল যে পাতিত পানী  প্রশম।

৫। এটা উদাহৰণসহ প্রশমন প্রক্রিয়া বর্ণনা কৰা ।

উত্তৰঃ-  এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্ৰশম বোলে। এই প্ৰক্ৰিয়াত লৱণ আৰু পানী উপন্ন হয় ।

৬। তলৰ বাক্যটো শুদ্ধ হ'লে (শু) আৰু অশুদ্ধ হ'লে (অ) চিন দিবা।

(ক) নাইট্রিক এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে । ( শু / অ )
 
উত্তৰঃ- 

(খ) ছডিয়াম হাই'ড্রক্সাইডে নীলা লিটমাছ ৰঙা কৰে । ( শু / অ ) 

উত্তৰঃ-  অ

(গ) ছ'ডিয়াম হাই'ড্রক্সাইড আৰু হাইড্র’ক্লৰিক এচিডে পৰস্পৰে পৰস্পৰক প্রশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে । ( শু / অ )

উত্তৰঃ- শু

( ঘ ) সূচক হ’ল এটা দ্রব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায়।(শু/ অ )
 
 
উত্তৰঃ- শু

ঙ ) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰােগ হয় । (শু/ অ )

উত্তৰঃ-  

৭। ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে । কিন্তু দুর্ভাগ্যবশতঃ এইবােৰত লেবেল নাই। এই পানীয় বিলাক তেওঁ গ্রাহকৰ চাহিদা অনুযায়ী যােগান ধৰিব লাগে। এজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব?

উত্তৰঃ- ডেকাই কোনজনক কোনটো পানীয় বটল দিব, সেইটো তেওঁ পৰীক্ষা কৰি থিৰাং কৰিব।
    
1) যি পানীয়ে ৰঙা লিটমাছ নীলা কৰিব, সেই পানীয় হ'ব ক্ষাৰকীয় ।
2) যি পানীয়ে নীলা লিটমাছ ৰঙা কৰিব, সেই পানীয় হ'ব আম্লিক ।
3) যি পানীয়ে ৰঙা লিটমাছ বা নীলা লিটমাছৰ ৰঙ সলনি নকৰে,  সেই পানীয় হ'ব প্ৰশম ।

৮। কাৰণ ব্যাখ্যা কৰা । 

(ক) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খােবা ।

উত্তৰঃ- এছিডিটিত ভুগিলে  আমি অম্লনাশক টেবলেট খাওঁ - কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ পৰা ৰক্ষা কৰে।

(খ) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় ।

উত্তৰঃ- পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় কাৰণ পৰুৱাৰ শুঙত ফৰমিক এছিড থাকে। যেতিয়া পৰুৱাই কামুৰে তেতিয়া এই এছিড ভিতৰলৈ শুমোৱাই দিয়ে। কামোৰৰ প্ৰভাবটো তেতিয়া নাই।

গ)  কাৰখানাৰ আৱৰ্জনাবােৰ জলাশয়ত পেলােৱাৰ আগতে প্রশমিত কৰা হয় ।

উত্তৰঃ- কাৰখানাৰ আৱৰ্জনাবােৰ জলাশয়ত পেলােৱাৰ আগতে প্রশমিত কৰা হয়। কাৰণ - কাৰখানাৰ  আৱৰ্জনাবােৰত অম্ল থাকে। যদি এই আৱৰ্জনাসমূহ পোনে পোনে জলাশয়লৈ যাব দিয়া হয়। তেনেহ'লে ই পানীত থকা মাছ, কাছ আৰু বিভিন্ন প্ৰাণীবোৰক ধ্বংস কৰিব। সেই কাৰণে  কাৰখানাৰ আৱৰ্জনাবােৰ জলাশয়ত পেলােৱাৰ আগতে প্রশমিত কৰা হয়।

৯। তােমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে । এটা হাইড্র’ক্ল'ৰিক এছিড, আনটো ছডিয়াম হাই'ড্রক্সাইড আৰু তৃতীয়টো হ’ল চেনিৰ দ্ৰৱ। তুমি এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ? তােমাৰ কেবল হালধিৰ সূচকহে আছে।

 ১০। এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ'ল । কাগজখন নীলা হৈয়ে থাকিল । দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা ব্যাখ্যা কৰা।


 ১১। তলৰ বাক্যকেইটা পঢ়ি চোৱা ।

 (ক) অম্ল আৰু ক্ষাৰক দুয়ােটাই সকলােবােৰ সূচকৰ ৰং সলনি কৰে । 

(খ) যদি এটা সূচকৰ ৰং অম্লত সলনি হয়, তেনেহ'লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়। 

 
(গ) যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয়, তেনেহ'লে ইয়াৰ ৰং অম্লত সলনি নহয়।

(ঘ) অম্ল আৰু ক্ষাৰকত ৰং সলনি হােৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। 
উক্তিবােৰৰ কোনবােৰ শুদ্ধ ? 

(i) চাৰিওটা    
(ii) ‘ক’আৰু ‘ঘ’
(iii) ‘খ’ আৰু ‘গ’ 
(iv) কেৱল ‘ঘ’।

উত্তৰঃ-  (ii) ‘ ক’ আৰু ‘ঘ’ ।



Answered by Bipasha Kakati  

Last Update by Dipawali Bora (01.05.2022)

Spelling Check By - Rajashri Bora 

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------


Post Id: DABP001196