Lesson 12
দুষ্ট কানাই
👉Text Book PDF
👉MCQ Online Exam
👉Chapter 12 MCQs Answer
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ
শ্যামকানু = কৃষ্ণ।
খটাসুৰ = বৰ দুষ্ট ল'ৰা, এটা অসুৰৰ নাম
লৱনু = মাখন
চতুৰালি = চাতুৰী, চাতুৰ্য
পিপৰা = পৰুৱা
নিদ্ৰামগ্ন = টোপনিয়ে ধৰা হেতুকে অলস
নাটে = নোজোৰে
দুৰ্গম = যাবলৈ কঠিন বা কষ্টকৰ
অনৰ্গল = অবিৰামভাৱে
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ
ক) কৃষ্ণই কিয় লৱনু চুৰ কৰি খায়?
উত্তৰঃ কৃষ্ণৰ নিজৰ ঘৰৰ লৱনুতকৈ আনৰ ঘৰৰ লৱনু প্ৰতি আৰ্কষিত। সেয়েহে কৃষ্ণই লৱনু চুৰ কৰি খায়।
খ) কৃষ্ণৰ ককায়েকৰ নাম কি?
উত্তৰঃ কৃষ্ণৰ ককায়েকৰ নাম বলোভদ্ৰ।
গ) প্ৰথমতে গোপীৰ ঘৰত কৃষ্ণই সোমাল বুলি কৈছিল?
উত্তৰঃ প্ৰথমতে গোপীৰ ঘৰত কৃষ্ণই নিজৰ ঘৰ বুলি ভুলতে সোমাল বুলি কৈছিল।
ঘ) যশোদাই কৃষ্ণক কিয় গালি পাৰিছিল?
উত্তৰঃ যশোদাই কৃষ্ণক আনৰ ঘৰৰ লৱনু চোৰ কৰি খোৱা আৰু কলহ ভঙা কাৰণে গালি পাৰিছিল।
ঙ) যশোদাৰ শাস্তি পাই কৃষ্ণই কি বুলি কৈছিল?
উত্তৰঃ যশোদাৰ শাস্তি পাই কৃষ্ণই মাত- যশোদাক গালি নাপাৰিবলৈ কৈ কৈছে- এটি পুৰণি সামান্য কলহ ভঙাৰ কাৰণে তুমি মোক গভাইত চোৰৰ দৰে গৰুৰ পঘাৰে বান্ধি অপযশ দিলা। এই সামান্য অপৰাধখিনিয়েই তুমি সহ্য কৰিব নোৱাৰা, আৰুনো কি সহ্য কৰিব পাৰিবা? তপ-জপ, যাগ-যজ্ঞ আদি কৰিও তুমি সন্তানৰ মুখ দেখা নাছিলা।বৃদ্ধাৱস্থাত মই জন্ম লৈ তোমাৰ কাঠঁবাজী কলংক দূৰ কৰিলো।ৰজাৰ কুমাৰ হৈও মই দুৰ্গম সংকট বনত গৰু চৰাইহে ভাত খাব লাগে। ইমান উপকাৰ কৰা সত্ত্বেও তুমি মোৰ উপকাৰ নাম নোলোৱা। বৰং লৱনু চোৰ নাম দি মোৰ সমস্ত উপকাৰ ঢাকি ৰাখিলা।
চ) মাক যশোদাই কিয় কৃষ্ণক গালে-মুখে চুমা খাই মৰম কৰিছিল?
উত্তৰঃ কৃষ্ণৰ কংস নগৰী মধুপুৰীলৈ পলাই যাব বুলি কোৱাত মাক যশোদাই কৃষ্ণক গালে-মুখে চুমা খাই মৰম কৰিছিল।
[৩] বুজা আৰু লিখাঁ ঃ
বংশী = বাঁহী
চকু = নয়ন
কলহ = টেকেলি
চেষ্টা = অভ্যাস
পাত্ৰ = বাচন
নিদ্ৰা = টোপনি
চিঞৰা = টানকৈ কথা কোৱা
খং = ক্ৰোধ
[৪] চমুটোকা লিখাঁ ঃ
বলোভদ্ৰঃ বলোভদ্ৰ হৈছে কৃষ্ণ ককায়েক। তেওঁ আন এটা নাম হৈছে বলাই। কৃষ্ণই মাটি চুৰ কৰি খোৱাৰ কাৰণে বলোভদ্ৰই মাতৃ যশোদাক গোচৰ দিছিল।
যশোদাঃ যশোদা কৃষ্ণৰ মাক। তেওঁ নন্দৰ পত্নী। যশোদাই অশেষ তপস্য়াৰ ফলত ভগৱান শ্ৰী কৃষ্ণক গোৱাল হিচাপে পাইছিল। কৃষ্ণই বেলেগৰ ঘৰত লৱণু চুৰ কৰি খোৱাৰ কাৰণে যশোদাই শ্ৰীকৃষ্ণক শাস্তি দিছিল।
নন্দঃ নন্দ ব্ৰজধামৰ ৰজা। নন্দ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ পালক পিতৃ। নন্দ কৃষ্ণৰ জন্মদাতা পিতৃ বাসুদেৱৰ সম্পৰ্কীয় ভাতৃ আছিল। নন্দ যাদৱ সাম্ৰাজ্য়খনৰ এটা শক্তিশালী অংশ আছিল বুলি জানিব পৰা যায়।
কংসঃ কংস মথপৰাপুৰৰ ৰজা। কৃষ্ণৰ মোমায়েক। কংসৰ কনিষ্ঠ ভগ্নী দৈৱকীৰ বিয়াৰ দিনা বিদায়ৰ সময়ত ওপৰৰ পৰা আকাশবাণীত দৈৱকীৰ অষ্টম সন্তানে কংসক বধ কৰিব বুলি শুনি কংসয়ে ভগ্নী দৈৱকী আৰু দৈৱকীৰ স্বামী বাসুদেৱক বন্দী কৰি ৰাখিছিল।
[৫] 'দুষ্ট কানাই' পাঠটোৰপৰা কৃষ্ণৰ ল'ৰাকালিৰ কোনবোৰ কথা জানিব পাৰি বাৰু?
উত্তৰঃ দুষ্ট কানাই পাঠটোৰ পৰা কৃষ্ণই সৰুতে বেলেগৰ ঘৰৰ পৰা লৱণু চুৰ কৰি খোৱা, বেলেগৰ ঘৰৰ পৰা মাখন চুৰ কৰি খোৱাৰ কাৰণে মাতৃ যশোদাই শাস্তি দিয়া ইত্য়াদি বহুতো কথাতো জানিব পাৰি।
[৬] বাক্য ৰচনা কৰাঁ ঃ
ইফালে-সিফালেঃ ৰাস্তাৰ পাৰ হওতে ইফালে-সিফালে চাই লব লাগে।
এখোজ-দুখোজঃ কৃষ্ণই লৱনু চোৰ কৰিবলৈ যাওতে এখোজ-দুখোজ কৈ গোৱালী ঘৰৰ ভিতৰ সোমাইছিল।
আকাশে-বতাহেঃ আকাশে-বতাহে সুগন্ধি ফুলৰ সুগন্ধ বিয়পিছে।
ৰদে-বৰষুণেঃ কৃষ্ণই ৰদে-বৰষুণে ঘূৰি গৰু চৰাব লগীয়া হৈছিল।
[৭] ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ
ক-অংশ খ-অংশ
কাৰণ - কান্দোন
খোৱা - অসহ্য
হাঁহি - সুগম
প্ৰৱেশ - বাহিৰ
বদনাম - অকাৰণ
দুৰ্গম - নোখোৱা
সহ্য - সদনাম
ভিতৰ - প্ৰস্থান
উত্তৰঃ
\কাৰণ - অকাৰণ
খোৱা - নোখোৱা
হাঁহি - কান্দোন
প্ৰৱেশ - প্ৰস্থান
বদনাম - সদনাম
দুৰ্গম - সুগম
সহ্য - অসহ্য
ভিতৰ - বাহিৰ
[৮] তলৰ উদাহৰণ চাই বাকী কেইতা নিজে কৰাঁ ঃ
প্ৰত্যুত্তৰ = প্ৰতি + উত্তৰ
অত্যধিক = অতি + অধিক
ইতাদি = ইতি + আদি
বিদ্যালয় = বিদ্যা + আলয়
মহোৎসৱ = মহ + উ ৎসৱ
ভিতৰ = ভিত + অৰ
[৯] গদ্য ৰুপত লিখাঁ ঃ
যশোদা জননী কিনো নিদাৰুণী
কৃষ্ণৰ হাতক বান্ধে।
কোমল হাতত দুখ পাই হৰি
মাৱৰ মুখ চাই কান্দো
উত্তৰঃ যশোদা জননী কিয়নো ইমান নিদাৰুণ কৃষ্ণৰ হাত বান্ধা।
কোমল হাতত দুখ পাই হৰিয়ে মাকৰ মুখ চাই কান্দে।
Type: Pallab Jyoti Bora
Author: Geetanjali Bora
Check By - Mukesh Borah