Lesson 13 

সন্ধিয়া

    

    👉Text Book PDF
    👉MCQ Online Exam 
    👉Chapter 13 MCQs  Answer

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ


বিভোল    =    আপোন পাহৰা

জোউতি    =    পোহৰ

মৃণাল    =    পদুমফুলৰ ঠাৰি

ৰাও    =    চিঞৰ

সুবাস    =    সুগন্ধ


[১] বুজা আৰু লিখাঁ ঃ

পশ্চিম    +    আকাশ    =    পশ্চিমআকাশ।

নীল    +    আকাশ    =      নীলআকাশ   

সিংহ    +    আসন    =      সিংহাসন     

গ্ৰন্থ    +    আগাৰ    =        গ্ৰন্থাগাৰ  

ৰস    +    আগাৰ    =       ৰসাগাৰ   

পূৱ    +    আকাশ    =     পূৱআকাশ   


[৩] বাটেৰে গৈ থকা মানুহ    =    বাটৰুৱা

হাটলৈ যোৱা মানুহ    =     হাটৰুৱা  

পথেৰে গৈ থকা মানুহ    =      পথৰুৱা  

ভাগৰত কাতৰ যি    =       ভাগৰুৱা  


[৪] তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখাঁ ঃ


ক) গৰখীয়া ল'ৰাবোৰ কেতিয়া ঘৰমুৱা হ'ল?

উত্তৰঃ গৰখীয়া লৰাবোৰ সন্ধিয়া ঘৰমুৱা হল।

খ) গোলাপৰ কলিটিয়ে কিয় নাচিবলৈ ধৰিলে?

উত্তৰঃ গোলাপৰ কলিটিয়ে মলয়াৰ ধীৰ ছাটি পাই নাচিবলৈ ধৰিলে।

গ) ডবা-শংখৰ ধ্বনি ক'ৰপৰা বিয়পিছে?

উত্তৰঃ গাৱঁৰ দৌলৰ পৰা ডবা-শংখ ধ্বনি বিয়পিছে।


[৬] সন্ধিয়া সময়ত তুমি নিজে আৰু তোমাৰ পৰিয়ালৰ লোকে কি কি কৰা?

উত্তৰঃ সন্ধিয়া সময়ত মই আৰু মোৰ পৰিয়ালৰ লোকে হাতভৰি ধুই ধোপ-ধূনা জ্বলাই চাহ-পানী খাওঁ। 


[৭] তলত দিয়া শব্দকেইটিৰে একোটিকৈ বাক্য ৰচনা কৰাঁ ঃ


ঘৰমুৱাঃ সন্ধিয়া সকলোবোৰ লোক ঘৰমুৱা হয়।

 ৰঙতে বিভোলঃ সন্ধিয়াৰ মলয়াৰ ধীৰ ছাটি পাই গোলাপৰ কলিটিয়ে ৰঙতে বিভোল হৈ নাচিবলৈ ধৰিলে।

 দিহা-দিহিঃ সন্ধিয়াৰ ৰাজহাঁহ জাকে দিহা দিহি কৰি বিল এৰিলে।

 ধীৰে-ধীৰেঃ সন্ধিয়াৰ নাৱৰীয়া বোৰে ধীৰে ধীৰে নাও বান্ধিলেহি।

বিয়পিলঃ গোলাপৰ গোন্ধ গোটেই বাৰীখনত বিয়পিল

 

Type: Pallab Jyoti Bora

Author: Geetanjali Bora

Check By - Mukesh Borah