Lesson 14

পুৰণি অসমীয়া বস্ত্ৰ


〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ


শব্দ

অৰ্থ

পাকৈত

পাৰ্গত, কামত নিপুণ

কবচ কাপোৰ

যুদ্ধত শত্ৰুৰ অস্ত্ৰৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ পিন্ধা কাপোৰ

আপুৰুগীয়া

আটকীয়া, দুৰ্বল


[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ

ক) অতীতত অসমীয়া শিপিনীসকলে সূতাত ৰং কৰিবৰ কাৰণে কিহৰপৰা ৰং তৈয়াৰ কৰিছিল?

উত্তৰঃ অতীতত অসমীয়া শিপিনীসকলে সূতাত ৰং কৰিবৰ কাৰণে তেওঁলোকে কেঁহেৰাজ, শিলিখা, হালধি, পলাশৰ গুটি, আমলখি আদিৰ পৰা ৰং তৈয়াৰ কৰিছিল।

খ) মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয় দিয়া মন্তব্যটো বৰ্ণনা কৰাঁ ।

উত্তৰঃ মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয় দিয়া মন্তব্যটো হৈছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।

গ) 'বৃন্দাৱনী বস্ত্ৰ'খন কোন ঠাইত বনোৱা হৈছিল?

উত্তৰঃ বৃন্দাৱনী বস্ত্ৰখন বৰপেটাত বনোৱা হৈছিল।

ঘ) অসমৰ বিষয় বিবৰণ থকা চিহাবুদ্দিন তালিছৰ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ অসমৰ বিষয় বিৱৰণ থকা চিহাবুদ্দিন তালিছৰ গ্ৰন্থখনৰ নাম ফাথিয়া-ই-ইব্ৰিয়া।

ঙ) বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰাঁ।

উত্তৰঃ বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কাহিনীটো হৈছে মহাপুৰুষজনাই ধৰ্ম  প্ৰচাৰৰ উদ্দেশ্য বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইত আছিল। তেওঁ বহুদিন বৰপেটাৰ পাটবাউসী অঞ্চলত আছিল। সেই সময়ত অসমৰ ৰজা আছিল কোচ ৰজা নৰনাৰায়ণ। পাটবাউসীত থকা সময়তে ৰজা নৰনাৰায়ণেকৃষ্ণলীলা সমূহ পটত আঁকি দেখুৱাবলৈ মহাপুৰুষ জনাক অনুৰোধ জনাইছিল। তেতিয়া শংকৰদেৱে সেই দৃশ্যসমূহ কাপোৰতে বৈ উলিয়াবলৈ সিদ্ধান্ত ললে। তেতিয়াই এই বস্ত্ৰখন তৈয়াৰ হ'ল।

চ) শংকৰদেৱ মাধৱদেৱক 'বঢ়াৰ পো' বুলি মাতিবলৈ লোৱাৰ কাৰণ কি?

উত্তৰঃ মাধৱদেৱৰ তদাৰিকতেই কাপোৰখন যিমান অংশ বব লাগে তাতকৈ বেছি অংশ বোৱা যায়। সেই কাৰণে শংকৰদেৱে মাধৱদেৱক বঢ়াৰ পো বুলি মাতিবলৈ ললে।

ছ) বৰপেটা থানৰ সৃষ্টি কেনেকৈ হ'ল লিখাঁ।

উত্তৰঃ শংকৰদেৱে যি ঠাইত বৃন্দাবন বস্ত্ৰখন বই উলিয়াইছিল সেই ঠাই ৰাইজে তেওঁ এই বস্ত্ৰ খন দেখি তবধ মানিলে। ভক্তিত গদ গদ হৈ তেওঁলোকে শংকৰদেৱক সাষ্টাংগে প্ৰণাম জনালে। এই কাৰণে সেই ঠাইত ৰাইজে এখন থান পাতিলে। পাছত সেই থানখনৰ নাম বৰপেটা থান।

জ) বৃন্দাবনী বস্ত্ৰখনৰ বিষয়বস্তু কেনেধৰণৰ?

উত্তৰঃ এই বস্ত্ৰখনত কাৰাগাৰত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি পুতনা বধ, দধিমথন, অৰ্জুন-ভঞ্জন, অঘাসুৰ বধ, ধেনুকাসুৰ বধ, বনাগ্নিপান, গোবৰ্ধন-ধাৰণ, কালীয়দমন, ৰাসলীলা, কংস-নিধন, দিব্যধনু-ভংগ, আদি বিষয়বস্তু দেখা পোৱা গৈছে।

ঝ) বৃন্দাবনী বস্ত্ৰখন ক'ত ক'ত কেনেদৰে সংৰক্ষিত হৈছিল লিখাঁ।

উত্তৰঃ বৃন্দাবনী বস্ত্ৰখন দুটা অংশ লণ্ডণৰ ভিক্টোৰিয়া  এণ্ড এলবাৰ্ট মিউজিয়ামত, পেৰিছৰ মিউজি গুইমেট সংগ্ৰহালয়ত দুটা অংশ, লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম অব মেনকাইণ্ড সংগ্ৰহালয়ত এটা অংশ, ৱেলছৰ চেফাচটৌ মিউজিয়ামত এটা অংশ, ভেনিছৰ চেন্ট্ৰো ইন্টাৰনেচনেল সংগ্ৰহালয়ত এটা অংশ, আমেৰিকা যুক্তৰাষ্ট্ৰ ফিলাডেলফিয়া মিউজিয়ামত এটা অংশ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মিউজিয়ামত এটা অংশ আৰু লণ্ডনৰ স্পাইনিক এণ্ড ছনছ নামৰ কোম্পানীটোত দুটা অংশ সংৰক্ষিত হৈ আছে। 


[২] তলত দিয়া শব্দবোৰৰ অৰ্থ লিখাঁ ঃ

ৎপাদন- তৈয়াৰ কৰা

সিদ্ধান্ত-  মীমাংসা

 তদাৰক- পাকৈত

খোদিত- মোহিত

 সমাদৰ- আদৰ


[৩] বাক্য ৰচনা কৰাঁ ঃ

তবধঃ শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ দেখি সকলো গাৱৰ ৰাইজে তবধ মানিলে।

 পাকৈতঃ অসমীয়া শিপিনী বোৱা-কটাত পাকৈত আছিল।

 সাষ্টাংগেঃ শংকৰদেৱৰ ভক্তিত গদ গদ হৈ সকলোৱে সাষ্টাংগে প্ৰণাম জনালে। 

কৰ্মতৎপৰতাঃ শ্ৰেণীকোঠাত বিজ্ঞানৰ শিক্ষকজনে কৰ্মতৎপৰতা কৰি আনিব দিলে।

সংৰক্ষণঃ বৃন্দাবনী বস্ত্ৰখনী এতিয়া বহু ঠাইত সংৰক্ষণ হৈ আছে।


[৪] তলত দিয়া শব্দবোৰত যুক্ত হৈ থকা স্বৰ আৰু ব্যঞ্জনবোৰ ভাগ কৰি দেখুওৱাঁ ঃ

প্ৰয়োজনীয়ঃ প +ৰ+য়+ও+জ+ন+ঈ+য়

 চিহাবুদ্দিনঃ+ই+ হ+আ+ ব+উ+দ+দ+ই+ন

 শংকৰদেৱঃ+ং+ক+ৰ+দ+এ+ৱ

 বনাগ্নিপানঃ+ন+আ+গ+ন+ই+প+আ+ন


[৫] অৰ্থ বুজি লৈ তলৰ শব্দকেইতাৰ খালি ঠাই পূৰ কৰাঁ ঃ

প্ৰচাৰ, পৰ্বতন, আৱিষ্কাৰ, উদ্ভাৱন, ধৰ্মপ্ৰচাৰক, ধৰ্মপ্ৰৱতক, আৱিষ্কাৰক, উদ্ভাৱক।

ক) হজৰত মহম্মদে ইছলাম ধৰ্ম   প্ৰচাৰ              কৰিছিল। তেওঁ আছিল  ধৰ্মপ্ৰচাৰক             

খ) শংকৰদেৱ বৈষ্ণৱ ধৰ্ম    প্ৰৱৰ্তন               কৰিছিল। তেওঁ আছিল   ধৰ্মপ্ৰৱতক           

গ) নিউটনে মাধ্যকৰ্ষণ শক্তিৰ     আৱিস্কাৰ              কৰিছিল। তেওঁ আছিল  আৱিস্কাৰক            

ঘ) গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক    উদ্ভাৱন           কৰিছিল। তেওঁ আছিল   উদ্ভাৱক              


[৬] বয়ন শিল্প অসমৰ এক অন্যতম কুটিৰ শিল্প। অসমৰ আন এতা কুটিৰ শিল্পৰ বিষয় লিখাঁ ঃ (কুটিৰ শিল্প কি শিক্ষকৰ পৰা ভালদৰে জানি ল'বা।)

উত্তৰঃ কাঁহ সিল্পঃ আহোমসকলে ৰাজত্ব কৰি থকা সময়ছোৱাতেই বৰপেতা জিলাৰ সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ বিকাশ হৈছিল বুলি জানিব পৰা যায়। বহু ইতিহাসবিদে কব বিচাৰে যে আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ অনেক চেষ্টাত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু হাজোত কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণে কিছু লোকক নিয়োগ কৰা হৈছিল। 


Type: Pallab Jyoti Bora

Author: Geetanjali bora