অধ্যায়ঃ সোতৰ 

অৰণ্যজাত সামগ্ৰী 

1. খালী ঠাই পূৰ কৰা ; 

i ) সম্পূর্ণ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল এক সম্প্রদায় হ’ল  উপভোক্তা

ii ) অৰণ্যৰ গুল্ম প্রতীক উদ্ভিদে আবৰা স্তৰটোক  মুকুট  বােলে । 

iii ) পৃথিৱীৰ আটাইতকৈ বেছি জৈৱবৈচিত্ৰ থকা অৰণ্য হ’ল _________। 

iv ) কীট , পতংগ , মৌমাখি , পখিলা আৰু চৰায়ে উদ্ভিদৰ_________ সহায় কৰে । 

v ) বিভিন্ন অণুজীৱ , ভেঁকুৰ , বেক্টেৰিয়া , এক্টিন মাইছিটিছ আদিবােৰ হ’ল অৰণ্যৰ অণুজীৱৰ সমষ্টি

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

i ) তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয় ? 

a ) আঠা  b ) প্লাইউড c ) লা d ) কেৰাচিন তেল 

উত্তৰঃ d ) কেৰাচিন তেল 


ii ) তলৰ কোনটো বাক্য শুদ্ধ নহয় ? 

a ) অৰণ্যই ভূমিস্থলন আৰু গৰাখহনীয়াৰপৰা ৰক্ষা কৰে । 

b ) এখন অৰণ্যৰ জীৱ - জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয় । 

c ) অৰণ্যই জলাশয় আৰু জল চক্ৰত প্ৰভাৱ পেলায় । 

d ) অৰণ্যৰ ভূমি অংশই উদ্ভিদৰ পুনৰ বৃদ্ধিত সহায় কৰে ।


উত্তৰঃ b ) এখন অৰণ্যৰ জীৱ - জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয় । 


iii ) অৰণ্যৰ উদ্ভিদবােৰৰ উপৰিভাগত থকা ডাল - পাতেৰে আবৰা অংশটোক কি বােলা হয় ? 

a ) ত্রিভূজ b ) বৃত্ত c ) মুকুট d ) চতুর্ভুজ 

উত্তৰঃ c ) মুকুট

iv ) অৰণ্যত বাস কৰা বাঘ এবিধ 

a ) উৎপাদক b ) বিয়ােজক c ) উপভােক্তা d ) পৰজীৱী প্রাণী 

উত্তৰঃ c ) উপভােক্তা 

v ) অৰণ্যৰ উদ্ভিদৰ শক্তি আহৰণৰ প্রধান উৎস— 

a ) চন্দ্র  b ) সূৰ্য  c ) বায়ু d ) পানী

উত্তৰঃ b ) সূৰ্য

3. চমু উত্তৰ লিখা :

a ) কেনপি বুলিলে কি বুজা ? 

উত্তৰঃ  এই প্ৰশ্নটোৰ উত্তৰ আমাৰ Website ত চাই লওঁক।

b ) অৰণ্যৰ বিভিন্ন স্তৰসমূহ কি কি ? 

উত্তৰঃ মধ্য স্তৰ, শীৰ্ষ স্তৰ, নিম্ন স্তৰ, ভূমি সংলগ্ন স্তৰ। 

c ) বায়ু প্ৰদূষণ ৰােধত অৰণ্যৰ গুৰুত্ব কি ? 

উত্তৰঃ অৰণ্যৰ উদ্ভিদসমূহে বিভিন্ন উৎসৰ পৰা হোৱা কাৰ্বন ডাই অক্সাইড গেছ সালোকসংশ্লেষণত অবিৰাম ব্যৱহাৰ কৰি আছে। ইয়ে বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰে।

d ) পচন সাৰ বুলিলে কি বুজা ? 

উত্তৰঃ যিবোৰ সাৰ গছ- গছনি, শাক-পাচলি আদিৰ অৱশিষ্টৰ পৰা প্ৰস্তু হয়, সেইবোৰ সাৰক পচন সাৰ বোলে।

e ) ঘৰ সাজিবলৈ অৰণ্যৰ কি কি সামগ্রী ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ ঘৰ সাজিবলৈ অৰণ্যৰ কাঠ, বাহঁ, আদি ব্যৱহাৰ কৰা হয়।

4 , উত্তৰ লিখা : 

a ) বিয়ােজক বুলিলে কি বুজা ? যিকোনাে দুবিধ বিয়ােজকৰ নাম লিখা । অৰণ্যত বিয়ােজকৰ ভূমিকা কি? 

উত্তৰঃ যিবোৰ প্ৰাণীয়ে অৰণ্যক পৰিপুষ্টি যোগান ধৰে, সেইবোৰ প্ৰাণীক বিয়োজক বোলে। ভেঁকুৰ, অণুজীৱ।  বিয়োজকৰ ভূমিকা হ'ল অৰণ্যখনক পৰিপুষ্টি প্ৰদান কৰা।

b ) প্ৰকৃতিত অক্সিজেন আৰু কার্বন ডাইঅক্সাইডৰ সমতা বজাই ৰখাত অৰণ্যৰ ভূমিকাৰ বিষয়ে আলােচনা কৰাঁ । 

উত্তৰঃ প্ৰকৃতিত অৰণ্য থকা বাবে অক্সিজেন প্ৰচুৰ পৰিমাণে আমি পায় আছো। আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড অবিৰাম ভাৱে ব্যৱহাৰ কৰি আছে। গতিকে এই অৰণ্যসমূহে প্ৰকৃতিত অৰণ্য আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা  বজাই ৰখাত  বিশেষ ভূমিকা পালন কৰে। 

c ) এখন অৰণ্যত কোনাে বর্জনীয় সামগ্রী নাথাকে ' — বহলাই লিখা । 

উত্তৰঃ অৰণ্যত থকা সামগ্ৰীবোৰ সকলো প্ৰয়োজনীয়  কাৰণ- অৰণ্যত কাঠ, হাঁহ আদি থাকে যিবোৰ মানুহে ঘৰ সজা কামত ব্যৱহাৰ হয়। অৰণ্যত থকা গছ-গছনিবোৰে অক্সিজেন যোগান ধৰে, আৰু পৰিৱেশ প্ৰদূষণ হোৱাৰ পৰা ৰক্ষা কৰে।

d ) তােমাৰ দৃষ্টিত অৰণ্য ধ্বংসৰ কাৰণসমূহৰ বৰ্ণনা কৰাঁ । তুমি অৰণ্য ধ্বংস ৰােধ কৰিবলৈ কি কি প্রচেষ্টা ল’বা বহলাই লিখা । 

উত্তৰঃ ঘৰ- দুৱাৰ বনাবলৈ অৰণ্যৰ গছ-গছনি কাটিলে অৰণ্য ধ্বংস হয়। পাহাৰ পৰ্বতবোৰ ভাঙি-ছিভি নষ্ট কৰিলে অৰণ্য ধ্বংস হয়।  মই অৰণ্য ধ্বংস ৰোধ কৰিবলৈ গছ-গছনি ৰোৱাৰ ব্যৱস্থা কৰিম, গছবোৰ কটা বন্ধ কৰিম, আৰু পাহাৰ পৰ্বতবোৰ নষ্ট কৰা বন্ধ কৰিম। 

e ) অৰণ্য বুলিলে কি বুজা ? অৰণ্যৰ উৎপাদিত সামগ্রীবােৰ কেইভাগত বিভক্ত কৰিব পাৰি ? উদাহৰণৰ সৈতে বর্ণনা কৰাঁ ।

উত্তৰঃ অৰণ্য হ'ল এখন জংঘল , যত থাকে জীৱ-জন্তু, পশু-পক্ষী, গছ-গছনি । যাৰ ফলত আমি ঘৰ-দুৱাৰ বনাব পাৰো। কাগজবোৰো সেই গছ-গছনিৰ দ্বাৰা হয়, যি অৰণ্যত থাকে।