অধ্যায়ঃ ১৬

 পানী এক অমূল্য  সম্পদ 

 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

i ) তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় ? 

a ) বৰফ b ) ধোঁৱা c ) নিয়ৰ d ) জলীয় বাষ্প

উত্তৰঃ a ) বৰফ

ii ) উদ্যোগত পানীৰ ব্যৱহাৰ হ'ল—
a ) কেঁচা সামগ্ৰী হিচাপে b ) দ্রাবক হিচাপে c ) শীতলকাৰক হিচাপে d ) সকলােবােৰ

উত্তৰঃ b ) দ্রাবক হিচাপে


iii ) ভূ - জলস্তৰ  কাৰণ হ'ল— 

a ) বনাঞ্চল ধ্বংসকৰণ b ) বর্ধিত জনসংখ্যা c ) কৃষি কার্য  d ) সকলােবােৰ 

উত্তৰঃ a ) বনাঞ্চল ধ্বংসকৰণ


iv ) পানী সংৰক্ষণৰ এটা পদ্ধতি হল— 

a ) বৰষুণৰ পানী সংৰক্ষণ b ) বনাঞ্চল ধ্বংসকৰণ c ) কৃষি কার্য  d ) বর্ধিত জনসংখ্যা 

উত্তৰঃ a ) বৰষুণৰ পানী সংৰক্ষণ


v )তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?  

a ) উদ্যোগজাত বিকাশ b ) জনসংখ্যা বৃদ্ধি c ) প্ৰচুৰ বৰষুণ d ) পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা ।

উত্তৰঃ  c ) প্ৰচুৰ বৰষুণ 


vi ) তলৰ কোনটো উক্তি সত্য ? 

a ) পৃথিৱীৰ হ্রদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে । 

b ) ভূ - জলৰ পৰিমাণ একে থাকে । 

c ) পৃথিৱীৰ সাগৰ - মহাসাগৰসমূহৰ পানী একে থাকে । 

d ) পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ একে থাকে । 

উত্তৰঃ a ) পৃথিৱীৰ হ্রদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে । 

2. শুদ্ধ নে অশুদ্ধ লিখা । 

a ) ভূ - জলৰ পৰিমাণ নদী আৰু হ্রদত থকা পানীৰ পৰিমাণতকৈ বেছি । ( শুদ্ধ / অশুদ্ধ )


উত্তৰঃ অশুদ্ধ 

b ) কেৱল গাঁও অঞ্চলত থকা জনসাধাৰণৰহে পানীৰ নাটনি হয় । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ।

c ) কেৱল নদীসমুহহে খেতিপথাৰত জলসিঞ্চনৰ বাবে ব্যবহৃত পানীৰ উৎস । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ

d ) বৰষুণেই হ'ল পানীৰ মূল উৎস । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ

e ) দমকলেৰে পানী উঠালে ভূ - জলস্তৰৰ কোনাে ক্ষতি নহয় । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ শুদ্ধ

3. খালী ঠাই পূৰ কৰাঁ । 

a ) পানীৰ তিনিওটা ভৌতিক অবস্থাই একমুখী ( উভমুখী / একমুখী ) 

b ) পানীৰ   0 ° C ( 0 ° C ) / 100 ° C ) উষ্ণতাত বৰফ হয় । 

c )  বাৰিষাকালত ( শীতকালত / বাৰিষাকালত ) নদীসমূহৰ জলপৃষ্ট বুদ্ধি পায় । 

d ) নদীৰ পানী গতি নিয়ন্ত্রণ আৰু বিতৰণৰ বাবে বান্ধ  ( বান্ধ / কু ) নির্মাণ কৰা হয় । 

4. চমুটোকা লিখা । 

a ) পৃষ্ঠ-জল 

উত্তৰঃ পৃথিৱীপৃষ্ঠৰ ওপৰ অংশত থকা পানীভাগকে পৃষ্ঠ-জল বোলে। পৃষ্ঠ জলক তিনি ভাগত ভগাব পাৰি- বৰষুণৰ পানী, নদী,আৰু হ্ৰদৰ পানী।

b ) ভূ - জল

উত্তৰঃ  পৃথিৱীৰ ভূ-ভাগত অভ্যন্তৰত সোমাই থকা পানীভাগক ভূ-জল বোলে। বৰষুণৰ পানী এটা অংশ মাটিৰ মাজেৰে সৰকি যায়। এই পানীভাগ লাহে লাহে শিল, বালি, আদি বিভিন্ন স্তৰৰ মাজেৰে নিগৰি গৈ ভূ- গৰ্ভত জমা হয়।

c ) ভূ - জলন্তৰ 

উত্তৰঃ ভূ-জলন্তৰ ৰ অৱক্ষয়ৰ মুখ্য কাৰণ জনসংখ্যা বৃদ্ধি, ঔদ্যোগীকৰণ আৰু দ্ৰুত কৃষিকৰ্ম আদি ভ- জলস্তৰ অৱক্ষয়ৰ মুখ্য কাৰণ। বৰষুণৰ পৰিমাণ কমাটোও অন্য এক কাৰণ- বনাঞ্চল ধ্বংসৰ বাবেও ভূ- তলস্তৰ হ্ৰাস হয়।

d ) হিউমাচ 

উত্তৰঃ হিউমাচ হ'ল উদ্ভিদৰ প্ৰয়োজনীয় সকলো পোষক দ্ৰব্যৰ আকৰ। সেয়ে মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বাঢ়িলে উৰ্বৰা শক্তি বৃদ্ধি পায়। সেউজ সাৰ প্ৰয়োগ কৰি সহজে মাটিত জৈৱ পদাৰ্থ বৃদ্ধি কৰিব পৰা যায়। 

e ) টোপাল জলসিঞ্চন 

উত্তৰঃ টোপাল জলসিঞ্চন মানে হ'ল- খেতি পথাৰত পাইপেৰে টোপাল ভাৱে পানী দিয়া।

5. চমু উত্তৰ দিয়া । 

a ) ) পানীৰ ভৌতিক অবস্থা তিনিটা কি কি ?

উত্তৰঃ পানীৰ ভৌতিক অৱস্থা তিনিটা হ'ল- গোটা, জুলীয়া আৰু গেছীয়। 

b ) ঘৰুৱা কামৰ বাবে নগৰ আৰু গাঁও অঞ্চলৰ মানুহে পানী কৰ ক'ৰপৰা পায় ? 

উত্তৰঃ ঘৰুৱা কামৰ বাবে নগৰ অঞ্চলৰ মানুহে ঘৰতে টেপ আদিৰ ব্যস্থা কৰে। আনহাতে গাওঁ অঞ্চলৰ মানুহে ঘৰতে কুঁৱা, দমকল, পুখুৰী আদিৰ পৰা লয়।

c ) নিজৰাৰ কিদৰে উৎপত্তি হয় ?

উত্তৰঃ কিছুমান ঠাইত ভূ- জলস্তৰে ভূ-পৃষ্ঠ স্পৰ্শ কৰে।  তেতিয়া এই ভূ- জল জুৰি আকাৰে বৈ আহে। পাহাৰ পৰ্বত আদিতএনে নিজৰাৰ সৃষ্টি হয়।  

d ) ভূ - জলস্তৰ কিদৰে পৰিপূর্ণ হয় ? 

উত্তৰঃ বৰষুণ দিলে ভূ- জলস্তৰ পৰিপূৰ্ণ হয়।

e ) পানীৰ নাটনিয়ে উদ্ভিদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ পানীৰ নাটনী হলে উদ্ভিদ জীয়াই থাকিব নোৱাৰে। পানী অবিহনে উদ্ভিদ জীয়াই থাকিব নোৱাকে। 

6. উত্তৰ দিয়া । 

a ) ধৰা হ'ল পঞ্চাছ ঘৰ মানুহৰ মাজত দহটা দমকল আছে । ইয়াৰ বাবে ভূ - জলস্তৰৰ ওপৰত কি সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব ? 

উত্তৰঃ যদি পঞ্চাছ ঘৰ মানুহৰ মাজত মাত্ৰ দহটা দমকল হয় তেনেহলে ভূ-ৰৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব কাৰণ- মানুহৰ সংখ্যা বেছি হলে পানীও বেছি পৰিমাণে লাগিব। যদি দমকল কম হয় সেই ঠাইত ভূ-জলস্তৰৰ মাত্ৰা কমিব কাৰণ- দহটা দমকলে পঞ্চাছঘৰ মানুহে পানী পাব লগা হলে ভূ- তলজল কমি যাব।

b ) ধৰা , তােমাৰ ঘৰত থকা ফুলৰ বাগিচাখন চোৱা - চিতাৰ দায়িত্ব তােমাৰ । ইয়াত পানীৰ ব্যৱহাৰ কিদৰে কমকৈ কৰিবা ? 

উত্তৰঃ ঘৰত পাছলি কাটিলে পাছলি ধোৱা পানীখিনি সেই বাগিছাখনত দিব পাৰি। আমি খোৱা পানী যদি ৰয় সেই পানী তাত দিব পাৰি । এনেদৰে পানীৰ ব্যৱহাৰ কম হব।

c ) ভূ জলস্তৰ অৱক্ষয়ৰ কাৰণবােৰ আলােচনা কৰা ।

উত্তৰঃ ভূ-জলস্তৰ অৱক্ষয়ৰ কাৰণবোৰ হৈছে-  অত্যাধিক পৰিমাণে  ভূ- জল উলিয়াই আনিলে ভূ- জলস্তৰৰ পৰিমাণ কমি যাব। ভূ- সলস্তৰ অৱক্ষয়ৰ মুখ্য কাৰণ হ'ল- জনসংখ্যা বৃদ্ধি, ঔদ্যোগীকৰণ, আৰু দ্ৰুত কৃষিকৰ্ম। 

d ) পানীৰ সংৰক্ষণ কৰাটো কিয় প্রয়ােজনীয় ? পানী সংৰক্ষণৰ পদ্ধতিবােৰ উল্লেখ কৰাঁ

উত্তৰঃ পানীৰ সংৰক্ষণ কৰাটো প্ৰয়োজনীয় কাৰণ- আমাৰ পৃথিৱীত ৭১ শতাংশ পানী যদিও খোৱাৰ যোগ্য মাত্ৰ ১ শতাংশহে ।যদি আমি পানী অপব্যৱহাৰ কৰি থাকো সেই পানী এদিন নাইকিয়া হোৱাটো নিশ্চিত। গতিকে আমি পানী সংৰক্ষণ কৰিব লাগে।



DIKHA BORA