অধ্যয়- তৃতীয়

স্ৱৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক


১) সএাজিৎ কোন আছিল ?

উত্তৰঃ- সত্ৰাজিত ঢাকাৰ জামিদাৰৰ পুত্ৰ আছিল ।


২) মুছলমানসকলৰ বিৰুদ্ধে প্ৰতাপসিংহক কোন কোন ৰাজ্যৰ ৰাজাই সৈন্য-সামন্ত  দি সহায় কৰিছিল ?

উত্তৰঃ- মুছলমানৰ বিৰুদ্ধে  প্ৰতাপসিংহক ডিমৰুৱা ৰজা ,জয়ন্তীয়া ৰজা, কাছাৰী ৰজা আদিয়ে  সৈন্য-সামন্ত  দি সহায় কৰিছিল. 


৩) সএাজিতে  আহোম  আৰু মুছলমানৰ যুদ্ধ বন্ধ হোৱাতো  কিয় বিচৰা নাছিল ?

উত্তৰঃ- আহোম আৰু মুছলমান সকলৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা যুদ্ধ বন্ধ হৈ শান্তি প্রতিষ্ঠা হ’লে নিজৰ ক্ষমতাৰ অৱসান হ’ব বুলি জানি ছত্ৰাজিতে এই দুয়োপক্ষৰ মাজত যুদ্ধ বন্ধ হোৱাটো বিচৰা নাছিল। 


৪)  ১৬১২  খ্ৰিষ্টাব্দৰ হোজোৰ যুদ্ধৰ ফলাফল কি আছিল  লিখা্ঁ ।

উত্তৰঃ- ১৬১২ খিষ্টাব্দত মুচলমানে পুনৰ ব্ৰক্ষপুত্ৰৰ দক্ষিনত থকা কোচহোজোৰ ৰজা ধৰ্মনাৰায়নৰ থকা দুৰ্গ অৱৰোধ কৰিছিল ।


৫) ১৬৩৫  খ্ৰিষ্টাব্দৰ আহোম-মোগলৰ মাজত হোৱা যুদ্ধৰ পৰিণাম কি হৈছি্ল লিখা্ঁ।

উত্তৰঃ  ১৬৩৫  চনত আহোম -স্বৰ্গদেউ প্ৰতাপ সিংই নিজেই মোগলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল ।


৬)  প্ৰতাপ সিংহৰ ৰাজত্বকালত  ১৬৩৯ খ্ৰিষ্টাব্দৰ সন্ধি অনুসৰি আহোম আৰু মোগলৰ মাজত  হোৱা দীৰ্ঘদিনীয়া যুদ্ধৰ কিদৰে  সমাপ্তি ঘটিছিল ?

 উত্তৰঃ স্বৰ্গদেউ প্রতাপসিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত কেবাখনো যুদ্ধ হৈছিল। এই যুদ্ধবোৰৰ সৰহ সংখ্যকতে আহোম সেনাই জয়লাভ কৰিছিল। ১৬৩৮ চনত চামধৰাৰ দুৰ্গক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত শেষ যুদ্ধখন হৈছিল। বিচৰণ আৰু দূৰদৰ্শী মোমাই তামুলী বৰবৰুৱা এই যুদ্ধত আহোমৰ সেনাপতি আছিল আৰু মোগলসকল পৰাজিত হৈছিল।অৱশেষত, দীর্ঘদিন চলা যুদ্ধৰ অন্তত দুয়োপক্ষ সন্ধিৰ প্ৰস্তাৱত মাস্তি হয়। সেই উদ্দেশ্যে ১৬৩৯ চনত আহোম আৰু মোগলৰ মাজত সন্ধি হয়। এই সন্ধিৰ চৰ্ত অনুযায়ী উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰআলি দুয়ো বাজাৰ সীমা নিৰ্দ্ধাৰণ কৰা হৈছিলপ্রতাপসিংহৰ দিনত আহোমৰ মোগলৰ লগত হোৱা দীর্ঘদিনীয়া যুদ্ধৰ এনেকৈয়ে সমাপ্তি ঘটিছিল।


৮) প্ৰতাপ সিংহৰ ৰাজত্বকালত হোৱা  আহোম -মোগলৰ মাজৰ যুদ্ধৰ বিষয়ে লিখা্ঁ ?


FOR STUDENTS


৯) এজন সমৰকুশলী ৰজা হিচাপে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ  বিষয়ে লিখা্ঁ  ?

উত্তৰঃ  স্বৰ্গদেউ প্রতাপ সিংহক এজন সমকুশলী ৰজা আছিল বুলি কোৱা হয়। প্রতাপ সিংহৰ ৰাজত্বকালত মোগলৰ লগত আহোমৰ কেবাখনো যুদ্ধ হয় । এজন সমৰকুশলী ৰজা আছিল বাবেই স্বৰ্গদেউ প্রতাপ সিংহয়ে  শক্তিশালী সেনাবাহিনী গঠন কৰি মোমাই তামুলী বৰবৰুৱাৰ নিচিনা চতুৰ, বিচক্ষণ আৰু দূৰদৰ্শী ব্যক্তিক সেনাপতি পাতিছিল। তেওঁ চুবুৰীয়া ৰাজ্যক শত্ৰুৰ আক্ৰমণৰ সময়ত সহায় কৰিছিল৷ সেইদৰে নিজ ৰাজ্যক শত্ৰুৱে আক্রমণ কৰাৰ সময়ত আন ৰাজ্যৰ সহায় ল’ব পাৰিছিল। তেওঁৰ এই সমৰ কৌশলতাৰ বাবেই ডিমৰুৱা ৰজা, জয়ন্তীয়া ৰজা, কছাৰী ৰজা আদিকে ধৰি বহুতো সৰু সৰু বজা আৰু মুখীয়ালৰ সহযোগত মুছলমানৰ হাতৰ পৰা পাণ্ডু উদ্ধাৰ কৰি সুৰক্ষিত কৰি ৰাখিব পাৰিছিল।  তেওঁ এবাৰ ভৰলী নদীৰ পাৰত মোগলক আক্ৰমণ কৰাৰ বাবে নির্দেশ দিয়াৰ পাছতো সময়মতে নির্দেশ পালন নকৰা বাবে সেনাপতিক বৰ্খাস্ত কৰিছিল। আনহাতে, তেওঁৰ অনুমতি অবিহনে মোগলক আক্রমণ নকৰিবলৈ কোৱাৰ পিছতো হাজোত আহোম সেনাই মোগলক আক্রমণ কৰি পৰাস্ত হোৱাত বিনানুমতিত যুদ্ধ কৰা বিষয়াকেইজনক শিৰচ্ছেদ কৰিছিল।  এনেকুৱা বহুতো কাৰ্যৰ পৰা দেখা যায় যে স্বৰ্গদেউ প্রতাপ সিংহ প্ৰকৃততে এজন সমৰ কুশলী ৰজা আছিল।


type Arup

Check by - Mukesh Borah