অধ্যায়ঃ২
শৰীৰত খাদ্যৰ ব্যৱহাৰ
👉Short Question Answer
👉MCQs Answer
1. ) খালী ঠাই পূৰ কৰা :
i ) খাদ্যবস্তু গ্ৰহণ কৰা প্রক্রিয়াক ভক্ষণ বােলা হয় ।
ii ) এমিবাৰ খাদ্য গ্রহণ প্রণালীক অন্তঃগ্ৰহণ বােলা হয় ।
iii ) পাচনৰ পিছত সৰল উপাদানবােৰ অৱশোষণ পদ্ধতিৰে তেজত সােমায় ।
iv ) ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্রবদ্ধ থাকে যাক ভিলাই বােলে ।
v ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল যকৃৎ ।
vi ) এমিবাৰ খাদ্য ৰিক্তিকাত ত হজম হয় ।
2 ] তলত দিয়া বাক্যবােৰ শুদ্ধ নে ভুল উল্লেখ কৰা :
i ) মানুহৰ প্রত্যেক হনুতে তিনিযোৰ পুৰঃপেষক দাঁত থাকে । অশুদ্ধ।
ii ) ৰোমন্থক প্ৰাণীৰ পাকস্থলীত চাৰিটা কোঠালি থাকে । শুদ্ধ।
iii ) মাংসভােজী প্ৰাণীৰ ছেদক দাঁতবােৰ জোঙা হয় । শুদ্ধ।
iv ) শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয় । অশুদ্ধ।
v ) খাদ্যৰ সম্পূর্ণ পাচন ক্ষুদ্রান্ত্রত সম্পন্ন হয় । শুদ্ধ।
vi ) এমিবাৰ খাদ্য খাদ্যৰিক্তিকাত হজম হয় । শুদ্ধ।
3. শুদ্ধ উত্তৰটো বাছি উলিওৱা ;
i ) তলত দিয়া কোনবিধ দাঁত মাংসভােজী প্রাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে ?
a ) ছেদক b ) পুৰঃপেষক c ) পেষক d ) কৃন্তক
উত্তৰঃ b) পুৰঃপেষক
ii ) হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায় ?
a ) ছেদক b ) পুৰঃপেষক c ) পেষক d ) কৃন্তক
উত্তৰঃd ) কৃন্তক
iii ) তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্রহণ কৰে ?
a ) পাকস্থলী b ) কুটপদ c ) জিভা d ) স্পর্শক
উত্তৰঃb ) কুটপদ
iv ) পাচন নােহােৱা আহাৰৰপৰা পানীত অৱশােষণ কোন অংশত হয় ?
a ) পাকস্থলীত b ) ক্ষুদ্রান্ত্রত c ) বৃহদান্ত্রত d ) গ্রাসনলীত
উত্তৰঃc ) বৃহদান্ত্রত
v ) তলত দিয়া কোনবিধ অংগ পাচনতন্ত্ৰৰ অন্তৰ্গত নহয় ?
a ) পাকস্থলী b ) যকৃত c ) হাওঁফাওঁ d ) অগ্ন্যাশয়
উত্তৰঃc ) হাওঁফাওঁ।
4. এটা বাক্যত উত্তৰ দিয়া ।
a ) কোনবিধ শৰ্কৰা ৰােমন্থক প্রাণীয়ে হজম কৰিব পাৰে ?
উত্তৰঃ চেলুল'জক ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পাৰে।
b ) মানুহৰ পাচনতন্ত্রৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি ?
উত্তৰঃ মানুহৰ পাচন তন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃৎ।
c ) পাচন নলীৰ কোনটো অংশত পাচন কার্য সম্পূর্ণ হয় ?
উত্তৰঃ পাচন নলীৰ ক্ষুদ্ৰান্ত্ৰ অংশত পাচন কাৰ্য সম্পূৰ্ণ হয়।
d ) মানুহৰ পাচন নলীৰ কোন অংশৰপৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশােষণ হয় ?
উত্তৰঃ ক্ষুদ্ৰান্ত্ৰই খাদ্যৰ অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়।
e ) মানুহৰ জিভাত থকা স্বাদকলিবােৰৰ কার্য কি ?
উত্তৰঃ মানুহৰ জিভাত থকা স্বাদকলিবোৰৰ সহায়ত আমি খাদ্যৰ সোৱাদ পাওঁ।
5. তলত দিয়া প্রশ্নবােৰৰ উত্তৰ লিখা :
a ) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি ?
উত্তৰঃ এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য হ'ল- দুয়োটাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে।
পাৰ্থক্য হ'ল- মানুহৰ খাদ্য হজম হয় ক্ষুদ্ৰান্ত্ৰত আৰু এমিবাৰ খাদ্য হজম হয় ৰিক্তিকাত।
b ) পাগুলি খােৱা মানে কি বুজা ?
উত্তৰঃ ৰোমন্থ প্ৰাণীবোৰে খাদ্য মুখলৈ পোনে- পোনে নোচোবাই পাছত পাগুলি থাকে এইবোৰক পাগুলা খাদ্য বোলা হয়।
c ) এমিবাৰ খাদ্য গ্রহণ প্রণালী বর্ণনা কৰা ।
উত্তৰঃ এমিবাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। এমিবাৰ খাদ্য ৰিক্তিকাত হজম হয়।
d ) মানুহৰ ছেদক আৰু কৃন্তক দাঁতৰ কার্য কি কি ?
উত্তৰঃ মানুহৰ ছেদক দাঁতে খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে কৃন্তক দাঁত কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয়।
e ) প্রাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰাঁ ।
উত্তৰঃ প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ সমূহ তলত উল্লেখ কৰা হ'ল-
ভক্ষণ- ভক্ষণ হ'ল খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়া। বিভিন্ন প্ৰাণীৰ খাদ্য গ্ৰহণৰ পদ্ধতি ভিন্ ভিন্।
পাচন- জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। এই প্ৰক্ৰিয়াক পাচন বোলে।
অৱশোষণ- পাচনৰ পাছত সৰল দ্ৰৱণীয় খাদ্যবোৰ তেজত শোষিত হয় এই প্ৰক্ৰিয়াক অৱশোষণ বোলে।
স্বাংগীকৰণ- অৱশোষিত হোৱা খাদ্যবোৰ দেহৰ কোষসমূহলৈ পৰিবাহিত হোৱা প্ৰক্ৰিয়াক স্বাংগীকৰণ বোলে।
বহিস্কৰণ- পাচন নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰে বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াক বহিস্কৰণ বোলে।
f ) মানুহৰ পাচন প্রক্রিয়াৰ বিষয়ে বুজাই লিখা ।
উত্তৰঃ মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-
আহাৰ গ্ৰহণ- মানুহে খাদ্য অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে।
পাচন- জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তিত হয় ইয়াক পাচন বোলে।
অৱশোষণ- পাচনৰ পাছত সৰল দ্ৰৱণীয় পদাৰ্থবোৰ তেজত শোষিত হয়। এই প্ৰক্ৰিয়াক অৱশোষণ বোলে।
স্বাংগীকৰণ- তেজত অৱশোষিত হোৱা সৰল দ্ৰৱ্যবোৰ দেহৰ কোষবোৰলৈ পৰিবাহিত হয় এই প্ৰক্ৰিয়াক স্বাংগীকৰণ বোলে।
বহিষ্কৰণ- পাচন নোহোৱা পদাৰ্থবোৰ শৰীৰে বাহিৰলৈ উলিয়াই দিয়ে এই প্ৰক্ৰিয়াক বহিষ্কৰণ বোলে।
g ) মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা বিৱৰণ লিখা ।
উত্তৰঃ মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁত আছে। যেনে- কৃন্তক, ছেদক, পুৰঃপেষক, পেষক। কৃন্তক দাঁতেবোৰ চেপেটা বটালিৰ দৰে। এই দাঁতবোৰ কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয়। ছেদক দাঁতবোৰ জোঙা আৰু খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়। পুৰঃপেষক দাঁতবোৰ কৃন্ত আৰু ছেদক দাঁততকৈ ডাঙৰ আৰু উপৰিভাগ বহল আৰু চেপেটা। এই দাঁতবোৰ খাদ্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা হয়। পেষক দাঁতবোৰ উপৰিভাগ চেপেটা। খাদ্যবস্তু চোবাই মিহি কৰিবলৈ এই দাঁত ব্যৱহাৰ কৰা হয়।
h ) চিত্ৰৰ সহায়ত মানুহৰ পাচন তন্ত্ৰৰ এটা বর্ণনা দিয়া ।
6. স্তম্ভৰ 1ৰ বিষয়বােৰৰ লগত স্তম্ভ 2 ৰ বিষয়বােৰ মিলােৱা ;
অগ্ন্যাশয় ফেটি এছিড আৰু গ্লিচাৰল ।
লালটিৰস পিত্তৰস নিঃসৰণ হয় ।
যকৃত খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে
মলভাণ্ড শৰ্কৰা প্ৰটিন আৰু স্নেহপদাৰ্থৰ সম্পূর্ণ পাচন
আন্ত্রিক ৰস মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰঅংগ
স্নেহপদার্থ খাদ্যৰ সম্পূর্ণ শােষণ
উত্তৰঃ অগ্ন্যাশয় = মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰ অংগ।
লালটিৰস= খাদ্যৰ সম্পূৰ্ণ শোষণ।
যকৃত= পিত্তৰস নিঃসৰণ হয় ।
মলভাণ্ড= খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে
আন্ত্রিক ৰস = শৰ্কৰা প্ৰটিন আৰু স্নেহপদাৰ্থৰ সম্পূর্ণ পাচন
স্নেহপদার্থ = ফেটি এছিড আৰু গ্লিচাৰল ।
DIKHA BORA
Check By -Mukesh Borah