অধ্যায়ঃ ৩ 

অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটিমান  পৰ্যায়


১। ককেছীয় জনগােষ্ঠীৰ মানুহ কোনটো পথেৰে অসমলৈ আহিছিল ?

উত্তৰঃ পশ্চিমে ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্য়কাৰ মাজেদি ককেছীয় জনগোষ্ঠীৰ মানুহ অসমলৈ আহিছিল। 

২। মংগােলীয় জনগােষ্ঠীৰ লােকসকল কোন কোন দেশত অৱস্থিত গিৰিপথেৰে অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ মংগোলীয় জনগোষ্ঠীৰ লোকসকল উত্তৰফালে তিব্বত, নেপাল আৰু ভূটান দেশত অৱস্থিত   গিৰিপথেৰে  অসমত প্ৰৱেশ কৰিছিল। 

৩। কিমান খ্রি.পুৰ সময়ত অষ্টিক জনগােষ্ঠীৰ মানুহে অসমত বসতি স্থাপন কৰিছিল ? 

উত্তৰঃ খ্ৰি.পূৰ্ব ২০০০ বছৰৰ পূৰ্বেই অষ্টিক জনগোষ্ঠীৰ মানুহে অসমত বসতি স্থাপন কৰিছিল।

৪। তিব্বতবর্মী জনগােষ্ঠীৰপৰা অসমত কি কি জনগােষ্ঠীৰ সৃষ্টি হৈছিল লিখা ।

উত্তৰঃ তিব্বতবৰ্মী জনগোষ্ঠীৰপৰা অসমত অঁকা, ডফলা, আবৰ, মিৰি, বড়ো, নগা, কূকিচীন  আদি জনগোষ্ঠীৰ  সৃষ্টি হৈছিল। 

৫। বড়াে জনগােষ্ঠীৰ বিভিন্ন ভাগসমূহ কি কি লিখা ।

উত্তৰঃবড়ো জনগোষ্ঠীৰ বিভীন্ন ভাগসমূহ হল-কোচ, কছাৰী, লালুং, ডিমাচা, মৰাণ আদি। 

৬। কাৰ নেতৃত্বত আৰু কোন শতিকাত টাই - মংগােলীয় জনগােষ্ঠীৰ মানুহ অসমলৈ আহিছিল ?

উত্তৰঃ চুকাফাৰ নেতৃত্বত  আৰু ত্ৰয়োদশ শতিকাত টাই-মংগোলীয় জনগোষ্ঠীৰ মানুহ অসমলৈ আহিছিল। 

৭। সংমিশ্রণ অসমীয়া সংস্কৃতিৰ মূল মন্ত্র । কথাষাৰ বুজাই লিখা । 

উত্তৰঃসংমিশ্ৰণ অসমীয়া সংস্কৃতিৰ মূল মন্ত্ৰ। অথ্য়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ একতাৰ মাজেৰে এই সংস্কৃতি গঢ় লৈ  উঠিছে। আহোম ৰজা ৰুদ্ৰ সিংহ আৰু কোচ ৰজা নৰনাৰায়নৰ ৰাজত্ব কালত অসমীয়া সংস্কৃতিৰ সৈতে ভাৰতীয় সংস্কৃতিৰ  ব্য়াপক  সংমিশ্ৰণ  ঘটিছে।  সাজ-পাৰ , সংগীত , চিত্ৰকলা, স্থাপত্য- ভাস্কৰ্য, সমৰ কৌশল আদি সকলো দিশতে এই সমন্বয় সাধন হৈছিল।মহাভাৰত মহাকাব্য়ত উল্লেখ থকা মতে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই প্ৰচন্ড বিক্ৰমেৰে  কৌৰৱৰ হৈপান্ডৱৰ বিপক্ষে যুদ্ধ কৰিছিল। এইবোৰ কথাই সুপ্ৰাচীন কালৰেপৰা অসমৰ গুণ-গৰিমাৰ প্ৰমাণ দিয়ে।

৮। শ্ৰীমন্ত শংকৰদেৱৰ আবির্ভাৱে অসমীয়া সংস্কৃতি কিদৰে গঢ় দিছিল লিখা । 

উত্তৰঃ আহোম ৰাজবংশৰ শাসনকালৰ মাজভাগতে পন্বাদশ শতিকাৰ মাজভাগত মহাপুৰুষ শ্ৰীন্ত শংকৰদেৱৰ আবিৰ্ভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰয়াক সৰ্বাধিকভাৱে গতিশীল  আৰু সুন্দৰভাৱে আগবাঢ়ি যোৱাত  বৰঙণি যোগাইছিল। তেওঁৰ সোহিত্য ৰ্কমত মিকিৰৰ, ।ৱনষ গাৰো, বড়ো, কাৰ্বি , কছাৰী আনকি ইছলাম ধৰ্মাৱলম্বী সকলৰ জনজীৱনৰ সকলো উপাদানেই স্কীকৃতি লাভ কৰিছিল । তেওঁৰ শিষ্যসকলৰ মাজত সকলো জনগোষ্ঠীৰ  লোক থকা কথাটোৱে অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত আটাইতকৈগ্ওত্ব পূৰ্ণ অৱদান আগবঢ়াইছিল। শংকৰদেৱৰ  নেতৃত্বত গঢ়ি উঠা নৱবৈষ্ণৱআন্দোলনৰ সময়তেই অসমীয়া ভাষা-সাহিত্যই প্ৰকৃত অসমীয়া চৰিত্ৰ লাভ কৰিছিল।  

৯। আধুনিক কালৰ অসমীয়া সংস্কৃতিৰ আৰম্ভণিৰ বিষয়ে চমুৱাই লিখা ।

উত্তৰঃ১৮২৬ চনত ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজৰ মাজত হোৱা ইয়ান্ডাবু সন্ধিৰ চৰ্তমতে অসম ৰাজ্যত ইংৰাজ শাসনআৰম্ভ হয়। সেই সময়ৰে পৰাই অসমৰ ৰাজনৈতিক অনস্থাৰ লগতে ভৌগোলিক সীমাৰো পৰিৱৰ্তন হয় । একেদৰে অৰ্থনৈতিক , শৈক্ষিক , সামাজিক আৰু সাংসকৃতিক ক্ষেত্ৰতো নানা পৰিৰ্ৱতন সূচনা হয় । সেইছোৱা সময়ৰপৰোই অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ , সাংসকৃতিক চৰিত্ৰত পশ্চিমীয়া আৰু আধুনিক উপাদানৰ সমাৱেশ ঘটিবলৈ ধৰে।  

Editor by 

Apurba Kakati And Arup koch