Lesson 5 

কমতা ৰাজ্য বা কামৰূপ-কমতাৰ দুজন বিখ্যাত ৰজা

 

1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ। 

a ) কোন শতিকাৰ সময়ছােৱাত ব্রহ্মপুত্র উপত্যকাৰ পশ্চিম অঞ্চলটো কমতা ৰাজ্য নামেৰে জনাজাত আছিল?

উত্তৰঃ- তেৰ শতিকাৰ । 

b ) সন্ধ্যা ৰজাৰ ৰাজত্ব কালত কামৰূপ ৰাজ্য আক্রমণ কৰা বংগৰ শাসনকর্তাজনৰ নাম কি লিখা।

 উত্তৰঃ- ইখতিয়াৰ উদ্দিন মালিক তুম্লি খাঁ। 

c ) সন্ধ্যা ৰজাই কি উপাধি গ্রহণ কৰিছিল?

 উত্তৰঃ-সন্ধ্যা ৰজাই 'গৌড়েশ্বৰ' উপাধি গ্ৰহণ কৰিছিল। 

d ) কমতা ৰাজ্যৰ আটাইতকৈ বিখ্যাত ৰজাজনৰ নাম কি আছিল? 

উত্তৰঃ- কমতা ৰাজ্য়ৰ আটাইতকৈ বিখ্যাত ৰজাজনৰ নাম আছিল দুৰ্লভনাৰায়ণ। 

e ) চণ্ডীবৰ ভূঞাৰ বংশত জন্মলাভ কৰা মহান ব্যক্তিজন কোন আছিল?

উত্তৰঃ- চণ্ডীবৰ ভূঞাৰ বংশত লাভ কৰা মহান ব্যক্তিজন মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল।

2. দুর্লভনাৰায়ণৰ ৰাজত্বকালৰ দুজন বিখ্যাত সাহিত্যিকৰ নাম লিখা।

উত্তৰঃ-দুৰ্লভনাৰায়ণৰ ৰাজত্বকালৰ দুজন বিখ্যাত সাহিত্য়িকৰ নাম আছিল- 'হেম সৰস্বতী' আৰু 'হৰিবৰ বিপ্ৰ'।

3. হেম সৰস্বতীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰা দুখন পুথিৰ নাম লিখা। 

উত্তৰঃ-হেম সৰস্বতীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰা দুখন পুথিৰ নাম হৈাছে- 'প্ৰহ্লাদ চৰিত্ৰ' আৰু 'হৰগৌৰী সংবাদ'।

4. দুলর্ভনাৰায়ণৰ ৰাজত্বকালত হােৱা অসমীয়া ভাষা - সাহিত্যৰ উন্নতিৰ বিষয়ে লিখা। 

উত্তৰঃ- দুৰ্লভনাৰায়ণ এগৰাকী বিদ্য়ানুৰাগী ৰজা আছিল। তেওঁ যুদ্ধ-বিগ্ৰহতকৈ বিদ্য়া-শিক্ষাৰ উন্নতিৰ বাবে কাম কৰি বেছি ভাল পাইছিল। তেওংৰ সময়ৰ পৰাই অসমীয়া কথিত ভাষাই সাহিত্য়ৰ ভাষা হিচাবে প্ৰতিষ্ঠা লাভ কৰে। দুৰ্লভনাৰায়ণৰ দিনৰ তিনিজন বিখ্যাত সাহিত্য়িক হ'ল হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰ। দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁলোকে মহাভাৰত, পূৰাণ আদিৰ আখ্য়ান কিছুমান সংস্কৃত ভাষাৰপৰা পুৰণি অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। হেম সৰস্বতকীয়ে 'প্ৰহ্লাদ চৰিত্ৰ' আৰু 'হৰগৌৰী-সংবাদ' নামৰ পুথি দুখন অসমীয়ালৈ ভৈঙিছিল।

সাহিত্য় চৰ্চাৰ বাবে্ এটা উৎসাহ-উদ্দীপনাময় পৰিৱেশৰ সৃষ্টি কৰি, দুৰ্লভনাৰায়ণে সমসাময়িক কবি-সাহিত্য়িকসকলৰ পৰা উচ্চ সন্মান লাভ কৰিছিল। কমতেশ্বৰৰ পৰা এনে ধৰণৰ পৃষ্ঠপোষকতা পোৱাৰ কথা লেখকসকলে তেওংলোকৰ ৰচনাসমূহত ুল্লএখ কৰি থৈ গৈছে। অসমৰ কথিত ভাষাক সাহিত্য়ৰ ভাষা হিচাবে প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা ৰজা দুৰ্লভনাৰায়ণৰ প্ৰতি অসমৰ জনসাধাৰণ চিৰদিন কৃতজ্ঞ হৈ থাকিব।  

5. সন্ধ্যা ৰজাৰ ৰাজত্বকালত বংগৰ মুছলমানসকলে কামৰূপ ৰাজ্য আক্রমণ কৰা ঘটনাটো বুজাই লিখা। 

উত্তৰঃ- সন্ধ্য়া ৰজাৰ ৰাজত্বকালত ২৫৭ খ্ৰিষ্টাব্দত বংগৰ শাসনকৰ্তা ইখ্তিয়াৰ উদ্দিন মালিক তুঘ্ৰিল খাঁই কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। তেওঁ ইয়াৰ ৰাজধানী 'কামৰূপ নগৰ' (বৰ্তমান উত্তৰ গুৱাহাটী) দখল কৰি লৈছিল। মুছলমান সেনানীৰ হাতত পৰাজিত হৈ সন্ধ্যা ৰজা পলাই গ'ল আৰু কাষাৰীয়া পাহাৰত আশ্ৰয় ল'লেগৈ। 

কামৰূপ নগৰত বাঢ়নী-পানী হো-হোৱাই সোমাই আহিল আৰু নিমিষতে গোটেই কামৰূপ নগৰ বুৰাই পেলাব বুলি মুছলমানসকলে কল্পনাই কৰিব পৰা নাছিল। অথাই পানীত আৱদ্ধ হৈ পৰা মুছলমান বাহিনীক কামৰূপী সেনাই চাৰিওফালৰ পৰা আগুৰি ধৰিলে। যুদ্ধত মুছলমানসকল বেয়াকৈ হাৰিল। তেওঁলোকৰ এটা বৃহৎ অংশ বন্দী হ'ল, কিছুমান ৰণত পৰিল আৰু বাকীখিনি পলাই সাৰিল। তুঘ্ৰিল খাঁক তেওঁৰ পৰিয়ালৰ সৈতে কামৰূপী সেনাই বন্দী কৰিলে। মুছলমান শাসনকৰ্তাজনে যুদ্ধক্ষেত্ৰত গুৰুতৰ আঘাত পাইছিল। সেই আঘাততে কিছুদিনৰ পিছত তেওঁৰ মৃত্য়ু হ'ল।


Author By: Chinmay Kakati