Lesson 6 

আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা

    

 

👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer

1. একোটিকৈ বাক্যত উত্তৰ লিখা। 

(a) চুকাফাই জন্মগ্রহণ কৰা ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ- চীনৰ য়ুনান প্ৰদেশৰ ম্য়ুং মাও ৰাজ্য়ৰ ৰাজধানী কিং ছেনৰ (ছিয়েং চেন) মাও লুঙত চুকাফাৰ জন্ম হয়।  

(b) এই ৰাজ্যখন কোনখন দেশৰ অন্তৰ্গত? 

উত্তৰঃ- ম্য়ুং মাও ৰাজ্য়খন চীন দেশৰ অন্তৰ্গত।

(c) চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম কি?

উত্তৰঃ- চুকাফাৰ দেউতাকৰ ৰাজ্য়খনৰ নাম হৈছে- ম্টয়ুং খু ম্য়ুং।

(d) টাই -আহােমসকলে স্থাপন কৰা প্রথম প্রদেশ বা ম্যুংখনৰ নাম কি? 

উত্তৰঃ- টাই-আহোমসকলে স্থাপন কৰা প্ৰদেশ বা ম্য়ুংখনৰ নাম খামজাং।

(e) চুকাফাই পােনপ্ৰথমে ক'ত ৰাজধানী পাতিছিল? 

উত্তৰঃ- চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী পাতিছিল। 

(f) চৰাইদেউৰ পুৰণি নাম কি? 

উত্তৰঃ- চৰাইদেউৰ পুৰণি নাম চেৰাই দয় আছিল। 

(g) 'ম্যুং ডুন চুণ খাম'ৰ অর্থ কি? 

উত্তৰঃ- 'ম্যুং ডুন চুণ খাম'ৰ অর্থ হ'ল সোণৰ বাগিচাৰে ভৰা দেশ।  

(h) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? 

উত্তৰঃ-  চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা আছিল বদৌছা।    

(i) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা কোন আছিল? 

উত্তৰঃ- চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা থাকুমথা আছিল।  

(j) অসমত বুৰঞ্জী লিখা প্রথা কোনে প্রৱৰ্তন কৰিছিল? 

উত্তৰঃ- অসমত বুৰঞ্জী লিথখা প্ৰথা চুকাফাই প্ৰৱৰ্তন কৰিছিল।


2. আহােমসকলৰ প্রথমজন ৰজাৰ নাম কি ? তেওঁ কোনখন পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ- আহােমসকলৰ প্রথমজন ৰজাৰ নাম চুকাফা । পাতকায় পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। 


3. আহােম ৰাজ্যত প্রথমে কোন দুটা মন্ত্ৰীৰ পদ আছিল? 

উত্তৰঃ- আহোম ৰাজ্য়ত প্ৰথমে বুঢ়াগোহাঁই আৰু বৰগোহাংই নামৰ দুটা মন্ত্ৰীৰ পদ আছিল।


4. খালী ঠাই পূৰ কৰা।

a ) ______গিৰিপথেদি চুকাফাই অসমত প্ৰৱেশ কৰিছিল । 

উত্তৰঃ পাংচৌ।

b )_______খ্রি.ত চৰাইদেউত চুকাফাই অসমত প্ৰৱেশ কৰিছিল। 

উত্তৰঃ ১২২৮

c ) ________খ্রি.ত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল। 

উত্তৰঃ ১২৫৩

d ) চুকাফাই ________ সকলক চাংমাই পদত নিয়ােগ কৰিছিল। 

উত্তৰঃ বৰাহী ।


5. চুকাফাই ওচৰ - চুবুৰীয়াসকলৰ সৈতে মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ কি কি কৰিছিল? 

উত্তৰঃ- চুকাফাই ওচৰ – চুবুৰীয়াসকলৰ সৈতে মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰিছিল । প্ৰথমতে তেওঁ থলুৱা জাতিৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি মিত্ৰতা কৰিছিল। চুকাফাই অসমলৈ অহাৰ সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জাতিয়ে শাসন কৰিছিল। তেওঁ এই দুই ৰাজবংশৰ চাৰিগৰাকী কন্যা বিয়া কৰাইছিল । তেওঁৰ লগত অহা মানুহবিলাকেও মৰাণ, বৰাহী, চুতীয়াৰ কন্যা বিয়া কৰাই বংশ বৃদ্ধি কৰিছিল। । যোগ্যতা অনুসৰি তেওঁ বিভিন্ন লোকক বিভিন্ন কামত নিয়োগ কৰিছিল। মৰাণসকলক তেওঁ মৌ যোগনীয়া, খৰিকটীয়া, হাতীচুংগী আদি কামত নিয়োগ কৰিছিল। আনহাতে, বৰাহীসকলক নিয়োগ কৰিছিল চাংমাই, কুকুৰাচোৱা‌, হাঁহচোৱা আদি কামত। ইয়াৰ ফলত ৰজাঘৰলৈ নানা ঠাইৰ মানুহৰ ভাষা, সামাজিক ৰীতি – নীতিৰ আগমন ঘটিল। এনে ব্যৱস্থাৰ ফলত আহোমসকলৰ লগত ওচৰ – চুবুৰীয়া লোকৰ মিলাপ্ৰীতি বৃদ্ধি পাইছিল আৰু আহোমসকলক তেওঁলোকে আপোন বুলি ভাবিবলৈ লৈছিল।


6. চুকাফাই কেনেকৈ অসমত আহােম ৰাজ্য স্থাপন কৰিছিল? 

উত্তৰঃ-  ( FOR STUDENTS )

 


Answer Type- Bikash Bora 

Check by - Mukesh Borah