সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

 ১। বাক্যত উত্তৰ লিখা । 

( ক ) সংবিধান কাক বােলে ? 

উত্তৰঃ দেশ জনসাধাৰণ আৰু ৰাষ্ট্ৰপৰিচালনাৰ বাবে এ থকা বিধি-বিধানক একেলগে সংবিধান বুলি জনা যায়।

( খ ) ভাৰতৰ সংবিধানখন কেতিয়াৰপৰা কাৰ্যকৰী হয় ? 

উত্তৰঃ ভাৰত সংবিধানখন ১১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

( গ ) ভাৰতীয় সংবিধান অনুযায়ী ৰাষ্ট্রপ্রধানগৰাকী কোন ? 

উত্তৰঃ ভাৰতৰ সংবিধান অনুযায়ী হাৰ্ষ্ট্ৰপ্ৰধআন গৰাকী ৰাষ্ট্ৰপতি।

( ঘ ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ কি ? 

উত্তৰঃ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ হ'ল-১৮ বছৰ বা তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকক প্ৰাপ্তবয়স্ক ভোটাধিকাৰী বোলা হয়।

( ঙ ) অধিকাৰ কাক বােলে ? 

উত্তৰঃ মানুহৰ প্ৰতিভা বিিকাশৰ আৰু ব্যক্তিত্ব প্ৰকাশৰ বাবে সুযোগ-সুবিধাৰ প্ৰয়োজন।ৰাজনীতিবিজ্ঞানে এনেকুৱা সুযোগ-সুবিধাবোৰকে অধিকাৰ বোলে।

( চ ) গ্রাহক বা উপভােক্তা কাক বােলে ? 

উত্তৰঃ দেশৰ প্ৰতিগৰাকী নাগৰিকক গ্ৰাহক বা উপভোক্তা বোলে।

( ছ ) বিশ্ব গ্রাহক অধিকাৰ দিৱসৰূপে পালন কৰা তাৰিখটো কি ? 

উত্তৰঃ বিশ্ব গ্রাহক অধিকাৰ দিৱসৰূপে পালন কৰা তাৰিখটো হ'ল- ১৫ মাৰ্চ।

২। সংবিধানৰ ভাগকেইটা উল্লেখ কৰাঁ । 

উত্তৰঃ সংবিধানৰ ভাগকেইটা হ'ল- (i) লিখিত বা অলিখিত (ii) নামনীয় বা অনামনীয়।

৩। নির্দেশাত্মক নীতি কাক বােলে ? ইয়াৰ প্রধান উদ্দেশ্য কি ? 

উত্তৰঃ নিৰ্দেশাত্মক নীতিবোৰ কিছুমান মৌলিক নীতি, যিবোৰ ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰোতে অনুসৰণ কৰিব লাগে তাকে নিৰ্দেশান্তম নীতি বোলে।ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল- জনসাধাৰণৰ মাজত সামজািক আৰু অৰ্থনৈতিক সমতা প্ৰতি কৰা।

৪। সংবিধানৰ প্ৰস্তাৱনাটোৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ প্ৰস্তাৱনাঃ "আমি ভাৰতৰ লোক সমূহে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্যৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সমূহ নাগৰিকৰ বাবে সামাজিক, স্বাধঈনতা, প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা লাভ কৰিবলৈ আৰু তেওংলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতিৰ সুনিশ্চিতকাৰী ভাতৃভাৱ বদদ্ধি কৰিবলৈ নিষ্ঠাসহকাৰে আমি সংকল্প কৰি আমাৰ সংবিধান সভাত আজি ১৯৮৯ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে এই সংবিধান গ্ৰহণ কৰিছোঁ, অবিনিয়মিত কৰিছোঁ, আৰু নিজকে অৰ্পণ কৰিছোঁ।"

৫। ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰবােৰ কি কি ? 

উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰ বোৰ হ'ল-

(১) সমতাৰ অধিকাৰ (Right to equality)

(২) স্বাধীনতাৰ অধিকাৰ (Right to freedom)

(৩) শোষনৰ বিৰুদ্ধে অধিকাৰ (Right to against exploitation)

(৪) ধৰ্মীয় অধিকাৰ (Right to religion)

(৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (Cultural and education right)

(৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (Right to Constitutional remedies)

৬। গ্রাহক হিচাবে নাগৰিকৰ থকা অধিকাৰবােৰ কি কি ?

উত্তৰঃ গ্ৰাহক হিচাপে নাগৰিকৰ থকা
অধিকাৰবোৰ হ'ল- 

১) কিনিবৰ সময়ত সামগ্ৰীবিধৰ গুণাগুণ, সঠিক মূল্য, সঠিক ওজন, বিশুদ্ধতা আদিৰ বিচাৰ কৰাৰ সম্পূৰ্ণ অধিাকাৰ নাগৰিকৰ আছে।

২) গ্ৰাহকে সুৰক্ষাৰ বাবে গ্ৰাহক  সংগঠন কৰাৰ অধিকাৰ আছে।

৩) প্ৰবঞ্চনাৰ প্ৰতিকাৰৰ বাবে ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ (Consumer Protection Act) সহায় লৈ গ্ৰাহকে অধিকাৰ সাবস্ত্য কৰিব পাৰে।

৭। গান্ধীবাদী নীতিৰ অন্তৰ্গত যি কোনাে চাৰিটা নীতি উল্লেখ কৰা ।

উত্তৰঃ (I) নগাওঁ পঞ্চায়তৰ ব্যৱস্থা কৰি গাওঁবোৰক উন্নত কৰা।

(II) অনুসূচিত জাতি, জনজাতি আৰু সমাজৰ আন আন পিছপৰা শ্ৰেণীৰ শিক্ষাৰ ব্যৱস্থা কৰা আৰু তেওংলোকৰ স্বাধীনতা ৰক্ষা কৰা।

(III) কুটীৰ শিল্প সমূহৰ প্ৰসাৰণ ঘটোৱা।

(iv) জীৱ জন্ত্তৰ প্ৰতি দয়াশীল হোৱা আৰু বনজ সম্পদৰ সঠিক সংৰক্ষণ কৰা, আদিয়ে প্ৰধান।

৮ । নির্দেশাত্মক নীতিৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ নিৰ্দেশাত্মক নীতিৰ বৈশিষ্ট্যবোৰ হ'ল।

(I) নীতিবোৰ বাধ্যতামূলক নহয়।নীতিবেোৰ পালন কৰিবলৈ ৰাষ্ট্ৰক বাধ্য কৰিব নোৱাৰি।ৰাষ্ট্ৰই নীতিবোৰ বলব ৎ কৰিবও পাৰে কৰিবও নোৱাৰে।

(II) আদালতৰ দ্বাৰা এই নীতিবোৰ বলব কৰিব নোৱাৰি।নীতিবোৰ বলবৎ কৰা ক্ষমতা আদালতৰ নাই.

(III) সংসদে আইন প্ৰণয়ন কৰি নিৰ্দেশাত্মক নীতি বলবৎ কৰিব পাৰে।

(Iv) নিৰ্দেশাত্মক নীতিবোৰ সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।ৰাজনীতিৰ সৈতে এই নীতিবোৰ জড়িত নহয়।

৯। নাগৰিকে পালন কৰিবলগীয়া যি কোনাে পাঁচোটা কর্তব্য উল্লেখ কৰা । 

উত্তৰঃ ১) ভাৰতৰ সাৰ্বভৌম, ঐক্য আৰু সংহতি লক্ষ্য কৰা।২) দেশখনক ৰক্ষা কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োঁৱা।৩) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু সংৰক্ষণ কৰা।৪)ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ  মনোভাৱ পৰিহাৰ কৰা।৫) সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰাঁ।

১০ । গ্রাহকসকলে মানি চলিবলগীয়া পাঁচোটা কর্তব্য উল্লেখ কৰা। 

উত্তৰঃ (I) প্ৰতিবিধ ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে মূল্য লিখা থকা ৰচিদ গ্ৰাহকে বিচাৰিব লাগে।

(II) সামগ্ৰীৰ ওজনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দগা-পাল্লা, মাপনী ব্যৱহৃত হৈছেনে নাই চাব লাগে।

(III) বিভিন্ন পৰিবহণ ব্যৱস্থাত (ৰে'ল, বাছ, বিমান) যাত্ৰা কৰোঁতে ভাড়াৰ বিপৰীতে টিকট সংগ্ৰহ কৰিব লাগে।

(iv) পেকেটৰ ওপৰত প্ৰস্ত্তত কৰ্তাৰ নাম, প্ৰস্ত্ততকৰণৰ তাৰিখ আৰু ব্যৱহাৰৰ শেষ সময়সীমা (ম্যাদ) আদি পৰীক্ষা কৰি ল'ব লাগে।

(v) বিভিন্ন ধৰণৰ বিলত (টেলিফ'ন, বৈদ্যুতিক বিল)নিৰ্দিষ্ট তাৰিখৰ পৰা সঠিক হিচাপ আছে নে নাই চাব লাগে।

১১। ভাৰতীয় সংবিধানৰ যি কোনাে য়টা বৈশিষ্ট্য আলােচনা কৰাঁ । 

উত্তৰঃ ভাৰতৰ সংবিধানৰ ছয়টা বৈশিষ্ট্য হ'ল- (I) প্ৰস্তাৱনা (II) লিখিত সংবিধান (III) দীৰ্ঘতম সংবিধান (iv) এক নাগৰিকত্ব ব্যৱস্থা (v) জটিল আৰু সহজ পদ্ধতিৰ সংমিশ্ৰণ (vi) সাৰ্বজনীন প্ৰাপ্তবসস্ক ভোটাধিকাৰ।    

১২ । চমু টোকা লিখাঃ

ক ) আন্তঃৰাষ্ট্রীয় নীতিঃ

                                         শিক্ষাৰ প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি আদি বিভিন্ন কাৰণ আন্তঃৰাষ্ট্ৰীয় নিৰ্ভৰশীলতা দিনে দিনে বৃদ্ধি পাই আহিছে।ভাৰতীয় সংবিধানে এই সম্পৰ্কে ৰাষ্ট্ৰক কিছু নিৰ্দেশ দিছে।ৰাষ্ট্ৰৰ দায়িত্ব হ'লঃ

(I) আন্তজাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা।

(II) আন্তঃজাতিক আইন, সন্ধি আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাঁ ইত্যাদি। 

খ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰঃ 

                                                                     ভাৰতত বিভিন্ন জাতি-জনজাতিৰ নিজা ভাষা, কৃষ্টি,সংস্কৃতি আছে।এই অধিকাৰ অনুযায়ী ভাৰতৰ সকলো মানুহে নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰি।নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ আৰু শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে।২০০২ চনত হোৱা সংশোধনী অনুযায়ী ৬-১৪ বছৰৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমমিক শিক্ষা লাভ কৰিব পাৰি।

গ ) নাগৰিকৰ অধিকাৰ হিচাপে সামাজিক অধিকাৰঃ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, ভাৰতত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচি অনুযায়ী যিকোনো ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পাৰি।

সমাজিক আৰু শৈক্ষিক অধিকাৰঃ ভাৰতত বিভিন্ন জাতি-জনজাতি,কৃষ্টি সংস্কৃতি আছে।এই অধিকাৰ অনুযায়ী ভাৰতৰ সকলো মানুহে নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰে।কোনেও কাৰো ওপৰত বেলেগ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰে।কোনেও কাৰো ওপৰত বেলেগ ভাষা-সংস্কৃতি জাপি দিব নোৱাৰিব।