সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

অধ্যায় ৯

১। ভাৰতীয় সংবিধানখন মুঠ কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ ভাৰতীয় সংবিধানখন মুঠ ২২ টা ভাগত ভাগ কৰা হৈছে।


২। চৰকাৰৰ মুৰব্বীজন কি ?

উত্তৰঃ  চৰকাৰৰ মুৰব্বীজন হ'ল প্ৰধান মন্ত্ৰী।


৩। বৰ্তমান ভোটাধিকাৰ নিম্নতম বয়স কিমান বছৰ ?

উত্তৰঃ বৰ্তমান ভোটাধিকাৰ নিম্নতম বয়স ১৮ বছৰ।


৪। নিৰ্দেশাত্মক নীতিবোৰক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ নিৰ্দেশাত্মক নীতিবোৰক ৪ টা ভাগত ভগাব পাৰি।


৫।  কোনখন বিধানক সংবিধান বুলি জনা যায় ?

উত্তৰঃ দেশৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰ পৰিচালনা বাবে থকা বিধি-বিধানক সংবিধান বুলি জনা যায় ।


৬। ২৬ জানুৱাৰী দিনটোক কি দিৱস বুলি জনা যায় ?

উত্তৰঃ  ২৬ জানুৱাৰী দিনটোক গণৰাজ্য দিৱস বুলি জনা যায় ।


৭। ভাৰতবৰ্ষ এখন কি দেশ ? 

উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপক্ষ দেশ। 


৮। মৌলিক অধিকাৰসমূহৰ ভিতৰত কোনটো অধিকাৰ অন্যতম ?

উত্তৰঃ মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতা অধিকাৰ অন্যতম ।


৯। ১৫ মাৰ্চ তাৰিখটো কি অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ?

উত্তৰঃ  ১৫ মাৰ্চ তাৰিখটো গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ।


১০। মৌলিক অধিকাৰ কেইটা ?

উত্তৰঃ মৌলিক অধিকাৰ ছয়টা । 


১১। মৌলিক কৰ্তব্যসমূহে কিমান চনৰ পৰা সাংবিধানিক আইন মৰ্যদা লাভ কৰে ?

উত্তৰঃ  মৌলিক কৰ্তব্যসমূহে ১৯৭৬ চনৰ পৰা সাংবিধানিক আইন মৰ্যদা লাভ কৰে ।


১২। সংবিধান সভাখনৰ সভাপতি কোন আছিল ? 

উত্তৰঃ সংবিধান সভাখনৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ  আছিল ।


১৩। সংবিধানক ৰাষ্ট্ৰ এখনৰ কি বুলিব পাৰি ?                                                                                              

উত্তৰঃ সংবিধানক ৰাষ্ট্ৰ এখনৰ আইন বুলিব পাৰি । 


১৪। সংবিধান সভাখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰবিবৰ বাবে কি সমিতি গঠন কৰিছিল ?

উত্তৰঃ  সংবিধান সভাখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ বাবে সাতজীয়া এখন খচৰা সমিতি গঠন কৰিছিল ।


১৫। কিমান চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য-সামগ্ৰী বিশুদ্ধ নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয় ?

উত্তৰঃ ১৯৩৭ চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য-সামগ্ৰী বিশুদ্ধ নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয় ।    


১৬। গ্ৰাহক সুৰক্ষা আইন কিমান চনত প্ৰৱৰ্তন কৰা হয় ?  

উত্তৰঃ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হয়।


১৭। ভাৰতত জাতি-জনজাতিৰ কি আছে ?

উত্তৰঃ ভাৰতত জাতি-জনজাতিৰ নিজা ভাষা, কৃষ্টি, সংস্কৃতি আছে ।


১৮। ভাৰতীয় শাসন ব্যৱস্থাক কি ব্যৱস্থা বুলি কোৱা হয় ?

উত্তৰঃ ভাৰতীয় শাসন ব্যৱস্থাক সংসদীয় শাসন ব্যৱস্থা বুলি কোৱা হয় ।


১৯। কোনখন সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান ? 

উত্তৰঃ ভাৰতীয় সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান । 


২০। ভাৰতীয় সংবিধানখন কি সংবিধান ?

উত্তৰঃ ভাৰতীয় সংবিধানখন লিখিত সংবিধান ।

 

Short Question Answer By- Parina Hazarika 

Edit By- Mandira Saha