দক্ষিন ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল | Lesson 6 | ষষ্ঠ অধ্যায় | Class 6 Social Science Assam Jatiya Bidyalay | Class 6 Social Science Suggestion | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ 


পাঠ ৬

দক্ষিণ ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল


১। যথাযথ উত্তৰ দিয়া।

(ক) চালুক্যসকলৰ শাখাগােষ্ঠীকেইটাৰ নাম লিখা।

উত্তৰঃ চালুক্যসকলৰ শাখাগােষ্ঠীকেইটাৰ নাম হৈছে 一 বাতাপীৰ চালুক্য়, কল্য়াণীৰ চালুক্য় আৰু ভেগিৰ চালুক্য়।


(খ) প্রথম পুলকেশীয়ে কি কি উপাধি গ্রহণ কৰিছিল?

উত্তৰঃ প্রথম পুলকেশীয়ে ৰণবিীক্ৰম, শ্ৰীপৃথিৱীবল্লভ আদি কেইবাটাও উপাধি গ্রহণ কৰিছিল।


(গ) প্রথম কীৰ্তিবর্মনে গ্ৰহণ কৰা দুটা উপাধিৰ নাম লিখা।

উত্তৰঃ প্রথম কীৰ্তিবর্মনে গ্ৰহণ কৰা দুটা উপাধিৰ নাম হৈছে 一 সত্য়াশ্ৰয় আৰু পুৰু-ৰাণাপৰাক্ৰম।


(ঘ) চালুক্যসকলৰ সর্বশ্রেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰঃ চালুক্যসকলৰ সর্বশ্রেষ্ঠ ৰজাজন আছিল দ্বিতীয় পুলকেশী।


(ঙ) কোনজন বিদেশী পর্যটকে দ্বিতীয় পুলকেশীক মহান সম্রাট আখ্যা দিছিল?

উত্তৰঃ চীনদেশীয় পর্যটক হিউৱেন চাঙে দ্বিতীয় পুলকেশীক মহান সম্রাট আখ্যা দিছিল।


(চ) কল্যাণীৰ চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ তালিয়া বাদ্বিতীয় তালিয়াপা হৈছে কল্যাণীৰ চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক।


২। প্রথম কীর্তিবৰ্মনৰ ৰাজত্বকালৰ বিষয়ে চমুৱাই লিখা।

উত্তৰঃ প্ৰথম পুলকেশীৰ পাছত ৫৬৭ খ্ৰীত তেওঁৰ পুত্র প্রথম কীর্তিবর্মন বাতাপীৰ চালুক্যৰ ৰজা হয়। পিতৃৰ নিচিনাকৈ তেৱোঁ সত্যাশ্রয়, পুৰু-ৰাণাপৰাক্ৰম, বল্লভ আদি উপাধি গ্রহণ কৰে। প্রথম কীর্তিবমনে অংগ, কলিংগ, মগধ, কেৰেলা, পাণ্ড্য আদি ৰাজ্য জয় কৰিছিল বুলি শিলালিপিত পোৱা গৈছে। এইজন ৰজাৰ ৰাজত্বকালতে মহাৰাষ্ট্ৰ, মহীশূৰ পৰ্য্যন্ত চালুক্যৰ ক্ষমতা বৃদ্ধি হৈছিল।


৩। দ্বিতীয় পুলকেশীক চালুক্যসকলৰ সর্বশ্রেষ্ঠ ৰজা বুলি কিয় কোৱা হয়?

উত্তৰঃ দ্বিতীয় পুলকেশী এজন দ্বিগীজয়ী ৰজা আছিল তেওঁ কাদম্বৰ ৰাজধানী বনবাসী, দক্ষিণ মহীশূৰ আৰু কোঙ্কণৰ মৌৰ্য্য়সকলক জয় কৰিছিল। বংগৰ শাসক শশাংকৰ সৈতে গল হৈ তেওঁ কনৌজৰ অধিপতি হৰ্ষবৰ্দ্ধনৰ সৈন্য়বাহিনীক পৰাভূত কৰিছিল। হৰ্ষবৰ্দ্ধনৰ দৰে শক্তিশালী সম্ৰাটক পৰাস্ত কৰাৰে পৰা দ্বুতীয় পুলকেশীৰ বীৰত্বই সমগ্ৰ ভাৰততে প্ৰতিষ্ঠা লাভ কৰে। এইজন হাতত পল্লৱ ৰাজবংশ ৰজা প্ৰথম মহেন্দ্ৰবৰ্মনেও পৰাজয় স্বীকাৰ কৰিছিল।


৪। চালুক্যসকলৰ ৰাজত্বকালত স্থাপত্য-ভাস্কৰ্য্যৰ দিশত হােৱা উন্নতিৰ বিষয়ে চমুৱাই লিখা।

উত্তৰঃ চালুক্যৰ শাসন কালত ভাৰতীয় স্থাপত্য-ভাস্কৰ্য্য তথা চিত্ৰকলাৰ যথেষ্ট উন্নতি সাধন হৈছিল। এই সময়ছোৱাতেই চালুক্য শিল্পৰীতিয়ে সমাদৰ লাভ কৰিছিল। চালুক্য ৰজাসকলে পাহাৰ-পৰ্বতৰ শিল কাটি গুহা তথা মন্দিৰ নিৰ্মাণৰ চমৎকাৰ কৌশল আৱিষ্কাৰ কৰিছিল। মন্দিৰসমূহৰ শিলৰ বেৰবোৰত হিন্দু দেৱ-দেৱীৰ মূৰ্তিৰ কাৰু-কাৰ্য্য অতিশয় উন্নত আছিল। বিখ্যাত অজন্তা আৰু ইলোৰাৰ শৈল মন্দিৰ তথা গুহাসমূহ চালুক্য ৰাজ্যৰ ভিতৰতে অৱস্থিত আছিল। অজন্তা আৰু ইলোৰাৰ বহুতো স্থাপত্য-ভাস্কৰ্য্য চালুক্য ৰজাসকলৰ পৃষ্ঠপোষকতাৰ ফলত গঢ় লৈ উঠিছিল।


 

১। যথাযথ উত্তৰ দিয়া।

(ক) পল্লৱসকলে কোন অঞ্চলত ৰাজ্য স্থাপন কৰিছিল বুলি কোৱা হয়? 

উত্তৰঃ পল্লৱসকলে দক্ষিণ ভাৰতৰ কৃষ্ণা আৰু গোদাবৰী নদীৰ মোহনা অঞ্চলত ৰাজ্য স্থাপন কৰিছিল বুলি কোৱা হয়


(খ) পল্লৱ ৰজা মহেন্দ্রবর্মনে কি কি উপাধি গ্রহণ কৰিছিল?

উত্তৰঃ পল্লৱ ৰজা মহেন্দ্রবর্মনে চেথথাকাৰী, মত্তভিল্লাস, বিচিত্ৰচিত্ৰ আদি উপাধি গ্রহণ কৰিছিল।


(গ) কোনজন চালুক্য সম্রাটৰ বিৰুদ্ধে যুদ্ধ কৰি মহেন্দ্রবর্মন পৰাজিত হৈছিল?

উত্তৰঃ চালুক্য সম্রাট দ্বিতীয় পুলকেশীৰ বিৰুদ্ধে যুদ্ধ কৰি মহেন্দ্রবর্মন পৰাজিত হৈছিল।


(ঘ) পল্লৱৰ শ্ৰেষ্ঠ ৰজা বুলি কাক আখ্যা দিয়া হয়?

উত্তৰঃ পল্লৱৰ শ্ৰেষ্ঠ ৰজা বুলি নৰসিংহবৰ্মনক আখ্যা দিয়া হয়।


(ঙ) বাতাপী কোন ৰাজ্যৰ ৰাজধানী আছিল?

উত্তৰঃ বাতাপী চালুক্য় ৰাজ্যৰ ৰাজধানী আছিল।


(চ) কোনজন পল্লৱ ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে পল্লৱ ৰাজ্য ভ্রমণ কৰিছিল?

উত্তৰঃ প্ৰথম নৰসিংহবৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে পল্লৱ ৰাজ্য ভ্রমণ কৰিছিল।


(ছ) কাৰ আক্ৰমণত পল্লৱ ৰাজ্য দুর্বল হৈ পৰে?

উত্তৰঃ দক্ষিণ ভাৰতৰ ৰাষ্ট্ৰকূটসকলৰ আক্ৰমণত পল্লৱ ৰাজ্য দুর্বল হৈ পৰে।


২। পল্লৱ ৰজা প্রথম নৰসিংহবর্মনৰ ৰাজত্ব কালৰ উল্লেখযােগ্য ঘটনাৱলীৰ বিষয়ে চমু বিৱৰণ লিখা।

উত্তৰঃ 


৩। পল্লৱসকলৰ শাসন কালত ধর্ম আৰু স্থাপত্য-ভাস্কৰ্য্যৰ উন্নতিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ পল্লৱসকলৰ ৰাজত্বকালত বিষ্ণু আৰু শিৱৰ উপাসনাই বিশেষ প্রাধান্য লাভ কৰিছিল। পল্লৱৰ স্থাপত্য-ভাস্কৰ্য্যৰ মূল বিশেষত্ব আছিল শিলেৰে নিৰ্মিত মন্দিৰৰ গঠন প্ৰণালী। পাহাৰ পৰ্বতৰ প্ৰকাণ্ড প্ৰকাণ্ড শিলত স্থাপন কৰা মন্দিৰৰ কাৰু-কাৰ্য্য অতি চমৎকাৰ আছিল। পল্লৱ ৰজা প্ৰথম মহেন্দ্ৰবৰ্মনৰ ৰাজত্ব কালতেই মহাবলীপূৰম মন্দিৰৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল। মন্দিৰৰ আয়তাকাৰ আৰু আনুভূমিক নিৰ্মাণশৈলী পল্লৱৰ স্থাপত্য-ভাস্কৰ্য্যৰ অন্যতম বৈশিষ্ট্য। মন্দিৰসমূহ ৰথৰ আকৃতিত নিৰ্মাণ কৰা হৈছিল। সেয়েহে মহাভাৰতৰ দ্রৌপদী, অর্জুন, ভীম, যুধিষ্ঠিৰ আদি চৰিত্ৰৰ নামেৰে মন্দিৰৰ নামকৰণ কৰা হৈছিল।


১। যথাযথ উত্তৰ লিখা।

(ক) বর্তমান ভাৰতৰ কোন কোন অঞ্চলত প্রাচীন চোল ৰাজ্যখন গঢ় লৈ উঠিছিল?

উত্তৰঃ বর্তমান ভাৰতৰ মাদ্ৰাছ আৰু ইয়াৰ দাঁতি-কাষৰীয়া জিলাসমূহকে ধৰি মহীশূৰ ৰাজ্য়ৰ সৰহভাগ অঞ্চলত প্রাচীন চোল ৰাজ্যখন গঢ় লৈ উঠিছিল।


(খ) কেতিয়া আৰু কোনজন ৰজাৰ সময়ৰে পৰা চোল শাসনৰ আৰম্ভণি হৈছিল?

উত্তৰঃ দ্বিতীয় খ্ৰীষ্টাব্দত কাৰিকলা নামৰ ৰজাজনৰ সময়ৰে পৰা চোল শাসনৰ আৰম্ভণি হৈছিল।


(গ) কোনজন চোল ৰজাই পাণ্ড্য আৰু চেৰাৰ সন্মিলিত শক্তিক পৰাভূত কৰিছিল?

উত্তৰঃ কাৰিকলা নামৰ চোল ৰজাজনে পাণ্ড্য় আৰু চেৰাৰ সন্মিলিত শক্তিক পৰাভূত কৰিছিল।


(ঘ) কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কি আছিল?

উত্তৰঃ কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কাবেৰী-পেড্ডীনাম আছিল।


(ঙ) ৰজা কাৰিকলাৰ এটা প্ৰজাহিতকৰ কাম উল্লেখ কৰা।

উত্তৰঃ ৰজা কাৰিকলে কাবেৰী নদীৰ পাৰে পাৰে ১৬০ কিঃমিঃ দীঘল বান্ধ এটা নিৰ্মাণ কৰি খেতি পথাৰত পানী যোগানৰ সু-ব্য়ৱস্থা কৰিছিল।


(চ) চোলৰ সর্বশক্তিশালী ৰজাজনৰ নাম কি?

উত্তৰঃ চোলৰ সর্বশক্তিশালী ৰজাজনৰ নাম ৰাজাৰাজ।


(ছ) প্রথম ৰাজেন্দ্রই কি কি উপাধি গ্রহণ কৰিছিল?

উত্তৰঃ প্রথম ৰাজেন্দ্রই গঙাইকোণ্ড, মুড়িকোণ্ড, পণ্ডিত চোল আদি উপাধি গ্রহণ কৰিছিল।


২। চোল ৰজা ৰাজাৰাজৰ শাসনকালৰ বিষয়ে এটি চমু বিৱৰণ লিখা।

উত্তৰঃ চোল সাম্রাজ্যৰ ৰজাসকলৰ ভিতৰত ৰাজাৰাজেই আছিল আটাইতকৈ শক্তিশালী শাসক। এইজন ৰজা এজন দ্বিগ্বীজয়ী বীৰ আছিল। তেওঁ চেৰাৰ নৌবাহিনীক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছিল। মাদুৰা আৰু অমৰভূজংগা নামৰ ঠাই দুখন জয় কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰিছিল। চিলনৰ উত্তৰ অংশ অধিকাৰ কৰি ৰাজাৰাজে নিজৰ শক্তিৰ প্ৰমাণ দিছিল। তেওঁ চালুক্যক নিষ্ঠুৰভাৱে দমন কৰিছিল। কলিংগ দেশ জয় কৰি তেওঁ সাম্ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল। চিলনৰ উত্তৰ অংশ অধিকাৰ কৰি ৰাজাৰাজে নিজৰ শক্তিৰ প্ৰমাণ দিছিল। কলিংগ দেশ জয় কৰি তেওঁ সাম্ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল। যুদ্ধ, শাসন ব্যৱস্থা, প্ৰজাহিতকৰ কাৰ্য্যাৱলী আৰু শিল্পকলা, স্থাপত্য-ভাস্কৰ্য্যৰ ক্ষেত্ৰত ৰাজাৰাজৰ ৰাজত্ব কালত চোল সাম্রাজ্যই উন্নতিৰ শিখৰত আৰোহণ কৰিছিল।


৩। চোলৰ ৰাজ্য শাসন ব্যৱস্থাৰ বিষয়ে চমুৱাই লিখা।

উত্তৰঃ চোলৰ শাসন ব্যৱস্থাত ৰজাই আছিল সকলো শক্তি আৰু ক্ষমতাৰ অধিকাৰী। ৰজাসকল লাহ বিলাস প্রিয় আছিল। উত্তৰাধিকাৰসূত্রে পিতৃৰ পাছত পুত্ৰজন ৰজা হোৱাৰ নিয়ম আছিল। প্ৰায়বোৰ ৰজাই কলা-কৃষ্টি আৰু স্থাপত্য-ভাস্কৰ্য্যৰ পৃষ্ঠপোষকতা কৰিছিল। সমগ্র সাম্রাজ্যখন কিছুমান মণ্ডলমত ভাগ কৰা হৈছিল। প্ৰতিটো মণ্ডলমক কিছুমান কোত্তমত ভাগ কৰা হৈছিল। সেইদৰে কোত্তমক নাডু হিচাপে ভাগ কৰা হৈছিল। গাঁৱৰ প্ৰশাসনীয় গোটবোৰক কুৰাম আৰু টাৰ-কুৰাম নামেৰে জনা গৈছিল। শাসনৰ সুবিধাৰ বাবে চোল সাম্রাজ্যখনক কিছুমান মণ্ডলমত ভাগ কৰা হৈছিল। মণ্ডলমক কিছুমান কোত্তমত আৰু কোত্তমক কিছুমান নাডু হিচাপে ভাগ কৰা হৈছিল। গাঁৱৰ প্ৰশাসনৰ গোটবোৰক কুৰাম আৰু টাৰ কুৰাম নামে জনা গৈছিল। প্ৰায়বোৰ চোল ৰজাই দ্বিগ্বীজয়ী বীৰ আছিল বাবে তেওঁলোকে একোটা স্থায়ী সেনাবাহিনী গঢ় দিছিল। স্থলসেনা আৰু নৌসেনাৰে গঠিত চোল সৈন্যবাহিনী অতি শক্তিশালী আছিল। সেনা বাহিনীৰ প্ৰধান বিষয়াসকল আছিল নায়ক, সেনাপতি বা মহদণ্ডনায়ক। উল্লেখযোগ্য যে চোলসকলে যুদ্ধক্ষেত্ৰত শত্ৰুৰ বিৰুদ্ধে অতি নিষ্ঠুৰতা দেখুৱাইছিল।


৪। চোলৰ ৰাজত্বকালত স্থাপত্য-ভাস্কৰ্য্যৰ উন্নতিৰ বিষয়ে এটি বিৱৰণ লিখা।

উত্তৰঃ চোলৰ ৰাজত্বকালত স্থাপত্য-ভাস্কৰ্য্যৰ উন্নতি চোলৰ ৰাজত্ব কালতে ভাৰতীয় স্থাপত্যশৈলীৰ এটা মুখ্যভাগ দ্রাবিড়ীয় শৈলীৰ প্রভূত উন্নতি সাধন হৈছিল। প্ৰথম ৰাজেন্দ্ৰৰ ৰাজত্বকালত নির্মিত ৰাজধানী চহৰ গঙাইকোণ্ড-চোলপুৰম চোল ৰাজত্বৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰ শ্ৰেষ্ঠ নিদর্শন। জলসিঞ্চন আৰু পানীযোগানৰ বাবে কাবেৰী নদীৰ পাৰত বান্ধ আৰু কৃত্রিম হ্ৰদৰ নিৰ্মাণ কাৰ্য্যই তেওঁলোকৰ বিচক্ষণতাৰ প্রমাণ দিয়ে। একো একোটা বৃহৎ মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠা নগৰসমূহ অতি সুনিৰ্মিত আছিল। প্ৰথম ৰাজেন্দ্ৰৰ সময়ত নির্মিত ৰাজধানী চহৰ গঙাইকোণ্ড-চোলপুৰম চোলসকলৰ স্থাপত্য- ভাস্কৰ্য্যৰ শ্ৰেষ্ঠ উদাহৰণ। ত্রিচিনপলী নামৰ ঠাইত ৰজা প্রথম প্রান্তকে নিৰ্মাণ কৰা মন্দিৰটোৱে আজিও চোলসকলৰ স্থাপত্য প্ৰীতিৰ উদাহৰণ দাঙি ধৰে। তাঞ্জোৰত অৱস্থিত ৰাজাৰাজেশ্বৰ মন্দিৰটো ৰজা ৰাজাৰাজৰ শাসনকালত নিৰ্মাণ কৰোৱা হৈছিল। তাঞ্জোৰতে অৱস্থিত সুব্রমন্য মন্দিৰ, আৰ্য্যভট্টেশ্বৰ মন্দিৰ, ত্রিভূবনেশ্বৰ মন্দিৰ আদিয়ে আজিও চোলৰ স্থাপত্য-ভাস্কৰ্যৰ কীৰ্তিৰ কথা সোঁৱৰাই দিয়ে। এই মন্দিৰসমূহৰ ভাস্কৰ্য্য শিল্প অতুলনীয় আছিল।


- Hiru Moni Bora