সম্ৰাট হৰ্ষবৰ্দ্ধন | Lesson 5 | পঞ্চম অধ্যায় | Class 6 Social Science Assam Jatiya Bidyalay | Class 6 Social Science Question And Answer | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ 


পাঠ ৫

সম্ৰাট হৰ্ষবৰ্দ্ধন


অনুশীলনী 

    

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer

১। চমু উত্তৰ দিয়া।


(ক) থানেশ্বৰ ৰাজ্যৰ উত্থান কোন শতিকাত হৈছিল?

উত্তৰঃ খ্ৰীষ্টীয় সপ্তম শতিকাৰ আৰম্ভণিতে থানেশ্বৰ ৰাজ্যৰ উত্থান শতিকাত হৈছিল।


(খ) পূষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? 

উত্তৰঃ পূষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হ'ল প্ৰভাকৰবৰ্দ্ধন।


(গ) হর্ষবর্ধনে কি উপাধি লৈছিল?

উত্তৰঃ হর্ষবর্ধনে 'ৰাজপুত্ৰ শিলাদিত্য' উপাধি লৈছিল।


(ঘ) বাণভট্টই ৰচনা কৰা হর্ষবর্ধনৰ জীৱনীখনৰ নাম কি?

উত্তৰঃ বাণভট্টই ৰচনা কৰা হর্ষবর্ধনৰ জীৱনীখনৰ নাম 'হৰ্ষচৰিত'।


(ঙ) হংসবেগ কোন আছিল?

উত্তৰঃ হংসবেগ আছিল এজন কটকী।


(চ) হর্ষবর্ধনক কোনে নর্মদা নদীৰ পাৰৰ যুদ্ধত পৰাস্ত কৰিছিল?

উত্তৰঃ হর্ষবর্ধনক চালুক্য় বংশৰ ৰজা পুলকেশীয়ে নর্মদা নদীৰ পাৰৰ যুদ্ধত পৰাস্ত কৰিছিল।


(ছ) ভুক্তিৰ শাসকজনক কি বােলা হৈছিল?

উত্তৰঃ ভুক্তিৰ শাসকজনক 'কুমাৰমাত্য়' বােলা হৈছিল।


২। হর্ষবর্ধনৰ দিনৰ প্ৰজাই কি কি কৰ দিব লাগিছিল?

উত্তৰঃ হর্ষবৰ্দ্ধনৰ দিনত প্ৰজাই বালি আৰু ভাগা নামৰ দুবিধ কৰ দিব লাগিছিল। 


 ৩। হর্ষবর্ধনৰ বিষয়ে জনাত সহায় কৰা চাৰিখন তামৰ ফলিৰ নাম লিখা।

উত্তৰঃ হর্ষবর্ধনৰ বিষয়ে জনাত সহায় কৰা চাৰিখন তামৰ ফলিৰ নাম হৈছে 一 বাঁশখেৰা তামৰ ফলি, দ্বিতীয় পুলকেশীৰ আইহোল লিপি প্ৰধান।


৪। কামৰূপৰ লগত হৰ্ষৰ সম্পর্ক কেনে ধৰণৰ আছিল লিখা । 

উত্তৰঃ কামৰূপৰ লগত হৰ্ষৰ সম্পর্ক ভাল আছিল। শাশাঙ্কৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হর্ষবৰ্দ্ধনে কামৰূপৰ সহায় বিছাৰিছিল। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনেও সহায় কৰিছিল। হর্ষবন্ধন আৰু ভাস্কৰৰ মাজৰ এই মিত্ৰতা হৰ্ষবৰ্দ্ধনৰ মৃত্যুলৈকে আছিল। হৰ্ষবৰ্দ্ধনে আয়োজন কৰা প্ৰয়াগ আৰু কনৌজৰ মেলাত ভাস্কৰ বৰ্মণ মুখ্য অতিথি আছিল। প্রয়াগ মহামেলতে হর্ষবৰ্দ্ধনে ভাস্কৰক একেখন ৰথতে লৈ নগৰ পৰিভ্ৰমণ কৰিছিল। বাণভট্টৰ ‘হৰ্ষচৰিতত ভাস্কৰ বৰ্মন আৰু হৰ্ষবন্ধনৰ সু-সম্পৰ্কৰ কথা উল্লেখ আছে। 


৫। হর্ষবর্ধনৰ দিনত হােৱা সাহিত্যৰ উন্নতি সম্পর্কে লিখা । 

উত্তৰঃ   FOR STUDENTS 


৬। হর্ষবর্ধনৰ শাসন ব্যৱস্থা সম্পর্কে এটা টোকা লিখা । 

উত্তৰঃ   FOR STUDENTS


৭। হর্ষবর্ধনৰ ৰাজত্বকালৰ এটি চমু বিৱৰণ দি ইতিহাসত তেওঁৰ স্থান নির্ণয় কৰা । 

উত্তৰঃ উত্তৰ ভাৰতৰ শেষ হিন্দু সম্রাট হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকাল বিভিন্ন কার্য আৰু ঘটনাৰে ভৰপূৰ। তেওঁৰ বিষয়ে বাণভট্টৰ হৰ্ষচৰিত আৰু চীনা পরিব্রাজক হিউৱেন চাঙৰ টোকা আৰু জীৱনীৰ পৰা জনা যায়।নিজকে শক্তিশালীৰূপে প্ৰতিস্থা কৰিবলৈ প্রথমে তেওঁ ৰাজ্য বহলাবলৈ মন কৰিছিল। হর্ষবৰ্দ্ধনে ককায়েকৰ শত্ৰু শশাংকক এসেকা দিবলৈ সাজু হ’ল। তেতিয়া কামৰূপৰ ৰাজ ভাস্কৰ বৰ্মনে হসংবেগ নামৰ এজন কটকীৰ হাতত হৰ্ষবৰ্দ্ধনলৈ বিভিন্ন উপহাৰ পঠাই দিছিল। দুয়োৰে মাজত মিত্ৰতা স্থাপন কৰিছিল। এই মিত্ৰতাৰ পিছত ভাস্কৰ বৰ্মণে পূৰ্বৰ পৰা আৰু হর্ষবৰ্দ্ধনে পশ্চিমৰ পৰা একে সময়তে শশাংকৰ ৰাজ্য আক্রমণ কৰিছিল। এই আক্ৰমণৰ পিছত ভাস্কৰ বৰ্মণে পণ্ড্রবৰ্দ্ধন অঞ্চল পুনবাই লাভ কৰিছিল। শাশংকৰ ৰাজ্য হৰ্যবৰ্দ্ধন আৰু ভাস্কৰ বৰ্মণৰ মাজত ভাগ হৈছিল। পিছত হর্ষবৰ্দ্ধনে বল্লভী ৰাজ্যৰ ৰজা ধ্ৰুৱসেন আৰু কঙ্গোদ ৰাজ্যৰ ৰজাক পৰাজিত কৰিছিল। হৰ্ষবৰ্দ্ধনে কাশ্মীৰ আৰু নেপালো আক্রমণ কৰিছিল। হর্ষবন্ধন নিজে এজন দক্ষ প্রশাসক আছিল। প্রশাসন নিয়াৰীকৈ চলাবলৈ তেওঁ ৰাজ্যখনক কেইবাখনো ভুক্তি বা প্রদেশত ভাগ কৰি লৈছিল। তেওঁ স্বেচ্ছাসানী শাসন চলোৱা নাছিল।সাহিত্যৰ ক্ষেত্ৰতো তেওঁ অনুৰাগী আছিল। নিজে তিনিখন নাটক লিখিছিল। তেওঁৰ পৃষ্ঠপোষকতাত বানভট্টই দুখন অমৰ গ্ৰন্থ ৰচনা কৰিছিল। অমৰ গ্ৰন্থ দুখন হ’ল হৰ্ষ চৰিত আৰু কাদম্বৰী।হৰ্ষবৰ্দ্ধন সকলো ধৰ্মৰ প্ৰতি সহানুভূতিশীল আছিল। ভাৰতৰ বুৰঞ্জীত হর্ষবৰ্দ্ধন এজন সফল প্রতিভাশালী আৰু প্ৰতাপী ৰজাৰূপে চিৰদিন জিলিকি থাকিব।

 


Type∶ Pallab Jyoti Bora

Check by - Mukesh Borah