পাঠ ১

ভূপৃষ্ঠৰ সময় গণনা

    👉Text Books PDF  
    👉Short Question  Answer
    👉MCQ Online Exam

১। অক্ষ ৰেখা কাক বোলে? অক্ষাংশৰ লগত অক্ষ ৰেখাৰ পাৰ্থক্য কি?

উত্তৰঃ দ্ৰাঘিমা ৰেখাবোৰক সমকোণত কটাকৈ পূবা-পশ্চিমাকৈ যিবোৰ ৰেখা কল্পনা কৰা হয় সেইবোৰক অক্ষৰেখা বোলা হয়।

অক্ষৰেখা হৈছে ভূ-পৃষ্ঠৰ ওপৰত গণণা ৰেখা আনহাতে অক্ষাংশ হৈছে কৌণিক দূৰত্ব।


২। চমুটোকা লিখাঃ

(ক) স্থানীয় সময়।

উত্তৰঃ একেডাল দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইসমূহৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি এটা সময় নিৰোপণ কৰা হয়। সেই সময়ক স্থানীয় সময় বোলে। আমি থকা ঠাইখনৰ ঠিক ওপৰত যেতিয়া সূৰ্যই অৱস্থান কৰে অৰ্থাৎ দুপৰীয়া ১২ বাজে, তেতিয়া সেই দ্ৰাঘিমা ৰেখা যিবোৰ ঠাইৰ মাজেদি গৈছে সেই ঠাইবোৰতো দুপৰীয়া ১২ বাজিব। এই সময়েই হ'ব এই ঠাইসমূহৰ স্থানীয় সময়।


(খ) মান সময়।

উত্তৰঃ আন্তঃৰাজ্য় ভ্ৰমণৰ ক্ষেত্ৰত একে ঘড়ী ব্য়ৱহাৰ কৰিব নোৱাৰাৰ বাবে ৮২ ১/২° পূব দ্ৰাঘিমাৰ স্থানীয় সময়কে দেশৰ মান সময় বুলি ধৰি লোৱা হৈছে। প্ৰত্য়েক দেশৰ সুবিধাৰ বাবে কোনো এখন ঠাইৰ স্থানীয় সময়কে মান সময় বুলি ধৰি লোৱা হয়।


(গ) প্ৰাথমিক দ্ৰাঘিমা। 

উত্তৰঃ গ্ৰীনউইচৰ মাজেদি যোৱা দ্ৰাঘিমাৰেখা ডালেই হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখা। এই ৰেখাৰ মান ০°। ইয়াৰ স্থানীয় সময়ক পৃথিৱীৰ আন আন দেশসমূহৰ যোগাযোগৰ সুবিধাৰ বাবে গ্ৰীনউইচৰ মান সময়কেই সমগ্ৰ পৃথিৱীৰ মান সময় বুলি মানি লোৱা হৈছে।


(ঘ) বিষুৱ ৰেখা।

উত্তৰঃ  বিষুৱ ৰেখাডাল হৈছে এডাল অক্ষৰেখা। ইয়াৰ মান হ'ল ০°। বিষুৱ ৰেখাই পৃথিৱীক উত্তৰ আৰু দক্ষিণে সমান্তৰালকৈ দুটা ভাগত ভাগ কৰিছে। বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে।


(ঙ) আন্তঃৰাষ্টীয় তাৰিখ ৰেখা।

উত্তৰঃ  পৃথিৱীৰ সকলো দেশে সময় আৰু দিন গণনাৰ সীমাৰেখা বুলি মানি যোৱা ৰেখাডালকে আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখা বোলা হয়। গ্রীনউইচ চহৰৰ মান মন্দিৰৰ ওপৰেদি কল্পনা কৰা ০° মানৰ প্ৰাথমিক দ্রাঘিমাৰ পূবে মুঠ ১৮০ ডাল 'পূব দ্রাঘিমা' আৰু পশ্চিমে মুঠ ১৮০ ডাল 'পশ্চিম দ্রাঘিমা' ৰেখা আছে। উল্লেখযোগ্য যে ১৮০° 'পূব দ্রাঘিমা' আৰু ১৮০° 'পশ্চিম দ্রাঘিমা' ৰেখা প্ৰকৃততে একেডাল ৰেখা। ইয়াকে আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখাৰূপে কল্পনা কৰি সময় নিৰ্দ্ধাৰণ কৰা হয়। কিন্তু পৃথিৱীৰ আবৰ্তনৰ বাবে বিভিন্ন স্থানৰ সময় অনুযায়ী সময় গণনা কৰিবলৈ অলপ বেমেজালি ঘটে। এই বেমেজালি দূৰ কৰিবৰ বাবে ০° প্রাথমিক দ্রাঘিমাৰ ঠিক বিপৰীতে থকা ১৮০° দ্রাঘিমাডালৰ ওপৰেদি ঠায়ে ঠায়ে অলপ বেঁকা বেঁকিকৈ এডাল ৰেখা পৃথিৱীৰ সকলো দেশেই সময় আৰু দিন গণনাৰ সীমাৰেখা বুলি মানি লৈছে। এই ৰেখাডালেই হ'ল আন্তঃৰাষ্ট্ৰীয় সময় ৰেখা।



৩। স্থানীয় সময় কাক বোলে? মান সময়ৰ লগত স্থানীয় সময়ৰ পাৰ্থক্য কি?

উত্তৰঃ একেডাল দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইসমূহৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি যি সময় নিৰোপণ কৰা হয়, সেই সময়ক স্থানীয় সময় বোলে।

    স্থানীয় সময় সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে মান সময় প্ৰত্য়েক দেশৰ সুবিধাৰ বাবে ধৰি লোৱা হয়।


৪। কোনো এখন ঠাইৰ সময় কেনেকৈ নিৰ্ণয় কৰা হয়?

উত্তৰঃ একেডাল দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইসমূহৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি এখন সময় নিৰোপণ কৰা হয়। আমি থকা ঠাইখনৰ ঠিক ওপৰত যেতিয়া সূৰ্যই অৱস্থান কৰে অৰ্থাৎ দুপৰীয়া ১২ বাজে।


৫। গ্ৰীনউইচ মান সময় কাক বোলে? এই সময় কিয় আৰু কেনেদৰে ব্যৱহাৰ হয় ?

উত্তৰঃ গ্ৰীনউইচৰ স্থানীয় সময়ক পৃথিৱীৰ আন আন দেশসমূহৰ যোগাযোগৰ সুবিধাৰ বাবে মান সময় হিচাপে ধৰি লোৱা হৈছে। ইয়াকে গ্ৰীনউইচৰ মান সময় বোলে। 


৬। ১ মিনিট দ্ৰাঘিমাংশৰ পাৰ্থক্যত সময়ৰ পাৰ্থক্য কিমান?

উত্তৰঃ ১ মিনিট দ্ৰাঘিমাংশৰ পাৰ্থক্যত সময়ৰ পাৰ্থক্য ৪ ছেকেণ্ড।


৭। ১° দ্ৰাঘিমাংশত স্থানীয় সময়ৰ পাৰ্থক্য কিমান?

উত্তৰঃ ১° দ্ৰাঘিমাংশত স্থানীয় সময়ৰ পাৰ্থক্য ৪ মিনিট।


৮। ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান আগবঢ়া?

উত্তৰঃ ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া।


৯। জাপানৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান পিছ পৰা?

উত্তৰঃ জাপানৰ মান সময়তকৈ ভাৰতৰ মান সময় ৩ ঘণ্টা ৩০ মিনিট পিছ পৰা।


১০। গ্ৰীনউইচৰ মাজেদি যোৱা দ্ৰাঘিমা ৰেখাডালৰ নাম কি আৰু ইয়াৰ মান কিমান?

উত্তৰঃ গ্ৰীনউইচৰ মাজেদি যোৱা দ্ৰাঘিমা ৰেখাডালৰ নাম প্ৰাথমিক দ্ৰাঘিমাৰেখা। আৰু ইয়াৰ মান ০°।

 


-Hiru Moni Bora

Check by - Mukesh Borah

Post ID : DABP005957