পাঠ - ১৮
নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া
অনুশীলনী
১। দুটা বাক্যত উত্তৰ লিখা-
ক) নিৰ্বাচন কি ?
উত্তৰঃ নিৰ্বাচন হ'ল গণতান্ত্ৰিক বাছনি প্ৰক্ৰিয়া।
খ) নিৰ্বাচন কোনে পৰিচালনা কৰে ?
উত্তৰঃ নিৰ্বাচন এটা নিৰ্বাচন আয়োগে পৰিচালনা কৰে।
গ) ভাৰতবৰ্ষত কি পদ্ধতিৰে নিৰ্বাচন পতা হয় ?
উত্তৰঃভাৰতবৰ্ষত দুটা পদ্ধতিৰে নির্বাচন পতা হয়— প্রত্যক্ষ আৰু পৰােক্ষ ।
ঘ) লোকসভাৰ সদস্যসকলক কোনে কেনেকৈ নিৰ্বাচন কৰে ?
উত্তৰঃ লােকসভাৰ সদস্যসকলক ভােটদাতাসকলে প্রত্যক্ষভাৱে বা পােনপটীয়াকৈ নির্বাচন কৰে । এই নির্বাচনত সদস্যসকলক ৫ বছৰৰ বাবে নির্বাচিত কৰা হয় ।
ঙ) প্ৰতীক চিহ্নৰে সৈতে ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দল হৈছে —
১.ভাৰতীয় জনতা দল । ভাৰতীয় জনতা দলৰ প্রতীক চিহ্ন‘ পদুম ফুল ’
২. ভাৰতীয় জাতীয় কংগ্রেছ । ভাৰতীয় জাতীয় কংগ্রেছৰ প্রতীক চিহ্ন হৈছে ‘ হাত ‘ ।
২। ৩ টা বা ৪ টা বাক্যত উত্তৰ দিয়া-
ক) নির্বাচন আয়ােগৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ ‘ নির্বাচন আয়ােগ ’ হৈছে আমাৰ দেশৰ নির্বাচন পৰিচালনা কৰা এটা বিশেষ বিভাগ । ইয়াৰ মুৰব্ৰীজনক ‘ মুখ্য নির্বাচন আয়ুক্ত ’ বােলা হয় । তেওঁক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে ।
খ) প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ পার্থক্য কি ?
উত্তৰঃ প্রত্যক্ষ নির্বাচনত ভােটদাতাসকলে প্রত্যক্ষভাবে বা পােনপটীয়াকৈ ভােটদান কৰি প্রতিনিধি নির্বাচন কৰে ৷ পৰােক্ষ নির্বাচনত ভােটদাতাসকলে প্রত্যক্ষভাবে বা পেপানপটীয়াকৈ অংশগ্রহণ কৰিব বা ভােট দিব নােৱাৰে । পৰােক্ষ নির্বাচনত ভােটদাতাসকলে ইতিমধ্যে প্রত্যক্ষ নির্বাচনৰ দ্বাৰা নির্বাচিত কৰি পঠিওৱা প্রতিনিধিসকলেহে অংশগ্রহণ কৰে । লােকসভা , বিধান সভা আৰু স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠান নির্বাচন প্রত্যক্ষ ; আনহাতে , ৰাজ্যসভা , ৰাজ্য বিধান পৰিষদ , ৰাষ্ট্রপতি , উপ – ৰাষ্ট্রপতি নির্বাচন পৰােক্ষ ।
গ) ৰাজনৈতিক দল বুলিলে কি বুজা ?
উত্তৰঃ ৰাজনৈতিক দল হ’ল একে ৰাজনৈতিক ভাবাদৰ্শৰ কিছুমান সচেতন ব্যক্তিৰ গােট বা সংগঠন । একে ৰাজনৈতিক ভাবাদর্শৰ ব্যক্তিৰ এনেকুৱা গােট বা সংগঠন এটাই ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত হ’বলৈ এটা নাম লৈ নির্বাচন আয়ােগৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগে । প্ৰতিটো ৰাজনৈতিক দলৰে এটা নামৰ উপৰি এটা প্রতীক চিহ্ন থাকে । প্রতীক চিহ্নটো নির্বাচন আয়ােগৰ দ্বাৰা অনুমােদিত হ’ব লাগিব ।
ঘ) বিৰােধী দলৰ ভূমিকা কি ?
উত্তৰঃ গণতন্ত্রৰ কৃতকার্যতাৰ বাবে বিৰােধী দলে বিশেষ ভূমিকা গ্রহণ কৰিব লাগে । বিৰােধী দলৰ কাম হ’ল চৰকাৰৰ ভুল – ভ্রান্তিবােৰ আঙুলিয়াই দিয়া , গঠনমূলক পৰামৰ্শ আগবঢ়াই চৰকাৰৰ আঁচনি কার্যকৰীকৰণত সহযােগিতা কৰা , চৰকাৰ দ্বাৰা ক্ষমতাৰ অপপ্রয়ােগ , কর্তব্যৰ গাফিলতি , দুর্নীতি আদিৰ সমালােচনা কৰা । বিৰােধী পক্ষ সচেতন আৰু শক্তিশালী হলে শাসক দলেও সংযমী হৈ নিষ্ঠাৰে কাম কৰিবলৈ বাধ্য হয়। এক কথাত ক’বলৈ গ’লে বিৰােধীদল চৰকাৰ এখনৰ নিয়ন্ত্রক ।
ঙ) ৰাষ্ট্রপতিক কোনে কেনেকৈ নির্বাচন কৰে ?
উত্তৰঃ ৰাষ্ট্রপতি নির্বাচন পৰোক্ষ । ইয়াত ভােটদাতাসকলে ইতিমধ্যে নির্বাচন কৰি পঠিওৱা প্রতিনিধি সকলেহে অংশগ্রহণ কৰে । ৰাষ্ট্রপতিৰ নির্বাচনত সংসদৰ দুয়ােটা সদন ( লােকসভা আৰু ৰাজ্যসভা ) ৰ নির্বাচিত সদস্যসকলৰ লগতে ৰাজ্যিক বিধানসভাৰ সদস্যসকলেও অংশ গ্রহণ কৰে । ৰাষ্ট্রপতিক পাঁচ বছৰীয়া কাৰ্যকাল এটিৰ বাবে নির্বাচন কৰা হয় ।
Type Sri Sourav Bora
Check by - Mukesh Borah
Post ID : DABP006068