পাঠ - ১৭ 

গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব

    👉Text Books PDF 
    👉Short Question Answer
    👉MCQ Online Exam 

অনুশীলনী 

১। দুটা বাক্যত উত্তৰ লিখা-

ক) গণতন্ত্র কেইপ্রকাৰৰ ? প্ৰতিটো প্ৰকাৰৰে একোটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ গণতন্ত্ৰ দুই প্ৰকাৰৰ। সেইকেইটা হ'ল প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰ। 


খ) আগৰ কালত প্রত্যক্ষ গণতন্ত্র ক'ত আছিল আৰু সেয়া কিয় সম্ভৱ হৈছিল ? 

উত্তৰঃ এথেন্সকে ধৰি গ্ৰীচৰ সৰু সৰু নগৰ ৰাষ্ট্ৰবােৰত প্রত্যক্ষ গণতন্ত্র আছিল । নগৰ ৰাষ্ট্ৰবােৰৰ আয়তন আৰু জনসংখ্যা নিচেই কম আছিল বাবে সেয়া সম্ভৱ হৈছিল । 


গ) জনমত মানে কি বুজা আৰু জনমত গঠনত কিহে সহায় কৰে ? 

উত্তৰঃ জনমত হৈছে জনকল্যাণৰ হকে নাগৰিকৰ সমূহীয়া মত। জনমত গঠন কৰাত সহায় কৰে ৰাজনৈতিক দল, শিক্ষানুষ্ঠান, প্ৰচাৰ মাধ্যম, চলচ্চিত্ৰ, সাংস্কৃতিক অনুষ্ঠান আদিয়ে।


ঘ) গণতন্ত্ৰত ৰাজনৈতিক দল কিয় লাগে ? দুটা ভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা ।

উত্তৰঃ নাগৰিকসকলক সংগঠিত কৰা , ৰাজনৈতিক শিক্ষা দান কৰা ,সচেতন কৰা ,  আৰু জনমত গঠনত সহায় কৰাৰ বাবে গণতন্ত্রত ৰাজনৈতিক দল লাগে 

 দুটা ভাৰতীয় ৰাজনৈতিক দল হৈছে — 

1.ভাৰতীয় জনতা দল ।

2.ভাৰতীয় জাতীয় কংগ্ৰেছ দল । 

 

ঙ) পৰােক্ষ গণতন্ত্রত নাগৰিকে কেনেকৈ অংশগ্রহণ কৰে ?

উত্তৰঃনির্বাচনত ভােট প্রদান কৰি নাগৰিকে প্রতিনিধি নির্বাচন কৰে আৰু সেই নির্বাচিত প্রতিনিধিয়ে নাগৰিকৰ হৈ শাসন কৰে । অৰ্থাত পৰােক্ষ গণতন্ত্রত নাগৰিকে নির্বাচনৰ মাধ্যমেৰে অংশ গ্রহণ কৰে ।


২। ৩ টা বা ৪টা বাক্যত উত্তৰ দিয়া- 

ক) নাগৰিক আৰু ভােটদাতাৰ মাজত পাথক্য কি ? 

উত্তৰঃ  এজন লােকে জন্ম হােৱাৰ লগে লগে জন্মসূত্রে , দেশীয়কৰণৰ দ্বাৰা বা ৰাজ্যক্ষেত্র চামিলকৰণৰ সূত্রে এখন দেশৰ নাগৰিক হ’ব পাৰে , কিন্তু জন্মাৰ লগে লগে ভােটদানৰ অধিকাৰ নাপায় । ভােটদাতা হ’বলৈ এটা নির্দিষ্ট বয়স হােৱা দৰকাৰ । ভাৰতবৰ্ষত এই বয়স ১৮ বছৰ আৰু ইয়াক প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলা হয়।আকৌ ,সকলাে নাগৰিকেই ভােটদাতা নহয়  কিন্তু ভােটদাতা হ’বলৈ নাগৰিক হ’বই লাগিব । 


খ) নাগৰিকসকল কেনেকুৱা হ'ব লাগে ? 

উত্তৰঃ নাগৰিকসকল শিক্ষিত হােৱাটো অতি দৰকাৰ । তদুপৰি নাগৰিকসকল সজ , সাহসী আৰু সহনশীল হ’ব লাগে । নাগৰিকসকলৰ নিজৰ অধিকাৰ আৰু কৰ্তব্য , চৰকাৰৰ দায়িত্ব আৰু ক্ষমতাৰ সীমা , জনস্বার্থ , জনকল্যাণ আদিৰ বিষয়ে জ্ঞান থকাটো দৰকাৰ ।  


গ) কোন দেশত এতিয়াও প্রত্যক্ষ গণতন্ত্ৰ আছে ? 

উত্তৰঃ  ছুইজাৰলেণ্ডত এতিয়াও প্রত্যক্ষ গণতন্ত্র আছে । 


ঘ) ভাৰতীয় নাগৰিকত্ব আইন কোন চনত প্রণয়ন কৰা হয় ? 

উত্তৰঃ ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ চনত প্রণয়ন কৰা হয় ।


ঙ) ছিকিমৰ বাসিন্দাসকল ক'ৰ নাগৰিক ?

উত্তৰঃ  ছিকিমৰ বাসিন্দাসকল ভাৰতৰ নাগৰিক ।


 


Type Sri Sourav Bora 

Check by - Mukesh Borah


Post ID : DABP006064