পাঠ - ২০
প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ
অনুশীলনী
১। চমু উত্তৰ লিখা—
(ক) প্রান্তীয় গােট কাক বােলে ? প্রান্তীয় গােট হিচাপে কোনবােৰ মানুহক অভিহিত কৰিব পৰা যায় ।
উত্তৰঃ আৰ্থিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলক প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পৰা যায়।
(খ) বানপানী আৰু গৰাখহনীয়াই কি কি অসুবিধাৰ সৃষ্টি কৰে ?
উত্তৰঃ বানপানী আৰু গৰাখহনীয়াই এক জটিল সমস্যা সৃষ্টি কৰে।এই ভয়াৱহ সমস্য়াই অয়মৰ জনজীৱনত বাৰুকৈয়ে আঘাট হানিছে। প্ৰবল বানে মানুহৰ খেতি-পথাৰ, ভেটি পৰ্যন্ত উছন কৰিছে। ইয়াৰ উপৰি পথাৰৰ উৰ্বৰতাও হ্ৰাস কৰিছে। গছ-গছনি, জীৱ-জন্তু মৰি খাস্তাং হৈছে।
(গ) বৃহৎ নদীবান্ধৰপৰা হােৱা উপকাৰ আৰু অপকাৰসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ বৃহৎ নদীবান্ধৰ উপকাৰ আৰু অপকাৰ দুয়ােটাই আছে ।
উপকাৰ – বৃহৎ নদীবান্ধ আঁচনিসমূহে আমাক বিদ্যুৎ উৎপাদন , বান নিয়ন্ত্রণ , জলসিঞ্চন আদিৰ দৰে জনকল্যাণমূলক সুবিধাবােৰ প্ৰদান কৰে আৰু সেই অঞ্চলৰ আর্থ – সামাজিক দিশত উন্নতি হােৱাৰ লগতে থলুৱা লােকসকলে সংস্থাপনৰাে সুবিধা লাভ কৰে ।
অপকাৰ- নদীবান্ধৰ এই উপকাৰসমূহৰ বিপৰীতে কিছুমান অপকাৰৰ আছে । নদীবান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বৃহৎ এলেকাৰ প্রয়ােজন হয় । ফলত এই এলেকাত পূর্বৰে পৰা বসবাস কৰা লােকসকলে বান্ধ নির্মাণ কার্য আৰম্ভ হােৱাৰ লগে লগে নিজ ঠাইত থাকিব নােৱাৰা হৈ সেই ঠাই এৰি যাব লগাত পৰে । আনহাতে , বান্ধৰ নামনি অংশত বাস কৰা লােকসকলেও নানান অসুবিধাৰ সন্মুখীন হয় । নদীৰ পানীভাগ ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে নিম্ন অংশৰ কৃষিজীৱী লােকসকলৰ কৃষি কার্য কৰিবলৈ প্রয়ােজনীয় পানীৰ অভাৱ ঘটে । ইফালে নৈৰ পানী তৰাং হােৱাৰ ফলত নদীত থকা মাছ – পুথি , বিভিন্ন জলচৰ প্রাণীৰ বিলুপ্তি ঘটে । জলপথেৰে অহা – যােৱা কৰা লােকসকলৰ যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয় । মুঠতে নদীবান্ধ এলেকাৰ পাৰিপাৰ্শ্বিকৈ ভাৰসাম্য বহুগুণে হ্রাস পায় ।
(ঘ) অসমৰ চাহ খেতিৰ কাৰণে ব্রিটিছসকলে ক'ৰপৰা শ্রমিক আনিছিল ?
উত্তৰঃ অসমৰ চাহ খেতিৰ কাৰণে থলুৱা শ্ৰমিকৰ নাটনিৰ ফলত ব্ৰিটিছসকলে দেশৰ আন অঞ্চলৰ পৰা, বিশেষকৈ মধ্য ভাৰতৰ পৰা হাজাৰ হাজাৰ শ্ৰমিক আনিছিল।
(ঙ) কোনখন আইন মতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় ?
উত্তৰঃ ২০০৯ চনৰ শিক্ষা অধিকাৰ আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়।
(চ) পার্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা ।
উত্তৰঃ পাৰ্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম হ'ল- কাৰ্বিসকলৰ বাবে 'কাৰ্বি আংলং জিলা পৰিষদ' আৰু ডিমাচাসকলৰ বাবে 'উত্তৰ কাছাৰ জিলা পৰিষদ'।
২। উত্তৰ লিখা—
(ক) কি কি কাৰণত প্রান্তীয় গােটৰ সৃষ্টি হ'ব পাৰে ? তেওঁলােকৰ প্রধান সমস্যাসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ উদ্যোগীকৰণ , অর্থনৈতিক বিকাশ , নগৰীকৰণৰ আধুনিকীকৰণৰ স্বার্থত ; বান , গৰাখহনীয়া , ভূমিকম্প আদি প্রাকৃতিক দুর্যোগৰ ফলত অথবা চাহ উদ্যোগ , বৃহৎ নদীবান্ধ আদিৰ বাবেও প্রান্তীয় গােটৰ সৃষ্টি হ’ব পাৰে ।
প্রান্তীয় গােটৰ প্রধান সমস্যাবােৰ হৈছে — নতুন ঠাইৰ আচহুৱা পৰিৱেশ, নিজকে দীন – হীন আৰু অৱহেলিত বুলি অনুভৱ , আর্থিক , সামাজিক , সাংস্কৃতিক , শৈক্ষিক আদি অনগ্ৰসৰতাত ভুগিব লগা হােৱা।
(খ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্রদান কৰিছে লিখা ।
উত্তৰঃ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ছাত্ৰ – ছাত্ৰীসকলক সংবিধানে বহুতাে বিশেষ সুবিধা প্রদান কৰিছে । সেইবােৰ হ’ল –
ক) তেওঁলােকৰ ছাত্ৰ – ছাত্ৰীসকলৰ উচ্চ শিক্ষা লাভৰ বাবে আর্থিক অনুদান দিয়াৰ লগতে চৰকাৰী চাকৰিত সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
খ) তেওঁলােকৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান , কাৰিকৰী প্রতিষ্ঠানসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
(গ) ভৈয়াম আৰু পার্বত্য অঞ্চলৰ জনজাতি লােকসকলৰ বাবে কেনে ধৰণৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে ?
উত্তৰঃ অসমৰ ভৈয়াম জনজাতি লােকসকলৰ কাৰণে ‘ স্বায়ত্তশাসিত পৰিষদ ’ আৰু পাহাৰ অঞ্চলৰ জনজাতি লােকসকলৰ কাৰণে ‘ স্বায়ত্তশাসিত জিলা পৰিষদ ’গঠন কৰা হৈছে ।
৩। খালী ঠাই পূৰ কৰা—
(ক) আর্থিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা লােকসকলক ......................... গোট হিচাপে অভিহিত কৰিব পৰা যায় ।
উত্তৰঃ প্রান্তীয
(খ) গণতন্ত্রত দেশৰ সকলাে নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ...................... ।
উত্তৰঃ সমান
(গ) ................. চাহ খেতিৰ বাবে উপযােগী ।
উত্তৰঃ অসমত মাটি।
(ঘ) সংখ্যালঘু লােকসকলৰ ................ ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাৱেক্ষণৰ ব্যৱস্থা কৰিছে ।
উত্তৰঃ ভাষা – সংস্কৃতি
(ঙ) গৰাখহনীয়া এটা .................. দুর্যোগ ।
উত্তৰঃ প্রাকৃতিক
৪। কাষৰ বাকচত 🗙 বা ✓ চিন দিয়া ।
ক। অন্য প্রান্তৰপৰা অহা ছাত্র-ছাত্রীৰ লগত বন্ধুত্ব নকৰোঁ ।
উত্তৰঃ 🗙
খ। বেলেগ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা নকৰোঁ ।
উত্তৰঃ ✓
গ। দেশৰ সকলােৰে মংগলৰ বাবে চৰকাৰক সহযােগিতা কৰিম ।
উত্তৰঃ ✓
ঘ। প্রাকৃতিক দুর্যোগ হলে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰোঁ ।
উত্তৰঃ 🗙
ঙ। আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সন্মান জনালেহে আমিও মৰম, স্নেহ পাম ।
উত্তৰঃ ✓
Type: সৌৰভ বৰা
Check by - Mukesh Borah
Post ID : DABP006070