পাঠ - ২১

শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য

    👉 Text Books PDF 
    👉Short Question Answer
    👉MCQ Online Exam  

অনুশীলনী 

(১) চমু উত্তৰ দিয়া- 

(ক) বিশ্বৰ প্রথম মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি ? 

উত্তৰঃ বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম হ'ল- ভেলেন্টিনা টেৰেস্ক'ভা।


(খ) ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম হ'ল- কল্পনা চাওলা আৰু সুনীতা উইলিয়াম্ছ।


(গ) মেগছেছে বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম লিখা । 

উত্তৰঃ মেগছেছ বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম হ'ল - কিৰণ বেদী।


(ঘ) অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম লিখা । 

উত্তৰঃ অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম হ'ল- সংযুক্তা পৰাশৰ।


(ঙ) অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক কি নামেৰে জনা যায় ? 

উত্তৰঃ অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক বীৰাংগনা নামেৰে জনা যায় ।


(ছ) শ্ৰমৰ সমমর্যাদা মানে কি ? 

উত্তৰঃ  সাধাৰণ অৰ্থত ক’বলৈ গলে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্রদান কৰাকে শ্ৰমৰ সমমর্যাদা বুলি কোৱা হয়।


(জ) শ্ৰমৰ সমমূল্যই কি সূচায় ? 

উত্তৰঃ পুৰুষ-মহিলা উভয়েৰে শ্ৰমৰ বিনিময় সমাহাৰত বেতন  বা মজুৰি প্ৰদান কৰাটোক সূচায় । 


(ঝ) অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম লিখা ।

উত্তৰঃ অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম হ'ল- মামণি ৰয়ছম গোস্বামী।


(ঞ) অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম লিখা । 

উত্তৰঃ অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম হ'ল- ৰজনীপ্ৰভা শইকীয়া।


(২) টোকা লিখা — 

(ক) নাৰী শিক্ষাৰ গুৰুত্ব ।

উত্তৰঃ ক) পৰিয়াল তথা সমাজত নাৰীৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। নাৰীয়ে জীয়ৰী, বোৱাৰী, পৰিবাৰ, মাতৃ, ধাত্রী ইত্যাদি বিভিন্ন ৰৰূপত অৱতীৰ্ণ হ'ব লগা হয়। সেয়েহে নাৰী শিক্ষাৰ অতি গুৰুত্ব আছে। শিক্ষাই নাৰীক নিজৰ অধিকাৰ, কর্তব্য আৰু দায়িত্ব সজাগ কৰি তোলাৰ লগতে সমাজলৈ বৰঙণি যোগাব পৰা একোজনী মহীয়সী নাৰীলৈ ৰূপ দিব পাৰে।সাধাৰণতে পৰিয়াল একোটিত পুৰুষতকৈ নাৰীয়ে খোৱা-লোৱা, চাফ- চিকুণ আদি ক্ষেত্ৰত বেছি ভূমিকা গ্রহণ কৰিব লগীয়া হয়। বহু নাৰীয়ে আকৌ পৰিয়াল পৰিচালনাৰ দায়িত্ব মূৰ পাতি ল'ব লগা হয়। সৰু সৰু ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো নাৰীৰ অপৰিসীম গুৰুত্ব আছে। নাৰী নিজে শিক্ষিতা হ'লেহে সময়ৰ লগত খাপ খুৱাই এইবোৰ চম্ভালাটো সহজ হয়।লিংগ বৈষম্য এতিয়াও বৰ্তি থকাৰ ফলত নাৰীক প্ৰায়ে অৱহেলা কৰা দেখা যায়, তেওঁলোকক পুৰুষৰ সৈতে সমমর্যদা দিবলৈ টান পায়। আনকি শ্ৰমৰ বিনিময়ত পাবলগীয়া মজুৰিৰ ক্ষেত্ৰতো পুৰুষ-নাৰীৰ মাজত বৈষম্য দেখা যায়। শিক্ষাৰ অভাৱৰ বাবে বহু নাৰীয়ে নাৰীৰ সুৰক্ষা তথা মৰ্যাদা ৰক্ষাৰ হকে থকা সাংবিধানিক নীতি-নিয়মৰ বিষয়ে একো নজনা বাবে সকলো অন্যায়-অবিচাৰ নীৰবে সহি যায়। নাৰীয়ে শিক্ষালাভ কৰিলেহে এই সমস্যাবোৰ দূৰ কৰাটো সম্ভৱ হৈ উঠিব।


(খ) নাৰী সবলীকৰণ ।

উত্তৰঃ  নাৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আদি সকলো দিশৰ উত্তৰণ ঘটাই যি কোনো পৰিৱেশ-পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি সময়ৰ লগত খোজ কাঢ়িব পৰাকৈ গঢ়ি তোলাটোৱে হৈছে নাৰী সবলীকৰণ।সমাজ তথা দেশৰ উন্নয়নত পুৰুষৰ লগত নাৰীয়েও সমানে অৰিহণা যোগাব পাৰে। মেৰী ক্যুৰী, ভেলেন্টিনা টেৰেস্ব 'ভা, কল্পনা চাওলা, ইন্দিৰা গান্ধী আদিৰ জীৱনলৈ চালেই আমি ইয়াৰ সত্যতা দেখিবলৈ পাও। কিন্তু দুর্ভাগ্যবশতঃ লিংগ বৈষম্যৰ বলি হৈ আজিও বহু নাৰীয়ে উপযুক্ত মৰ্যদাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। বহুক্ষেত্ৰত তেওঁলোকে শাৰীৰিক তথা মানসিকভাৱেও লাঞ্চিত হ'ব লগা হৈছে। নাৰীৰ শাৰীৰিক, মানসিকতা বৌদ্ধিক দিশৰ উত্তৰণ নহ'লে এনেবোৰ সমস্যা সদায় থাকিব, যি সমগ্ৰ মানৱ জাতিৰে ক্ষতি সাধন কৰিব। সেয়ে এনেবোৰ দিশত নাৰী নিজে সচেতন হোৱাৰ উপৰি সমাজেও উপযুক্তকাৰ্যব্যৱস্থা গ্রহণ কৰা প্ৰয়োজন।সুখৰ কথা যে বৰ্তমান চৰকাৰৰ লগতে বিভিন্ন অনা-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত যথেষ্ট বাস্তৱ কার্যব্যৱস্থা হাতত লৈছে। বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্ৰসংঘ আদি আন্তর্জাতিক সংগঠনবোৰৰ ভূমিকাও এই ক্ষেত্ৰত শলাগিব লগীয়া। নাৰী সবলীকৰণৰ যোগেদি লিংগ বৈষম্যহীন এখন সুন্দৰ মানৱ সমাজ অদূৰ ভৱিষ্যতে আমি নিশ্চয় কল্পনা কৰিব পাৰো।


(গ) সমাজৰ উন্নয়নত মহিলাসকলৰ বৰঙণি । 

উত্তৰঃ সমাজৰ উন্নয়নত মহিলাসকলৰ বৰঙণি: সমাজৰ উন্নয়নত মহিলাসকলে সদায়ে উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। সমাজৰ উন্নয়ন বুলি ক'লে- সাহিত্য- সংস্কৃতি, ৰাজনীতি, অর্থনীতি বিজ্ঞান, প্রযুক্তিবিদ্যা, ক্রীড়াক্ষেত্ৰ আদি বিভিন্ন দিশৰ উন্নয়ন সূচায়। এইবোৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা মহীয়সী মহিলাৰ নাম কৈ শেষ কৰিব নোৱাৰি। ৰাজনীতিৰ ক্ষেত্ৰত চিৰিমাভো বন্দৰনায়ক, ইন্দিৰা গান্ধী, মাৰ্গৰেট থেচ্ছাৰ আদিৰ বৰঙণিৰ কথা সমগ্র বিশ্ববাসীয়ে জানে। সেইদৰে বিজ্ঞানৰ ক্ষেত্ৰত মেৰী ক্যুৰী, মহাকাশ অভিযানৰ ক্ষেত্ৰত ভেলেন্টিনা টেৰেস্ক'ভা, কল্পনা চাওলা, সুনীতা উইলিয়াছৰ অৱদানৰ কথা আমি সকলোৱে জানো। সমাজ সেৱাৰলগতে ৰাজনীতিৰ পথাৰখনতো চন্দ্ৰপ্ৰভা শইকীয়ানী, ইন্দিৰা মিৰি, সৰোজিনী নাইডু, বিজয় লক্ষ্মী পণ্ডিতৰ বৰঙণিৰ কথা ভাৰতৰ ইতিহাসৰ পাতে পাতে লিখা আছে। শান্তিৰ নোবেল বঁটা পোৱাৰ লগতে সৌ সিদিনা 'সন্ত'ৰ আখ্যা পোৱা মহীয়সী নাৰী মাদাৰ টেৰেছাই সাধাৰণ মানুহৰ হকে জীৱন উচৰ্গা কৰি গৈছে। সেইদৰে আগাথা ক্রিষ্টি, মৈত্রেয়ী দেবী, আশাপূর্ণা দেবী, মামণি ৰয়চম গোস্বামী আদিৰ দৰে কীৰ্তিময়ী লেখিকাসকলে সাহিত্য জগতলৈ যোগাইছে অতুলনীয় বৰঙণি।


(৩) তলত উল্লেখ কৰা মহিলাসকল কি কি ক্ষেত্ৰৰ লগত জড়িত ? 

( i ) প্রতিভা দেৱী সিং পাটিল ।

উত্তৰঃ প্ৰতিভা দেৱী সিং পাটিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল।


( ii ) ইন্দিৰা গান্ধী ।

উত্তৰঃ ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী আছিল।


( iii ) কিৰণ বেদী ।

উত্তৰঃ কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা আই. পি. এছ আছিল।


( iv ) চৈয়দা আনােৱাৰ টাইমুৰ ।

উত্তৰঃ চৈয়দা আনোৱাৰ টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী আছিল।


( v ) মামণি ৰয়ছম গােস্বামী ।

উত্তৰঃ মামণি ৰয়ছম গোস্বামী অসমৰ প্ৰথম মহিলা জ্ঞানপীঠ বিজয়িনী আছিল।


( vi ) কল্পনা চাওলা ।

উত্তৰঃ কল্পনা চাওলা ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী আছিল।


( vii ) বাচেন্দ্রী পাল ।

উত্তৰঃ বাচেন্দ্ৰী পাল ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী আছিল। 


(৪) উত্তৰ লিখা- 

(১) সুমিত্রাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম কি ? 

উত্তৰঃ সুমিত্ৰাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম হ'ল- নলবাৰী।


(২) ৰবীনৰ দৈনন্দিন ৰুটিন আৰু বায়েক-ভনীয়েক হঁতৰ দৈনন্দিন ৰুটিনৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ  ৰবীনৰ দৈনন্দিন কটিন হৈছে ৰাতিপুৱা শুই উঠি আধাঘণ্টা ব্যায়াম কৰাৰ পাছত প্রাতঃভোজন কৰি স্কুটাৰত উঠি স্কুললৈ যোৱা। দুপৰীয়া স্কুলৰ পৰা আহি ভাত পানী খাই অলপ জিৰণি লৈ আবেলি চাৰি বজাত ফুটবল খেলিবলৈ যোৱা। সন্ধিয়া ছয় বজাৰ পৰা ঘৰুৱা শিক্ষকৰ সহায়ত পঢ়া শুনা কৰাৰ পাছত আঠ বজাৰ পৰা ন বজালৈ নিজে প্রয়োজনীয় লিখা-পঢ়াখিনি কৰি উঠি ৰাতিৰ আহাৰ খাই চাৰে দহ বজাত বিছনাত শুই পৰা। দেওবাৰৰ কাম হৈছে কম্পিউটাৰত কার্টুন চাই আৰু গেম খেলি কটোৱা। মুঠতে এটা সুকীয়া আলসুৱা জীৱন। আনহাতে, বায়েক- ভনীয়েকহঁতৰ দৈনন্দিন কটিন হৈছে- পুৱাৰে পৰা ঘৰ-চোতাল সৰা, মচা, কানি- কাপোৰ ধোৱা, বাগানত পানী দিয়া, গৰু-ছাগলী, হাঁহ-পাৰ আদিৰ আপডাল কৰাৰ উপৰি মাকক ৰন্ধা-বঢ়া, সাজ-বাচন ধোৱা তাঁতশালৰ কাম আদিত সহায় কৰি দিয়া। এইবোৰ কৰি থাকোঁতে সিহঁতে পঢ়া-শুনা কৰিবলৈ সময়কে নাপায়। ইয়াৰ উপৰি বায়েক ভনীয়েকহঁতে ৰবীনৰ সা-সুবিধাৰ প্ৰতি চকু দিব লাগে। মুঠতে ব্বীনৰ দৈনন্দিন ৰুটিনখন সুখ, সুবিধা, আৰাম আৰু মৰমস্নেহেৰে ভৰা। আনহাতে বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন রুটিনখন দুখ, কষ্ট আৰু অৱহেলাৰে ভৰা। 


(৩) সুমিত্রাৰ পেহীয়েকৰ জীয়েক তিনিজনীক কি কি কামত নিয়ােগ কৰা হয় ? 

উত্তৰঃ সুমিত্ৰাৰ পেহীয়েকৰ জীয়েক তিনিজনীক পুৱাৰে পৰা ঘৰ-চোতাল সৰা- মচা, কানি-কাপোৰ ধোৱা, বাগানত পানী দিয়া গৰু-ছাগলী, হাঁহ-পাৰ আদিৰ আপডাল কৰা কামত নিয়োগ কৰা হয়। ইয়াৰ উপৰি সিহঁতে মাকক ৰন্ধা-বঢ়া, সাঁজ-বাচন ধোৱা, তাঁতশালৰ কাম আদিত লাচনি-পাচনি কৰি দি সহায় কৰি দিব লাগে।


(৪) সন্তান প্রতিপালনৰ মাজত বৈষম্য ৰখা উচিতনে ? যুক্তি দেখুওৱা ।

উত্তৰঃ বৈষম্য ৰখা উচিত নহয়। ল'ৰা হওক বা ছোৱালীয়েই হওক সকলো সন্তানৰ প্রতি মাক-দেউতাকে সমদৃষ্টিৰে চোৱা উচিত। প্রতিটো সন্তান সমভাবে প্রতিপালন কৰাটো মাক-দেউতাকৰ এক এৰাব নোৱাৰা দায়িত্ব আৰু কৰ্তব্য। এই ক্ষেত্রত লিংগ বৈষম্য ৰখা উচিত নহয়। লিংগ বৈষম্যই সন্তানৰ মানসিকতাত প্ৰভাৱ পেলায় আৰু ইয়ে ভৱিষ্যতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰে। আনহাতে লিংগ বৈষম্য প্রদর্শন কৰাটো এক নৈতিক তথা সামাজিক অপৰাধ।


 


Type: সৌৰভ বৰা  

Check by - Mukesh Borah

Post ID : DABP006071