পাঠ - ২২
আমাৰ চৌপাশৰ বজাৰ 

    👉Text Books PDF 
    👉Short Question Answer
    👉MCQ Online Exam 


অনুশীলনী 

(১) চমু উত্তৰ দিয়া-

(ক) বিনিময় প্ৰথা কাক বোলে ?

উত্তৰঃ সামগ্ৰীৰ ৰাহি হোৱা অংশখিনি প্ৰয়োজন অনুযায়ী আম এজনৰ ওপৰঞ্চি হোৱা অংশৰ লগত সাল-সলনি কৰি লোৱা। এনেদৰে বস্তুৰ লগত বস্তুৰ প্ৰত্যক্ষ সাল সলনি কৰা প্ৰথাটোক বিনিময় প্ৰথা বুলি কোৱা হয়।

(খ) জোনবিল মেলা ক'ত বহে আৰু ই কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ জোনবিল মেলা মৰিগাঁও জিলাৰ জাগীৰোডৰ নাামৰ ঠাইত বহে আৰু ইয়াত বিনিময়  বা বস্তু সাল-সলনি কৰা প্ৰথাৰ বাবে বিখ্যাত।

(গ) বজাৰ কাক বােলে ?

উত্তৰঃ মুদ্ৰাৰ মাধ্যমত সামগ্ৰী বা সেৱাসমূহ কিনা-বেচা কৰা সমগ্ৰ ব্যৱস্থাটোক বজাৰ বুলি কোৱা হয়।

(ঘ) দৈনিক বজাৰ কি ?

উত্তৰঃ দোকানবোৰক বিজ্ঞানসন্মত জোখ-মাখৰ যন্ত্ৰৰ উপৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী ৰখা দোকানবোৰত কেতবোৰ সামগ্ৰীৰ জমাৰ পৰিমাণ আৰু মূল্য ব'ৰ্ডত লিখি থোৱা থাকে। এনে ধৰণৰ বজাৰবোৰক দৈনিক বজাৰ বোলা হয়।

(ঙ) দৈনিক বজাৰক স্থায়ী বজাৰ বুলি কিয় কোৱা হয় ?

উত্তৰঃ দৈনিক বজাৰ সাধাৰণতে স্থায়ী ঘৰত এই দোকান-পোহাৰবোৰ বহে কাৰণে ইয়াক স্থায়ী বজাৰ বুলি কোৱা হয়।

(চ) বস্তুৰ দাম বা দৰ মানে কি ?

উত্তৰঃ মুদ্ৰাৰ মাধ্যমত দিয়া মূল্যক বস্তুৰ দাম বা দৰ বুলি কোৱা হয়।

(ছ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয় ?

উত্তৰঃ সাপ্তাহিক বজাৰত একে জাতীয় বস্তু কেইবাখনো দোকানত থকা বাবে তুলনামূলক ভাৱে বস্তুৰ দাম সস্তা হয়।

(জ) হকাৰ বা ফেৰিৱালাই সাধাৰণতে কি কি সামগ্রী আনে ?

উত্তৰঃ হকাৰ বা ফেৰিৱালাই সাধাৰণতে বাচন-বৰ্তন, কাপোৰ, মাছ, কণি, শাক-পাচলি গাখীৰ, ফলমূল, মাছ, কেৰাচিন আৰু বাতৰি-কাকত ইত্যাদি।  

(ঝ) শ্বপিং কমপ্লেক্স কি ?

উত্তৰঃ শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য'ত দোকানভেদে বিভিন্ন সামগ্ৰী কিনা-বেচা কৰা হয়।

(ঞ) ই-বজাৰ মানে কি ?

উত্তৰঃ ই-বজাৰ মানে হ'ল ইন্টাৰনেট বিকাশৰ পাছত চাইবাৰ জগতত বিকশি উঠা এক ধৰণৰ বজাৰ ব্যৱস্থা। ই-বজাৰক অনলাইন বজাৰ বুলিও কোৱা হয়। 


২। উত্তৰ লিখা- 

ক) বজাৰ শৃংখল মানে কি ?

উত্তৰঃ ৎপাদনকাৰীৰ পৰা গ্ৰাহকলৈ থকা শৃংখল বা সম্পৰ্ককে বজাৰ শৃংখল বুলি কোৱা হয়।     

খ) বিভিন্ন প্রকাৰৰ বজাৰে আমাৰ সামাজিক প্রয়ােজনবােৰ কিদৰে পূৰণ কৰে ?

উত্তৰঃ  বজাৰ বিভিন্ন প্রকাৰৰ আছে দৈনিক বজাৰ , সাপ্তাহিক বজাৰ , অৰ্দ্ধ – সাপ্তাহিক বজাৰ , খুচুৰা বজাৰ , পাইকাৰী বজাৰ , শপিং মল , ই বজাৰ ইত্যাদি । দৈনিক বজাৰ সমূহ স্থায়ী বজাৰ হােৱা বাবে মানুহে দৈনন্দিন জীৱনত প্রয়ােজন হােৱা সামগ্রীবােৰ সহজতে ক্ৰয় কৰিব পাৰে।সাপ্তাহিক বা অর্ধ সাপ্তাহিক বজাৰত সাধাৰণতে কৃষিজাত সামগ্রী ধান , চাউল , মাটিমাহ , সৰিয়হ , গুড় , তিল , মৰাপাট , বিভিন্ন ধৰণৰ শাক – পাচলি , ফল – মূল আদিৰ উপৰি গৰু – ম’হ – ছাগলী , হাঁহ – পাৰ কুকুৰা , কণী ওলায় । তদুপৰি বিভিন্ন ধৰণৰ হাতে বােৱা কাপােৰ , কাঠ বাঁহ – বেতৰ সামগ্রী , ঘৰতে তৈয়াৰ কৰা খাদ্য সামগ্রী পােৱা যায় । এনে বজাৰত একেবিধ বস্তু কেবাজনাে বিক্রেতাই অনাৰ ফলত মানুহে পচন্দ অনুযায়ী বস্তু কিনিব পাৰে । আনহাতে স্থায়ী বা দৈনন্দিন বজাৰতকৈ সাপ্তাহিক বা অৰ্দ্ধসাপ্তাহিক বজাৰত বস্তুৰ দাম আপেক্ষিকভাৱে কম হয় । খুচুৰা বজাৰত মানুহে প্রয়ােজনীয় সামগ্রী অতি কম পৰিমাণে হলেও খুচুৰা ব্যৱসায়ীৰ পৰা সংগ্রহ কৰিব পাৰে । পাইকাৰী বজাৰৰ সম্পর্ক খুচুৰা ব্যৱসায়ীৰ লগত । 

শ্বপিং মলত একেটা বৃহৎ ঘৰতে মানুহে প্রয়ােজনীয় প্রায় সকলাে সামগ্রী ক্ৰয় কৰাৰ সুবিধা পায় । ইয়াত বিক্ৰী কৰা সামগ্রীবােৰ সাধাৰণতে উন্নত গুণমানৰ হয় আৰু নির্দিষ্ট দাম নিৰ্দ্ধাৰণ কৰা থাকে । ইয়াত গ্রাহকে বস্তুৰ দাম চাই পচন্দ অনুযায়ী বস্তু কিনিব পাৰে । কিছুমান শ্বপিং মলত ৰেষ্টোৰ চিনেমা হল আদিও , থাকে । 

খুচুৰা ব্যৱসায়ীয়ে পাইকাৰী ব্যৱসায়ীৰ পৰা সংগ্রহ কৰি গ্ৰাহকক প্রয়ােজনীয় সামগ্রী যােগান ধৰে । খুচুৰা বজাৰ অথবা পাইকাৰী বজাৰেই হওক ইয়াৰ লগত জড়িত ব্যৱসায়ীয়ে যােগান নধৰিলে কিছুমান বস্তু বা সামগ্রী গ্রাহকে নিজে সংগ্রহ কৰাটো কঠিন ।এনেদৰে দেখা যায় বিভিন্ন প্রকাৰৰ বজাৰ আমাৰ সামাজিক প্রয়ােজনবােৰ বিভিন্ন ধৰণে পূৰণ কৰিছে । 


গ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ পার্থক্য লিখা ।

উত্তৰঃ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজত পাৰ্থক্য হ'ল- 

পাইকাৰী বজাৰত গ্ৰাহকৰ সংখ্যা কম , কিন্তু খুচুৰা বজাৰত গ্ৰাহকৰ সংখ্যা পাইকাৰী বজাৰতকৈ বেছি ।


পাইকাৰী বজাৰত বস্তু ক্রয় কৰে খুচুৰা ব্যৱসায়ীয়ে আনহাতে খুচুৰা বজাৰত বস্তু ক্রয় কৰে গ্রাহকে ।

পাইকাৰী বজাৰৰ সম্পর্ক হৈছে উৎপাদনকাৰী আৰু খুচুৰা ব্যৱসায়ীৰ লগত । কিন্তু খুচুৰা বজাৰৰ সম্পর্ক পাইকাৰী ব্যৱসায়ী আৰু গ্ৰাহকৰ লগত । 

পাইকাৰী বজাৰত ব্যৱসায়ীয়ে বিক্ৰী কৰা একেবিধ বস্তুৰ দাম খুচুৰা বজাৰত অধিক হয় । 

পাইকাৰী বজাৰত একেবিধ সামগ্রী একেলগে বৃহৎ পৰিমাণে বিক্রী হয় ; খুচুৰা বজাৰত সেই একেবিধ সামগ্রী বিভিন্ন গ্রাহকৰ মাজত গ্ৰাহকৰ প্রয়ােজন অনুসৰি কম পৰিমাণে বিক্রী হয় । 


 ঘ) শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজৰ পার্থক্য লিখা ।

উত্তৰঃ শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত পাৰ্থক্য হ'ল-

(১) শ্বপিং মলৰ মালিকীস্বত্ব এজন ব্যক্তিবা কেইবাজনো ব্যক্তিৰ এটা গোটৰ হাতত থাকে আনহাতে শ্বপিং কমপ্লেক্সৰ প্ৰতিজন দোকানৰ মালিকীস্বত্ব ভিন ভিন হয়।

(২) শ্বপিং মল হৈছে এটা ডাঙৰ ঘৰত থকা বজাৰ আনহাতে,  শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি।


ঙ) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পার্থক্য আছে ?

উত্তৰঃ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত পাৰ্থক্য হ'ল-

(১) দৈনিক বজাৰ হৈছে স্থায়ী বজাৰ। আনহাতে, সাপ্তাহিক বজাৰ হৈছে অস্থায়ী বজাৰ।

(২) দৈনিক বজাৰ স্থায়ী ঘৰ থাকে। আনহাতে, সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাই। 


চ) মুদ্ৰা বুলিলে কি বুজা ?

উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে যিটো বস্তু সকলোৱে গ্ৰহণ কৰে আৰু যি একে সময়তে মূল্যৰ জোখ আৰু সঞ্চয়ৰ ভঁৰাল হিচাপে কাম কৰে তাকেই মুদ্ৰা বুলি কোৱা হয়।

ছ) বিক্রেতাই লাভ কেনেকৈ অৰ্জন কৰে ? 

উত্তৰঃ বিক্ৰেতাই কোনো এটা সামগ্ৰী যিটো দামত সংগ্ৰহ কৰে তাতকৈ অধিক দামত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি লাভ অৰ্জন কৰে।

জ) বজাৰলৈ নােযােৱাকৈ বস্তু বেচা-কিনা কেনেকৈ কৰিব পাৰি ?

উত্তৰঃ ই-বজাৰ বা অনলাইন বজাৰ যোগে বজাৰলৈ নোযোৱাকৈ বস্তু বেচা-কিনা কৰিব পাৰি।

ঝ) পাইকাৰী বজাৰৰ দামক কি বুলি জনা যায় ?

উত্তৰঃ পাইকাৰী বজাৰত দামক পাইকাৰী দাম বুলি জনা যায়। 

ঞ) ধনেশ্বৰে মনেশ্বৰ ৰাভাক বিক্ৰী কৰা চোলাটোৰ খুচুৰা দাম কিমান আছিল ?

উত্তৰঃ ধনেশ্বৰে মনেশ্বৰ ৰাভাক বিক্ৰী কৰা চোলাটোৰ খুচুৰা দাম আছিল ১০০ টকা।

ট) চোলাটোৰ পাইকাৰী দাম কিমান ?

উত্তৰঃ৬৬.৬৬ টকা

ঠ) দীপক ষ্ট'ৰৰ মালিকে একেটা চোলাত কিমান টকাকৈ লাভ কৰিছে ?

উত্তৰঃ ১২.৫০ টকা  কৈ লাভ কৰিছে ।



৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা— 


ক) গ্রাহকে বস্তু ক্রয় কৰে সাধাৰণতে— 

১। উৎপাদনকাৰীৰপৰা, ২। পাইকাৰী বিক্রেতাৰপৰা, ৩। খুচুৰা বিক্রেতাৰপৰা ।  

উত্তৰঃ  ৩। খুচুৰা বিক্ৰেতাৰ পৰা।


খ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকল—
 
১। পাইকাৰী বিক্রেতা, ২। খুচুৰা বিক্রেতা, ৩। হকাৰ বা ফেৰিৱালা ।

উত্তৰঃ ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকল- ৩। হকাৰ বা ফেৰিৱালা।


গ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম কম হলে ব্যৱসায়ীজনৰ- 

১। লাভ হয়, ২। লােকচান হয়, ৩। একো নহয় । 

উত্তৰঃ বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম কম হ'লে ব্যৱসায়ীজনৰ- ২। লােকচান হয়।


ঘ) সকলাে ব্যৱসায়ীৰ বস্তু ক্রয়-বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে— 

১। লাভ অর্জন কৰি জীৱিকা নির্বাহ কৰা, ২। লােকচান ভৰা, ৩। বিক্রী বৃদ্ধি কৰা । 

উত্তৰঃ সকলো ব্যৱসায়ীৰ বস্তু ক্ৰয়-বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে- ১। লাভ অৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰা।


ঙ) উৎপাদনকাৰীয়ে বস্তু বিক্ৰী কৰে— 

১। পাইকাৰী বিক্রেতাক, ২। খুচুৰা বিক্রেতাক, ৩। গ্রাহকক । 

উত্তৰঃ ৎপাদনকাৰীয়ে বস্তু বিক্ৰী কৰে-১। পাইকাৰী বিক্ৰেতাক। 



৪ | খালী ঠাই পূৰ কৰা— 

(ক) ................... প্রথাত সামগ্ৰীৰ সলনি সামগ্রী বিনিময় কৰা হয় । 

উত্তৰঃ বিনিময় প্ৰথাৰ সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।

(খ) বজাৰৰ সামগ্ৰীৰ উপৰি সেৱাসমূহাে মুদ্ৰাৰ মাধ্যমত .................... কৰা হয় । 

উত্তৰঃ বজাৰত সামগ্ৰীৰ উপৰি সেৱাসমূহো মুদ্ৰাৰ মাধ্যমত কিনা-বেচা কৰা হয়।

(ঘ) ................... হৈছে এটা ডাঙৰ ঘৰত থকা বজাৰ । 

উত্তৰঃ শ্বপিং মল হৈছে ডাঙৰ ঘৰত থকা বজাৰ।

(ঙ) শ্বপিং কমপ্লেক্সত প্রতিখন দোকানৰ ....................... বেলেগ বেলেগ হয় ।

উত্তৰঃ  শ্বপিং কমপ্লেক্সত প্ৰতিখন দোকানৰ মালিকীস্বত্ব বেলেগ বেলেগ হয়।

(চ) ................. হৈছে বস্তু বেচা-কিনাৰ মাধ্যম ।

উত্তৰঃ মুদ্ৰা।

(ছ) ই- বজাৰক .................... বুলিও কোৱা হয় ।

উত্তৰঃ অনলাইন।


Type: সৌৰভ বৰা 

Author: Himashree Bora.

Check by - Mukesh Borah 

Post ID : DABP006093