তৰা
👉MCQ Online Exam
১। শব্দ-অৰ্থঃ
নিবিষ্ট - নিমগ্ন, ডুবিথকা, বিভোৰ
ভোৰ - আপোন পাহৰা, মগ্ন
ওৰ - অন্ত, শেষ
ক্লেশ - কষ্ট, অশান্তি
আখি - চকু
নীৰ - পানী
আখিনীৰ - চকুলো, লোতক, চকুপানী
শঠতা - প্ৰবঞ্চনা, প্ৰতাৰণা, ঠগোৱা কাৰ্য
বিদ্বেষ - হিংসা ভাব, শত্ৰুতা
বিদৰ - বিদীৰ্ণ কৰ, ভাঙি গুড়ি কৰ, চুৰ্ণ কৰ
চিত - মন, হিয়া, অন্তৰ
কণা - কণিকা, ক্ষুদ্ৰ অংশ, নিচেই অকণ
সুবিমল - পৱিত্ৰ, নিকা, নিৰ্মল
সৌৰভ - সুগন্ধ, সুবাস
বিধাতা - ভগৱান, সৃষ্টিকৰ্তা
নিৰন্তৰ - চলি থকা, বাধাহীনভাৱে হৈ থকা, ঘটি থকা, আবিৰাম
চৰাচৰ - সচল আৰু অচল, গতিশীল আৰু স্থিৰ
বিধানিছে - বিহিছে, দিছে, নিয়ম কৰিছে
নিঃকিন -দৰিদ্ৰ , গৰীব , যাৰ একো নাই , অতি দুখীয়া, দাল - দৰিদ্ৰ
২। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ
(ক) আকাশৰ তৰাবােৰ দেখি কবিৰ মনত কি কি ভাবৰ উদয় হৈছে?
উত্তৰঃ- আকাশৰ তৰাবােৰ দেখি কবিৰ মনত তেওঁলোক কোন, কিবা দুখ বা চিন্তাত তেনেকৈ স্তদ্ধ হৈ ৰৈ আছে নেকি-নে কিবা কামত একান্ত মনে লাগি আছে এনে ভাবৰ উদয় হৈছে।
(খ) আকাশীফুল ক’ত থাকে ; সেই ফুলৰ গুণ কি কি?
উত্তৰঃ- আকাশীফুল স্বৰ্গৰ উপবনত থাকে। সেই ফুলৰ গুণ হ'ল এই ফুল চিৰসুন্দৰ স্বৰ্গীয় ফুল, এই ফুল কেতিয়াও নুশুকায়।
(গ) অযুত কোটি বিধাতাৰ চকুৱে কি কৰে?
উত্তৰঃ- অযুত কোটি বিধাতাৰ চকুৱে পৃথিৱীৰ চাৰিওফালে ঘটি থকা পাপ-পুণ্য, ভাল-বেয়া দূৰৰ পৰা নিৰীক্ষণ কৰি থাকি যথাবিধি বঁটা বা দণ্ড দিয়ে।
(ঘ) তৰাবােৰ দেখিলে তােমাৰ কেনে লাগে?
উত্তৰঃ- তৰাবােৰ দেখিলে মোৰ বহুত ভাল লাগে।
(ঙ) কি কাৰণে তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে ভাবিছে?
উত্তৰঃ- পৃথিৱীৰ পাপ, তাপ, দুষ, ক্লেশ দেখি তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে ভাবিছে।
৩৷ তলত দিয়া শব্দবােৰলৈ মন কৰা আৰু সেই একে অর্থত সেইবােৰ কেনেকৈ ব্যৱহাৰ কৰা হয় লিখা।
আকাশে - আকাশে-বতাহে।
কামে - কামে-কাজে।
স্বর্গ-উপবনে - স্বর্গ – উপবনত
বিশ্ব-গৃহে - বিশ্ব – গৃহত
৪। একে অর্থবােধক শব্দ লিখা?
বঁটা - পুৰস্কাৰ
দণ্ড - শাস্তি
নিঃকিন - ধনবান
সৌৰভ - সুবাস
আখিনীৰ - চকুলো
৫। বাক্য ৰচনা কৰাঃ
ওৰ - ঈশ্বৰৰ মায়াৰ ওৰ নাই।
হিংসা - আমি কাওকো হিংসা কৰিব নালাগে।
বিদ্বেষ - পাকিস্তান আৰু ভাৰতৰ মাজত বিদ্বেষ আছে।
চকুলাে - নিহাক মাকে গালি দিয়াৰ বাবে তাই চকুৰ পৰা চকুলো নিগৰিছে।
জলমল - জলমল :- বিলৰ পানীত জোনৰ পােহৰে জলমল কৰি আছে ।
৬। বিপৰীত অর্থযুক্ত শব্দ লিখা?
দুখ - সুখ
অধঃ - সম্পূৰ্ণ
বঁটা - দণ্ড
মুকুতি - বন্দী
অধম - উত্তম
Check by - Mukesh Borah
Mampi Kakati
Post ID : DABP002295