পঞ্চম অধ্যায়

জাপানৰ আঞ্চলিক ভূগোল


১) জাপান দেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে লিখা ǀ

উত্তৰঃ প্রশান্ত মহাসাগৰত অৱস্থিত জাপান দ্বীপপুঞ্জব উত্তৰে চাখালিন দ্বীপ, কুৰিল দ্বীপ আৰু ওখটস্ক সাগৰ; দক্ষিণে টাইৱান আৰু পূর্ব-চীন সাগৰ পূবে প্রশান্ত মহাসাগৰ; আৰু পশ্চিমে জাপান, কোৰিয়া আৰু ৰাছিয়া সাগৰ। ই দক্ষিণে ২৪° উত্তৰৰ পৰা উত্তৰলৈ ৪৬° উত্তৰ অক্ষাংশ আৰু পশ্চিমে ১২৩° পূর্বৰ পৰা পূবলৈ ১৪৬° পূর্ব দ্রাঘিমাংশলৈকে বিস্তৃত। সেয়ে এই দেশ মূলতঃ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত। উত্তৰ-দক্ষিণাকৈ জাপানৰ দৈর্ঘ্য প্রায় ২৪০০ কিলোমিটাৰ। ইয়াৰ মাটিকালি হ’ল ৩,৭৭,৭৬৫ বর্গ কিলোমিটাৰ।  গতিকে আয়তনত ক্ষুদ্র হলেও জনসংখ্যাৰ ক্ষেত্ৰত জাপান পৃথিৱীৰ দশম বৃহৎ দেশ। ইয়াৰ ৰাজধানী টকিঅ’। প্রয়োজনীয় খনিজ সম্পদ আৰু অন্যান্য প্রাকৃতিক সম্পদৰ অভাৱ থকা সত্ত্বেও পর্বত-পাহাৰেৰে ভৰি থকা এখন ক্ষুদ্র ৰাষ্ট্র জাপান আজি পৃথিৱীৰ ভিতৰত এখন লেখত ল'ব লগীয়া উন্নত দেশ।


২) জাপান দেশৰ এটি ভৌগোলিক পৰিচয় ডাঙি ধৰা ǀ

উত্তৰঃ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পর্বতমালাই আগুৰি আছে। দেশখনৰ প্রায় ৭৫ শতাংশ ভূমিয়েই পর্বতময় । নবীন ভংগিল পর্বতেৰে গঠিত জাপান দ্বীপপুঞ্জৰ ভূ-তাত্ত্বিক গাঁথনি অতি জটিল। ই এতিয়াও অস্থিৰ অৱস্থাতে আছে। জাপানৰ পার্বত্য অঞ্চলত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে। এনে ভূ-তাত্ত্বিক জটিলতা আৰু অস্থিৰতাৰ বাবে জাপানত সঘনে ভূমিকম্প হয়। সামগ্রিকভাৱে জাপানৰ ভূ-প্রকৃতি প্রায় একে ধৰণৰ । অৱশ্যে কিছুমান সৰু-সুৰা পার্থক্যৰ ওপৰত ভিত্তি কৰি জাপানৰ ভূ-প্রকৃতিক প্রধানকৈ চাৰিটা ভাগত বিভক্ত কৰা হৈছে। উত্তৰৰ পৰা দক্ষিণলৈ ক্রমে সেই ভাগকেইটা হ'ল– 

(১) হ’কাইডো অঞ্চল, 

(২) উত্তৰ-পূব জাপান অঞ্চল, 

(৩) মধ্য জাপান অঞ্চল আৰু 

(৪) দক্ষিণ-পশ্চিম জাপান অঞ্চল। 

উত্তৰ পূব জাপান আৰু দক্ষিণ-পশ্চিম জাপান  এই অঞ্চল দুটাক পুনৰ পূর্ব-পশ্চিমাকৈ অন্তঃ অঞ্চল আৰু বহিঃ অঞ্চল হিচাপে ভাগ কৰা হৈছে। জাপান সাগৰৰ ফালে থকা পশ্চিমৰ অংশক অন্তঃ অঞ্চল আৰু প্রশান্ত মহাসাগৰৰ ফালে থকা পূবৰ অংশক বহিঃ অঞ্চল বোলা হয়। ইয়াৰ উপৰি মধ্য জাপান অঞ্চলক ফোছামেগ্না আৰু কাণ্টো সমভূমি অঞ্চলত বিভক্ত হৈছে ǀ


৩) জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কি কি ? মানচিত্ৰসহ প্ৰতিটো বিভাগৰে ভূ-প্ৰকৃতি সম্পৰ্কে চমুকৈ লিখা ǀ

উত্তৰঃ জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ ৪ টা ভাগত ভাগ কৰা হৈছেঃ  

(১) হ'কাইডো অঞ্চল (২) উত্তৰ-পূব জাপান অঞ্চল 

(3) মধ্য জাপান অঞ্চল () দক্ষিণ-পশ্চিম জাপান অঞ্চল

                          



(১) হ'কাইডো অঞ্চল 

জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্রধান দ্বীপ হ’কাইডোৰে এই অঞ্চল গঠিত। এই অঞ্চলৰ ভূ-প্রকৃতি পর্বতময়। ইয়াৰ প্ৰায় মাজ ভাগত অৱস্থিত হ’কাইডো পর্বতমালাৰ আচাহি ডাকে শৃঙ্গৰ উচ্চতা ২,২৯০ মিটাৰ । সমান্তৰালভাৱে বিয়পি থকা এই পর্বত শ্ৰেণীৰ মাজত অৱশ্যে কেবাটাও নদী গঠিত বিস্তীর্ণ পলসুৱা নিম্নভূমি অঞ্চল আছে। ইয়াৰ ভিতৰত ইছিকাৰি নদীয়ে সৃষ্টি কৰা ইছিকাৰি ইউফুটছ সমভূমিয়েই প্রধান। ইয়াৰ উপৰি টকাছি আৰু কনছেন এই অঞ্চলৰ আন দুটা উল্লেখযোগ্য সমভূমি । টকাছি সমভূমিখণ্ড বহল বেদিকাযুক্ত। আনহাতে প্রশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত কনছেন সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপেৰে গঠিত।


(২) উত্তৰ-পূব জাপান অঞ্চল 

 হনছু দ্বীপৰ উত্তৰ অংশক লৈয়েই উত্তৰ-পূব জাপান অঞ্চল গঠিত হৈছে। ইয়াৰ পশ্চিম খণ্ড অসংখ্য ভাঁজ আৰু চ্যুতিৰে পুর্ণ । এই অঞ্চলত আও আৰু উটছু নামেৰে দুটা সমান্তৰাল পর্বতশ্রেণী আছে। ইয়াৰ শৃংগবিলাকৰ উচ্চতা ১৫০০-২০০০ মিটাৰৰ ভিতৰত। এই পার্বত্য অঞ্চলত থকা সৰলবর্গীয় উদ্ভিদ, আগ্নেয়গিৰিৰ শৃংগ আৰু হ্রদ আদিয়ে ইয়াক পর্যটকৰ বাবে অতি আকর্ষণীয় কৰি তুলিছে। উত্তৰ- পূব জাপানৰ প্রশান্ত মহাসাগৰীয় অঞ্চলটোক এক গভীৰ উপত্যকাই জাপান সাগৰীয় অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে। এই উপত্যকাৰ পূবত পুৰণি গেদীয় শিলাৰে গঠিত কিটাকামি মালভূমি আৰু আগ্নেয়শিলাৰে গঠিত আবুকুমা মালভূমি অৱস্থিত। দক্ষিণ কিটাকামি অঞ্চলৰ উপকূলভাগ ঠেক আৰু উচ্চভূমি খণ্ড বিভিন্ন নদীৰ দ্বাৰা বিখণ্ডিত। এই উপকূল অংশ ভূ- আন্দোলনৰ ফলত তললৈ বহি যোৱাত এক গভীৰ ভগ্ন উপকূলৰ সৃষ্টি হৈছে। আনহাতে উত্তৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত এক উপকূলীয় সমভূমি। এই অঞ্চলৰ কেইখনমান প্রধান নগৰ হ’ল আওমোৰি, আকিটা, মৰিওকা, হাচিনোহে, চেণ্ডাই, কোৰিয়ামা আৰু য়ামাগাটা।


(3) মধ্য জাপান অঞ্চলঃ

হনছু দ্বীপৰ মধ্য অংশকেই মধ্য জাপান বোলা হয়। এই অঞ্চলতেই হনছু পর্বতশ্রেণী আৰু ছিচিটো মেৰিয়ানা পর্বতমালা লগ লাগি জাপানৰ সর্বোচ্চ পার্বত্য অঞ্চলৰ সৃষ্টি কৰিছে। ইয়াৰ পূবত থকা উচ্চ অংশটো হিদা পর্বত নামেৰে জনাজাত। ইয়াতে ফ'ছা মেগনা নামৰ এক উপত্যকাই পর্বতশ্রেণীসমূহক পৃথক কৰিছে। এই উপত্যকা অঞ্চলৰ দক্ষিণ ফালে থকা মাউন্ট ফুজি জাপানীসকলৰ এটা পবিত্র পর্বত-শৃংগ। এই শৃংগটো লাভাৰে গঠিত। সমুদ্র-পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩, ৭৭৬ মিটাৰ। কাণ্টো আৰু নবি মধ্য জাপানৰ দুটা উল্লেখনীয় সমভূমি। এই অঞ্চলৰ মাজেদি প্রবাহিত টনিকে ধৰি অন্যান্য নদীয়ে পলস পেলাই প্রশান্ত মহাসাগৰৰ উপকূল পর্যন্ত প্লাৱনভূমিৰ সৃষ্টি কৰিছে। এই অঞ্চল কৃষিৰ বাবে অতি উপযোগী। ইয়াত কেইবাখনো বৃহৎ মহানগৰী যেনে- ইয়ক’হামা, টকিঅ’, কাছাকি, নাগোয়া আৰু ট’য়ামা অবস্থিত।


(৪) দক্ষিণ-পশ্চিম জাপান অঞ্চলঃ 

হনছুৰ দ্বীপৰ দক্ষিণ-পশ্চিম অংশ (অর্থাৎ চুগ'কু-চাঞ্চি), ছিক’কু আৰু কিউছিউ দ্বীপক লৈয়েই দক্ষিণ-পশ্চিম জাপান অঞ্চল গঠিত। এই অঞ্চলৰ পর্বতশ্রেণী দেশৰ ভিতৰত আটাইতকৈ দীঘল। পূর্ব-পশ্চিমাকৈ থকা এক চ্যুতিয়ে এই অঞ্চলৰ জাপান সাগৰীয় অঞ্চলটোক প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে। দক্ষিণ-পশ্চিম জাপানৰ অধিকাংশই পুৰণি শিলাৰে গঠিত। এই অঞ্চলৰ কিয়োটো, নাৰা, বিৱা আদি সমভূমি গ্রস্ত উপত্যকাৰ পৰা সৃষ্টি হৈছে। এই অঞ্চলত থকা দ্বীপ আকৃতিৰ বহুতো শিলাময় পাহাৰ আৰু ভগ্ন উপকূলৰ প্ৰাকৃতিক সৌন্দর্য অতি বিতোপন। ছিগ’কু অঞ্চলৰ উপকূললৈকে বিস্তৃত হৈ থকা পৰ্বতৰ শাৰীবোৰক পৃথক কৰি ৰখা ঠেক উপত্যকাবোৰ পলসেৰে ভৰি সাৰুৱা কৃষিভূমিত পৰিণত হৈছে। কোনো কোনো অংশত নদীয়ে বিস্তীর্ণ ব-দ্বীপৰো সৃষ্টি কৰিছে। এই ক্ষেত্ৰত ওছাকা প্রদেশৰ য়দো নদীৰ ব-দ্বীপ উল্লেখযোগ্যǀ দক্ষিণ-পশ্চিম জাপানৰ প্রশান্ত মহাসাগৰীয় অঞ্চলটো পর্বতময়। ইয়াৰ দক্ষিণ কিউছিউ অঞ্চলটোত সঘনাই আগ্নেয়গিৰি উদ্গীৰণ ঘটে। এই অঞ্চলত সমতল ভূমি অতি কম। পার্বত্য ভূমিভাগে কিউছিউ দ্বীপৰ পূৱ আৰু পশ্চিম উপকূলত বিয়া উপকূলৰ সৃষ্টি কৰিছে। অঞ্চলটোত অৱস্থিত অসংখ্য নগৰৰ ভিতৰত ওছাকা, কিওট’, কোবে, কিটা-কিউছু, হিৰোছিমা, নাগাছাকি,ওকায়ামা প্ৰধান ǀ


৪) জাপানৰ ভূ-অৱয়ৱৰ এটি চমু বিৱৰণ দিয়া ǀ

উত্তৰঃ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পর্বতমালাই আগুৰি আছে। দেশখনৰ প্রায় ৭৫ শতাংশ ভূমিয়েই পর্বতময় । নবীন ভংগিল পর্বতেৰে গঠিত জাপান দ্বীপপুঞ্জৰ ভূ-তাত্ত্বিক গাঁথনি অতি জটিল। ই এতিয়াও অস্থিৰ অৱস্থাতে আছে। জাপানৰ পার্বত্য অঞ্চলত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে। এনে ভূ-তাত্ত্বিক জটিলতা আৰু অস্থিৰতাৰ বাবে জাপানত সঘনে ভূমিকম্প হয়। সামগ্রিকভাৱে জাপানৰ ভূ-প্রকৃতি প্রায় একে ধৰণৰ ।


৫)  জাপানৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা ?

উত্তৰঃ জনসংখ্যাৰ ফালৰ পৰা জাপান বিশ্বৰ দশম জনবহুল দেশ ǀ ইয়াৰ জনবসতিও অতি ঘন ǀ এই দেশত ৬১০ খ্ৰীষ্টাব্দত জনসংখ্যা আছিল ৫ নিযুত আৰু ২০০৭ চনত ই ১২৮ নিযুত হয়গৈ ǀ দ্রুত আর্থ-সামাজিক বিকাশৰ লগে লগে দেশত জন্ম-মৃত্যুৰ হাৰ বিশেষভাৱে হ্রাস পাইছে। ফলস্বৰূপে দেশখনত জনসংখ্যাৰ বছৰি গড় বৃদ্ধিৰ হাৰ বর্তমান ০.৪ শতাংশ হৈছে।

                          জাপানৰ জনসংখ্যা বৃদ্ধি

লোকপিয়ল বৰ্ষ

জনসংখ্যা (নিুয্ত হিচাপত)

১৮৮০

১৯০০

১৯২০

১৯৪৫

১৯৬০

১৯৭৫

১৯৯৯

২০০৭

৩৭

৪৪

৫৫

৭২

৯৩

১১২

১২৭

১২৮০











জাপানৰ জনসংখ্যাৰ গঢ় ঘনত্ব প্রতি বর্গ কিলোমিটাৰত ৩৩৮ জন ǀ হকাইডোকে ধৰি অন্যান্য পার্বত্য অঞ্চলৰ ঘনত্ব ১০০ জনতকৈ কম ।আনহাতে কৃষিভিত্তিক সমতল অঞ্চলবোৰত ঘনত্ব ১০০-৮০০ জনৰ ভিতৰত আৰু ঔদ্যোগিক সমভূমি অঞ্চলত ৮০০ জনতকৈ অধিক। জাপানৰ মাটিকালিৰ প্রায় ৮০ শতাংশ জুৰি থকা পার্বত্য অঞ্চলত দেশৰ মাত্র ২০ শতাংশ লোকহে বাস কৰে। উদাহৰণস্বৰূপে, দেশৰ ২৫ শতাংশ মাটিকালি জুৰি থকা হ'কাইডো অঞ্চলত দেশৰ মুঠ জনসংখ্যা মাত্র ৫ শতাংশহে আছে।সমগ্ৰ দেশৰ ভিতৰত মধ্য জাপানৰ টকিঅ’– ইয়োকোহামা আৰু দক্ষিণ-পশ্চিম জাপানৰ কোবে-ওছাকা ঔদ্যোগিক অঞ্চলত জনবসতি অতি ঘন । উদ্যোগীকৰণ আৰু নগৰীকৰণৰ বাবে এই অঞ্চল দুটাৰ অন্তৰ্গত বহু ঠাইত জতনসংখ্যা ঘনত্ব প্রতি বর্গ কিলোমিটাৰত ১০ হাজাৰ জনতকৈও বেছি। দেশৰ তথা পৃথিৱীৰ বৃহত্তম মহানগৰী টকিঅ'ৰ জনসংখ্যা বর্তমান ৩ কোটিৰো অধিক।


৬) জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কাৰকসমূহ উল্লেখ কৰা ǀ

উত্তৰঃ এহাতে ভূ-প্রকৃতি আৰু জলবায়ুৰ তাৰতম্য আৰু আনহাতে অর্থনৈতিক উন্নয়ণৰ বৈষম্যৰ বাবে জাপানৰ জনসংখ্যাৰ বিতৰণ সকলোতে একে নহয়। বসবাস আৰু আর্থিক উন্নয়ণৰ বাবে অনুপযোগী হোৱাৰ বাবে ইয়াৰ পার্বত্য অঞ্চলবোৰত জনবসতি অতি সেৰেঙা। আনহাতে নদী উপত্যকা আৰু উপকূলীয় অঞ্চলবোৰত জনবসতি অতি ঘন। উদ্যোগীকৰণ আৰু নগৰীকৰণৰ প্ৰসাৰতাৰ বাবে জাপানৰ কিছুমান অঞ্চলত জনসংখ্যাৰ  ঘনত্ব বহুত বেছি ǀ  দ্রুত ঔদ্যোগীকৰণৰ ফলত দেশৰ বহু অঞ্চলত কৃষি উৎপাদনৰ গুৰুত্ব যথেষ্ট হ্রাস পাইছে। সেয়ে গাঁৱৰ পৰা নগৰ-মহানগৰলৈ মানুহৰ প্ৰব্ৰজন দ্রুত গতিত বৃদ্ধি পাইছে। লগতে নতুন নতুন নগৰৰ সৃষ্টি হৈছে আৰু সেইবোৰত জনসংখ্যা ঘনত্ব আগতকৈ যথেষ্ঠ বৃদ্ধি পাইছে ǀ


৭) জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা  সম্পৰ্কে লিখা ǀ

উত্তৰঃ  জাপানৰ মুঠ মাটিকালিৰ মাত্র ১৭ শতাংশ কৃষিকাৰ্যৰ অন্তৰ্গত । কিন্তু ইয়াত কৃষিকাৰ্য বাণিজ্যিক ভিত্তিত আধুনিক পদ্ধতিৰে কৰা হয় বাবে উৎপাদনো উন্নত মানৰ হয়। ইয়াৰ প্রতি হেক্টৰ কৃষিভূমিৰ উৎপাদনৰ হাৰ প্ৰাচ্যৰ দেশসমূহৰ ভিতৰত সর্বোচ্চ । কৃষি উৎপাদন বৃদ্ধিৰ বাবে দেশখনৰ প্রতি হেক্টৰ মাটিত ২৯০ কিলোগ্রাম পৰিমাণৰ সাৰ প্ৰয়োগ কৰা হয়। জাপানৰ চাৰিওফাল সাগৰ-মহাসাগৰে বেৰি আছে কাৰণে দেশখনে মৎস্য উৎপাদনত পৃথিৱীৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰিছে। দেশৰ অর্থনৈতিক কার্যত নিয়োজিত মুঠ লোকৰ ৬ শতাংশ কৃষিকাৰ্যৰ লগত জড়িত। ধানেই জাপানৰ প্রধান কৃষি শস্য। দেশৰ মুঠ কৃষি ভূমিৰ প্রায় দুই- তৃতীয়াংশত ধান খেতি কৰা হয়। 

ধানখেতিৰ উপৰিও জাপানত বিভিন্ন অঞ্চলত বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে ফলমূলৰ খেতি ,চাহ আৰু কফি খেতিও কৰা হয় আৰু সেইবোৰৰ পৰাও দেশখনে এক বুজন আয় অৰ্জন কৰে ǀজাপানৰ বিভিন্ন অংশত (মধ্য জাপান, টোকাই অঞ্চল) পশুপালনো কৰা হয় আৰু ইয়াৰ জৰিয়তে দেশখনৰ গাখীৰ আৰু মাংসৰ চাহিদা পূৰণ কৰা হয় ǀ


৮) মানচিত্ৰৰ সহায়ত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্য সমূহ লিখাǀ

উত্তৰঃ কৃষিক্ষেত্ৰৰ বিস্তৃতি, শস্যৰ বিতৰণ আৰু উৎপাদন আদিৰ ওপৰত নিৰ্ভৰ কৰি জাপানৰ কিছুমান কৃষি অঞ্চল চিনাক্ত কৰা হৈছে। এই ক্ষেত্ৰত ভূ-অৱয়ব, জলবায়ু, মৃত্তিকা আদিৰ প্ৰভাৱ বিশেষভাৱে গুৰুত্বপূর্ণ। এইবোৰৰ ওপৰত ভিত্তি কৰি দেশখনক প্ৰধানকৈ দুটা কৃষি অঞ্চলত ভাগ কৰিব পাৰিঃ

(ক) পুৰণি জাপান অঞ্চল আৰু 

(খ) হ’কাইডো অঞ্চল ।  

                      



পুৰণি জাপান অঞ্চলটোক আকৌ ১) অন্তঃবর্তী অঞ্চল, ২) পৰিধীয় অঞ্চল আৰু ৩)সীমামূৰীয়া অঞ্চলত বিভক্ত কৰিব পাৰি।

 

১) অন্তঃবর্তী অঞ্চলটো জাপানৰ মাজভাগত অৱস্থিত । ইয়াৰ কৃষি ক্ষেত্ৰবোৰ বৰ সৰু। ইয়াত জলবায়ু কৃষিৰ অনুকূল হোৱাৰ কাৰণে বছৰত দুটাৰ পৰা তিনিটা খেতি কৰা হয়। এই অঞ্চলত জনবসতি অতি ঘন। ইয়াত নানাবিধ ফল-মূল, শাক-পাচলি আৰু ফুল বাণিজ্যিক ভিত্তিত উৎপাদন কৰা হয়। মাংস আৰু গাখীৰ যোগান ধৰিবলৈ পশুপালনো কৰা হয়। এই অঞ্চলৰ পাহাৰবোৰৰ নামনিত বেদিকা প্রণালীৰে খেতি কৰা হয়। অঞ্চলটোক পুনৰ কেইটামান সৰু সৰু এলেকাত ভাগ কৰা হৈছে।

(ক) ছিট’ছি- কিনকি অঞ্চলঃ  ই ছুগ’কু পার্বত্য অঞ্চলৰ অন্তর্গত এটি নিচেই ক্ষুদ্র কৃষি অঞ্চল। জহকালি এই অঞ্চলৰ সমতলভূমি ৪০ শতাংশ জুৰি ধানখেতি কৰা হয়। লগতে শাক পাচলি উৎপাদন আৰু পশু পালন কৰা হয়। সাগৰৰ পৰা কিছু দূৰৈৰ ওখ ঠাইবিলাকত ফলমূলৰ খেতি কৰা হয়। অঞ্চলটোৰ কিছুমান ঠাইত বেদিকা পদ্ধতিৰে ও ফলমূল, মিঠা আলু আদিৰ খেতি কৰা হয়।

(খ) উত্তৰ কিউছিউ অঞ্চলঃ  এই অঞ্চলৰ কৃষি পদ্ধতি ছিট’ছি কিনকি অঞ্চলতকৈ নিম্নস্তৰৰ। এই সমতলবোৰত ধান প্ৰচুৰ পৰিমাণে উৎপন্ন হয় ।

(গ) চুক্যিও অঞ্চলঃ এই অঞ্চলৰ উচ্চভূমিত থকা ধানখেতিস্থলত কৃত্রিম উপায়েৰে পানী ভৰাই ৰখা হয়।

 (ঘ) টোকাই অঞ্চলঃ উপকুলীয় সামুদ্রিক সোঁতৰ প্ৰভাৱত এই অঞ্চলৰ জলবায়ু কিছু উষ্ণ। অঞ্চলটোত সমতল ভূমি তেনেই সীমিত। ইয়াৰ ৪৫ শতাংশ কৃষিকার্য ওখ ঠাইতে কৰা হয়। ইয়াত চাহপাত আৰু বিভিন্ন পাক-পাচলিৰ খেতি কৰা হয়। নানা-ধৰণৰ জীৱ-জন্তুও পোহা হয়। কমলা উৎপাদনৰ বাবে অঞ্চলটো বিশেষভাৱে উপযোগী।

(ঙ) পশ্চিম কাণ্টো অঞ্চলঃ  এই অঞ্চলটোত সাৰুৱা বহল সমতল ভূমি আছে। ইয়াত বছৰত দুবাৰকৈ খেতি কৰা হয়। ইয়াতেই জাপানৰ এক- তৃতীয়াংশ গম আৰু প্ৰায়খিনি বার্লি উৎপাদিত হয়। এই অঞ্চল নুনী গছৰ বাবে বিখ্যাত

(চ) টোছান অঞ্চলঃ  ওখ পাহাৰেৰে পৰিপূৰ্ণ বাবে এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে  উপযোগী নহয়। ইয়াৰ বেছিভাগ ঠাই গছ গছনিৰে ভৰা। ঠেক উপত্যকা অঞ্চলত কিছু পৰিমাণে ধান খেতি হয়।

(ছ) হাকুৰিকো অঞ্চলঃ এই অঞ্চলটোক ধান উৎপন্নকাৰী অঞ্চল বুলিব পাৰি। ইয়াত ধানৰ উৎপাদন হাৰো যথেষ্ট বেছি। জলবায়ু শীতল যদিও প্রায় ৪৫ শতাংশ ধান জাৰকালি উৎপাদিত হয়।


(২) সীমামূৰীয়া অঞ্চলঃ  কিউছিউৰ দক্ষিণ অংশ আৰু ট’হেকু সীমামূৰীয়া অঞ্চলৰ অন্তৰ্গত। কিউছিউৰ দক্ষিণ অংশত কৃষিভূমিৰ আকাৰ অতি ক্ষুদ্র। ইয়াৰ কৃষি পদ্ধতিও পিছপৰা। ইয়াৰ প্রায় ৪৫ শতাংশ লোকেই কৃষিজীৱী। তুলনামূলকভাৱে গৰম জলবায়ুৰ বাবে ইয়াত প্ৰচুৰ ফল-মূল, শাক-পাচলি আদি উৎপন্ন হয়। আনহাতে ইনছু দ্বীপৰ উত্তৰ অংশত থকা ট’হোকু অঞ্চল অতি ঠাণ্ডা। গৰম-কালিও ইয়াত ধানখেতি ভাল নহয়।


(৩) পৰিধীয় অঞ্চলঃ  দক্ষিণ চিকোকুৰ পার্বত্য অঞ্চল আৰু সাগৰৰ উপকূলীয় অঞ্চলক লৈয়েই পৰিধীয় অঞ্চল গঠিত হৈছে। ইয়াৰ কৃষি ক্ষেত্ৰবোৰ আকাৰত যথেষ্ট –ডাঙৰ যদিও বিশেষ উন্নত নহয়। জুমখেতিৰ প্রাধান্য এই অঞ্চলতেই আটাইতকৈ বেছি। এই অঞ্চলটোক আকৌ চাৰিটা ভাগত বিভক্ত কৰিব পাৰিঃ কিউছিউৰ মধ্যভাগ, ছানইন, চিকোকুৰ দক্ষিণ অংশ আৰু হিদা। কিউছিউৰ মধ্য ভাগ অতি চহকী ǀ ইয়াত ধানখেতিৰ উপৰিও ফলমূল,শাকপাচলি,নুনী গছৰ খেতি কৰা হয়ǀ ছানইন উপকূল অঞ্চলটো কৃষিৰ বাবে বৰ উপযোগী নহয়। চিকোকুৰ পাহাৰীয়া অঞ্চলত কিছু পৰিমাণে জুম খেতি কৰা হয়। হিদা অঞ্চলটোৰ বেছিভাগ ঠায়েই পর্বতেৰে ভৰা। ইয়াৰ সাৰুৱা উপত্যকাবোৰত খেতি ভাল হয়।


(ক) হ'কাইডো অঞ্চল : ইচিকাৰী উপত্যকাই হৈছে এই অঞ্চলৰ প্রধান কৃষি ক্ষেত্র। এই অঞ্চলৰ জলবায়ু অতিশয় ঠাণ্ডা বাবে ইয়াত বছৰটোৰ ভিতৰত মাত্র এটাহে খেতি কৰা হয়। ধানেই এই অঞ্চলৰ প্ৰধান শস্য। ইয়াত কিছু পৰিমাণে আলু খেতিও কৰা হয়। পার্বত্য ভূমি, চেঁচা জলবায়ু আৰু অনুর্বৰ মাটিৰ বাবে এই অঞ্চল কৃষিৰ উপযোগী নহয়। এই অঞ্চলটোক আকৌ পশ্চিম হ’কাইডো, মধ্য হ'কাইডো আৰু পূব হ'কাইডো এই তিনিটা অঞ্চলত ভাগ কৰিব পাৰি। 


৯) জাপানৰ প্ৰধান উদ্যোগিক অঞ্চলসমূহ কি কি ? জাপানৰ মানচিত্ৰত এই উদ্যোগিক অঞ্চলসমূহ দেখুৱওৱা আৰু প্ৰতিটো অঞ্চলৰে চমু বিৱৰণ দিয়া ǀ

উত্তৰঃ জাপানৰ প্ৰধান উদ্যোগিক অঞ্চলসমূহ ৪টা ভাগত ভাগ কৰা হৈছেঃ

(১) টকিঅ’ ইয়োকোহামা উদ্যোগ অঞ্চল-

(২) ওছাকা-কোবে কিওটো উদ্যোগ অঞ্চল 

(৩) নাগোয়া উদ্যোগ অঞ্চল

(8) উত্তৰ কিউছিউ উদ্যোগ অঞ্চল 

                       

(১) টকিঅ’ ইয়োকোহামা উদ্যোগ অঞ্চলঃ

এই উদ্যোগ অঞ্চলটোৱে হনছু দ্বীপৰ টকিঅ’ উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে। এই অঞ্চলটো কাণ্টো সমভূমিত অৱস্থিত হোৱাৰ কাৰণে উদ্যোগ প্রতিষ্ঠাৰ বাবে বিশেষ উপযোগী। অঞ্চলটোত লো-তীখাৰ উদ্যোগ উদ্যোগকে ধৰি, জাহাজ নির্মাণ উদ্যোগ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ আৰু যন্ত্রপাতি প্রস্তুতকাৰী উদ্যোগ আছে ǀ বৃহৎ মহানগৰী ট’কিঅ' আৰু ইয়োকোহামাৰ উপৰি অঞ্চলটোত ২৫ খনৰো অধিক সৰু-বৰ নগৰ আছে। এই নগৰ-মহানগৰবোৰত বিভিন্ন ধৰণৰ শিল্প-উদ্যোগ কেন্দ্রীভূত হৈ আছে। দেশৰ মুঠ উদ্যোগিক উৎপাদনৰ ৩০ শতাংশ এই উদ্যোগ অঞ্চলৰ পৰা আহে ǀ এই অঞ্চলটোত বহুতো জলবিদ্যুত উৎপাদন কেন্দ্ৰও আছে ǀ


(২) ওছাকা-কোবে কিওটো উদ্যোগ অঞ্চলঃ

ওছাকা উপসাগৰৰ উপকূলভাগত অৱস্থিত এই উদ্যোগ অঞ্চলটোৱে কিনকি সমতলভাগ আগুৰি আছে। সেয়ে এই ঔদ্যোগিক অঞ্চলটোক কিনকি উদ্যোগ অঞ্চল বুলিও জনা যায়। উপসাগৰীয় জল-পৰিবহণ, সমতলভাগৰ সুচল ৰেল পৰিবহন আৰু দ্রুত নগৰীকৰণে কিকি অঞ্চলটোত উদ্যোগ কেন্দ্র গঢ়ি উঠাত অৰিহণা যোগাইছে। ওছাকা, কোবে আৰু কিওটোৰ উপৰি অঞ্চলটোত ভালেকেইখন উদ্যোগিক চহৰ আছে ǀওছাকা আৰু কিওটা পৰম্পৰাগতভাৱেই বয়ন আৰু হস্তশিল্পৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰখ্যাত। ওছাকাত থকা কপাহী বয়নশিল্প, পাট আৰু ৰেচম। শিল্পৰ বিশেষ সুনাম আছে। সম্প্রতি এই দুয়োটা উদ্যোগ কেন্দ্রতে যন্ত্র পাতি উৎপাদনকাৰী শিল্পই প্রাধান্য লাভ কৰিব ধৰিছে। এনে শিল্পৰ বাবে প্রয়োজনীয় কেঁচামাল সাধাৰণতে বিদেশৰ পৰা আমদানি কৰা হয়। অঞ্চলটোত লো-তীখাৰ উদ্যোগ, খনিজ তেল উদ্যোগ, জাহাজ আৰু উৰাজাহাজ নির্মাণ উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ কেন্দ্র আছে।


(৩) নাগোয়া উদ্যোগ অঞ্চলঃ

এই অঞ্চলটো হনছু দ্বীপৰ পূব অংশত অৱস্থিত। নাগোয়া উদ্যোগ অঞ্চল পাট, উণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত। সম্প্রতি অঞ্চলটো । গাড়ী-মটৰ নিৰ্মাণৰ ক্ষেত্ৰতো বিশেষভাৱে আগবাঢ়িছে। এই উদ্যোগ অঞ্চলটোক জাপানৰ ডেট্রইট’ বুলি জনা যায়।


(8) উত্তৰ কিউছিউ উদ্যোগ অঞ্চলঃ

এই অঞ্চলটোৱে কিউছিউ দ্বীপৰ উত্তৰ অংশ আগুৰি আছে। জাপানৰ এই অঞ্চলটোতে উদ্যোগৰ চাহিদা পূৰাবলৈ প্ৰচুৰ পৰিমাণে কয়লা আছে। লো-তীখাভিত্তিক বৃহৎ উদ্যোগৰ ক্ষেত্ৰত এই অঞ্চল আগবঢ়া। জাহাজ নির্মাণ, চিমেন্ট উৎপাদন আৰু নানা ধৰণৰ যন্ত্রপাতি তৈয়াৰ কৰা উদ্যোগো অঞ্চলটোত আছে।য়াৱাটা, নাগাছাকি, ছিমনোছেকি আদি অঞ্চলটোৰ প্রধান ঔদ্যোগিক কেন্দ্র।


১০) চমু টোকা লিখা ঃ

ক) জাপানৰ দ্বীপসমূহ

জাপান এছিয়া মহাদেশৰ পূব প্ৰান্তত অৱস্থিত।  প্রশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টিয়েই হৈছে জাপান দেশ।  হ'কাইডো, হনছু, চিক’কু আৰু কিউছিউ— এই চাৰিটা প্রধান দ্বীপ আৰু ৰিউকিউ দ্বীপকে ধৰি আন বহুতো সৰু সৰু দ্বীপপুঞ্জেৰে জাপান গঠিত। ইয়াৰ দ্বীপসমূহৰ ভিতৰত হছুৱেই জাপানৰ বৃহত্তম দ্বীপ ǀ উল্লেখযোগ্য যে দেশখনৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পর্বতমালাই আগুৰি আছে।নবীন ভংগিল পর্বতেৰে গঠিত জাপান দ্বীপপুঞ্জৰ ভূ-তাত্ত্বিক গাঁথনি অতি জটিল। ই এতিয়াও অস্থিৰ অৱস্থাতে আছে।জাপানৰ দ্বীপসমূহৰ প্ৰতিকূল পৰিবেশক নেওচি ইয়াৰ অধিবাসীসকলে খেতিবাতি আৰু উদ্যোগীকৰণৰ জৰিয়তে দেশখনক বিশ্ববাসীৰ ওচৰত উজলাই ৰাখিছে ǀ


(খ) হ'কাইডো অঞ্চলৰ ভূ-প্ৰকৃতি  

জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্রধান দ্বীপ হ’কাইডোৰে এই অঞ্চল গঠিত। এই অঞ্চলৰ ভূ-প্রকৃতি পর্বতময়। ইয়াৰ প্ৰায় মাজ ভাগত অৱস্থিত হ’কাইডো পর্বতমালাৰ আচাহি ডাকে শৃঙ্গৰ উচ্চতা ২,২৯০ মিটাৰ । সমান্তৰালভাৱে বিয়পি থকা এই পর্বত শ্ৰেণীৰ মাজত অৱশ্যে কেবাটাও নদী গঠিত বিস্তীর্ণ পলসুৱা নিম্নভূমি অঞ্চল আছে। ইয়াৰ ভিতৰত ইছিকাৰি নদীয়ে সৃষ্টি কৰা ইছিকাৰি ইউফুটছ সমভূমিয়েই প্রধান। ইয়াৰ উপৰি টকাছি আৰু কনছেন এই অঞ্চলৰ আন দুটা উল্লেখযোগ্য সমভূমি । টকাছি সমভূমিখণ্ড বহল বেদিকাযুক্ত। আনহাতে প্রশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত কনছেন সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপেৰে গঠিত।


(গ) জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন 

জাপানৰ ভৌগোলিক পৰিবেশ উদ্যোগীকৰণৰ অনুকূল নহয় ǀ কিছুমান সীমিত অঞ্চলত উদ্যোগীকৰণ সীমাবদ্ধ হৈ আছে ǀ জাপানৰ ঔদ্যোগিক অঞ্চলবোৰক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ǀ সেইকেইটা হৈছে-(১)টকিঅ’ ইয়োকোহামা উদ্যোগ অঞ্চল,(২) ওছাকা-কোবে কিওটো উদ্যোগ অঞ্চল, (৩) নাগোয়া উদ্যোগ অঞ্চল,(8) উত্তৰ কিউছিউ উদ্যোগ অঞ্চল ǀ খনিজ সম্পদৰ অভাৱ আৰু উদ্ঘাটনৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সা-সামগ্ৰী দেশখনে অন্য দেশৰ পৰা আমদানি কৰে টকিঅ’ ইয়োকোহামা উদ্যোগ অঞ্চলত লো-তীখাৰ উদ্যোগ উদ্যোগকে ধৰি, জাহাজ নির্মাণ উদ্যোগ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ আৰু যন্ত্রপাতি প্রস্তুতকাৰী উদ্যোগ আছে ǀদেশৰ মুঠ উদ্যোগিক উৎপাদনৰ ৩০ শতাংশ এই উদ্যোগ অঞ্চলৰ পৰা আহে ǀওছাকা আৰু কিওটা পৰম্পৰাগতভাৱেই বয়ন আৰু হস্তশিল্পৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰখ্যাত। ওছাকাত থকা কপাহী বয়নশিল্প, পাট আৰু ৰেচম। শিল্পৰ বিশেষ সুনাম আছে।নাগোয়া উদ্যোগ অঞ্চল পাট, উণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত। সম্প্রতি অঞ্চলটো । গাড়ী-মটৰ নিৰ্মাণৰ ক্ষেত্ৰতো বিশেষভাৱে আগবাঢ়িছে। এই উদ্যোগ অঞ্চলটোক জাপানৰ ডেট্রইট’ বুলি জনা যায়। উত্তৰ কিউছিউ উদ্যোগ অঞ্চলটো লো-তীখাভিত্তিক বৃহৎ উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ।জাপানৰ মুঠ ৰপ্তানি দ্ৰব্যৰ ৮১ শতাংশই মজলীয়া আৰু উচ্চ প্ৰযুক্তিৰ জৰিয়তে উৎপাদিত হয় ǀ বৰ্তমান জাপান অৰ্থনেতিক ভাৱে বিশ্বৰ ভিতৰতে এখন সবল ৰাষ্ট্ৰ ǀ মানৱ সম্পদে দেশত উপলব্ধ সম্পদসমূহৰ সৰ্বোকৃষ্ট ব্যৱহাৰৰ জৰিয়তে উৎপাদন প্ৰক্ৰিয়া তৰান্বিত কৰি অৰ্থনীতিলৈ বৃহৎ বৰঙণি আগবঢ়াই আহিছে ǀউদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্হান পৃথিৱীৰ ভিতৰত দ্বিতীয় ǀ জাপানৰ বাৰ্ষিক জনমুৰি আয় ৩৩,০০০ ডলাৰ ǀ দেশৰ মুঠ উৎপাদনৰ ৪০শতাংশ উদ্যোগ খণ্ডৰ পৰা আহে ǀ


(ঘ) জাপানৰ বেদিকা কৃষি

জাপান এখন ক্ষুদ্ৰ দেশ আৰু ই ভূ-প্ৰকৃতিও যথেষ্ঠ ভিন্নতাপূৰ্ণ ǀ পাহাৰ, পৰ্বত,সমভূমি, মালভূমি, উপকূলীয় অঞ্চলৰ সমাবেশ থকা এই দেশখন বেছিভাগ ঠাইতে কৃষিৰ বাবে অনুকুল পৰিবেশ নাই ǀ তথাপি জাপানৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন পৰিমাণ অন্য বহু ৰাষ্ট্ৰতকৈ বেছি আৰু উন্নতমানৰ ǀ পাৰ্বত্য অঞ্চলবোৰত ইয়াৰ অধিবাসীসকলে বেদিকা পদ্ধতিৰে খেতি কৰে ǀ এই পদ্ধতিৰে খেতি কৰিবলৈ পাহাৰৰ বা উচ্চভূমি হাবি চফা কৰি মাটিখিনি সমান (সমতল) কৰি লোৱা হয় আৰু তাত পানী জমা কৰি ৰখাৰো ব্যৱস্হা কৰা হয় ǀ এনে ব্যৱস্হাৰে প্ৰধানকৈ ধানখেতি কৰা হয় যদিও কোনো কোনো ঠাইত শাক পাচলিৰ খেতিও কৰা হয় ǀ বেদিকা পদ্ধতিৰ খেতিৰ দ্বাৰা পাহাৰৰ ঢালত জল আৰু ভূমি ক্ষয় ৰোধ কৰিব পৰা যায় ǀ


(ঙ) টকিঅ’ ইয়োকোহামা উদ্যোগ অঞ্চলঃ

এই উদ্যোগ অঞ্চলটোৱে হনছু দ্বীপৰ টকিঅ’ উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে। এই অঞ্চলটো কাণ্টো সমভূমিত অৱস্থিত হোৱাৰ কাৰণে উদ্যোগ প্রতিষ্ঠাৰ বাবে বিশেষ উপযোগী। অঞ্চলটোত লো-তীখাৰ উদ্যোগ উদ্যোগকে ধৰি, জাহাজ নির্মাণ উদ্যোগ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ আৰু যন্ত্রপাতি প্রস্তুতকাৰী উদ্যোগ আছে ǀ বৃহৎ মহানগৰী ট’কিঅ' আৰু ইয়োকোহামাৰ উপৰি অঞ্চলটোত ২৫ খনৰো অধিক সৰু-বৰ নগৰ আছে। এই নগৰ-মহানগৰবোৰত বিভিন্ন ধৰণৰ শিল্প-উদ্যোগ কেন্দ্রীভূত হৈ আছে। দেশৰ মুঠ উদ্যোগিক উৎপাদনৰ ৩০ শতাংশ এই উদ্যোগ অঞ্চলৰ পৰা আহে ǀ এই অঞ্চলটোত বহুতো জলবিদ্যুত উৎপাদন কেন্দ্ৰও আছে ǀ


চ ) জাপানৰ উপকূল অঞ্চলঃ

জাপান দেশখন চাৰিটা প্ৰধান দ্বীপৰ সমষ্টি ǀ সেইকেইটা হৈছে-হ'কাইডো, হনছু, চিক’কু আৰু কিউছিউ ǀ দ্বীপ ৰাষ্ট্ৰ হোৱাৰ বাবে জাপানৰ ভূপ্ৰকৃতি সাগৰীয় বেষ্টনীৰ মাজত আবদ্ধ আৰু সেইয়ে ইয়াৰ চৌদিশে উপকূল অঞ্চল পোৱা যায় ǀ হ’কাইডো অঞ্চলৰ উপকূল কিছু ওখ-চাপৰ যদিও ই ঘৰ দুৱাৰ,ৰাস্তা ঘাট আদি নিৰ্মাণৰ ক্ষেত্ৰত সুবিধাজনক ǀ উত্তৰ পূৱ জাপান অঞ্চলৰ দক্ষিণ কিটাকামিৰ উপকূলভাগ ঠেক আৰু উচ্চভূমি খণ্ডবিভিন্ন নদীৰ দ্বাৰা বিখণ্ডিত ǀ এই উপকূল অংশ ভূ-আন্দোলনৰ ফলত তললৈ বহি যোৱাত এক  গভীৰ ভগ্ন উপকূলৰ সৃষ্টি হৈছে ǀ আনহাতে উত্তৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত এক উপকূলীয় সমভূমি ǀ মধ্য জাপানত ট’ন নদীকে ধৰি অন্য নদীয়ে সৃষ্টি কৰা পলসে প্ৰশান্ত মহাসাগৰৰ উপকূল পৰ্যন্ত প্লাৱনভূমিৰ সৃষ্টি কৰিছে যি কৃষিৰ বাবে বৰ উপযোগী ǀ দক্ষিণ পশ্চিম জাপানৰ অঞ্চলটো পৰ্বতময় ǀ এই পাৰ্বত্য ভূমিভাগে কিউছিউ দ্বীপৰ পূৱ আৰু পশ্চিম উপকূলত ৰিয়া উপকূলৰ সৃষ্টি কৰিছে ǀ 


ছ) জাপানৰ হনছু দ্বীপ অঞ্চল

জাপান এছিয়া মহাদেশৰ পূব প্ৰান্তত অৱস্থিত।  প্রশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টিয়েই হৈছে জাপান দেশ।  হ'কাইডো, হনছু, চিক’কু আৰু কিউছিউ— এই চাৰিটা প্রধান দ্বীপ আৰু ৰিউকিউ দ্বীপকে ধৰি আন বহুতো সৰু সৰু দ্বীপপুঞ্জেৰে জাপান গঠিত। ইয়াৰ দ্বীপসমূহৰ ভিতৰত হছুৱেই জাপানৰ বৃহত্তম দ্বীপ ǀ হনছুৰ দ্বীপৰ দক্ষিণ-পশ্চিম অংশ (অর্থাৎ চুগ'কু-চাঞ্চি), ছিক’কু আৰু কিউছিউ দ্বীপক লৈয়েই দক্ষিণ-পশ্চিম জাপান অঞ্চল গঠিত। এই অঞ্চলৰ পর্বতশ্রেণী দেশৰ ভিতৰত আটাইতকৈ দীঘল। পূর্ব-পশ্চিমাকৈ থকা এক চ্যুতিয়ে এই অঞ্চলৰ জাপান সাগৰীয় অঞ্চলটোক প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে। হনছু দ্বীপৰ উত্তৰ অংশক লৈয়েই উত্তৰ-পূব জাপান অঞ্চল গঠিত হৈছে। ইয়াৰ পশ্চিম খণ্ড অসংখ্য ভাঁজ আৰু চ্যুতিৰে পুর্ণ । হনছু দ্বীপৰ মধ্য অংশকেই মধ্য জাপান বোলা হয়। এই অঞ্চলতেই হনছু পর্বতশ্রেণী আৰু ছিচিটো মেৰিয়ানা পর্বতমালা লগ লাগি জাপানৰ সর্বোচ্চ পার্বত্য অঞ্চলৰ সৃষ্টি কৰিছে।


(জ) জাপানৰ খনিজ সম্পদ

জাপান খনিজাত সম্পদত চহকী নহয় ǀ জাপানৰ ঔদ্যোগিক অঞ্চলবোৰৰ আশে পাশে অতি কম পৰিমাণে কয়লা, লো আকৰ, সোণ, ৰূপ, জিংক,  নিকেল, এলুমমিনিয়াম, বালিশিল, জিপচাম, টাঙ্গষ্টেন উপলব্ধ ǀ জাপানৰ বহু খনিজ সম্পদ সাগৰৰ বুকত নিমজ্জিত হৈ আছে আৰু সেইবোৰ এতিয়াও উদ্ঘাটন হোৱা নাই ǀ জাপানৰ উদ্যোগত ব্যৱহৃত বেছিভাগ খনিজ সম্পদ দেশখনে অন্য ৰাষ্ট্ৰৰ পৰা আমদানি কৰে ǀ



ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)


Post ID : DABP005952