অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ | Lesson 1 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতিয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ১

অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ পৰা ধদ্বাদশ শতিকালৈ

 

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer

১। একোটিকৈ বাক্যত উত্তৰ লিখা। 

(ক) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? 

উত্তৰঃ প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম প্ৰাগজ্য়োতিষপুৰ।


(খ) ৰামায়ণত কোনে প্রাগজ্যোতিষ ৰাজ্য প্রতিষ্ঠা কৰা বুলি লিখা আছে?

উত্তৰঃ ৰামায়ণত অৰ্মূতৰাজে প্রাগজ্যোতিষ ৰাজ্য প্রতিষ্ঠা কৰা বুলি লিখা আছে।


(গ) কৰতােৱা নদীখন বর্তমান কোন দেশৰ অন্তৰ্গত? 

উত্তৰঃ কৰতােৱা নদীখন বর্তমান বাংলাদেশৰ দেশৰ অন্তৰ্গত ।


(ঘ) কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোঁমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে? 

উত্তৰঃ কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোঁমাজত অৱস্থিত বুলি  উল্লেখ আছে পুৰাণত।


(ঙ) ৰতিদেৱী কোন? 

উত্তৰঃ ৰতিদেৱী কামদেৱৰ পত্নী। তেওঁৰ স্তুতি শুনি শিৱই কামদেৱক পুনৰ জীৱন দান দিছিল।


২। প্রাগজ্যোতিষপুৰ শব্দৰ অর্থ কি? 

উত্তৰঃ প্ৰাগজ্য়োতিষপুৰ মানে হৈছে পূব দিশৰ জ্য়োতিষ চৰ্চা কৰা নগৰ।


৩। ‘অসম’ নামৰ উৎপত্তি সম্পর্কে থকা দুটি মত আগ বঢ়োৱা। 

উত্তৰঃ কোনো কোনো পণ্ডিতৰ মতে আহোম জাতিৰ লোকসকলক আহম বুলিও কোৱা হৈছিল। আহম জাতিয়ে শাসন চলোৱাৰ পিছত আমাৰ ৰাজ্য়খনে অসম নাম পালে।

    আন কিছু পণ্ডিতৰ মতে আকৌ কামৰূপ ৰাজ্য় পৰ্বত-পাহাৰেৰে ভৰা অসমান ৰাজ্য় হোৱাৰ বাবেই ইয়াৰ নাম অসম হ'ল।


৪। প্রাচীন কামৰূপ ৰাজ্যক কেইটাভাগত ভাগ কৰা হৈছে? ভাগকেইটা কি কি? ভাগকেইটাৰ বিস্তৃতি  উল্লেখ কৰা।

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্য়ক চাৰিটা ভাগত বিভক্ত কৰা হৈছে - (i) ৰত্নপীঠ, (ii) কামপীঠ (iii) স্বৰ্ণপীঠ আৰু (iv) সৌমাৰপীঠ।

ৰত্নপীঠঃ কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে।

কামপীঠঃ সোণকোষৰ পৰা ৰূপহী নদীলৈকে।

স্বৰ্ণপীঠঃ ৰূপহী নদীৰ ভৰালী নদীলৈকে।

সৌমাৰপীঠঃ ভৰালী নদীৰ পৰা দিকৰাই বা দিক্ৰং নদীলৈ।


১। উত্তৰ লিখা। 

(ক) দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ? 

উত্তৰঃ দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম মহীৰঙ্গ দানৱ।


(খ) নৰকে প্রতিষ্ঠা কৰা বংশটোৰ নাম কি? 

উত্তৰঃ নৰকে প্রতিষ্ঠা কৰা বংশটোৰ নাম ভৌম বংশ।


(গ) প্রাগজ্যোতিষ ৰাজ্যত কোন গােষ্ঠীৰ লােকসকলক ‘কিৰাত' বুলি কোৱা হৈছিল?

উত্তৰঃ প্রাগজ্যোতিষ ৰাজ্যত মঙ্গোলীয় গােষ্ঠীৰ বড়ো লােকসকলক ‘কিৰাত' বুলি কোৱা হৈছিল।


(ঘ) ভগদত্তই কুৰুক্ষেত্র যুদ্ধত কাৰ পক্ষ লৈ যুদ্ধ কৰিছিল? 

উত্তৰঃ ভগদত্তই কুৰুক্ষেত্র যুদ্ধত কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল।


(ঙ) যুধিষ্ঠিৰৰ ‘অশ্বমেধ যজ্ঞ'ৰ ঘোঁৰা বন্দী কৰি থােৱা কামৰূপৰ ৰজাজনৰ নাম কি?

উত্তৰঃ যুধিষ্ঠিৰৰ ‘অশ্বমেধ যজ্ঞ'ৰ ঘোঁৰা বন্দী কৰি থােৱা কামৰূপৰ ৰজাজনৰ নাম বজ্ৰদত্ত।


২। অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম লিখা । 

উত্তৰঃ অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম মহীৰঙ্গ দানৱ, ঘটকাসুৰ আৰু নৰকাসুৰ।


৩। চমু টোকা লিখা।

(ক) মহীৰঙ্গ দানৱ

উত্তৰঃ মহীৰঙ্গ দানৱ হৈছে দানৱ বংশৰ প্ৰথম ৰজা। প্ৰাগজ্য়োতিষ ৰাজ্য়ত ৰাজত্ব কৰা মহীৰঙ্গ দানৱ এজন বিখ্য়াত ৰজা আছিল। গুৱাহাটী মহানগৰৰ দক্ষিণ দিশেৰে গৈ সাত মাইল দূৰত ছিলং-গুৱাহাটীৰ পথৰ দাঁতিত ময়ৰঙ্গ পৰ্বত নামৰ পাহাৰখন মহীৰঙ্গ দানৱৰ নাম অনুসৰিয়ে হোৱা।


(খ) নৰকাসুৰ

উত্তৰঃ নৰকাসুৰ বৰ প্ৰৱল প্ৰতাপী ৰজা আছিল। নৰকাসুৰৰ ৰাজ্য় পশ্চিমে কৰতোৱা পৰা পূবে দিক্কৰবাসিনী পৰ্য্য়ন্ত বিয়পি আছিল। বহুতৰ মতে নীলাচল পাহাৰত থকা কামাখ্য়া মন্দিৰৰ ওপৰলৈ উঠা আলিবাটটো তেৱেঁই নিৰ্মাণ কৰা।


(গ) ভগদত্ত

উত্তৰঃ ভগদত্তও এজন বৰ প্ৰৱল প্ৰতাপী বীৰ ৰজা আছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ বিৰাট সৈন্য়বাহিনী লৈ কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল। ভগদত্তই জীয়েক ভানুমতীৰ সয়ম্বৰৰ উপলক্ষে গুৱাহাটীত থকা দীঘলী পুখুৰীটো খন্দাইছিল।


১ । কেৱল উত্তৰটো লিখা। 

(ক) 'ৰুক্মিণী হৰণ’ নাটকৰ ৰচক কোন? 

উত্তৰঃ 'ৰুক্মিণী হৰণ’ নাটকৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।


(খ) শিশুপাল ক’ৰ ৰজা? 

উত্তৰঃ শিশুপাল ছেদী ৰাজ্য়ৰ ৰজা।


(গ) বর্তমানৰ শদিয়া অঞ্চলত থকা প্রাচীন ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ বর্তমানৰ শদিয়া অঞ্চলত থকা প্রাচীন ৰাজ্যখনৰ নাম কুণ্ডিল্য় বা বিদৰ্ভ ৰাজ্য়।


(ঘ) ভীষ্মকৰ ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ ভীষ্মকৰ ৰাজ্যখনৰ নাম কুণ্ডিল্য়।


(ঙ) ৰুক্মিণীয়ে শ্রীকৃষ্ণলৈ বার্তা প্ৰেৰণ কৰা ৰাজপুৰােহিত গৰাকীৰ নাম কি? 

উত্তৰঃ ৰুক্মিণীয়ে শ্রীকৃষ্ণলৈ বার্তা প্ৰেৰণ কৰা ৰাজপুৰােহিতগৰাকীৰ নাম হৈছে বেদনিধি।


(চ) 'কুমাৰ হৰণ’ নামৰ কাব্য পুথিখনৰ ৰচক কোন? 

উত্তৰঃ 'কুমাৰ হৰণ’ নামৰ কাব্য পুথিখনৰ ৰচক হৈছে চন্দ্ৰ ভাৰতী।


(ছ) ঊষা - অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম কি? 

উত্তৰঃ ঊষা - অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম হৈছে ঊষা পৰিণয়।


(জ) বাণ ৰজাৰ উপাস্যদেৱতা কোন আছিল? 

উত্তৰঃ বাণ ৰজাৰ উপাস্যদেৱতা আছিল মহাদেৱ।


(ঝ) চিত্রলেখা কোন? 

উত্তৰঃ চিত্ৰলেখা হৈছে - ঊষাদেৱীৰ সখীয়েক।


২। বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় 'হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয়? 

উত্তৰঃ বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সমঘটিত যুদ্ধখনত বাণৰ হৈ হৰ অৰ্থাৎ মহাদেৱে আৰু অনিৰুদ্ধৰ হৈ হৰি অৰ্থাৎ শ্ৰী কৃষ্ণই যুদ্ধ কৰিছিল। সেয়েহে এই যুদ্ধক 'হৰিহৰৰ যুদ্ধ' বুলি কোৱা হৈছে।


৩। চমু টোকা লিখা। 

(ক) বাণৰজা 

উত্তৰঃ বাণ ৰজা আছিল দৈত্য়ৰাজ বলিৰ পুত্ৰ। তেওঁ বৰ পৰাক্ৰমী আছিল। বাণ ৰজা শিৱৰ পৰম ভক্ত আছিল। তেওঁ বৰ্তমানৰ তেজপুৰ নগৰত থকা মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। 


(খ) ভীষ্মক ৰজা

উত্তৰঃ ভীষ্মক কুণ্ডিল্য় ৰাজ্য়ৰ প্ৰৱল প্ৰতাপী ৰজা আছিল। শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী তেওঁৰেই জীয়ৰী আছিল।

(গ) হৰিহৰৰ যুদ্ধ 

উত্তৰঃ ঊষাদেৱীয়ে সখীয়েক চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধৰ লগত গন্ধৰ্ব বিবাহ কৰে। এই কথা বাণ ৰজাই গম পাই অনিৰুদ্ধক বন্দী কৰি থয়। শ্ৰীকৃষ্ণই এই কথা গম পাই নাতিনীয়েকক উদ্ধাৰ কৰিবলৈ সসৈন্য়ে বাণ ৰজাৰ ৰাজ্য়ত উপস্থিত হ'লহি। শ্ৰীকৃষ্ণৰ লগত বাণ ৰজাৰ যুদ্ধ হ'ল। এই যুদ্ধত বাণৰ সপক্ষে স্বয়ং শিৱ বা মহাদেৱও শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল। সেইবাবে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়।


(ঘ) ৰুক্মিণী

উত্তৰঃ ৰুক্মিণী হৈছে শ্ৰীকৃষ্ণৰ পত্নী তথা ভীষ্মক ৰজাৰ পুত্ৰী। তেওঁক তেওঁৰ ককায়েক ৰুক্মবীৰে ছেদী বংশৰ ৰজা শিশুপালৰ লগত বিয়াৰ কথা ভাবিছিল। কিন্তু ৰুক্মিণীয়ে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণক স্বামীৰূপে পাবলৈ আশা কৰিছিল। সেয়ে তেওঁ ৰাজপুৰোহিত বেদনিধিৰ হতুৱাই এই বাৰ্তা প্ৰেৰণ কৰিছিল। শ্ৰীকৃষ্ণই এই প্ৰস্তাৱত মান্তি হৈ ৰুক্মিণীক সয়ম্বৰ সভাৰ পৰা হৰণ কৰি লৈ যায়।


অনুশীলনী 

১। একোটিকৈ বাক্যত উত্তৰ লিখা। 


(ক) বর্মন বংশৰ প্রতিষ্ঠাতা কোন? 

উত্তৰঃ বর্মন বংশৰ প্রতিষ্ঠাতা পুষ্য়বৰ্মন।


(খ) বর্মন বংশৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম কি? 

উত্তৰঃ বর্মন বংশৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম হৈছে ভাস্কৰ বৰ্মন।


(গ) হংসবেগ কোন? 

উত্তৰঃ হংসবেগ এজন কটকী আছিল।


(ঘ) হর্ষবৰ্দ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ হৰ্ষবৰ্দ্ধনে ৰাজত্ব কৰা ৰাজ্য়খনৰ নাম আছিল - গৌড়ৰাজ্য়।

(ঙ) শশাংক কোন ৰাজ্যৰ ৰজা আছিল ? 

উত্তৰঃ শশাংক গৌড়ৰাজ্য় ৰাজ্যৰ ৰজা আছিল।


(চ) ভাস্কৰাব্দ মানে কি?

উত্তৰঃ ভাস্কৰাব্দ মানে হৈছে ভাস্কৰ বৰ্মনে ৰাজত্ব কৰা কালছোৱা।


(ছ) হিউৱেনচাঙে লিখা ভ্রমণ কাহিনীখনৰ নাম কি?

উত্তৰঃ হিউৱেনচাঙে লিখা ভ্রমণ কাহিনীখনৰ নাম হৈছে - চি-উ-কি।


(জ) শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা কোন? 

উত্তৰঃ শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা হৈছে - অৱন্তিকুমাৰ বা শালস্তম্ভ।


(ঝ) ৰাজ্যমতীক কালৈ বিয়া দিয়া হৈছিল? 

উত্তৰঃ ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিয়া হৈছিল।


(ঞ) নেপালত থকা পশুপতি মন্দিৰ কোনে নির্মাণ কৰিছিল? 

উত্তৰঃ নেপালত থকা পশুপতি মন্দিৰ ৰাজ্য়মতীয়ে নির্মাণ কৰিছিল


(ট) শালস্তম্ভসকলৰ ৰাজধানী চহৰখনৰ নাম কি? 

উত্তৰঃ শালস্তম্ভসকলৰ ৰাজধানী চহৰখনৰ নাম আছিল - হৰুপেশ্বৰ।


(ঠ) পাল বংশৰ প্রতিষ্ঠাতা কোন? 

উত্তৰঃ পাল বংশৰ প্রতিষ্ঠাতা আছিল - ব্ৰহ্মদেৱ।


(ড) কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ-কমতা নামেৰে পৰিচিত হয়? 

উত্তৰঃ সন্ধ্য়া ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ-কমতা নামেৰে পৰিচিত হয়।


(ঢ) ‘দুর্জয়’ নগৰলৈ কোনজন ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল?

উত্তৰঃ ‘দুর্জয়’ নগৰলৈ ৰত্নপাল ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল।


২। চমু টোকা লিখা। 

(ক) ৰাজ্যমতী 

উত্তৰঃ ৰাজ্য়মতী আছিল শ্ৰীহৰ্ষ বৰ্মাৰ জীয়ৰী। তেওঁক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। তেখেতে নেপালত থকা বিখ্য়াত 'পশুপতি মন্দিৰ' নিৰ্মাণ কৰাইছিল।


(খ) অমৃতপ্রভা 

উত্তৰঃ অমৃতপ্ৰভা আছিল কাশ্মীৰৰ ৰজা মেঘবাহনৰ পত্নী। অমৃতপ্ৰভাৰ ঘৰ আছিল তিব্বতত। তেওঁ 'অমৃত ভৱন' নামেৰে বিদেশী ভিক্ষুকসকলৰ বাবে এটা বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিল। কাশ্মীৰত তেওঁ স্তনপা নামৰ স্তূপটো নিৰ্মাণ কৰাইছিল।


(গ) শ্রীহর্ষ

উত্তৰঃ হৰ্ষবৰ্দ্ধন গৌড়ৰাজ্য়ৰ ৰজা আছিল। হৰ্ষবৰ্দ্ধনৰ ৰাজ কবি আছিল বাণভট্ৰ।


(ঘ) পুষ্যবর্মন 

উত্তৰঃ বৰ্মন বংশৰ আদি ৰজা আছিল পুষ্য়বৰ্মন। এওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। 


(ঙ) হিউৱেনচাং

উত্তৰঃ হিউনচাং আছিল এজন চীনা প্ৰৰিব্ৰাজক। তেওঁ নালন্দা বিশ্ববিদ্য়ালয়ত থকা অৱস্থাতে ভাস্কৰ বৰ্মনৰ নিমন্ত্ৰণক্ৰমে কামৰূপলৈ আহিছিল। হিউনচাঙে ভাৰত ভ্ৰমণৰ কাহিনী চি-উ-কি নামৰ গ্ৰন্থখনত লিখি থৈ গৈছে। তাত আমাৰ কামৰূপ ৰাজ্য়ৰো বিৱৰণী আছে।


৩। এলাহাবাদ শিলালিপিৰ গুৰুত্ব কি? 

উত্তৰঃ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্য়ৰ নাম ঐতিহাসিকভাৱে পোনপ্ৰথমে উল্লেখ কৰাৰ কথা পোৱা যায়। এই শিলালিপিতে অসমত ডবাক নামৰ ৰাজ্য় থকাক কথাও উল্লেখ আছে। 


৪। মুছলমানৰ প্রথম আক্ৰমণৰ এটি ফলাফল লিখা। 

উত্তৰঃ মুছলমানৰ প্রথম আক্ৰমণৰ ফলাফল স্বৰূপে যুদ্ধত বন্দী হোৱা মুছলমান সেনাসকলক কামৰূপ ৰাজ্য়তে নিগাজীকৈ থকাৰ ব্য়ৱস্থা কৰি দিলে।


৫। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লােৱা চাৰিটা সমলৰ নাম লিখা । 

উত্তৰঃ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা চাৰিটা সমলৰ নাম হৈছে - ডুবিৰ শিলালিপি, নিধানপুৰৰ শিলালিপি, পণ্ডিত বানভট্ৰৰ ৰচিত হৰ্ষচৰিত আৰু হিউৱেনচাঙৰ চি-উ-কি।


৬। কামৰূপ ৰাজ্যৰ চাৰিখন ৰাজধানী চহৰৰ নাম লিখা । 

উত্তৰঃ কামৰূপ ৰাজ্যৰ চাৰিখন ৰাজধানী চহৰৰ নাম হৈছে - কামৰূপ নগৰ,হৰুপেশ্বৰ, কমতা আৰু চৰাইদেউ।


৭। কানাই বৰশীবােৱা শিলালিপিত কি লিখা আছে ? 

উত্তৰঃ কানাই বৰশীবােৱা শিলালিপিত লিখা আছে যে প্ৰাচীন কামৰূপ ৰাজ্য়ৰ ৰাজধানী আছিল কামৰূপ নগৰ।


৮। ক - অংশৰ লগত খ - অংশ মিলােৱা।

ক-অংশ

খ-অংশ

এলাহবাদ প্ৰশস্তি

গুপ্তসম্ৰাট সমুদ্ৰগুপ্তই খোদিত কৰিছিল।

ডবকা

কপিলী উপত্যকাত অৱস্থিত এখন ৰাজ্য।

কৰ্ণসুৱৰ্ণ

গৌড়ৰ ৰাজধানী।

ৰত্নপাল

পাল বংশৰ এজন ৰজা

ত্যাগসিংহ

শালস্তম্ভ বংশৰ শেষ ৰজা

নিধানপুৰ তামৰফলি

কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে খোদিত কৰিছিল।





Check by - Mukesh Borah